পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২২ আৰু ২৩ ছেপ্তেম্বৰ তাৰিখে তেখেতৰ লোকসভা সমষ্টি বাৰানসী ভ্ৰমণ কৰিব।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালত কেইবাটাও আন্তঃগাঁথনি, ৰেলপথ, বস্ত্ৰশিল্প, বিত্তীয় অন্তৰ্ভূক্তি, পৰিৱেশ আৰু অনাময়, পশুস্বাস্থ্য, সংস্কৃতি আৰু আধ্যাত্মিক বিষয়ৰ কাৰ্যসূচী সামৰি লোৱা হ’ব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে বডালালপুৰত স্থাপন হোৱা– ‘দীনদয়াল হস্তকলা সংকুল’ নামৰ এক বাণিজ্য সেৱা কেন্দ্ৰ দেশবাসীৰ নামত অৰ্পণ কৰিব। তেওঁ অতি কম সময়ৰ বাবে সেই বাণিজ্য সেৱা কেন্দ্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভিডিঅ’ লিংকযোগে বাৰানসীৰপৰা গুজৰাটৰ চুৰাট আৰু বদোদৰা সংযোগ কৰিবলগীয়া ৰেলগাড়ী ‘মহামানা এক্সপ্ৰেছ’ৰ শুভাৰম্ভ কৰিব।
একে স্থানতে প্ৰধানমন্ত্ৰীগৰাকীয়ে চহৰখনত হ’বলগীয়া কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মাইক্ৰ’ ফইনেন্সৰ বাবে বিশেষভাৱে গঠিত উৎকৰ্ষ বেংকৰ বেংকিং সেৱাৰ শুভাৰম্ভ কৰাৰ লগতে বেংকৰ মূখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে এক ভিডিঅ’ লিংকযোগে ‘জল-এম্বুলেন্স সেৱা’ আৰু ‘জল সেৱা বাহন’ বাৰানসীৰ জনতাৰ নামত অৰ্পণ কৰিব।
২২ ছেপ্তেম্বৰৰ আবেলি প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিহাসপ্ৰসিদ্ধ বাৰানসীৰ ‘তুলসী মানস মন্দিৰ’ ভ্ৰমণ কৰিব। তেওঁ ‘ৰামায়ণ’ৰ এক প’ষ্টেল ষ্টাম্প মুকলি কৰিব। তাৰ পিছত তেওঁ চহৰখনৰ ‘দূৰ্গা মাতা মন্দিৰ’ ভ্ৰমণ কৰিব।
২২ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে সাহাঞ্চাহপুৰ গাঁৱত এক অনাময় সম্পৰ্কীয় চমু কাৰ্যসূচীত ভাগ লব। তাৰ পিছত তেওঁ ‘পশুধন আৰোগ্য মেলা’ ভ্ৰমণ কৰিব।প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা (চহৰ আৰু গ্ৰাম্যাঞ্চল)’ ৰ হিতাধিকাৰীসকলৰ হাতত প্ৰমাণপত্ৰ বিতৰণ কৰি তাত উপস্থিত জনতাক উদ্দেশ্যি ভাষণ দিব।
****
AKT/NT/PRK