Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ যুটীয়াভাৱে দুটা প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানৰ ই-ফলক মুকলি


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই আজি যুটীয়াভাৱে ভিডিঅকনফাৰেন্সযোগে দুটা প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানৰ ইফলক মুকলি কৰে৷ এই অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী সুষমা স্বৰাজ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানো উপস্থিত আছিল৷

এই প্ৰকল্প দুটা হলঃ () ভাৰতবাংলাদেশ মৈত্ৰী পাইপলাইন () ঢাকাটংগিজয়দেৱপুৰ ৰেলৱে প্ৰকল্প

অনুষ্ঠানত উপস্থিত থাকি প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ সম্পৰ্ক বিশ্বৰ বাবে উদাহৰণ হব পাৰে বুলি মন্তব্য কৰে৷ তেওঁ কয় যে দুয়োখন দেশ ভৌগোলিকভাৱে চুবুৰীয়া আৰু আৱেগিকভাৱে পৰিয়াল৷ তেওঁ কয় যে প্ৰস্তাৱিত পাইপলাইনে বাংলাদেশৰ অৰ্থনীতিক কেৱল উত্তৰণ কৰাই নহয়, দুয়োখন দেশৰ মাজত সম্বন্ধও বৃদ্ধি কৰিব৷ তেওঁ প্ৰস্তাৱিত ৰেলৱে প্ৰকল্পটোৱে বাংলাদেশৰ ৰাষ্ট্ৰীয় আৰু নগৰ অঞ্চলৰ পৰিবহণ ব্যৱস্থা সুদৃঢ় কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে৷

তলত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদটো উল্লেখ কৰা হলঃ

 

বাংলাদেশৰ প্ৰধানমন্ত্ৰী , শ্বেখ হাছিনা মহোদয়া,

ভাৰত আৰু বাংলাদেশৰ মন্ত্ৰীগণ

আৰু পোনপটীয়া সম্প্ৰচাৰৰ সৈতে জড়িত ভাৰত আৰু বাংলাদেশৰ বন্ধুসকল,

নমস্কাৰ৷

কেইদিনৰ মানৰ পিছতেই এইটো আমাৰ দ্বিতীয় ভিডিঅকনফাৰেন্স৷

আমাৰ সম্পৰ্ক সহজ হোৱাৰ কাৰণ প্ৰযুক্তি নহয়৷ ইয়াৰ অন্তৰালত থকা ভাৰতবাংলাদেশৰ সম্বন্ধৰ অবাধ গতি আৰু নিৰ্বাধ প্ৰগতিহে হয়৷ ভৌগোলিক ৰূপত আমি চুবুৰীয়া দেশ৷ কিন্তু ভাৱনাত্মক ৰূপত আমি একোটা পৰিয়াল৷ পৰস্পৰে পৰস্পৰৰ সুখদুখত সমভাগী হোৱা, পৰস্পৰে পৰস্পৰৰ বিকাশত হাত উজান দিয়া, এয়াই আমাৰ পাৰিবাৰিক মূল্য৷

কিছু বছৰ পূৰ্বে আমাৰ সহযোগিতাই বিশ্বক এয়া প্ৰদৰ্শিত কৰিছিল যে যদি দুখন চুবুৰীয়া দেশে দৃঢ় হয় তেন্তে কিবা এটা কৰি দেখুৱাব পাৰি৷ চাৰি দশকৰ পুৰণি সীমা বিবাদেই হওক, অথবা বিকাশৰ সহযোগিতাৰ প্ৰকল্প, আমি সকলো বিষয়তেই অতুলনীয় প্ৰগতি লাভ কৰিছোঁ৷ এই প্ৰগতিৰ শ্ৰেয় মহোদয়া, মই আপোনাৰ কুশল নেতৃত্বক দিছোঁ৷ আৰু ইয়াৰ বাবে আপোনাক আন্তৰিক অভিনন্দনো জনাইছোঁ৷

বন্ধুসকল,

আজি যি ভাৰতবাংলাদেশৰ মৈত্ৰী পাইপলাইনৰ কাম আৰম্ভ হৈছে, সেয়া বিকাশৰ বাবে, পাৰস্পৰিক সহযোগিতাৰ মহাকাব্যত এক নতুন অধ্যায় সংযোজিত কৰিব৷

যিকোনো দেশৰ বিকাশৰ বাবে শক্তি এক আধাৰভূত প্ৰয়োজনীয়তা৷ আৰু মোৰ বিশ্বাস যে এই পাইপলাইনে বাংলাদেশৰ মহত্বকাংক্ষী বিকাশৰ লক্ষ্য প্ৰাপ্ত কৰাৰ আহিলাস্বৰূপ বিবেচিত হব৷

বিশেষকৈ বাংলাদেশৰ উত্তৰ অংশত এই পাইপলাইনে কম খৰচত শক্তি প্ৰদান কৰিব৷ বাংলাদেশৰ অৰ্থব্যৱস্থাৰ সৈতে আমাৰ সম্বন্ধকো এই পাইপলাইনে দৃঢ়তা প্ৰদান কৰিব৷ যদিও এই পাইপলাইন ভাৰতৰ অনুদানেৰে নিৰ্মাণ কৰা হৈছে কিন্তু আমাৰ বাবে এয়া গৰ্বৰ বিষয় যে এই কাম সম্পূৰ্ণ হোৱাৰ পিছত ইয়াক বাংলাদেশৰ চৰকাৰ আৰু বাংলাদেশৰ জনসাধাৰণক সমৰ্পিত কৰা হব৷ এইদৰে আজি আমি যি ৰেলৱে প্ৰকল্পৰ কাম আৰম্ভ কৰিছোঁ সেয়াই কেৱল ঢাকাৰ জনসাধাৰণক ট্ৰেফিকৰ পৰা মুক্তি দিয়াই নহয়, ই দুয়োখন দেশৰ বন্ধুত্বও বৃদ্ধি কৰিব৷ মোৰ বিশ্বাস যে এই ৰেলৱে প্ৰকল্পই বাংলাদেশৰ ৰাষ্ট্ৰীয় আৰু নগৰ পৰিবহণ ব্যৱস্থাক উন্নত কৰাত সহায়ক হব৷

মহোদয়া,

আমাৰ মাজত ১৯৬৫ চনৰ পূৰ্বৰ যোগাযোগ বাহাল ৰখাটোৱেই আপোনাৰ কাম্য৷ ইয়াৰ দ্বাৰা আমি প্ৰেৰণা পাওঁ৷ ঢাকাটংগীজয়দেৱপুৰৰ দৰে প্ৰকল্পই আমাৰ সংযোগক একবিংশ শতিকাৰ প্ৰয়োজনীয়তা অনুসৰি আকাৰ প্ৰদান কৰাত মই সুখী৷ মাত্ৰ ১০ দিনতে আমি ভিডিঅ’-কনফাৰেন্সযোগে ৫টা প্ৰকল্প জনসাধাৰণলৈ উৎসৰ্গিত কৰিছোঁ৷ এই গতি, এই সঞ্চালন, আপোনাৰ দৃঢ় আৰু কুশল নেতৃত্ব অবিহনে সম্ভৱ নহলহেঁতেন৷

মোৰ বিশ্বাস যে অনাগত সময়ত ভাৰত আৰু বাংলাদেশৰ জনসাধাৰণৰ উজ্বল ভৱিষ্যতৰ বাবে এই ভাৱনাৰ সৈতেই কাম কৰি থাকিম৷

মহোদয়া,

মোৰ ভাষণ সমাপ্ত কৰাৰ পূৰ্বে মই ২৮ ছেপ্টেম্বৰত আপোনাৰ জন্মদিন উপলক্ষে আন্তৰিক অভিনন্দন জনাইছোঁ৷ ভাৰত আমি সকলোৱে আপোনাৰ দীৰ্ঘায়ু, স্বাস্থ্য আৰু সফলতাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ, আৰু আশা প্ৰকাশ কৰিছোঁ যে বাংলাদেশৰ বিকাশৰ যাত্ৰাত তথা ভাৰতবাংলাদেশৰ মৈত্ৰীৰ বাবে আপোনাৰ মাৰ্গদৰ্শন সদায়েই বাহাল থাকিব৷

ধন্যবাদ

MANN