Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ এমএছএমই খণ্ডৰ সমৰ্থন আৰু প্ৰচাৰ কাৰ্যসূচীৰ বাবে ঐতিহাসিক পদক্ষেপ মুকলি

প্ৰধানমন্ত্ৰীৰ এমএছএমই খণ্ডৰ সমৰ্থন আৰু প্ৰচাৰ কাৰ্যসূচীৰ বাবে ঐতিহাসিক পদক্ষেপ মুকলি

প্ৰধানমন্ত্ৰীৰ এমএছএমই খণ্ডৰ সমৰ্থন আৰু প্ৰচাৰ কাৰ্যসূচীৰ বাবে ঐতিহাসিক পদক্ষেপ মুকলি

প্ৰধানমন্ত্ৰীৰ এমএছএমই খণ্ডৰ সমৰ্থন আৰু প্ৰচাৰ কাৰ্যসূচীৰ বাবে ঐতিহাসিক পদক্ষেপ মুকলি


  • প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ১২টা প্ৰধান পদক্ষেপ
  • ৫৯ মিনিটতে ঋণ প্ৰদান কৰা ৰ্টেল মুকলিৰ জৰিয়তে এমএছএমই খণ্ডত সহজ ঋণৰ ব্যৱস্থা
  • চিপিএছইৰ দ্বাৰা পৰিচালিত এমএছএমইৰ পৰা ২৫ শতাংশ বাধ্যতামূলক সামগ্ৰী আহৰণৰ ব্যৱস্থা

ঔদ্যোগিক আইনৰ অধীনত লঘূ দোষৰ ব্যৱস্থাপনাৰ সৰলীকৰণ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ (এমএছএমই)খণ্ডৰ সমৰ্থন আৰু প্ৰচাৰ কাৰ্যসূচীৰ বাবে এক ঐতিহাসিক পদক্ষেপ মুকলি কৰে৷ এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে এমএছএমইৰ বিকাশ, প্ৰসাৰ আৰু সুবিধা প্ৰদানৰ অৰ্থে ১২টা প্ৰধান বিষয়ৰ কথা ঘোষণা কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি তেওঁ ঘোষণা কৰা এই ১২টা সিদ্ধান্তই এমএছএমই খণ্ডত এক নতুন অধ্যায়ৰ মুকলি কৰিব৷ এমএছএমইক ভাৰতৰ নিয়োজন বৃদ্ধিৰ একমাত্ৰ বৃহৎ অনুষ্ঠান বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ লঘূ উদ্যোগসমূহৰ বিখ্যাত ভাৰতীয় পৰম্পৰা, লুধিয়ানা হোচাইৰী আৰু বাৰাণসী শাৰীৰ কথা উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ সফল অৰ্থনৈতিক সংশোধন কাৰ্যসূচীৰ ফলতেই ভাৰতে ‘ইজ অব্ ডুয়িং বিজনেছ মূল্যায়ন’ত বিগত চাৰিটা বছৰত ১৪২ নম্বৰ স্থানৰ পৰা আগুৱাই আহি ৭৭ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এমএছএমই খণ্ডত পাঁচটা প্ৰধান সুবিধা প্ৰদান কৰা হৈছে৷ ইয়াৰ ভিতৰত ঋণৰ অভিগমন, বজাৰ অভিগমন, প্ৰযুক্তিৰ উত্তৰণ, ইজ অব্ ডুয়িং বিজনেছ আৰু কৰ্মচাৰীৰ বাবে সুৰক্ষাৰ ব্যৱস্থা আদি অন্তৰ্ভুক্ত কৰা হৈছে৷ তেওঁ কয় যে দিপাৱলীৰ উপহাৰ হিচাপে ঘোষণা কৰা এই ১২টা সিদ্ধান্তই এই পাচোঁটা শাখাৰ প্ৰত্যেককে প্ৰতিনিধিত্ব কৰিব৷

ঋণৰ অভিগমন

প্ৰথম ঘোষণা অনুসৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৫৯ মিনিটতে ঋণৰ অনুমোদন প’ৰ্টেলে এমএছএমইৰ বাবে ঋণ লাভ সহজলভ্য কৰি তুলিব৷ তেওঁ কয় যে এই প’ৰ্টেলটোৰ জৰিয়তে ৫৯ মিনিটতে ১ কোটি টকা পৰ্যন্ত ঋণৰ অনুমোদন জনোৱা হ’ব৷ এই প’ৰ্টেলটোৰ লিংক জিএছটি প’ৰ্টেলৰ জৰিয়তে উপলব্ধ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ভাৰতত কোনেও বেংকলৈ বাৰে বাৰে যোৱাৰ প্ৰয়োজন নহয়৷

তাৰোপৰি সকলো জিএছটি পঞ্জীকৃত এমএছএমইৰ বাবে নতুন অথবা বিদ্যমান ঋণত ২ শতাংশ ৰেহাইৰ কথাও প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দ্বিতীয় ঘোষণাত উল্লেখ কৰে৷ যিসকল ৰপ্তানিকাৰীয়ে প্ৰি-শ্বিপমেণ্ট আৰু পোষ্ট-শ্বিপমেণ্টৰ বাবে ঋণ লাভ কৰিছে তেওঁলোকৰ বাবে সুতৰ ৰেহাই ৩ শতাংশৰ পৰা ৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কৰা তৃতীয় ঘোষণা অনুসৰি যিবোৰ উদ্যোগৰ টাৰ্ণ অভাৰ ৫০০ কোটিতকৈ অধিক, এতিয়াৰে পৰা সেইবোৰ উদ্যোগক বাধ্যতামূলকভাৱে ট্ৰেড ৰিচিভেবল্ছ ই-ডিচকাউণ্টিং ছিষ্টেম (টিআৰইডিএছ)ৰ আওতালৈ অনা হ’ব৷ তেওঁ কয় যে এই প’ৰ্টেলত সংযোগীকৰণৰ দ্বাৰা উদ্যমীসকলে তেওঁলোকৰ অনাগত অৰ্জনযোগ্যৰ ভিত্তিত বেংকৰ পৰা ঋণ লাভ কৰিব পাৰিব৷ ইয়েই তেওঁলোকৰ নগদ চক্ৰৰ সমস্যা দূৰ কৰিব৷

বজাৰৰ অভিগমন

প্ৰধানমন্ত্ৰীয়ে কয় যে উদ্যমীসকলৰ বজাৰ অভিগমনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যেই পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাষণ প্ৰসংগত তেওঁ চতুৰ্থটো ঘোষণাত কয় যে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে এতিয়াৰে পৰা বাধ্যতামূলকভাৱে এমএছএমইৰ পৰা পূৰ্বৰ ২০ শতাংশৰ পৰিৱৰ্তে ২৫ শতাংশ সামগ্ৰী আহৰণ কৰিব লাগিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ পঞ্চমটো ঘোষণা মহিলা উদ্যমীৰ সৈতে জড়িত৷ তেওঁ কয় যে এমএছএমইৰ পৰা বাধ্যতামূলক ২৫ শতাংশ সামগ্ৰী আহৰণৰ ক্ষেত্ৰত এতিয়াৰে পৰা ৩ শতাংশ মহিলা উদ্যমীৰ বাবে সংৰক্ষিত থাকিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ১.৫ লাখতকৈও অধিক যোগানকৰ্তা বৰ্তমানে জিইএমত পঞ্জীকৃত হৈছে৷ ইয়াৰে ৪০,০০০ হাজাৰ এমএছএমইৰ৷ জিইএমৰ জৰিয়তে ১৪,০০০ কোটি টকাতকৈও অধিক লেনদেন এই পৰ্যন্ত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ষষ্ঠ ঘোষণাত কেন্দ্ৰীয় চৰকাৰৰ সকলো ৰাজহুৱা খণ্ডৰ উদ্যোগ এতিয়া বাধ্যতামূলকভাৱে জিইএমৰ অংশ বুলি ঘোষণা কৰে৷ তেওঁ কয় যে তেওঁলোকে নিজৰ সকলো ভেণ্ডৰৰ পঞ্জীয়নো জিইএমত কৰা উচিত৷

প্ৰযুক্তিৰ উত্তৰণ

প্ৰযুক্তিৰ উত্তৰণৰ বিষয়ে আলোকপাত প্ৰধানমন্ত্ৰীয়ে কয় যে সামগ্ৰী ডিজাইনৰ ক্ষেত্ৰত সমগ্ৰ দেশতে টুল ৰূমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সপ্তমটো ঘোষণাত তেওঁ সমগ্ৰ দেশতে ২০ টা কেন্দ্ৰ স্থাপিত হ’ব বুলি ঘোষণা কৰে আৰু টুল ৰূম হিচাপে ১০০টা স্প’ক স্থাপিত হ’ব৷

ইজ অব্ ডুয়িং বিজনেছ

ইজ অব্ ডুয়িং বিজনেছৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ অষ্টমটো ঘোষণা ফাৰ্মা উদ্যোগসমূহৰ সৈতে জড়িত৷ তেওঁ কয় যে ফাৰ্মা এমএছএমইৰ ক্লাষ্টাৰ গঠন কৰা হ’ব৷ এই ক্লাষ্টাৰ স্থাপন ব্যয়ৰ ৭০ শতাংশ কেন্দ্ৰীয় চৰকাৰে বহন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ নৱম ঘোষণাটো চৰকাৰী প্ৰক্ৰিয়াৰ সৰলীকৰণৰ বিষয়ে৷ তেওঁ কয় যে নৱম ঘোষণাটো হ’ল ৮ শ্ৰমিক আইন আৰু ১০ কেন্দ্ৰীয় বিধিৰ অধীনত এতিয়াপে পৰা বছৰত এবাৰকৈ ফাইল কৰিব লাগিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দশম ঘোষণাটো হ’ল এতিয়াৰে পৰা উদ্যোগসমূহ কম্পিউটাৰাইজড যাদৃচ্ছিক আৱণ্টনৰ জৰিয়তে একোজনকৈ পৰিদৰ্শকে পৰিদৰ্শন কৰিব৷

স্থাপনৰ অংশ হিচাপে একোজন উদ্যমীয়ে দুটা বিষয়ত সন্মতি প্ৰদান কৰিব লাগিব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য প্ৰদান কৰে, প্ৰথমটো হ’ল পৰিবেশৰ পৰিষ্কাৰকৰণ আৰু দ্বিতীয়টো হ’ল স্থাপনৰ সন্মতি৷ তেওঁ কয় যে একাদশ ঘোষণাটো হ’ল পূৰ্বৰ বায়ু প্ৰদূষণ আইন আৰু জল প্ৰদূষণ আইন একত্ৰীকৰণ কৰি একেটা আইনৰ আওতালৈ অনাটো৷ তাৰোপৰি ৰিটাৰ্ণসমূহ স্ব-প্ৰত্যয়তিৰ দ্বাৰা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷

দ্বাদশ ঘোষণা হিচাপে প্ৰধানমন্ত্ৰীয়ে ঔদ্যোগিক আইনৰ অধীনত লঘূ দোষসমূহৰ ব্যৱস্থাপনা সৰলীকৰণ কৰা হ’ব বুলি উল্লেখ কৰে৷ তেওঁ কয় যে উদ্যমীসমূহে ন্যায়ালয়ৰ কাষ চাপিব নালাগে, কিন্তু কেইটামান সৰল প্ৰক্ৰিয়াৰ দ্বাৰাই ইয়াক সমাধান কৰিব পাৰিব৷

এমএছএমই খণ্ডৰ কৰ্মচাৰীসমূহৰ সামাজিক সুৰক্ষা

প্ৰধানমন্ত্ৰীয়ে এমএছএমই খণ্ডৰ কৰ্মচাৰীসকলৰ সামাজিক সুৰক্ষাৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ কয় যে কৰ্মচাৰীসকলে যাতে জন ধন একাউণ্ট, ভৱিষ্য নিধি আৰু বীমাৰ সুৰক্ষা নিশ্চিতভাৱে লাভ কৰিব পাৰে তাৰবাবে এটা অভিযান মুকলি কৰা হ’ব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে এই সিদ্ধান্তসমূহে ভাৰতত এমএছএমই খণ্ডক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ তেওঁ কয় যে এই প্ৰচাৰ কাৰ্যসূচীৰ প্ৰণয়নসমূহ ১০০ দিনৰ মূৰে মূৰে নিৰীক্ষণ কৰা হ’ব৷

*****

AKT/SH/SBP/MANN