Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ইউএনচিচিডিৰ চিঅ’পি১৪ সম্বোধন কৰিব


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মৰুভূমিকৰণ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰসংঘই আয়োজন কৰা ১৪সংখ্যক কনফাৰেন্স অৱ পাৰ্টীজ(ক’প১৪)ৰ উচ্চ পৰ্যায়ৰ বৈঠক সম্বোধন কৰিব৷ সন্মিলনখন উত্তৰ প্ৰদেশৰ নয়দাত অনুষ্ঠিত হ’ব৷

ক’পৰ অধ্যক্ষতা ভাৰতে দুবছৰৰ বাবে চীনৰ পৰা গ্ৰহণ কৰি লোৱাৰ সময়তে এই সন্মিলনখন অনুষ্ঠিত হ’ব৷ ইয়াত পৰিৱেশ বিশেষকৈ ভূমি ব্যৱস্থাপনাৰ সৈতে জড়িত গোলকীয় বিষয়সমূহ আলোচনা হ’ব৷ উল্লেখ্য যে, ভাৰতে জলবায়ু পৰিৱৰ্তন, জৈৱবৈচিত্ৰ আৰু ভূমি ব্যৱস্থাপনাক লৈ ৰিঅ’ সন্মিলনৰ তিনিওখন কনফাৰেন্স অৱ পাৰ্টীজ(ক’প)আয়োজনৰ সুযোগ লাভ কৰিছে৷

সন্মিলনত মন্ত্ৰী, চৰকাৰৰ প্ৰতিনিধি, বে-চৰকাৰী আৰু আন্তঃচৰকাৰী সংগঠন, বিজ্ঞানী, মহিলা আৰু যুৱ প্ৰজন্মৰ প্ৰতিনিধিকে ধৰি প্ৰায় ৭,২০০ প্ৰতিযোগীয়ে অংশ লোৱাৰ আশা কৰা হৈছে৷ তেওঁলোকে ভূমি-ব্যৱহাৰ্য নীতি শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰায় ৩০টা সিদ্ধান্তত উপনীত হ’ব৷

******

VRRK/VM/MS