পি এম ইণ্ডিয়া
নমস্কাৰ৷ মন কী বাতৰ জৰিয়তে আপোনালোকৰ সৈতে পুনৰ মত-বিনিময়ৰ সুযোগ লাভ কৰিছো৷ আপোনালোকৰ হয়তো ভালদৰে মনত আছে যে নৌসেনাৰ ৬গৰাকী মহিলা কামাণ্ডাৰৰ এটি দলে যোৱা কেইমাহমান ধৰি সমুদ্ৰত যাত্ৰা কৰিছিল৷ নাৱিকা সাগৰ পৰিক্ৰমা, হয় মই সেই বিষয়তে কিছু কথা পাতিব বিচাৰিছো৷ ভাৰতৰ এই ৬ সাহসী কন্যাৰ দলে ২৫০ দিনৰো অধিক সময় সমুদ্ৰত আইএনএছভি তাৰিণী জাহাজেৰে বিশ্ব প্ৰদক্ষিণ কৰি যোৱা ২১ মে’ত গৃহভূমিলৈ উভতি আহিছে আৰু সমদ্ৰ দেশে হৰ্ষোল্লাসেৰে তেওঁলোকক আদৰণি জনায়৷ তেওঁলোকে বিভিন্ন সাগৰ আৰু মহাসাগৰেৰে যাত্ৰা কৰি প্ৰায় ২২ হাজাৰ নটিকেল মাইল অতিক্ৰম কৰিছে৷ সমগ্ৰ বিশ্বতে এয়া সৰ্বপ্ৰথম ঘটনা৷ ভাৰত মাতৃৰ এই আটাইকেইগৰাকী কন্যাক যোৱা বুধবাৰে লগ পাই তেওঁলোকৰ অভিজ্ঞতা শুনাৰ মই সুযোগ পালো৷ ভাৰতীয় নৌসেনাৰ সুনাম বৃদ্ধিৰ বাবে তথা দেশলৈ সন্মান কঢ়িয়াই অনাৰ বাবে আৰু বিশেষকৈ বিশ্ববাসীৰ সন্মুখত ভাৰতৰ কন্যা সন্তানো যে কোনোগুণে কম নহয় তাক প্ৰতিষ্ঠা কৰাৰ বাবে মই পুনৰ এবাৰ তেওঁলোকৰ দুঃসাহসিক কাৰ্যক অভিনন্দন জনাইছো৷ দুঃসাহসিক অভিযানৰ অনুভৱ কাৰনো নাই? যদি আমি মানৱ জাতিৰ বিকাশৰ যাত্ৰাৰ প্ৰতি মন দিও তেন্তে দেখিম যে কিবা প্ৰকাৰৰ দুঃসাহিকতাৰ মাজেৰেই প্ৰত্যেকৰ জীৱনলৈ সফলতা আহিছে৷ দুঃসাহকিতা আৰু বিকাশৰ মাজত এক অভিন্ন সম্পৰ্ক আছে৷ কিবা এটা কৰাৰ প্ৰবল ইচ্ছা, কিছু ব্যতিক্ৰমী চিন্তা, ময়ো কিবা কৰিব পাৰো— এনে চিন্তা কৰা মানুহ লাগিলে কমেই হওক, কিন্তু যুগ যুগ ধৰি কোটি কোটি লোকে তাৰ পৰা প্ৰেৰণা লাভ কৰিব৷ বিগত দিনত আপোনালোকে হয়তো মন কৰিছে যে এভাৰেষ্ট শৃংগত আৰোহন কৰিব বিচৰাসকলৰ বিষয়ে বিভিন্ন নতুন নতুন কথা পোহৰলৈ আহিছে৷ শতিকাৰ পাছত শতিকা ধৰি এভাৰেষ্টে মানৱজাতিক প্ৰত্যাহ্বান জনাই আহিছে আৰু একাংশ সাহসী লোকে এই প্ৰত্যাহ্বানক সুন্দৰভাৱে গ্ৰহণো কৰিছে৷
১৬ মে’ত মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰৰ এখন আশ্ৰম বিদ্যালয়ৰ মনীষা ধুৰবে, প্ৰমেশ আলী, উমাকান্ত মাধাৱী, কবিদাস কাটমোড়ে আৰু বিকাশ সোয়ম নামৰ পাঁচগৰাকী জনজাতীয় শিক্ষাৰ্থীৰে গঠিত এটি দলে বিশ্বৰ সবাতোকৈ ওখ শৃংখটোত আৰোহণ কৰিছিল৷ এই শিক্ষাৰ্থী কেইজনে ২০১৭ চনৰ আগষ্টত প্ৰশিক্ষণ আৰম্ভ কৰিছিল৷ ‘মিছন সূৰ্য’ৰ অধীনত এই উদীয়মান যুৱক-যুৱতীসকল নিৰ্বাচিত হয় আৰু তেওঁলোকে নিজৰ নামৰ অনুৰূপে এভাৰেষ্ট জয় কৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ মই চন্দ্ৰপুৰৰ স্কুলখনৰ শিক্ষাৰ্থীসকলক অন্তৰৰ নিভৃত কোণৰ পৰা অভিনন্দন জনাইছো৷ শেহতীয়াকৈ ১৬বছৰীয়া শিৱাংগী পাঠক নেপালৰ দিশৰ পৰা এভাৰেষ্ট আৰোহন কৰা সৰ্বকনিষ্ঠ ভাৰতীয় মহিলা হিচাপে চিহ্নিত হয়৷ শিৱাংগীকো বহুতো অভিনন্দন৷
অজিত বাজাজ আৰু তেওঁৰ কন্যা এভাৰেষ্ট জয় কৰা প্ৰথম পিতৃ-কন্যা বিবেচিত হৈছে৷ এনে নহয় যে কেৱল যুৱক-যুৱতীয়েহে এভাৰেষ্ট আৰোহন কৰিছে, ১৯ মে’ৰ দিনা ৫০ উৰ্ধৰ মহিলা সংগীত বেহেলেও এভাৰেষ্ট জয় কৰিবলৈ সক্ষম হয়৷
কিছুদিন পূৰ্বে ‘স্বচ্ছ গংগা অভিযান’ৰ অধীনত বিএছএপৰ এটি দলে এভাৰেষ্টত আৰোহন কৰিছিল আৰু তেওঁলোকে যথেষ্ট পৰিমাণৰ আৱৰ্জনা তললৈ লৈ আহিছিল৷ এয়া অতি প্ৰশংসনীয় কাৰ্য হোৱাৰ লগতে পৰিৱেশৰ প্ৰতি থকা তেওঁলোকৰ দায়বদ্ধতাকে সূচাইছে৷ বছৰ বছৰ ধৰি ভালেসংখ্যক লোকে এভাৰেষ্টত আৰোহনৰ প্ৰয়াস চলাই আহিছে আৰু তাৰ মাজৰে বহুতে সফলতাৰে এভাৰেষ্টত আৰোহন কৰিছে৷ মই এইসকল সাহসী লোক বিশেষকৈ যুৱতী আৰু মহিলাসকলক অন্তৰৰ পৰা বহুতো অভিনন্দন জ্ঞাপন কৰিছো৷
মোৰ প্ৰিয় দেশবাসী, বিশেষকৈ মোৰ যুৱ বন্ধুসকল, দুমাহ আগতে মই যেতিয়া ফিট ইণ্ডিয়াৰ কথা কৈছিলো, তেতিয়া মই কল্পলাও কৰা নাছিলো যে ইমান সুন্দৰ সহাঁৰি লাভ কৰিম৷ ফিট ইণ্ডিয়া বুলি কওতে মই এই কথা অনুভৱ কৰো যে যিমানে আমি খেলিম, সিমানে সমগ্ৰ দেশবাসীক খেলিবলৈ অনুপ্ৰাণিত কৰিম৷ ছ’চিয়েল মিডিয়াত ফিটনেছ চেলেঞ্জক লৈ ব্যাপক চৰ্চা হৈছে৷ ইজনে আনজনক চেলেঞ্জ দিছে৷ চিনেমা, ক্ৰীড়াৰ লগত জড়িত লোক, সেনা বাহিনীৰ লোক, শিক্ষক, কৃষক, সাধাৰণ নাগৰিক—সকলো ধৰণৰ লোকৰ পৰাই সহাঁৰি পাইছো৷ সমস্বৰে যেন কৈছে—আমি যদি সুস্থ হও, ভাৰতবৰ্ষও সুস্থ হ’ব৷ মোৰ বাবে এয়া অত্যন্ত আনন্দৰ কথা যে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি মহোদয়ে মোক এই চেলেঞ্জত অন্তৰ্ভুক্ত কৰিছে আৰু মই তেওঁৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছো৷
প্ৰিয় দেশবাসী মন কী বাতত আপোনালোকে মোৰ পৰা মাজে-সময়ে ক্ৰীড়া আৰু ক্ৰীড়াবিদৰ দুই-এটা কথা শুনি আহিছে৷ যোৱাবাৰৰ ‘মন কী বাত’ত কমনৱেলথ গেমছৰ আমাৰ নায়কসকলে তেওঁলোকৰ মন কী বাত আমাৰ সৈতে বিনিময় কৰিছিল৷
নমস্কাৰ মই নয়দাৰ পৰা চাভী যাদৱে কৈছো—মই আপোনাৰ মন কী বাতৰ এগৰাকী নিয়মীয়া শ্ৰোতা৷ মই এই অনুষ্ঠানৰ মাধ্যমেৰে মোৰ মনৰ দুটামান কথা আপোনাক জনাব খুজিছো৷ বৰ্তমান গৰমৰ বন্ধ আৰম্ভ হৈছে৷ এগৰাকী মাতৃ হিচাপে মই দেখিছো যে শিশুসকলে অধিকাংশ সময় ইণ্টাৰনেটত খেলি কটায়৷ পূৰ্বে আমি ঘৰৰ বাহিৰত খেলা-ধূলা কৰি বন্ধ পাৰ কৰিছিলো৷ মোৰ অনুৰোধ আপুনি এনে পৰম্পৰাগত খেল-ধেমালিৰ কথা নতুন প্ৰজন্মক দুআষাৰ কওক৷
চাভী যাদৱ মহোদয়া, আপোনাৰ ফোনকলৰ বাবে ধন্যবাদ৷ এয়া সত্য যে যিসমূহ খেল-ধেমালি এসময়ত অলিয়ে-গলিয়ে প্ৰতিটো শিশুৰ জীৱনৰ এটি অংগ আছিল, সেয়া আজিকালি প্ৰায় নাইকীয়া হৈছে৷ এই খেলসমূহ বিশেষকৈ গৰমৰ বন্ধৰ এটা অংগ আছিল৷ কেতিয়াবা ভৰ দূপৰীয়া, কেতিয়াবা ৰাতিৰ আহাৰৰ পাছত কোনো চিন্তা নকৰাকৈ সম্পূৰ্ণ মুক্ত মনেৰে শিশুসকলে ইয়াত ভাগ লৈছিল৷ আৰু কিছুমান খেল পৰিয়ালৰ সকলো লোকে একেলগে খেলিব পাৰিছিল৷ যেনে—ঘিলা, মাৰ্বল গুটি, খো-খো, টাংগুটি ইত্যাদি৷ এই বিভিন্ন খেলসমূহ কাশ্মীৰৰ পৰা কন্যাকুমাৰী বা কুচ্চৰ পৰা কামৰূপলৈ সকলো শিশুৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ আছিল৷ অৱশ্যে বিভিন্ন স্থানত এই খেলসমূহক ভিন ভিন নামেৰে জনা গৈছিল৷ যেনে ঘিলা খেলবিধকে বিভিন্ন নামেৰে জনা যায়৷ কোনোবাই ইয়াক লাগৰী, আন কোনোবাই সাতোৰীয়া, সাত পাথাৰ, দিকোৰী, সাতোদিয়া বুলি কয়৷ পৰম্পৰাগত ক্ৰীড়াত দুই ধৰণৰ খেল দেখা যায়—ইনড’ৰ আৰু আউটড’ৰ৷ আমাৰ দেশৰ অনন্য বিচিত্ৰতা এই খেলসমূহতো দেখা যায়৷ একেটাই খেল দেশৰ ভিন্ন প্ৰান্তত ভিন ভিন নামেৰে জনা যায়৷ মই গুজৰাটৰ আৰু মই জানো গুজৰাটত একধৰণৰ খেল আছে যাক চোমল ইষ্টো মানেৰে জনা যায়৷ এই খেলবিধ কড়ী, তেলেলীৰ গুটি বা ডাইচৰ সৈতে আঠ পূৰণ আঠ ব’ৰ্ডত খেলা হয়৷ আমাৰ মাজত কোনোবা আছেনে বাৰু যিয়ে শৈশৱত টাংগুটি খেলা নাই৷ গাঁওৰ পৰা চহৰলৈ সকলোতে টাংগুটি খেলা হয়৷ ইয়াকো দেশৰ বিভিন্ন প্ৰান্ত ভিন ভিন নামেৰে জনা যায়৷ অন্ধ্ৰপ্ৰদেশত ইয়াক কোৱা হয় গুটিবিল্লা বা কাৰাবিল্লা৷ উৰিষ্যাত ইয়াক গুলীবাড়ী আৰু মহাৰাষ্ট্ৰত ভিট্টিডালো হিচাপে জনা যায়৷ প্ৰতিটো খেল খেলাৰ এটা সময় থাকে৷ যেনে, চিলা এক বিশেষ সময়তহে উৰুৱা হয়৷ কোনো এটি খেল খেলোতে আমাৰ বিশেষ প্ৰতিভা প্ৰকাশ পায় আৰু ইয়াক আমি মুক্ত মনেৰে ব্যক্তি কৰিব পাৰো৷ আপোনালোকে দেখিছে কিছুমান লাজকুৰীয়া স্বভাৱৰ শিশুও খেলাৰ সময়ত চঞ্চল হৈ পৰে আৰু স্বভাৱতে গম্ভীৰ দেখা শিশু এটাও গহীন হৈ পৰে৷ কিছুমান পৰম্পৰাগত খেল-ধেমালিয়ে শাৰীৰিক উৎকৰ্ষ সাধনৰ লগতে আমাৰ যুক্তিসংগত চিন্তাধাৰা, একাগ্ৰতা, ফূৰ্তি আৰু সজাগতাও বৃদ্ধি কৰে৷ মই শেহতীয়াকৈ বিজনেছ মেনেজমেণ্টৰ প্ৰশিক্ষণ কাৰ্যসূচীত কৰ্মচাৰীৰ সামগ্ৰিক ব্যক্তিত্ব বিকাশৰ বাবে আমাৰ পৰম্পৰাগত খেল ব্যৱহাৰ কৰা দেখিবলৈ পাইছিলো৷ ইয়াৰ জৰিয়তে আমি আমাৰ সংস্কৃতি আৰু পৰম্পৰাক জনাৰো সুযোগ পাও৷
এয়া অত্যন্ত গুৰুত্বপূৰ্ণ যে সমাজৰ প্ৰতিটো স্তৰৰ লোকে পৰম্পৰাগত ক্ৰীড়াক উদগণি যোগাব লাগে৷ জনসাধাৰণৰ মাজত ইয়াক জনপ্ৰিয় কৰিবলৈ আমি বিভিন্ন পন্থা হাতত ল’ব পাৰো৷ এই ধৰণৰ খেলৰ আৱশ্যকীয় নীতি-নিয়ম সন্নিবিষ্ট কৰি ভিডিঅ’ তৈয়াৰ কৰিব পাৰি৷ যুৱচামক আকৰ্ষিত কৰিবলৈ এনিমেচন ফিল্মো প্ৰস্তুত কৰিব পাৰি, যাতে তেঁওলোকে খেলসমূহ আগ্ৰহেৰে শিকিব পাৰে৷
মোৰ মৰমৰ দেশবাসী, অহা ৫ জুনত আমাৰ দেশ ভাৰতবৰ্ষই আন্তঃৰাষ্ট্ৰীয়ভাৱে বিশ্ব পৰিৱেশ দিৱস আয়োজন কৰিব৷ জলবায়ু পৰিৱৰ্তন ৰোধৰ ক্ষেত্ৰত ভাৰতৰ শক্তিশালী ভূমিকাৰ প্ৰতি এয়া বিশ্ববাসীৰ এক স্বীকৃতি আৰু এই দিৱস কেন্দ্ৰীয়ভাৱে ভাৰতত আয়োজনৰ দায়িত্ব লাভ কৰি আমি গৌৰৱান্বিত৷
এই বছৰৰ মূল বিষয় হ’ল প্লাষ্টিক প্ৰদূষণ নাশ কৰা৷ মই আপোনালোকক আহ্বান জনাও যে এই বিষয়টোৰ গুৰুত্ব বুজি আমি কোনেও যাতে নিম্ন মানৰ পলিথিন-প্লাষ্টিক ব্যৱহাৰ নকৰো আৰু প্লাষ্টিক প্ৰদূষণৰ নেতিবাচক প্ৰভাৱৰ পৰা আমাৰ পৰিৱেশ, আমাৰ বন্যপ্ৰাণী আৰু আমাৰ স্বাস্থ্যক দূৰত ৰাখো৷ আহক আমি সকলোৱে বিশ্ব পৰিৱেশ দিৱসৰ ৱেবছাইট ‘ৱেব-ইণ্ডিয়া ২০১৮’ দৰ্শন কৰো আৰু দৈনন্দিন জীৱনত পালন কৰিবলগীয়া বিভিন্ন পৰামৰ্শসমূহৰ জ্ঞান লাভ কৰো৷
যেতিয়াই আমি তীব্ৰ গ্ৰীষ্ম প্ৰবাহ, বানপানী, প্ৰবল বৃষ্টিপাত, প্ৰচণ্ড শীতৰ কথা পাতো, তেতিয়া সকলো একো একোজন বিশেষজ্ঞ হৈ যায়, গোলকীয় উষ্ণতা আৰু বতৰ পৰিৱৰ্তনৰ কথা আলোচনা কৰো৷ কিন্তু কোনেও ইয়াৰ সমাধানৰ কথা আলোচনা নকৰে৷ প্ৰকৃতিৰ প্ৰতি সহনশীল হওক, প্ৰকৃতিক ৰক্ষা কৰক—প্ৰকৃততে এইধৰণৰ চিন্তা-চাৰ্চা আমাৰ সংস্কৃতিৰ অংশ হোৱা উচিত৷
আমি প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি জীয়াই থাকিব লাগিব৷ প্ৰকৃতিৰ স্পৰ্শত থকাৰ অভ্যাস গঢ়িব লাগিব৷ মহাত্মা গান্ধীয়ে তেওঁৰ জীৱনৰ প্ৰতিটো খোজতে এই নীতি পালন কৰি চলিছিল৷ আজি ভাৰতে কোপেনহেগেন ২১ আৰু পেৰিছ চুক্তিত জলবায়ু পৰিৱৰ্তনৰ কথা কৈছে অথবা এই সন্দৰ্ভত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে; তথা আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ জৰিয়তে সমগ্ৰ বিশ্বক একতাৰ দোলেৰে বান্ধিছে—এই সকলোবোৰ চিন্তা মহাত্মা গান্ধীৰ সপোনৰ পৰাই অংকুৰিত হৈছে৷
এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসত, আহক আমি সকলোৱে আমাৰ পৃথিৱীখনক স্বচ্ছ আৰু সেউজ কৰি তুলাৰ সংকল্প লওঁ৷ এই দিশত আমি কিধৰণে কাম কৰিব পাৰো? ইয়াৰ বাবে কিধৰণৰ নতুন উদ্ভাৱন আমাক প্ৰয়োজন হ’ব? বৰ্ষা ঋতু সমাগত৷ আমি এইবাৰ অভিলেখসংখ্যক গছপুলি ৰোপনৰ এক লক্ষ্য স্থিৰ কৰিব পাৰো৷ লগতে ইয়াৰ যতন আৰু লালন-পালনৰো সংকল্প লোৱা উচিত৷
মোৰ মৰমৰ দেশবাসী, বিশেষকৈ যুৱ প্ৰজন্মৰ বন্ধু-বান্ধৱীসকলক মই ক’ব বিচাৰে যে আপোনালোকে এতিয়াৰ পৰা ২১ জুনতো ভালকৈ মনত ৰাখিব৷ অকল আপোনালোক আৰু ময়ে নহয় সমগ্ৰ বিশ্বৰ বাবে আত্মসচেতনাৰ ক্ষেত্ৰত এইটো এটা গুৰুত্বপূৰ্ণ দিন হৈ পৰিছে৷ কিয়নো ২১ জুনত বিশ্বজুৰি উদযাপিত হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু এমাহ পূৰ্বৰে পৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে ইয়াৰ প্ৰস্তুতি আৰম্ভ কৰে৷
সমাজৰ একতা আৰু সম্প্ৰীতিৰ মাধ্যম যোগাই এতিয়া সমগ্ৰ বিশ্বক সাঙুৰি লৈছে৷ শতিকা পূৰ্বে মহান সংস্কৃত কবি ভাৰতাহৰিয়ে তেওঁৰ বিখ্যাত গ্ৰন্থ ‘শতকত্ৰায়ম’ত লিখিছিল—
धैर्यंयस्यपिताक्षमाचजननीशान्तिश्चिरंगेहिनी
सत्यंसूनुरयंदयाचभगिनीभ्रातामनःसंयमः।
शय्याभूमितलंदिशोSपिवसनंज्ञानामृतंभोजनं
एतेयस्यकुटिम्बिनःवदसखेकस्माद्भयंयोगिनः।।
শতিকা পূৰ্বে প্ৰকাশিত এই পৰ্যবেক্ষণ এতিয়াও প্ৰযোজ্য৷ নিয়মিত যোগাভ্যাসে আমাৰ সৎ গুণসমূহ জাগ্ৰত কৰে আৰু আমাৰ ব্যক্তিত্ব উজলাই তুলে৷ভাৰতাহৰিয়ে কৈছিল যে নিয়মিত যোগাভ্যাসৰ ফলত সত্য আমাৰ সন্তান, দয়া আমাৰ ভগ্নী, আত্ম সংযম আমাৰ ভাতৃ, পৃথিৱী আমাৰ বিচনা হৈ পৰে আৰু জ্ঞানে আমাৰ ক্ষুধা পূৰণ কৰে৷ যেতিয়া এই সমস্ত গুণ এজন লোকৰ সংগী হৈ পৰে, তেতিয়া সেই যোগীয়ে সকলো ভয়ৰ পৰা আতৰি থাকিব পাৰে৷ পুনৰ এবাৰ মই সকলো নাগৰিকক আহ্বান জনাও—আপোনালোকে যোগাসনক নিজৰ কৰি লওক আৰু এখন সুস্থ, সৱল, সুখী আৰু সমৃদ্ধিশালী দেশ সৃষ্টিত বৰঙণি যোগাওক৷
মোৰ মৰমৰ দেশবাসী, আজি ২৭ মে’—দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু বাৰ্ষিকী৷ পণ্ডিতজীলৈ মই প্ৰণাম জনাইছো৷ চলিত মাহটো বীৰ ছাভাৰকাৰৰ সৈতেও জড়িত৷ ১৮৫৭ৰ মে’ মাহতে ভাৰতবাসীয়ে ব্ৰিটিছৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন কৰিছিল৷ দেশৰ ভিন্ন প্ৰান্তত আমাৰ যুৱক-যুৱতী আৰু কৃষকে অন্যায়ৰ বিৰুদ্ধে মাত মাতি সাহসিকতাৰ পৰিচয় দিছিল৷
প্ৰকৃতাৰ্থত ১৮৫৭ৰ মে’ক কেৱল এক ঐতিহাসিক পৰিঘটনাৰ বাবেই স্মৰণ কৰা নহয়, এয়া দেশবাসীৰ আত্মসন্মান ৰক্ষাৰো এক যুঁজ আছিল৷ বীৰ ছাভাৰকাৰে এই কথা লিখিছিল যে ১৮৫৭ত সংঘটিত এই পৰিঘটনা মাথো এক বিদ্ৰোহ নাছিল, এয়া আছিল স্বাধীনতাৰ প্ৰথম যুদ্ধ৷ ছাভাৰকাৰ আৰু তেওঁৰ সাহসী হৃদয়ৰ বীৰসকলে লণ্ডনৰ ইণ্ডিয়া হাউছত স্বাধীনতাৰ প্ৰথম যুদ্ধৰ ৫০সংখ্যক বাৰ্ষিকী উদযাপন কৰিছিল৷
সাধাৰণতে বীৰ ছাভাৰকাৰক তেওঁৰ সাহসিকতা আৰু ব্ৰিটিছৰ বিৰুদ্ধে আগবঢ়োৱা যুঁজৰ বাবে জনা যায় যদিও তেওঁ এগৰাকী সফল কবি আৰু সমাজ সংস্কাৰকো আছিল৷ আমাৰ সন্মানীয় অটল বিহাৰী বাজপেয়ী মহোদয়ে ছাভাৰকাৰ সন্দৰ্ভত কৈছিল যে ছাভাৰকাৰ মানেই হ’ল এক উজ্জল প্ৰতিভা, ত্যাগ, তপস্যা, দৃঢ়তা, যুক্তি, যুৱ, তীৰ আৰু একন শক্তিশালী তৰোৱাল৷ ছাভাৰকাৰক লৈ অটল বিহাৰী দেৱৰ কি সুন্দৰ উপমা৷ ছাভাৰকাৰে কবিতা আৰু বিপ্লৱক একেলগ কৰি আগবাঢ়িছিল৷ এগৰাকী সহানুভূতিশীল কবি হোৱাৰ লগতে তেওঁ আছিল এগাৰকী সাহসী বিপ্লৱী৷
মোৰ মৰমৰ ভাই-ভনীসকল, কিছুদিন পূৰ্বে মই ৰাজস্থানৰ শিকাৰৰ এটি বস্তি অঞ্চলৰ কেইগৰাকীমান কন্যাৰ কাহিনী টিভিত চাই আছিলো৷ জীৱন নিৰ্বাহৰ বাবে মানুহৰ ঘৰে ঘৰে গৈ পেলনীয়া সামগ্ৰী বুটলি ফুৰা কন্যাকেইগৰাকীয়ে এতিয়া কাপোৰ চিলাই কৰিব শিকি দৰিদ্ৰতা ঢাকিবলৈ সক্ষম হৈছে৷ তেওঁলোকে নিজৰ লগতে আন পৰিয়ালৰ বাবে সাধাৰণৰ পৰা আৰম্ভ কৰি উন্নত মানৰ কাপোৰ চিলাই কৰিবলৈ শিকিছে৷ ইয়াৰ লগতে তেওঁলোকে দক্ষতা বিকাশৰ এক প্ৰশিক্ষণো গ্ৰহণ কৰি আছে৷
এই যুৱতীসকল এতিয়া স্বাৱলম্বী হৈছে, সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰিব পৰা হৈছে আৰু নিজৰ নিজৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিব পাৰিছে৷ মই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো৷ তেওঁলোকে প্ৰমাণ কৰিছে যে কিবা এটি কৰি দেখুওৱাৰ হাবিয়াস থাকিলে অথবা লক্ষ্যত উপনীত হোৱাৰ দৃঢ়তা থাকিলে যিকোনো বাধা নেওচি সফলতা অৰ্জন কৰিব পাৰি৷
কটকৰ ড০ প্ৰকাশ ৰাৱো এনে এক প্ৰেৰণাদায়ক ব্যক্তি৷ কটকৰ বস্তি অঞ্চলৰ বাসিন্দা ৰাৱে আনৰ সপোন পূৰণ কৰাৰ স্বাৰ্থতে সকলো ত্যাগ কৰিছে৷ কালি মই তেওঁক সাক্ষাতৰ সুযোগ লাভ কৰিলো৷
শ্ৰীমান ড০ প্ৰকাশ ৰাও আছিল কটক চহৰৰ এগৰাকী চাহ ব্যৱসায়ী৷ পাঁচ দশক ধৰি চাহৰ ক্ষুদ্ৰ ব্যৱসায়ৰ সৈতে জড়িত ৰাৱৰ কথা শুনি আপোনালোকো আচৰিত হ’ব যে তেঁওৰ প্ৰচেষ্টাৰ বাবে ৭০ৰো অধিক শিশুৱে আজি শিক্ষাৰ পোহৰেৰে আলোকিত হৈছে৷ বস্তি অঞ্চলৰ শিশুসকলৰ শিক্ষাৰ বাবে তেওঁ উপাৰ্জনৰ ৫০% ব্যয় কৰি ‘আশা আশভাসন’ নামৰ এখন পঢ়াশালি মুকলি কৰে৷ এই পঢ়াশালিলৈ অহা সকলো ছাত্ৰ-ছাত্ৰীৰ শিক্ষা, স্বাস্থ্য আৰু খাদ্যৰ ব্যয় তেওঁ নিজে বহন কৰিছিল৷ মই ড০ ৰাওৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ক অভিনন্দন জনাইছো৷ অনেক শিশুৰ জীৱনৰ পৰা তেওঁ আন্ধাৰ নাশ কৰি জ্ঞানৰ পোহৰ বিলাইছে, যিসকল শিশুই আনকি বৈদিক শ্লোক ‘তমশো মা জ্যোতিৰ্গময়ঃ’ৰ অৰ্থও বুজি পোৱা নাছিল৷ আমাৰ সমাজ তথা দেশৰ বাবে ড০ প্ৰকাশ ৰাও এক আদৰ্শ, এক অনুপ্ৰেৰণা হোৱা উচিত৷
জুনত মাহত গ্ৰীষ্ম প্ৰবাহ ইমানেই বৃদ্ধি পাব যে জনসাধাৰণে আকাশৰ ফালে চাই বৰষুণৰ আশা কৰিব৷ ইয়াৰ সমান্তৰালকৈ কিছুদিন পাছত আকাশত জোনবাইৰ বাবেও বহুতে অপেক্ষা কৰিব৷ আকাশত জোনবাই প্ৰত্যক্ষ কৰা মানেই পবিত্ৰ ঈদৰ আগমণ৷ ৰমজানৰ সম্পূৰ্ণ এটা মাহ উপবাসে থকাৰ পাছত ঈদে সকলোৰে মনলৈ আনন্দ-উল্লাহ কঢ়িয়াই আনে৷
মই আশা কৰো যে পবিত্ৰ ঈদ উৎসৱে সমাজত ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰিব৷ সকলোকে মোৰ আন্তৰিক অভিনন্দন৷ মোৰ মৰমৰ দেশবাসী, অশেষ ধন্যবাদ৷ আমি অহা মাহত মন কী বাতৰ আন এটি খণ্ডত আপোনালোকৰ সৈতে পুনৰ সাক্ষাৎ হ’ম৷
নমস্কাৰ৷
*****
AKT/HS/MS
#MannKiBaat has begun. PM @narendramodi congratulates the team of INSV Tarini. https://t.co/mpVak6uxrs pic.twitter.com/1EgbnzKRaW
— PMO India (@PMOIndia) May 27, 2018
Sense of adventure कौन नहीं जानता है | अगर हम मानव जाति की विकास यात्रा देखें तो किसी-न-किसी adventure की कोख में ही प्रगति पैदा हुई है | विकास adventure की गोद में ही तो जन्म लेता है: PM @narendramodi #MannKiBaat https://t.co/mpVak6uxrs
— PMO India (@PMOIndia) May 27, 2018
A sense of adventure inspires people to do great things. In the recent weeks, several people scaled Everest and made us proud. #MannKiBaat https://t.co/mpVak6uxrs pic.twitter.com/CovuN308Cm
— PMO India (@PMOIndia) May 27, 2018
PM @narendramodi lauds 5 tribal students from Chandrapur, Maharashtra, Ajeet and Deeya Bajaj, Sangeeta Bahl and a BSF contingent for scaling Everest. BSF contingent also brought back dirt that had accumulated in the mountains. #MannKiBaat https://t.co/Os1tozKZZ5
— PMO India (@PMOIndia) May 27, 2018
There is great awareness towards Fitness. Everyone is saying #HumFitTohIndiaFit. #MannKiBaat pic.twitter.com/DS6KcVxs04
— PMO India (@PMOIndia) May 27, 2018
During today's #MannKiBaat PM @narendramodi is talking about traditional games. Hear. https://t.co/mpVak6uxrs
— PMO India (@PMOIndia) May 27, 2018
Devote this summer to playing traditional games of India. #MannKiBaat pic.twitter.com/Y334e6gcfF
— PMO India (@PMOIndia) May 27, 2018
Youngsters can beautifully express themselves through sports. #MannKiBaat pic.twitter.com/yt6a1lpihF
— PMO India (@PMOIndia) May 27, 2018
Our traditional games also enhance logical thinking. #MannKiBaat pic.twitter.com/xxTrUf6hl8
— PMO India (@PMOIndia) May 27, 2018
We must not forget our heritage. Through crowd sourcing, let us make archives of our traditional sports. The youngster generation will gain through this. #MannKiBaat pic.twitter.com/NwVw6Hce6e
— PMO India (@PMOIndia) May 27, 2018
India is delighted to host this year's World Environment Day programme. It is our duty to live in harmony with nature. #MannKiBaat pic.twitter.com/LLEQtAuVO3
— PMO India (@PMOIndia) May 27, 2018
In the last few weeks we saw what happens due to unusual weather patterns.
— PMO India (@PMOIndia) May 27, 2018
India will do everything possible for a cleaner and greener tomorrow.
This time, let us focus on tree planting. #MannKiBaat pic.twitter.com/Fw8Nf82DIS
On 21st June we will mark the #4thYogaDay.
— PMO India (@PMOIndia) May 27, 2018
The world has seen the manner in which Yoga unites. We believe in Yoga for unity and Yoga for a harmonious society. #MannKiBaat pic.twitter.com/5LnUVhr6Bw
During #MannKiBaat, PM @narendramodi pays tributes to Pandit Nehru.
— PMO India (@PMOIndia) May 27, 2018
The month of May is associated with a historic event in 1857. While many preferred to call it only a Mutiny or a Sepoy Mutiny, it was Veer Savarkar who called it the First War of Independence. I pay my tributes to the great Veer Savarkar: PM @narendramodi #MannKiBaat
— PMO India (@PMOIndia) May 27, 2018
Remembering Veer Savarkar. #MannKiBaat pic.twitter.com/S5uYqsTlbI
— PMO India (@PMOIndia) May 27, 2018
Veer Savarkar was a prolific writer and social reformer. #MannKiBaat pic.twitter.com/RbhFpkXSNG
— PMO India (@PMOIndia) May 27, 2018
A wonderful description of Veer Savarkar by our beloved Atal Ji. #MannKiBaat pic.twitter.com/2eqaHu1GD9
— PMO India (@PMOIndia) May 27, 2018
अब से कुछ दिनों बाद लोग चाँद की भी प्रतीक्षा करेंगे | चाँद दिखाई देने का अर्थ यह है कि ईद मनाई जा सकती है | रमज़ान के दौरान एक महीने के उपवास के बाद ईद का पर्व जश्न की शुरुआत का प्रतीक है: PM @narendramodi #MannKiBaat
— PMO India (@PMOIndia) May 27, 2018
मुझे विश्वास है कि सभी लोग ईद को पूरे उत्साह से मनायेंगे | इस अवसर पर बच्चों को विशेष तौर पर अच्छी ईदी भी मिलेगी | आशा करता हूँ कि ईद का त्योहार हमारे समाज में सद्भाव के बंधन को और मज़बूती प्रदान करेगा | सबको बहुत-बहुत शुभकामनाएँ : PM @narendramodi #MannKiBaat
— PMO India (@PMOIndia) May 27, 2018
मैं टी.वी. पर एक कहानी देख रहा था | राजस्थान के सीकर की कच्ची बस्तियों की हमारी ग़रीब बेटियों की | हमारी ये बेटियाँ, जो कभी कचरा बीनने से लेकर घर-घर माँगने को मजबूर थीं - आज वें सिलाई का काम सीख कर ग़रीबों का तन ढ़कने के लिए कपड़े सिल रही हैं : PM @narendramodi
— PMO India (@PMOIndia) May 27, 2018
यहाँ की बेटियाँ, आज अपने और अपने परिवार के कपड़ों के अलावा सामान्य से लेकर अच्छे कपड़े तक सिल रही हैं | वे इसके साथ-साथ कौशल विकास का course भी कर रही हैं | हमारी ये बेटियाँ आज आत्मनिर्भर बनी हैं : PM @narendramodi
— PMO India (@PMOIndia) May 27, 2018
कल ही मुझे डी. प्रकाश राव से मिलने का सौभाग्य मिला। श्रीमान् डी. प्रकाश राव पिछले पाँच दशक से शहर में चाय बेच रहे हैं। एक मामूली सी चाय बेचने वाला, आज आप जानकर हैरान हो जाएँगे 70 से अधिक बच्चों के जीवन में शिक्षा का उजियारा भर रहा है : PM @narendramodi #MannKiBaat
— PMO India (@PMOIndia) May 27, 2018
उन्होंने बस्ती और झुग्गियों में रहने वाले बच्चों के लिए ‘आशा आश्वासन’ नाम का एक स्कूल खोला | जिस पर ये ग़रीब चाय वाला अपनी आय का 50% धन उसी में खर्च कर देता है | वे स्कूल में आने वाले सभी बच्चों को शिक्षा, स्वास्थ्य और भोजन की पूरी व्यवस्था करते हैं : PM #MannKiBaat
— PMO India (@PMOIndia) May 27, 2018
मैं डी. प्रकाश राव की कड़ी मेहनत, उनकी लगन और उन ग़रीब बच्चों के जीवन को नई दिशा देने के लिए बहुत-बहुत बधाई देता हूँ : PM @narendramodi #MannKiBaat
— PMO India (@PMOIndia) May 27, 2018