পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জীয়ে আজি যৌথভাবে ভাৰত-বাংলাদেশ মাজত সংযোগী প্ৰকল্পৰ শুভাৰম্ভ কৰে।
এইবোৰৰ ভিতৰত ভৈৰৱ আৰু টিটাছৰ মাজত দ্বিতীয়খন ৰে’লৰ দলং; কলকাতাৰ চিটুৰত আন্তঃৰাষ্ট্ৰীয় ৰে’ল যাত্ৰীৰ বাবে টাৰ্মিনাছ উল্লেখযোগ্য। বিশিষ্ট ব্যক্তিসকলে কলকাতা আৰু খুলনাৰ মাজত চলিবলগীয়া বন্ধন এক্সপ্ৰেছৰো শুভাৰম্ভ কৰে।
অনুষ্ঠানত নতুন দিল্লীৰ পৰা কেন্দ্ৰীয় বৈদেশিক পৰিকমা মন্ত্ৰী শ্ৰীমতী সুষমা স্বৰাজেও যোগ দিয়ে।
এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ হুবহু উল্লেখ কৰা হ’লঃ
“এই প্রকল্পৰ সৈতে জড়িত সকলোকে বিশেষকৈ বাংলাদেশত বসবাস কৰা ভাই-ভনীসকলক মই নমস্কাৰ জনাইছো।
কেইদিনমান আগতে দুয়োখন দেশে ধূমধামেৰে দুর্গাপূজা, দীপাৱলী আৰু কালী পূজা পালন কৰিলে।
উৎসৱৰ এই বতৰত দুয়োখন দেশৰ নাগৰিকক মই শুভেচ্ছা জনাইছো।
ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আপোনালোকৰ সৈতে মিলিত হোৱাৰ আৰু এবাৰ সুযোগ পাই মই অতিশয় আনন্দিত।
মই আপোনালোক সকলোৰে সু-স্বাস্থ্য কামনা কৰিলো।
মই আগৰ পৰাই কৈ আহিছো যে প্রতিবেশী দেশসমূহৰ নেতৃবৃন্দৰ সৈতে প্রতিবেশী সুলভ সম্পর্ক গঢ়ি তোলাৰ ক্ষেত্ৰত মই বিশেষভাবে আগ্রহী।
যেতিয়াই মন যায় আমি এটাই আনটোৰ সৈতে আলোচনাত মিলিত হ’ব পাৰো, ইখনৰ পৰা সিখন দেশ ভ্ৰমণ কৰিব পাৰো।
এই সকলোবোৰতে আমি প্রট’কলৰ বান্ধোনত ৰাখি থ’লে নহ’ব।
কেইদিনমান আগতে এনে এক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দক্ষিণ এছিয় উপগ্রহৰ শুভাৰম্ভ কৰা হৈছিল।
যোৱা বছৰ আমি সকলোৱে মিলি এইদৰেই পেট্রাপ’ল আইচিপিৰ শুভাৰম্ভ কৰিছিলো।
মই অতিশয় সুখী এইবাবেই যে আমাৰ পাৰস্পৰিক সংযোগ আৰু যোগাযোগক আৰু অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে গুৰুত্বপূর্ণ প্রকল্পসমূহৰ আজি আমি একেলগে এক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুভাৰম্ভ কৰিছো।
আমাৰ দুয়ো দেশৰ জনসাধাৰণৰ সৈতে সংযোগ স্থাপনৰ বাবে যোগাযোগৰ ক্ষেত্রত আমি সর্বাধিক গুৰুত্ব দিছো।
আন্তঃৰাষ্ট্ৰীয় যাত্রী টার্মিনাছৰ যি উদ্বোধন আজি কৰা হ’ল তাৰ পৰা কলকাতা-ঢাকা মৈত্রী এক্সপ্রেছৰ জৰিয়তে আজিৰ পৰা কলকাতা-খুলনা বন্ধন এক্সপ্রেছৰ যাত্রীসকলৰ যথেষ্ট পৰিমাণে সুবিধা হ’ব।
ইয়াৰ ফলত, কেৱল শুল্ক আৰু প্ৰব্ৰজন সম্পর্কীয় কামতে অধিক সুবিধা হ’ব তেনে নহয়, যাত্রাৰ সময়ো তিনি ঘন্টা কমি যাব।
মৈত্রী আৰু বন্ধন– দুয়োটাই হ’ল ৰে’লৰ সুযোগ-সুবিধা প্রসাৰৰ দুটি ভিন্ন নাম য’ত একেলগে আমাৰ মিলিত দৃষ্টিভংগী আৰু চিন্তা-ভাৱনাৰ প্রতিফলন ঘটিছে।
যেতিয়াই আমি দুয়ো দেশৰ মাজৰ যোগাযোগ ব্যৱস্থা সম্পর্কত কওঁ, তেতিয়াই ১৯৬৫ৰ আগতে দুয়ো দেশৰ মাজত যি যোগাযোগ ব্যৱস্থা আৰম্ভ হৈছিল, তাৰ এক ছবি আমাৰ মানসপটত ভাহি উঠে।
মোৰ এই আনন্দৰ আন এক বিশেষ কাৰণ হ’ল যে ঠিক সেই লক্ষ্যত আমি অলপ অলপকৈ ক্রমশঃ আগুৱাই গৈছো।
আজি আমি দুখন ৰে’ল দলঙো উদ্বোধন কৰিছো। প্রায় ১০০ মিলিয়ন মার্কিন ডলাৰ বিনিয়োগেৰে নির্মিত এই দলং বাংলাদেশৰ ৰে’ল নেটৱর্কক অধিক শক্তিশালী কৰি তোলাত যথেষ্ট সহায় কৰিব।
বাংলাদেশৰ উন্নয়ন প্রচেষ্টাৰ এক বিশ্বস্ত অংশীদাৰ হোৱাটো ভাৰতৰ পক্ষে গৌৰৱৰ বিষয়।
মই আনন্দিত যে অপেক্ষাকৃত সুবিধাজনক হাৰত ৮ বিলিয়ন মার্কিন ডলাৰ অর্থ সাহাৰ্যত প্রতিশ্রুতি আমি দিছো, তাৰ আওঁতাত নির্মীয়মান প্রকল্পসমূহৰ কাম অতি সুন্দৰভাৱে আগুৱাইছে।
উন্নয়ন আৰু যোগাযোগ পৰস্পৰ সংপৃক্ত দুটা বিষয়। দুখন দেশৰ মাজত বহু প্রাচীন যি ঐতিহাসিক সম্পর্ক আছে, বিশেষকৈ পশ্চিমবংগ আৰু বাংলাদেশৰ জনসাধাৰণৰ মাজত যি সম্পর্ক গঢ়ি উঠিছে তাক পুনৰ জোৰদাৰ কৰি তোলাৰ লক্ষ্যৰে আজি আমি আৰু অলপ আগুৱাই গ’ল।
মই দৃঢ়তাৰে বিশ্বাস কৰো যে আমি যদি এইদৰে পাৰস্পৰিক সম্পর্কৰ প্রসাৰ ঘটাই যাব পাৰো আৰু দুয়ো দেশৰ জনসাধাৰণৰ মাজত সম্পর্ক অধিক শক্তিশালী হৈ উঠে, তেতিয়াহ’লে উন্নয়ন আৰু সমৃদ্ধিৰ এক নতুন শিখৰত আমি নিশ্চিতভাবে আৰোহণ কৰিব পাৰিম।
এই কামত সহযোগিতাৰ বাবে প্রধানমন্ত্রী শ্বেইখ হাছিনা জী আৰু মুখ্যমন্ত্রী শ্রীমতী মমতা বেনাৰ্জীক আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।
ধন্যবাদ।”
*****
AKT/SH/DB
कुछ समय पहले हमने South Asia Satellite के launch के समय इसी प्रकार video conference की थी। पिछले वर्ष हमने मिल कर Petrapole ICP का उद्घाटन भी इसी प्रकार किया था।
— PMO India (@PMOIndia) November 9, 2017
आज हमारी connectivity को मज़बूत करने वाले महत्वपूर्ण projects का उद्घाटन हमने video conference के माध्यम से किया: PM
आज हमने दो rail पुलों का भी उद्घाटन किया है। लगभग $ 100 million की लागत से बने ये पुल बांग्लादेश के rail network को मजबूत करने में सहायक होंगे।
— PMO India (@PMOIndia) November 9, 2017
बांग्लादेश के विकास कार्यों में विश्वस्त साझेदार होना भारत के लिए गर्व का विषय है: PM @narendramodi
Development और Connectivity दोनों एक साथ जुड़े हुए हैं, और हम दोनों देशों के बीच जो सदियों पुराने एतिहासिक links हैं, विशेष रूप से पश्चिम बंगाल और बांग्लादेश के लोगों के बीच, उन्हें मजबूत करने की दिशा में आज हमने कुछ और क़दम उठाए हैं: PM @narendramodi
— PMO India (@PMOIndia) November 9, 2017