Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ ছিন্দৰী ভ্ৰমণ, ঝাৰখণ্ডত কেইবাটাও উন্নয়নমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্ৰধানমন্ত্ৰীৰ ছিন্দৰী ভ্ৰমণ, ঝাৰখণ্ডত কেইবাটাও উন্নয়নমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্ৰধানমন্ত্ৰীৰ ছিন্দৰী ভ্ৰমণ, ঝাৰখণ্ডত কেইবাটাও উন্নয়নমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্ৰধানমন্ত্ৰীৰ ছিন্দৰী ভ্ৰমণ, ঝাৰখণ্ডত কেইবাটাও উন্নয়নমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন


ঝাৰখণ্ডত প্ৰধানমন্ত্ৰীয়ে আজি ছিন্দৰীৰ এক অনুষ্ঠানত ভাৰত চৰকাৰ আৰু ঝাৰখণ্ড চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। সেইবোৰ ভিতৰতঃ

• হিন্দুস্থান উৰ্বৰক আৰু ৰসায়ন লিমিটেডৰ অধীনস্থ ছিন্দৰী সাৰ প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণ।

• গেইলৰ ৰাঁচী চহৰ গেছ বিতৰণ প্ৰকল্প

• সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান(এইমছ), দেওঘৰ

• দেওঘৰ বিমানবন্দৰৰ উন্নয়ন

• পট্ৰাটু ছুপাৰ থাৰ্মেল শক্তি প্ৰকল্প (৩x৮০০ মেগাৱাট)

তেওঁ জন ঔষধি কেন্দ্ৰৰ বাবে বুজাবুজি চুক্তি বিনিময় অনুষ্ঠানতো উপস্থিত থাকে।

এই উপলক্ষে এক ৰাজহুৱা সভাত সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভগৱান বিৰছা মুণ্ডৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তেওঁ কয় যে ঝাৰখণ্ডৰ দ্ৰুত উন্নয়নৰ অৰ্থে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কাম কৰি আছে।

তেওঁ কয় যে আজি আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ বাবে মুঠ ২৭,০০০ কোটি টকা ব্যয় হ’ব। এই প্ৰকল্পসমূহে ঝাৰখণ্ডৰ যুৱকসকলক যথেষ্ট সূযোগ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, তেওঁ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ চমজি লোৱাৰ সময়ত দেশৰ ১৮,০০০ গাঁৱত বিজুলী সংযোগ নাছিল। আমি সেই গাঁওবোৰত বিজুলী যোগান ধৰি তেওঁলোকৰ জীৱন উজ্বলাই তুলিবলৈ সক্ষম হৈছো। বৰ্তমান আমি দেশৰ প্ৰতি ঘৰতে বিজুলী সংযোগ প্ৰদান নিশ্চিত কৰাৰ দিশত কাম কৰি আছো।

প্ৰধানমন্ত্ৰীয়ে ছিন্দৰীৰ বন্ধ অৱস্থাত থকা সাৰ কাৰখানাৰ পুনৰুজ্জীৱিতকৰণ কৰাৰ কথাও ভাষণত দোঁহাৰে। তেওঁ কয় যে এই কাৰখানাৰ জৰিয়তে পূব ভাৰত যথেষ্ট উপকৃত হ’ব।

প্ৰধানমন্ত্ৰীয়ে কয় যে ঝাৰখণ্ডত এইমছ স্থাপনে ৰাজ্যখণ্ডৰ স্বাস্থ্যখণ্ডলৈ আমুল পৰিৱৰ্তন আনিব। তেওঁ লগতে কয় যে ৰাজ্যখনৰ দুখীয়া লোকসকলেও উন্নত মানৰ স্বাস্থ্য সেৱা লাভ কৰিবলৈ সক্ষম হ’ব।

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বিমান যাত্ৰা সকলোৰে বাবে সুলভ আৰু সুগম কৰি তুলিছে।

***

AKT/SH/SBP/DB