পি এম ইণ্ডিয়া
নমস্কাৰ,
আজি আপোনালোকৰ সৈতে কথা পাতিবলৈ পাই মোৰ যথেষ্ট আনন্দ লাগিছে৷ এইবাবেই আনন্দ হৈছে যে দিল্লীৰ পৰা পঠোৱা প্ৰতিটো খাদ্য একো একোজন হিতাধিকাৰীৰ থালি পাইছেগৈ৷ আনন্দ এই বাবেই হৈছে যে পূর্বৰ চৰকাৰৰ সময়ত উত্তৰপ্রদেশত দুখীয়া লোকসকলৰ বাবে আৱণ্টিত শস্য আধাতে লুণ্ঠন হৈছিল আৰু আজি সেই লুণ্ঠনৰ সকলো পথ বন্ধ। উত্তৰপ্রদেশত যিদৰে প্রধানমন্ত্রী গৰীৱ কল্যাণ অন্ন যোজনাক বাস্তবায়িত কৰা হৈছে সেইটোৱে নতুন উত্তৰপ্রদেশৰ পৰিচয়ক আৰু অধিক মজবুত কৰিছে। আজি আপোনালোকৰ সৈতে কথা পাতি মোৰ যথেষ্ট ভাল লাগিছে। যি সাহসৰে, যি বিশ্বাস লৈ আপোনালোকে কৈছে, যি সততা আপোনালোকৰ প্ৰতিটো শব্দত প্রস্ফুটিত হৈছে, তাৰ পৰা মই যথেষ্ট আনন্দিত হৈছো৷ আপোনালোকৰ বাবে কাম কৰাৰ উৎসাহ মোৰ মনত আৰু অধিক বৃদ্ধি পাইছে। আপোনালোকৰ সৈতে যিমানেই কথা নাপাতো লাগিলে, সেয়া যেন কম হ’ব। আহক, এতিয়া আজিৰ কাৰ্যসূচীক লৈ কথা পাতো!
আজিৰ এই অনুষ্ঠানত উপস্থিত উত্তৰপ্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ যিমান যোগী সিমানেই কর্মযোগী। এনে জনপ্রিয় মুখ্যমন্ত্রী, উত্তৰপ্রদেশ চৰকাৰৰ আমাৰ সকলো মন্ত্রী, সংসদত মোৰ সহকর্মীসকল, সকলো সাংসদ, বিধায়ক, মেয়ৰ, জিলা পঞ্চায়তৰ সভাপতি আৰু বৃহৎ হাৰত উত্তৰপ্রদেশৰ বিভিন্ন প্রান্তৰ পৰা আহি একত্রিত হোৱা মোৰ প্রিয় ভাই-ভনীসকল, এই আগষ্ট মাহতো ভাৰতৰ ইতিহাসত অতি গুৰুত্বপূর্ণ। আৰম্ভণি দিনটোৰ পৰাই এক ধৰণৰ সাফল্য লৈ আহিছে। এনে লাগে যেন ভাৰতৰ বিজয়ৰ সূত্রপাত হৈছে। তাৰ মাজতো আজিৰ এই ৫ আগষ্টৰ দিনটো বিশেষ হৈ পৰিছে, অতি গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে। ইতিহাসে এই দিনটোক বহু বছৰ ধৰি মনত ৰাখিব। এই ৫ আগষ্ট তাৰিখতে দুবছৰ পূৰ্বে ভাৰতবাসীয়ে ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ৰ ভাৱনাক আৰু অধিক শক্তিশালী কৰিছিল। প্রায় সাত দশক পাছ আজিৰ দিনটোতে ভাৰতৰ সংবিধানৰ পৰা ৩৭০ ধাৰা বাতিল কৰি জম্মু-কাশ্মীৰৰ প্রতিগৰাকী নাগৰিকক সকলো ধৰণৰ নাগৰিক অধিকাৰ আৰু সুবিধাৰ অংশীদাৰ কৰি তোলা হৈছিল৷ এই ৫ আগষ্ট তাৰিখতে বিগত বছৰ কোটি কোটি ভাৰতীয়ৰ কেইবাশ বছৰ অপেক্ষাৰ পাছৰ ৰাম মন্দিৰ নির্মাণৰ প্রথম শুভাৰম্ভ হৈছে৷ আজি অযোধ্যাত দ্রুতগতিত ৰাম মন্দিৰ নিৰ্মাণ হৈছে আৰু এই বছৰ আজি ৫ আগষ্টত পুনৰবাৰ আমাৰ সকলোৰে বাবে উৎসাহ আৰু উদ্দীপনা লৈ আহিছে। আজিয়েই অলিম্পিকত দেশৰ যুৱশক্তিয়ে হকীত নিজৰ গৌৰৱ পুনৰুদ্ধাৰৰ কৰিবলৈ সক্ষম হৈছে। প্রায় চাৰি দশক পাছত এই সোনালী ক্ষণ আহিছে। যি হকী এদিন আমাৰ জাতীয় পৰিচয় আছিল, আজি আমাৰ যুৱকসকলে সেই গৌৰৱ পুনৰুদ্ধাৰ কৰাৰ জৰিয়তে দেশক ডাঙৰ উপহাৰ দিছে আৰ এয়াও এক সংযোগ যি আজিৰ দিনটোতে উত্তৰপ্রদেশৰ ১৫ কোটি লোকৰ বাবে ইমান পূণ্য আয়োজন অনুষ্ঠিত হৈছে৷ মোৰ দুখীয়া পৰিয়ালৰ ৮০ কোটিতকৈও অধিক লোকক এবছৰতকৈও অধিক সময় ধৰি বিনামূলীয়াকৈ খাদ্যশস্য দিয়া হৈছিল৷ আজি এই পূণ্য অনুষ্ঠানত আহি আপোনালোকৰ সকলোৰে সৈতে সাক্ষাৎ কৰাৰ সৌভাগ্য হৈছে৷
ভাই-ভনীসকল,
এফালে, আমাৰ দেশ, আমাৰ যুৱশক্তি ভাৰতৰ বাবে নতুন নতুন সাফল্য অর্জন কৰিছে, জয়সূচক গ’লৰ পাছত আৰু অধিক গ’ল কৰিছে, আনপালে দেশত এনে একাংশ লোকো আছে যিসকলে ৰাজনীতিৰ স্বার্থত নিমজ্জিত হৈ কিছু কাম কৰি আহিছে৷ তেওঁলোকে যেন আত্মঘাতী গ’ল দিয়াতে ব্যস্ত। দেশে কি বিচাৰে, দেশে কি অর্জন কৰিছে, দেশ কিদৰে পৰিৱর্তন হৈছে, তাক লৈ তেওঁৱোৰৰ কোনো গুৰুত্ব নাই। এই লোকসকলে নিজৰ স্বার্থৰ বাবে দেশৰ সময় আৰু ভাৱনা উভয়কে আহত কৰাৰ কামত ব্যস্ত। ভাৰতৰ সংসদৰ জন-ভাৱনাৰ অভিব্যক্তিৰ পবিত্র স্থলক এই লোকসকলে ৰাজনৈতিক স্বার্থৰ ফলত নিৰন্তৰ অপমান কৰি আহিছে। আজি সমগ্ৰ দেশে মানৱতাৰ ওপৰত আক্ৰমণ হোৱাত আটাইতকৈ ডাঙৰ সংকটৰ বিৰুদ্ধে, ১০০ বছৰৰ বৃহত্তম বিপর্যয়ৰ পৰা বাহিৰ হৈ অহাৰ বাবে যুঁজ কৰিছে। এফালে দেশবাসী একগোট হৈ বিপর্যয়ৰ পৰা মুক্ত হোৱাৰ চেষ্টা কৰিছে, আৰু আনফালে এওঁলোকে কিদৰে দেশহিতকৰ কর্মযজ্ঞত বাধা দিব পৰা যায়, তাৰ প্রতিযোগিতাত ব্যস্ত। কিন্তু বন্ধুসকল, এই মহান দেশ, এই দেশৰ মহান জনগণে এনে স্বার্থপৰ আৰু দেশ বিৰোধী ৰাজনীতিকক গুৰুত্ব নিদিয়ে৷ এইসকলে দেশক, দেশৰ উন্নয়নক বাধা দিয়াৰ যিমানে চেষ্টা নকৰক কিয় এই দেশ, এই দেশৰ আগুৱাই যোৱাৰ গতিক তেওঁলোকে আৰু বাধা দিব নোৱাৰে৷ তেওঁলোকে সংসদক স্তব্ধ কৰাৰ চেষ্টা কৰিছে, কিন্তু ১৩০ কোটি জনগণ দেশক এইসকলে বাধা দিয়া কামত প্রতিহত কৰাৰ বাবে আগুৱাই আহিব। প্ৰতিটো সমস্যকে প্ৰত্যাহ্বান জনাই দেশে প্রতিগৰাকী ক্ষেত্রত দ্রুতগতিত আগুৱাই গৈছে। মাত্র বিগত কেইটমান সপ্তাহৰ সাফল্য যদি চাই তেতিয়াহ’লে বুজিব পাৰিব যে দেশ কিমান গতিত নতুন সাফল্য অর্জন কৰিছে। আৰু একাংশ লোকে দিল্লীত সংসদ স্তব্ধ কৰিব বিচাৰে!
বিগত কেইটামান সপ্তাহত যিদিশতে চোৱা যায়, ভাৰতীয়সকলৰ সামর্থ্য আৰু সাফল্য দেখা গৈছে৷ অলিম্পিকত ভাৰতীয় খেলুৱৈসকলৰ অভূতপূর্ব প্রদর্শনত সমগ্ৰ দেশ উৎসাহিত হৈছে। ভাৰত টিকাকৰণৰ ক্ষেত্রতো ৫০ কোটিৰ সীমা অতিক্ৰম কৰাৰ দিশে গতি কৰিছে৷ কেইদিনমানৰ ভিতৰতে পাৰ হ’ব৷ এই ক’ৰোনাৰ কালখণ্ডতো ভাৰতীয়সকলৰ উদ্যমে নতুন নতুন সফলতা আনিছে। জুলাইত জিএছটিৰ সংগ্রহ অথবা মোৰ ৰপ্তানি–উভয় ক্ষেত্রতে ভাৰত নতুন উচ্চতা স্পর্শ কৰিছে। জুলাইত ১লাখ ১৬ হাজাৰ কোটি টকাৰ জিএছটি সংগ্রহ হোৱাটোৱে এইটো দেখায় যে অর্থনীতি পূর্ণ গতিত আগুৱাই গৈছে৷ তেনেকৈয়ে স্বাধীনতাৰ পাছত প্রথমবাৰ এমাহত ভাৰতৰ ৰপ্তানি ২.৫ লাখ কোটিতকৈও অধিক হৈছে৷ কৃষি ৰপ্তানিত আমি বহু দশক পাছত বিশ্বৰ সর্বোচ্চ ১০খন দেশৰ তালিকাত অন্তৰ্ভূক্ত হৈছে৷ ভাৰত কৃষি-প্রধান দেশ৷ কিন্তু বহু দশক পাছত ৰপ্তানিত সর্বোচ্চ ১০খন দেশৰ মাজত আমাৰ নাম আহিছে। ভাৰতৰ গৌৰৱ, দেশৰ প্রথম ‘মেড ইন ইণ্ডিয়া’, বিমানবাহক যুদ্ধজাহাজ ‘বিক্রান্ত’এ সমুদ্রত তাৰ অনুশীলন আৰম্ভ কৰিছে। প্রত্যেক সমস্যাক প্ৰত্যাহ্বান জনাই ভাৰত লাদাখত বিশ্বৰ সর্বোচ্চ মোটৰেবল ৰোডৰ নির্মাণ সম্পূর্ণ কৰিছে। সম্প্রতি ভাৰত ‘ই-ৰুপি’ আৰম্ভ কৰিছে, যি অনাগত দিনত ডিজিটেল ইণ্ডিয়াক শক্তিশালী কৰিব আৰু জনকল্যাণ প্রকল্পসমূহ সম্পূর্ণৰূপে লক্ষ্য সাধনত সফল হ’ব।
বন্ধুসকল,
যিসকলে কেৱল নিজৰ পদক লৈ চিন্তিত, তেওঁলোকে এতিয়া ভাৰতক বাধা দিব পৰা নাই৷ নতুন ভাৰতে পদ নহয়, পদক জয়েৰে বিশ্বত নিজৰ সন্মান বৃদ্ধি কৰিছে৷ নতুন ভাৰতত আগুৱাই যোৱাৰ পথ পৰিয়াল নহয়, পৰিশ্রমৰ মাধ্যমেৰে নির্ধাৰিত হ’ব। সেইবাবে আজি ভাৰতৰ যুৱশক্তিয়ে কৈছে, ভাৰত আগুৱাই গৈছে, ভাৰতৰ যুৱশক্তি আগুৱাই গৈছে।
বন্ধুসকল,
এই পর্যায়ত যোগীজি আৰু তেওঁৰ চৰকাৰে আজি যি কাৰ্যসূচী হাতত লৈছে, সেয়া আৰু অধিক গুৰুত্বপূর্ণ হৈ উঠিছে৷ এই কঠিন সময়ত এজন দুখীয়ালোকো যেন এনেকৈ নাথাকে, যাঁৰ ঘৰত ৰেচন নাই-সেয়া সুনিশ্চিত কৰাটো অতি জৰুৰী৷
বন্ধুসকল,
১০০ বছৰৰ আটাইতকৈ ডাঙৰ বিপর্যয় এই মহামাৰীয়ে কেৱল নহয়, ইয়াৰ লগে লগে বহু দিশত দেশ আৰু বিশ্বৰ কোটি কোটি মানুহক, সম্পূর্ণ মানৱজাতিক নিজৰ কৰাল গ্রাসত লৈ আহিছে আৰু সেইটোৱে আটাইতকৈ ডাঙৰ বিপর্যয় সৃষ্টি কৰিছে৷ অতীতত আমি দেখিছো যেতিয়া দেশত এই ধৰণৰ ডাঙৰ সংকট আহে, যেতিয়া দেশৰ সকলো ব্যৱস্থা বিপর্যস্ত হৈ পৰিছিল, মানুহৰ বিশ্বাসো নাইকিয়া হৈ গৈছিল, কিন্ত আজি ভাৰতৰ প্রতিগৰাকী নাগৰিকে সম্পূর্ণ শক্তিৰে এই মহামাৰীৰ মোকাবিলা কৰিছে৷ স্বাস্থ্য সেৱাৰ সৈতে জড়িত আন্তঃগাঁথনি নির্মাণৰ পৰা আৰম্ভ কৰি বিশ্বৰ সর্ববৃহৎ বিনামূলীয়া টিকাকৰণ অভিযান অথবা ভাৰতবাসীক অনাহাৰৰ পৰা ৰক্ষা কৰাৰ আটাইতকৈ ডাঙৰ অভিযান, লাখ লাখ কোটি টকাৰ এই কাৰ্যসূচী আজি ভাৰতে সফলতাৰে সম্পূৰ্ণ কৰিছে। মহামাৰীৰ এই সংকটৰ মাজত ভাৰতে বৃহৎ সংখ্যক কর্মসংস্থাপন সৃষ্টিকাৰী আৰু ডাঙৰ ডাঙৰ আন্তঃগাঁথনি প্ৰকল্পও পৰি থাকিব দিয়া নাই। মই যথেষ্ট আনন্দিত যে উত্তৰপ্রদেশ আৰু উত্তৰপ্রদেশৰ জনগণে দেশৰ সামর্থ্য বৃদ্ধিৰ বাবে কান্ধত কান্ধ মিলাই কাম কৰিছে৷ উত্তৰপ্রদেশত হাইৱে, এক্সপ্রেছৱে, ডেডিকেটেড ফ্রেট কৰিড’ৰ আৰু ডিফেন্স কৰিডৰৰ দৰে প্রকল্প যিদৰে দ্রুতগতিত আগুৱাই গৈছে, এয়া তাৰ জলন্ত উদাহৰণ।
বন্ধুসকল,
ইমান সংকট সত্ত্বেও আজি দেশ ৰেচনৰ পৰা আৰম্ভ কৰি অন্যান্য খাদ্য আৰু পানীৰ মূল্য সমগ্ৰ বিশ্বত যিদৰে আকাশলংঘী হৈছে, সিমান ভাৰতত হোৱা নাই৷ আমি জানো কম পৰিমাণে বানপানী হ’লেও গাখীৰ আৰু শাক-পাচলিৰ দাম কিমান বৃদ্ধি পায়৷ সৰু বিপর্যয় আহিলে সামগ্ৰীৰ মূল্য কিদৰে বাঢ়ি যায় আৰু আমাৰ সন্মুখততো বিশাল সমস্যাৰ পাহাৰ। কিন্তু মই মোৰ দুখীয়া আৰু মধ্যবিত্ত ভাই-ভনীসকলৰ মনত বিশ্বাস যোগাব বিচাৰো, আমি সম্পূর্ণৰূপে চেষ্টা কৰিছো যাতে সামগ্ৰী মূল্য আমি নিয়ন্ত্রণত ৰাখিব পাৰো আৰু এয়া আপোনালোকৰ সহযোগিতাৰ জৰিয়তে সম্ভব হ’ব। ক’ৰোনাকালতো কৃষি আৰু ইয়াৰ সৈতে জড়িত কামক আপোনালোকে ৰ’বলৈ দিয়া নাই। পূর্ণ সজাগতাৰে জাৰি ৰাখিছে৷ কৃষকসকলে বীজৰ পৰা আৰম্ভ কৰি সাৰলৈকে পাইছিল আৰ তেওঁলোকৰ ফচল বিক্ৰী কৰিব যাতে কোনো সমস্যা নহয়, তেওঁৰ যথোচিত ব্যৱস্থা কৰা হৈছে৷ ফলস্বৰূপে আমাৰ কৃষকসকলেও অভিলেখ সংখ্যক ফচল উৎপাদন কৰিছে আৰু চৰকাৰেও অভিলেখ পৰিমাণৰ ফচল ন্যূনতম সমৰ্থিত মূল্যত ক্রয় কৰি নতুন ৰেকর্ড স্থাপন কৰিছে আৰ আমাৰ যোগীজীৰ নেতৃত্বাধীন চৰকাৰেও বিগত চাৰি বছৰত ন্যূনতম সমৰ্থিত মূল্যত শস্য কিনাৰ ক্ষেত্রত প্রতি বছৰ নতুন নতুন অভিলেখ ৰচিছে। উত্তৰপ্রদেশত প্রত্যেক বছৰ গম আৰ ধান ক্রয়ৰ ক্ষেত্রত বিগত বছৰৰ তুলনাত প্রায় দুগুণ সংখ্যক কৃষকসকলে ন্যূনতম সমৰ্থিত মূল্য পাই লাভবান হৈছে৷ উত্তৰপ্রদেশৰ ১৩ লাখৰো অধিক কৃষক পৰিয়ালক তেওঁৰ উৎপন্ন ফচলৰ মূল্য হিচাপে প্রায় ২৪ হাজাৰ কোটি টকা পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্ট প্ৰদান কৰা হৈছে৷
বন্ধুসকল,
কেন্দ্রীয় চৰকাৰ আৰু উত্তৰপ্রদেশ চৰকাৰৰ ডবল ইঞ্জিনে সাধাৰণ মানুহৰ সুবিধা আৰু সবলীকৰণৰ বাবে ক্রমাগত চেষ্টা চলাই গৈছে৷ ক’ৰোনাৰ বিপর্যয় অহা সত্ত্বেও দুখীয়া লোকসকলৰ বাবে নির্ধাৰিত কোনো সেৱা, কোনো অভিযানৰ গতি ৰুদ্ধ হোৱা নাই। উত্তৰপ্রদেশত এতিয়ালৈকে ১৭লক্ষাধিক গ্রামীণ আৰু চহৰত দুখীয়া পৰিয়ালৰ বাবে নিজা পকী ঘৰ মঞ্জুৰ কৰা হৈছে৷ লাখ লাখ দুখীয়া পৰিয়ালে ঘৰৰ মাজতে শৌচালয়ৰ সুবিধা পাইছে৷ প্রায় ১.৫ কোটি দুখীয়া পৰিয়ালক ‘উজ্জ্বলা’ আঁচনিৰ জৰিয়তে বিনামূলীয়া ৰন্ধন গেছ সংযোগ আৰু লাখ লাখ পৰিয়ালক বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছে৷ প্রতিটো ঘৰত নলসংযোগীৰ পানীৰ জৰিয়তে পানী প্ৰদানৰ কাম মিচন মোডত চলিছে। বিগত দুবছৰত উত্তৰপ্রদেশত ২৭ লাখ গ্রামীণ পৰিয়াল নলৰ জৰিয়তে পানী প্ৰদান কৰা হৈছে৷
ভাই-ভনীসকল,
দ্বৈত ইঞ্জিনৰ চৰকাৰে এইটো সুনিশ্চিত কৰিছে যে দুখীয়া, দলিত, পিছ পৰা শ্ৰেণীৰ লোক, আদিবাসীসকলৰ বাবে ৰচিত প্রকল্পসমূহ দ্রুতগতিত তৃণমূল পৰ্যায়ত বাস্তবায়িত হওক। পিএম স্বনিধি যোজনাৰ এটা ডাঙৰ উদাহৰণ। ক’ৰোনাত সৃষ্ট প্রতিকূল পৰিস্থিতিতো ৰে’ল লাইনৰ কাষত বহা বিক্রেতা আৰু ঠেলাৱালা ভাই-ভনীসকলৰ বৃত্তিক আকৌ পথলৈ অনাৰ বাবে তেওঁৰ বাবে বেংক ঋণৰ ব্যৱস্থা কৰা হৈছে৷ অতি কম সময়তে এই প্রকল্পৰ মাধ্যমে উত্তৰপ্রদেশৰ প্রায় ১০ লাখ বন্ধু উপকৃত হৈছে৷
বন্ধুসকল,
বিগত দশকসমূহত উত্তৰপ্রদেশৰ পৰিচয় কি ধৰণৰ আছিল? উত্তৰপ্রদেশ সম্পর্কে কি বুলি কোৱা হৈছিল সেয়া হয়তো আপোনালোকৰ মনত আছে। উত্তৰপ্রদেশক সদায় ৰাজনীতিৰ দৃষ্টিৰে চোৱা হৈছে৷ উত্তৰপ্রদেশে যে দেশৰ উন্নয়নত অগ্রণী ভূমিকা পালন কৰিব পাৰে, তাক লৈ আলোচনাও হোৱা দেখা নাছিল৷ দিল্লীৰ সিংহাসনৰ পথ উত্তৰপ্রদেশ হৈ যায়, এই সপোন দেখা বহু মানুহ আহিছে আৰু গৈছে৷ কিন্তু এই মানুহবোৰে কেতিয়াও এইকথা ভৱা নাই যে ভাৰতৰ সমৃদ্ধিৰ পথতো উত্তৰপ্রদেশ হৈয়ে যায়। এই লোকসকলে উত্তৰপ্রদেশক সচাকৈয়ে ৰাজনীতিৰ কেন্দ্র বনাই ৰাখিছিল৷ কোনো কোনোৱে বংশ পৰম্পৰাত, কোনো কোনোৱে নিজৰ পৰিয়ালৰ হিতৰ বাবে, আকৌ কোনো কোনোৱে নিজা ৰাজনৈতিক স্বার্থত উত্তৰপ্রদেশক কেৱল ব্যৱহাৰ কৰিছে৷ এই নেতাসকলৰ সংকীর্ণ ৰাজনীতিয়ে ভাৰতৰ ইমান ডাঙৰ ৰাজ্যক ভাৰতৰ আর্থিক উন্নয়নৰ সৈতে যুক্ত কৰা নাছিল৷ অৱশ্যে একাংশ লোক নিশ্চিতভাৱে নিজাকৈ সমৃদ্ধ হৈছে৷ কিছু পৰিয়াল ধনী হৈছে৷ এই লোকসকলে উত্তৰপ্রদেশক নহয়, কেৱল নিজক সমৃদ্ধ কৰিছিস। মই অতি আনন্দিত যে আজি উত্তৰপ্রদেশ এই ধৰণৰ লোকৰ কু-চক্রৰ পৰা বাহিৰ হৈ আহিছে। দ্বৈত ইঞ্জিনৰ চৰকাৰে উত্তৰপ্রদেশৰ সামর্থ্যক এক সংকুচিত দৃষ্টিৰে চোৱাৰ পদ্ধতি সলনি কৰিছে। উত্তৰপ্রদেশ ভাৰতৰ যাতে বিকাশ ইঞ্জিনৰ পাৱাৰ হাউছ হৈ উঠিব পাৰে এই আত্মবিশ্বাস বিগত বছৰসমূহত মানুহৰ মনত ঠাই পাইছে। উত্তৰপ্রদেশৰ ইতিহাসত প্রথমবাৰলৈ সাধাৰণ যুৱশক্তিৰ সপোন বাস্তবায়িত হোৱাৰ কথা হৈছে৷ উত্তৰপ্রদেশৰ ইতিহাসত প্রথমবাৰ অপৰাধীসকলৰ মনত ভয়ৰ পৰিৱেশ সৃষ্টি হৈছে৷ উত্তৰপ্রদেশৰ ইতিহাসত প্রথমবাৰ দুখীয়া লোকসকলৰ অত্যাচাৰ কৰা, দুর্বল মানুহক ভয় দেখুওৱা আৰু বেদখলীৰ মনত ভয় সোমাইছে। যি ব্যৱস্থাক দুর্নীতি আৰু স্বজন-তোষণৰ ঘুনে কুটি কুটি খাইছিল, তাত এতিয়া সার্থক পৰিৱর্তনৰ সূচনা হৈছে৷ আজি উত্তৰপ্রদেশত এইটো সুনিশ্চিত কৰা হৈছে যে জনগণৰ অংশৰ প্ৰতিটো টকা যাতে পোনপটীয়াকৈ জনগণৰ বেংক একাউণ্টত সোমাই জনগণ লাভবান হয়। আজি উত্তৰপ্রদেশ বিনিয়োগৰ কেন্দ্র হৈ উঠিছে৷ ডাঙৰ ডাঙৰ কোম্পানীসমূহে আজি উত্তৰপ্রদেশত আহি ব্যৱসায় আৰম্ভ কৰাৰ বাবে আগ্ৰহী হৈছে৷ উত্তৰপ্রদেশত বিভিন্ন আন্তঃগাঁথনি নির্মাণৰ বৃহৎ প্ৰকল্প গঢ় লৈ উঠিছে। ঔদ্যোগিক কৰিড’ৰ নিৰ্মাণ হৈছে৷ কর্মসংস্থাপনৰ নতুন সুযোগ গঢ় লৈ উঠিছে।
ভাই-ভনীসকল,
উত্তৰপ্রদেশ, এই ৰাজ্যৰ পৰিশ্রমী ব্যক্তি, আত্মনির্ভৰ ভাৰত, এক বৈভৱশালী ভাৰত গঢ়ি তোলাৰ ডাঙৰ ভিত্তি আছে। আজি আমি স্বাধীনতাৰ ৭৫সংখ্যক বর্ষ পালন কৰিছো৷ স্বাধীনতা অমৃত মহোৎসৱ পালন কৰিছো৷ এই মহোৎসৱ কেৱল স্বাধীনতাৰ উৎসৱ নহয়, অহা ২৫ বছৰৰ বাবে ডাঙৰ লক্ষ্য, ডাঙৰ সংকল্পৰ পৰিসৰ সৃষ্টি কৰিছে৷ এই সংকল্পসমূহ বাস্তবায়িত কৰাৰ ক্ষেত্ৰত উত্তৰপ্রদেশৰ যথেষ্ট অংশীদাৰিত্ব আৰু দায়িত্ব আছে। বিগত দশকসমূহত উত্তৰপ্রদেশে যি অর্জন কৰিব পৰা নাছিল, এতিয়া সেইবোৰ অর্জনৰ সময় আহিছে। এই দশক একপ্ৰকাৰ উত্তৰপ্রদেশৰ বিগত সাত দশকত যি অভাৱ আছে সেয়া পূৰণ কৰাৰ দশক। এই কাম উত্তৰপ্রদেশৰ সাধাৰণ যুৱকসকলে, আমাৰ কন্যাসকলে, দুখীয়া, দলিত, বঞ্চিত, পিছ পৰা শ্ৰেণীৰ লোকসকলৰ পর্যাপ্ত অংশীদাৰিত্বত আৰু তেওঁলোকৰ উন্নত সুযোগ নিদিয়াকৈ সম্ভৱ নহয়৷ ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’–এই মন্ত্রক লৈ আমি আগুৱাই গৈছো। বিগত সময়ত শিক্ষা সংক্রান্তীয় দুটা বৃহৎ এমন সিদ্ধান্ত লোৱা হৈছে যি উত্তৰপ্রদেশৰ ছাত্র-ছাত্রীসকলক লাভবান কৰি তুলিব। প্রথম সিদ্ধান্তটো হ’ল ইঞ্জিনিয়াৰিং অধ্যয়নক লৈ৷ ইঞ্জিনিয়াৰিং আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্রত উত্তৰপ্রদেশৰ গাঁও আৰু দুখীয়া সন্তানসকলে মূলত ভাষা সমস্যাৰ কাৰণে অধিকাংশ ক্ষেত্রতে বঞ্চিত হৈ আছিল৷ এতিয়া আমি এই বাধ্যতাক অন্ত পেলাইছো৷ হিন্দীকে ধৰি বহু ভাৰতীয় ভাষাত ইঞ্জিনিয়াৰিং আৰু কাৰিকৰী শিক্ষাৰ পঢ়া-শুনা আৰম্ভ হৈছে৷ আধুনিক প্রযুক্তি ব্যৱহাৰ কৰি শ্রেষ্ঠ পাঠক্রম প্ৰস্তুত কৰা হৈছে৷ দেশৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন প্রতিষ্ঠান ইতিমধ্যে এই সুবিধা আৰম্ভ হৈছে।
ভাই-ভনীসকল,
আন এটা গুৰুত্বপূর্ণ সিদ্ধান্ত মেডিকেল শিক্ষাক লৈ লোৱা হৈছে৷ মেডিকেল শিক্ষাত সর্বভাৰতীয় কোটাৰ পৰা অ’বিচিক পিছ পৰা শ্ৰেণীৰ সংৰক্ষণৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছিল৷ এই স্থিতি সলনি কৰি বৰ্তমান আমাৰ চৰকাৰে মেডিকেল শিক্ষাৰ ক্ষেত্রত ২৭ শতাংশ সংৰক্ষণ আৰম্ভ কৰিছে। কেৱল ইমানেই নহয়, সাধাৰণ শ্ৰেণীৰ দুখীয়া পৰিয়ালৰ সন্তান-সন্ততিৰ বাবে ইয়াত ১০ শতাংশ সংৰক্ষণ ৰখা হৈছে৷ এই শিক্ষাবর্ষৰ পৰাই এই সংৰক্ষণ কাৰ্যকৰী কৰা হ’ব। এই সিদ্ধান্তৰ ফলত চিকিৎসা বৃত্তিত যিসকলে যোগদান কৰিব বিচাৰে তেওঁলোকৰ সুবিধা হ’ব। এটা ডাঙৰ টেলেন্ট পুলৰ বাবে সুযোগ আহিব আৰু সমাজৰ প্রত্যেক অংশৰ লোকসকল আগুৱাই যোৱাৰ ক্ষেত্রত উৎসাহিত হ’ব৷ দুখীয়া লোকসকলে ল’ৰা-ছোৱালী চিকিৎসক হোৱাৰ পথ মুকলি হৈছে।
ভাই-ভনীসকল,
স্বাস্থ্য ক্ষেত্রতো বিগত বছৰত উত্তৰপ্রদেশত অভূতপূর্ব কাম হৈছে৷ কল্পনা কৰক এই ক’ৰোনাৰ দৰে বিশ্ব মহামাৰী যদি ৪-৫ বছৰ পূৰ্বে আহিলহেতেন তেতিয়াহলে উত্তৰপ্রদেশৰ কি অৱস্থা হ’লহেতেন। তেতিয়াতো সাধাৰণ চর্দি-কাঁহ-জ্বৰ-পেট বিষয়ৰ দৰে ৰোগতো জীৱন সংকট হৈ পৰিছিল৷ আজি উত্তৰপ্রদেশে ক’ৰোনা টিকাকৰণৰ ক্ষেত্রত প্রায় ৫ কোটি ২৫ লাখৰ সীমা অতিক্ৰম কৰা প্রথম ৰাজ্যত পৰিণত হৈছে সেয়াও ইমান কম সময়তে যেতিয়া একাংশ লোকে ৰাজনৈতিক স্বার্থত ‘মেড ইন ইণ্ডিয়া’ টিকাক লৈ ক্রমাগত অপপ্ৰচাৰ চলাই আহিছে৷ কিন্তু উত্তৰপ্রদেশৰ সাধাৰণ মানুহ এই অপপ্ৰচাৰ, এই মিথ্যাচাৰক নস্যাৎ কৰিছে। মোৰ দৃঢ় বিশ্বাস যে উত্তৰপ্রদেশে ‘সকলোকে টিকা বিনামূলীয়া টিকা’ অভিযানক আৰু অধিক ক্ষিপ্ৰতাৰে আগুৱাই নিব আৰ মাস্ক, দুইগজৰ দূৰত্বেৰ নিয়মক লৈ গাফিলতি নকৰে৷ পুনৰবাৰ পিএম গৰীৱ কল্যাণ অন্ন যোজনাৰ সকলো হিতাধিকাৰীক বহুত বহুত শুভকামনা জনাইছো আৰু পৰৱৰ্তী দিনত বহু উৎসৱ আহিছে, দীপাৱলীলৈকে উৎসৱেই উৎসৱ, সেইবাবে আমি সিদ্ধান্ত লৈছো এই উৎসৱৰ দিনসমূহত আমাৰ কোনো দুখীয়া পৰিয়াল যাতে সমস্যাত নপৰে, কোনেও যেন খালী পেটে নাথাকে, সেয়া সুনিশ্চিত কৰিবলৈ দীপাৱলীলৈকে এই বিনামূলী খাদ্য সামগ্ৰী প্ৰদান অভিযান অব্যাহত থাকিব৷ মই পুনৰবাৰ আপোনালোক সকলোকে আগন্তুক সকলো উৎসৱৰ বাবে বহুত বহুত শুভকামনা জনাইছো। আপোনালোক সুস্থ থাকক, আপোনালোকৰ পৰিয়ালবৰ্গ সুস্থ থাকক। সকলোকে বহুত বহুত ধন্যবাদ।
*****
DS/SH/DK /DB
Interacting with beneficiaries of the Pradhan Mantri Garib Kalyan Anna Yojana in Uttar Pradesh. https://t.co/T2sQM51EtM
— Narendra Modi (@narendramodi) August 5, 2021
आज की ये 5 अगस्त की तारीख बहुत विशेष बन गई है।
— PMO India (@PMOIndia) August 5, 2021
ये 5 अगस्त ही है, जब 2 साल पहले देश ने एक भारत, श्रेष्ठ भारत की भावना को और सशक्त किया था।
5 अगस्त को ही, आर्टिकल-370 को हटाकर जम्मू कश्मीर के हर नागरिक को हर अधिकार, हर सुविधा का पूरा भागीदार बनाया गया था: PM @narendramodi
यही 5 अगस्त है जब कोटि-कोटि भारतीयों ने सैकड़ों साल बाद भव्य राम मंदिर के निर्माण की तरफ पहला कदम रखा।
— PMO India (@PMOIndia) August 5, 2021
आज अयोध्या में तेजी से राम मंदिर का निर्माण हो रहा है: PM @narendramodi
आज 5 अगस्त की तारीख, फिर एक बार हम सभी के लिए, उत्साह और उमंग लेकर आई है।
— PMO India (@PMOIndia) August 5, 2021
आज ही, ओलंपिक के मैदान पर देश के युवाओं ने हॉकी के अपने गौरव को फिर स्थापित करने की तरफ बड़ी छलांग लगाई है: PM @narendramodi
एक तरफ हमारा देश, हमारे युवा भारत के लिए नई सिद्धियां प्राप्त कर रहे हैं, जीत का Goal कर रहे हैं तो वहीं देश में कुछ लोग ऐसे भी हैं जो राजनीतिक स्वार्थ में Self Goal करने में जुटे हैं।
— PMO India (@PMOIndia) August 5, 2021
देश क्या चाहता है, देश क्या हासिल कर रहा है, देश कैसे बदल रहा है इससे इनको कोई सरोकार नहीं: PM
ये महान देश ऐसी स्वार्थ और देशहित विरोधी राजनीति का बंधक नहीं बन सकता।
— PMO India (@PMOIndia) August 5, 2021
ये लोग देश को, देश के विकास को रोकने की कितनी भी कोशिश कर लें, ये देश इनसे रुकने वाला नहीं है।
हर कठिनाई को चुनौती देते हुए, देश हर मोर्चे पर तेज़ी से आगे बढ़ रहा है: PM @narendramodi
जो लोग सिर्फ अपने पद के लिए परेशान हैं, वो अब भारत को रोक नहीं सकते।
— PMO India (@PMOIndia) August 5, 2021
नया भारत, पद नहीं पदक जीतकर दुनिया में छा रहा है।
नए भारत में आगे बढ़ने का मार्ग परिवार नहीं, बल्कि परिश्रम से तय होगा।
और इसलिए, आज भारत का युवा कह रहा है- भारत चल पड़ा है, भारत का युवा चल पड़ा है: PM
अतीत में हमने अनुभव किया है कि जब देश पर पहले इस तरह का बड़ा संकट आता था तो देश की तमाम व्यवस्थाएं बुरी तरह से हिल जाती थीं।
— PMO India (@PMOIndia) August 5, 2021
लेकिन आज भारत, भारत का प्रत्येक नागरिक पूरी ताकत से इस महामारी का मुकाबला कर रहा है: PM @narendramodi
डबल इंजन की सरकार ने ये सुनिश्चित किया है कि गरीबों, दलितों, पिछड़ों, आदिवासियों के लिए बनी योजनाएं ज़मीन पर तेज़ी से लागू हों।
— PMO India (@PMOIndia) August 5, 2021
पीएम स्वनिधि योजना भी इसका एक बड़ा उदाहरण है: PM @narendramodi
बीते दशकों में उत्तर प्रदेश को हमेशा राजनीति के चश्मे से देखा गया था।
— PMO India (@PMOIndia) August 5, 2021
यूपी देश के विकास में भी अग्रिम भूमिका निभा सकता है, इसकी चर्चा तक ही नहीं होने दी गई: PM @narendramodi
डबल इंजन की सरकार ने यूपी के सामर्थ्य को एक संकुचित नज़रिए से देखने का तरीका बदल डाला है।
— PMO India (@PMOIndia) August 5, 2021
यूपी भारत के ग्रोथ इंजन का पावर हाउस बन सकता है, ये आत्मविश्वास बीते सालों में पैदा हुआ है: PM @narendramodi
ये दशक एक तरह से उत्तर प्रदेश के पिछले 7 दशकों में जो कमी हुई उसकी भरपाई करने का दशक है।
— PMO India (@PMOIndia) August 5, 2021
ये काम यूपी के सामान्य युवाओं, हमारी बेटियों, गरीब, दलित, वंचित, पिछड़ों की पर्याप्त भागीदारी और उनको बेहतर अवसर दिए बगैर नहीं हो सकता: PM @narendramodi
भारत के इतिहास में अगस्त उपलब्धियों का महीना रहा है।
— Narendra Modi (@narendramodi) August 5, 2021
इसी दिन, आर्टिकल-370 हटाकर जम्मू-कश्मीर के हर नागरिक को हर अधिकार का भागीदार बनाया गया।
कोटि-कोटि भारतीयों ने सैकड़ों साल बाद भव्य राम मंदिर के निर्माण की तरफ पहला कदम रखा। pic.twitter.com/k4HcivVaHF
आज पूरा देश मानवता पर आए सबसे बड़े संकट से बाहर निकलने के लिए प्रयास कर रहा है। वहीं राजनीतिक स्वार्थ में डूबे कुछ लोग इस होड़ में जुटे हैं कि देशहित के काम को कैसे रोका जाए। pic.twitter.com/iYFv90MIvN
— Narendra Modi (@narendramodi) August 5, 2021
दिल्ली के सिंहासन का रास्ता यूपी से होकर गुजरता है, इस विचार के साथ सत्ता का सपना देखने वाले तो बहुत लोग थे, लेकिन ऐसे लोगों ने कभी यह याद नहीं रखा कि भारत की समृद्धि का रास्ता भी यूपी से होकर गुजरता है।
— Narendra Modi (@narendramodi) August 5, 2021
आज उत्तर प्रदेश ऐसे लोगों के कुचक्र से बाहर निकलकर आगे बढ़ रहा है। pic.twitter.com/uZdrJC3hrI
यह दशक उत्तर प्रदेश में पिछले 7 दशकों में जो कमी रही, उसकी भरपाई करने का दशक है।
— Narendra Modi (@narendramodi) August 5, 2021
यह काम यूपी के युवाओं, बेटियों, गरीब, दलित, वंचित और पिछड़ों की पर्याप्त भागीदारी एवं उनको बेहतर अवसर दिए बगैर नहीं हो सकता। pic.twitter.com/j3GzdFaReK
वाराणसी की बादामी जी ने जो बताया, वो बहुत सुकून देने वाला है। देश के गरीब परिवारों की संतुष्टि ही किसी सरकारी योजना की सबसे बड़ी सफलता होती है। pic.twitter.com/uJYC7T1QlN
— Narendra Modi (@narendramodi) August 5, 2021
कुशीनगर की अमलावती जी ने बताया कि मुफ्त राशन की योजना से कोरोना काल में उन्हें बड़ी मदद मिली है। अच्छी बात यह है कि उनको सभी सरकारी योजनाओं का लाभ प्राप्त हुआ है। pic.twitter.com/sfEaKnVavO
— Narendra Modi (@narendramodi) August 5, 2021
झांसी के पंकज सहगल जी परचून की छोटी-सी दुकान चलाते हैं। जानिए, किसान सम्मान निधि की सहायता राशि और मुफ्त राशन को लेकर उनका क्या अनुभव रहा है। pic.twitter.com/MisgfxhoKY
— Narendra Modi (@narendramodi) August 5, 2021
सुल्तानपुर की बबीता यादव जी खेती के साथ-साथ पशुपालन भी करती हैं। सरकारी योजनाओं को लेकर उनका निजी अनुभव सरकार के लिए बहुत मायने रखता है। pic.twitter.com/EAngRAXKka
— Narendra Modi (@narendramodi) August 5, 2021
सहारनपुर की कमलेश जी के लिए जहां मुफ्त राशन योजना राहत बनकर आई है, वहीं उन्हें इस बात की भी बहुत खुशी है कि सरकारी सहायता से उनके परिवार के लिए मन-मुताबिक घर बन गया। pic.twitter.com/a5gc5rpec0
— Narendra Modi (@narendramodi) August 5, 2021