Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। তেখেতে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে তেখেতে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিল আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰী মোদীয়ে অৱগত কৰে যে আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। তেখেতে হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰে। ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্যত আলোকপাতেৰে তেখেতে ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজিৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে তেখেতে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।

মেনুস্ক্ৰিপ্ট এখন প্ৰত্যক্ষ কাৰ্য্য এছোৱা সময় ভ্ৰমণৰ লেখীয়া বুলি উল্লেখেৰে শ্ৰী মোদীয়ে সাম্প্ৰতিক পৰিস্থিতি আৰু অতীতৰ পৰিস্থিতিৰ মাজৰ বিশাল পাৰ্থক্যৰ কথা উল্লেখ কৰে। তেখেতে কয় যে আজি কীব’ৰ্ডৰ সহায়ত আমি ডিলিট আৰু সংশোধনৰ বিকল্পৰ সুবিধাৰে বিস্তৃতভাৱে লিখা-মেলা কৰিব পাৰিছোঁ আৰু প্ৰিণ্টাৰৰ জৰিয়তে এটা পৃষ্ঠাৰ হাজাৰ-হাজাৰ কপি প্ৰস্তুত কৰিব পাৰিছোঁ। শতিকা পূৰ্বৰ বিশ্বখনক কল্পনা কৰিবলৈ দৰ্শকসকলক আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সেই সময়ত আধুনিক ‘মেটেৰিয়েল’ সমল উপলব্ধ নাছিল আৰু আমাৰ পূৰ্বপুৰুষসকলে কেৱল বৌদ্ধিক সমলৰ ওপৰতেই নিৰ্ভৰ কৰিবলগীয়া হৈছিল। তেখেতে প্ৰতিখন চিঠি লিখাৰ সময়ত প্ৰয়োজনীয় নিখুঁত মনোযোগৰ ওপৰত আলোকপাত কৰে। তেখেতে প্ৰতিখন শাস্ত্ৰ ৰচনাৰ লগত জড়িত অপৰিসীম প্ৰচেষ্টাত আলোকপাতেৰে কয় যে সেই সময়তো ভাৰতৰ জনসাধাৰণে বিশাল পুথিভঁৰাল নিৰ্মাণ কৰিছিল, যিসমূহ বিশ্বজুৰি জ্ঞানৰ কেন্দ্ৰত পৰিণত হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ হাতত এতিয়াও বিশ্বৰ সৰ্বাধিক মেনুস্ক্ৰিপ্ট সংগ্ৰহ আছে বুলি দৃঢ়তাৰে কয় আৰু ভাৰতৰ হাতত প্ৰায় এক কোটি মেনুস্ক্ৰিপ্ট আছে বুলি উল্লেখ কৰে।

ইতিহাসৰ নিষ্ঠুৰ জোৱাৰত লক্ষ-লক্ষ মেনুস্ক্ৰিপ্ট ক্ষয়প্ৰাপ্ত হোৱা আৰু হেৰাই গৈছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে বৰ্তমানে থকা মেনুস্ক্ৰিপ্টসমূহে জ্ঞান, বিজ্ঞান, পঢ়া আৰু শিক্ষণৰ প্ৰতি আমাৰ পূৰ্বপুৰুষৰ গভীৰ সমৰ্পণৰ মনোভাৱৰ সাক্ষ্য বহন কৰে। ভোজপাত্ৰ আৰু কলপাতত লিখা শাস্ত্ৰৰ ক্ষণস্থায়িতা আৰু তামৰ ফলকত লিপিবদ্ধ শব্দত ধাতুৰ জাৰণৰ ভাবুকিৰ কথা লক্ষ্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰত্যাহ্বানসমূহৰ মাজতো আমাৰ পূৰ্বপুৰুষসকলে শব্দক ঐশ্বৰিক বুলি শ্ৰদ্ধা কৰি ‘অক্ষৰ ব্ৰহ্ম ভৱ’-ৰ মনোভাৱেৰে সেৱা আগবঢ়াইছিল। তেখেতে কয় যে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পৰিয়ালসমূহে এই শাস্ত্ৰ আৰু মেনুস্ক্ৰিপ্টসমূহ যত্নপূৰ্বক সংৰক্ষণ কৰি ৰাখিছিল। জ্ঞানৰ প্ৰতি থকা অপৰিসীম শ্ৰদ্ধাত আলোকপাতেৰে শ্ৰী মোদীয়ে সমাজৰ প্ৰতি দায়িত্ববোধত গুৰুত্ব আৰোপ কৰে। তেখেতে ৰাষ্ট্ৰখনৰ প্ৰতি ভক্তিৰ মনোভাৱৰ কথা উল্লেখেৰে কয় যে এই কাৰ্য্যত এনে দায়বদ্ধতাৰ বৃহত্তৰ উদাহৰণ পোৱা যাব।

“ভাৰতৰ জ্ঞান পৰম্পৰা আজিও চহকী হৈ আছে কাৰণ ই সংৰক্ষণ, উদ্ভাৱন, সংযোজন আৰু অভিযোজন- এই চাৰিটা মূল স্তম্ভ আধাৰিত”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰথমটো স্তম্ভ— সংৰক্ষণৰ বিষয়ে বিশদভাৱে উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতৰ অতি প্ৰাচীন শাস্ত্ৰ বেদক ভাৰতীয় সংস্কৃতিৰ আধাৰ হিচাপে গণ্য কৰা হয়। বেদেই সৰ্বোচ্চ বুলি দৃঢ়তাৰে উল্লেখেৰে তেখেতে কয় যে ইয়াৰ পূৰ্বে মৌখিক পৰম্পৰাৰ জৰিয়তে বেদক পৰৱৰ্তী প্ৰজন্মলৈ প্ৰেৰণ কৰা হৈছিল— এই পন্থাৰ নাম আছিল ‘শ্ৰুতি’। তেখেতে কয় যে হাজাৰ-হাজাৰ বছৰ ধৰি বেদসমূহ সম্পূৰ্ণ প্ৰামাণ্যতাৰে আৰু ভুল নোহোৱাকৈ সংৰক্ষিত হৈ আছিল। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে দ্বিতীয়টো স্তম্ভ— উদ্ভাৱনৰ বিষয়ে কয়। তেখেতে কয় যে ভাৰতে আয়ুৰ্বেদ, বাস্তু শাস্ত্ৰ, জ্যোতিষ আৰু ধাতুকৰ্মৰ ক্ষেত্ৰত অহৰহভাৱে উদ্ভাৱন কৰিছিল। তেখেতে কয় যে প্ৰতিটো প্ৰজন্মই পূৰ্বৰ প্ৰজন্মতকৈ আগবাঢ়ি আহি প্ৰাচীন জ্ঞানক অধিক বিজ্ঞানসন্মত কৰি তুলিছিল। নিৰন্তৰভাৱে পণ্ডিতসকলৰ অৱদান আৰু নতুন জ্ঞানৰ সংযোজনৰ উদাহৰণ হিচাপে তেখেতে সূৰ্য্য সিদ্ধান্ত আৰু বাৰাহামী সংহিতাৰ দৰে গ্ৰন্থৰ উদাহৰণ দাঙি ধৰে। তৃতীয়টো স্তম্ভ— সংযোজনৰ বিষয়ে আলোচনা কৰি শ্ৰী মোদীয়ে কয় যে প্ৰতিটো প্ৰজন্মই কেৱল পুৰণি জ্ঞান সংৰক্ষণ কৰাই নহয়, বৰঞ্চ নতুন অন্তৰ্দৃষ্টিৰেও অৰিহণা যোগাইছিল। তেখেতে এটা উদাহৰণ দাঙি ধৰি কয় যে আদি বাল্মিকী ৰামায়ণৰ পাছত আন একাধিক ৰামায়ণ ৰচনা হৈছিল। তেখেতে এই পৰম্পৰাৰ পৰা উদ্ভৱ হোৱা ৰামচৰিতমানসৰ দৰে গ্ৰন্থৰ কথা উল্লেখ কৰে, একেদৰে বেদ-উপনিষদ সন্দৰ্ভত টীকা ৰচনা কৰা হৈছিল। তেখেতে কয় যে ভাৰতীয় আচাৰ্য্যসকলে দ্বৈত আৰু অদ্বৈতৰ দৰে ব্যাখ্যা আগবঢ়াইছিল।

ভাৰতৰ জ্ঞান পৰম্পৰাৰ চতুৰ্থটো স্তম্ভ – অভিযোজনা সম্পৰ্কে আলোচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সময়ৰ লগে-লগে ভাৰতে আত্ম-নিৰীক্ষণ কৰিছিল আৰু প্ৰয়োজনীয় পৰিৱৰ্তন সাধন কৰিছিল। তেখেতে আলোচনাত গুৰুত্ব আৰোপ আৰু শাস্ত্ৰৰ্থৰ পৰম্পৰা অব্যাহত ৰখাত গুৰুত্ব আৰোপ কৰে। তেখেতে কয় যে সমাজে পুৰণি ধাৰণাসমূহ পৰিত্যাগেৰে নতুন ধাৰণাক আকোৱালি লৈছিল। শ্ৰী মোদীয়ে কয় যে মধ্যযুগত যেতিয়া ভিন্ন সামাজিক দুষ্টতাৰ উন্মেষ ঘটিছিল, তেতিয়াই সমাজ চেতনাক জাগ্ৰত কৰা বিশিষ্ট ব্যক্তিসকলৰ জন্ম হৈছিল। তেখেতে কয় যে এই ব্যক্তিসকলে ভাৰতৰ বৌদ্ধিক ঐতিহ্যক সংৰক্ষণ আৰু সুৰক্ষিত কৰিছিল।

“ৰাষ্ট্ৰীয়তাৰ আধুনিক ধাৰণাসমূহৰ বিপৰীতে ভাৰতৰ এক সুকীয়া সাংস্কৃতিক পৰিচয়, স্বকীয় চেতনা আৰু নিজস্ব আত্মা আছে” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ ইতিহাস কেৱল বংশগত বিজয় আৰু পৰাজয়ৰ অভিলেখ নহয়। তেখেতে উল্লেখ কৰে যে সময়ৰ লগে-লগে ৰাজকীয় ৰাজ্য আৰু ৰাজ্যৰ ভূগোল সলনি হৈছে যদিও হিমালয়ৰ পৰা ভাৰত মহাসাগৰলৈকে ভাৰত অক্ষত অৱস্থাত আছে। তেখেতে দৃঢ়তাৰে কয় যে ভাৰত নিজেই ইয়াৰ ধাৰণা, আদৰ্শ আৰু প্ৰমূল্যবোধৰে গঢ়া এক জীৱন্ত ধাৰা। “ভাৰতৰ প্ৰাচীন মেনুস্ক্ৰিপ্টসমূহে এই সভ্যতামূলক যাত্ৰাৰ অবিৰত প্ৰবাহকে প্ৰতিফলিত কৰে”, এই মেনুস্ক্ৰিপ্টসমূহো বৈচিত্ৰ্যৰ ঐক্যৰ মূৰ্ত প্ৰকাশ বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয়। তেখেতে অৱগত কৰে যে সমগ্ৰ দেশতে প্ৰায় ৮০ টা ভাষাত মেনুস্ক্ৰিপ্ট আছে। তেখেতে এই ক্ষেত্ৰত সংস্কৃত, প্ৰাকৃত, অসমীয়া, বাংলা, কানাড়া, কাশ্মীৰী, কংকানী, মাইথিলী, মালয়ালম আৰু মাৰাঠী ভাষাৰ কথা উল্লেখ কৰে। গিলগিত মেনুস্ক্ৰিপ্টসমূহে কাশ্মীৰৰ প্ৰামাণিক ঐতিহাসিক অন্তৰ্দৃষ্টি প্ৰদান কৰে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ মেনুস্ক্ৰিপ্টখনে ভাৰতৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ গভীৰ বুজাবুজি প্ৰকট কৰি তোলে। তেখেতে উল্লেখ কৰে যে আচাৰ্য্য ভদ্ৰবাহুৰ কল্পনাসূত্ৰ মেনুস্ক্ৰিপ্টত জৈন ধৰ্মৰ প্ৰাচীন প্ৰজ্ঞা সুৰক্ষিত হৈছে আৰু সাৰনাথৰ পৰা পোৱা মেনুস্ক্ৰিপ্টসমূহত ভগৱান বুদ্ধৰ শিক্ষা সন্নিবিষ্ট হৈছে। তেখেতে আৰু কয় যে ৰসমঞ্জৰী আৰু গীতগোবিন্দৰ দৰে মেনুস্ক্ৰিপ্টসমূহে ভক্তি, সৌন্দৰ্য্য, সাহিত্যৰ বৈচিত্ৰ্যপূৰ্ণ ৰং সংৰক্ষণ কৰি ৰাখিছে।

“ভাৰতৰ মেনুস্ক্ৰিপ্টত সমগ্ৰ মানৱ জাতিৰ বিকাশ যাত্ৰাৰ পদাংক বিদ্যমান”, এই মেনুস্ক্ৰিপ্টসমূহে দৰ্শন আৰু বিজ্ঞানক সামৰি লোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয়। তেখেতে উল্লেখ কৰে যে ইয়াত চিকিৎসা আৰু আধ্যাত্মিকতা অন্তৰ্ভুক্ত হৈছে আৰু লগতে শিল্প, জ্যোতিৰ্বিজ্ঞান, স্থাপত্যৰ জ্ঞানকো সংৰক্ষণ কৰা হৈছে। গণিতৰ পৰা বাইনাৰী ভিত্তিক কম্পিউটাৰ বিজ্ঞানলৈকে আধুনিক বিজ্ঞানৰ ভেটি শূন্যৰ ধাৰণাটোৰ ওপৰতে নিৰ্ভৰশীল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অগণন উদাহৰণ উল্লেখ কৰিব পাৰি বুলি কয়। শূন্যৰ আৱিষ্কাৰ ভাৰতত হোৱা বুলি দৃঢ়তাৰে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে বখশালি মেনুস্ক্ৰিপ্টত শূন্য আৰু গাণিতিক সূত্ৰৰ প্ৰাচীন ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে। তেখেতে কয় যে যশোমিত্ৰৰ বাৱাৰ মেনুস্ক্ৰিপ্টে শতিকা পুৰণি চিকিৎসা বিজ্ঞানৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰক সংহিতা আৰু সুশ্ৰুত সংহিতাৰ দৰে গ্ৰন্থৰ মেনুস্ক্ৰিপ্টে আজিও আয়ুৰ্বেদৰ জ্ঞান সংৰক্ষণ কৰি ৰাখিছে। তেখেতে লগতে কয় যে সুলৱ সূত্ৰই প্ৰাচীন জ্যামিতিক জ্ঞান প্ৰদান কৰে, আনহাতে কৃষি পৰাশৰে পৰম্পৰাগত কৃষি জ্ঞানৰ তথ্য প্ৰদান কৰে। তেখেতে আৰু উল্লেখ কৰে যে নাট্য শাস্ত্ৰৰ দৰে গ্ৰন্থৰ মেনুস্ক্ৰিপ্টে মানুহৰ আৱেগিক বিকাশৰ যাত্ৰা বুজিবলৈ সহায় কৰে।

প্ৰতিখন ৰাষ্ট্ৰই স্বকীয় ঐতিহাসিক সমলৰাজিক সভ্যতাৰ মহত্ত্বৰ প্ৰতীক হিচাপে বিশ্বৰ আগত তুলি ধৰে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশসমূহে এটা মাত্ৰ মেনুস্ক্ৰিপ্ট বা শিল্পকৰ্মকো জাতীয় সম্পদ হিচাপে সংৰক্ষণ কৰে। তেখেতে কয় যে ভাৰতত মেনুস্ক্ৰিপ্টৰ অসীম সমল আছে, যিসমূহ ৰাষ্ট্ৰীয় গৌৰৱৰ বিষয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কুৱেইট ভ্ৰমণৰ অভিজ্ঞতা ব্যক্তৰে কয় যে এই ভ্ৰমণৰ সময়ছোৱাত তেখেতে এগৰাকী ভদ্ৰলোকক লগ পাইছিল। তেওঁৰ হাতত ভাৰতৰ প্ৰাচীন সামুদ্ৰিক বাণিজ্যিক পথৰ বিশদ বিৱৰণী তথা ঐতিহাসিক নথি-পত্ৰৰ বিস্তৃত সংগ্ৰহ আছিল। তেখেতে কয় যে ভদ্ৰলোকজনে পৰম গৌৰৱেৰে তেখেতৰ ওচৰলৈ আহি শতিকা পূৰ্বে ভাৰতে কেনেকৈ সাগৰভিত্তিক বাণিজ্য সম্পন্ন কৰিছিল, সেই কথা প্ৰদৰ্শন কৰা সমলসমূহ দেখুৱাইছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এনে সংগ্ৰহসমূহে ভাৰতৰ বৈশ্বিক সংযোগৰ গভীৰতাকে প্ৰতিফলিত কৰে। তেখেতে এনেদৰে সিঁচৰতি হৈ থকা সমলৰাজি সংৰক্ষণ আৰু সম্প্ৰসাৰিত ৰাষ্ট্ৰীয় প্ৰচেষ্টাক একত্ৰিতকৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেখেতে দৃঢ়তাৰে কয় যে এই অভিলেখসমূহ— যি স্থানতেই পোৱা যায়—ভাৰতৰ সভ্যতাবাদী ঐতিহ্যৰ অংশ হিচাপে নথিভুক্ত, ডিজিটাইজ আৰু উদযাপন কৰিব লাগিব।

“আজি ভাৰতে বিশ্বৰ আস্থা অৰ্জন কৰিছে। আজি ৰাষ্ট্ৰসমূহে ভাৰতক সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা আৰু সন্মানৰ বাবে সঠিক স্থান হিচাপে গণ্য কৰে”, শ্ৰী মোদীয়ে কয়। তেখেতে কয় যে পূৰ্বে মাত্ৰ কেইটামান চুৰি ভাৰতীয় মূৰ্তিহে ঘূৰাই দিয়া হৈছিল। কিন্তু এতিয়া শ-শ প্ৰাচীন মূৰ্তি ঘূৰাই অনা হৈছে। তেখেতে কয় যে এনে প্ৰত্যাৱৰ্তন কাৰ্য্য কেৱল আৱেগ বা সহানুভূতিৰেই পৰিচালিত নহয়, বৰঞ্চ আত্মবিশ্বাসৰ দ্বাৰাহে সম্পন্ন হৈছে। তেখেতে কয় যে ভাৰতে এনে সাংস্কৃতিক প্ৰমূল্যক মৰ্য্যাদা সহকাৰে সংৰক্ষণ আৰু উন্নীত কৰিব বুলি আত্মবিশ্বাস জন্মিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে ভাৰত বিশ্বৰ দৃষ্টিত ঐতিহ্যৰ এক বিশ্বাসযোগ্য ৰক্ষক হৈ পৰিছে। তেখেতে মংগোলিয়া ভ্ৰমণৰ অভিজ্ঞতা ব্যক্তৰে কয় যে এই ভ্ৰমণৰ সময়ছোৱাত তেখেতে বৌদ্ধ সন্ন্যাসীসকলৰ সৈতে মত-বিনিময় কৰিছিল আৰু তেওঁলোকৰ চহকী মেনুস্ক্ৰিপ্ট সংগ্ৰহ কাৰ্য্য পৰ্য্যবেক্ষণ কৰিছিল। তেখেতে সেই মেনুস্ক্ৰিপ্টসমূহৰ সন্দৰ্ভত কাম কৰাৰ অনুমতি বিচাৰিছিল, যিসমূহক তাৰ পিছত ভাৰতলৈ আনি ডিজিটাইজ কৰা হৈছিল আৰু সন্মান-সহকাৰে ঘূৰাই দিয়া হৈছিল। তেখেতে দৃঢ়তাৰে কয় যে সেই মেনুস্ক্ৰিপ্টসমূহ এতিয়া মংগোলিয়াৰ বাবে এক বহুমূলীয়া উত্তৰাধিকাৰ হৈ পৰিছে।

ভাৰত এতিয়া এই ঐতিহ্যকে বিশ্বৰ আগত গৌৰৱেৰে উপস্থাপন কৰিবলৈ সাজু হৈছে বুলি দৃঢ়তাৰে উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে জ্ঞান ভাৰতম অভিযান উক্ত মহান পদক্ষেপৰ এক গুৰুত্বপূৰ্ণ অংগ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ দেশৰ অসংখ্য প্ৰতিষ্ঠানে জনসাধাৰণৰ অংশগ্ৰহণৰ মনোভাৱেৰে চৰকাৰৰ সৈতে কাম কৰি আছে। তেখেতে কাশী নাগৰী প্ৰচাৰিনী সভা, এছিয়াটিক ছ’চাইটি অৱ কলকাতা, উদয়পুৰৰ ‘ধৰোহৰ’, কোবা, গুজৰাটৰ আচাৰ্য্য শ্ৰী কৈলাশুৰি জ্ঞানমন্দিৰ, হৰিদ্বাৰৰ পতঞ্জলি, পুনেৰ ভাণ্ডাৰকাৰ অৰিয়েন্টেল ৰিচাৰ্চ ইনষ্টিটিউট আৰু থাঞ্জাভুৰৰ সৰস্বতী মহল পুথিভঁৰালৰ নাম উল্লেখ কৰে। তেখেতে অৱগত কৰে যে এনে শ-শ প্ৰতিষ্ঠানৰ সহযোগত এই পৰ্য্যন্ত দহ লাখৰো অধিক মেনুস্ক্ৰিপ্ট ডিজিটাইজ কৰা হৈছে। শ্ৰী মোদীয়ে স্বীকাৰ কৰে যে একাধিক নাগৰিক নিজৰ হাতত থকা এনে ঐতিহাসিক সমলৰাজিক ৰাষ্ট্ৰখনৰ বাবে উপলব্ধ কৰিবলৈ আগবাঢ়ি আহিছে আৰু এই সকলো প্ৰতিষ্ঠানৰ প্ৰতি তথা এনে প্ৰতিগৰাকী নাগৰিকলৈ তেখেতে কৃতজ্ঞতা জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতে কেতিয়াও মুদ্ৰা শক্তিৰে স্বকীয় জ্ঞানৰ পৰিমাপ কৰা নাই। জ্ঞানেই সৰ্বোচ্চ দান বুলি ভাৰতীয় ঋষিসকলৰ প্ৰাচীন প্ৰজ্ঞাৰ উদ্ধৃতিৰে তেখেতে কয় যে প্ৰাচীন কালত ভাৰতৰ জনসাধাৰণে উদাৰতাৰ মনোভাৱেৰে মেনুস্ক্ৰিপ্ট দান কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে চীনা পৰিব্ৰাজক হিউৱেন ছাঙে ভাৰত ভ্ৰমণ কৰোঁতে তেওঁ ছশৰো অধিক মেনুস্ক্ৰিপ্ট নিছিল। তেখেতে লগতে কয় যে এনে বহু ভাৰতীয় মেনুস্ক্ৰিপ্ট চীনৰ পৰা জাপান পাইছিলগৈ। সপ্তম শতিকাত এনে মেনুস্ক্ৰিপ্টসমূহ জাপানৰ হৰ্যু-জী মনেষ্ট্ৰীত ৰাষ্ট্ৰীয় সম্পদ হিচাপে সংৰক্ষিত হৈছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিও বিশ্বৰ বহু দেশত ভাৰতৰ প্ৰাচীন মেনুস্ক্ৰিপ্ট আছে। তেখেতে আৰু কয় যে জ্ঞান ভাৰতম অভিযানৰ অধীনত ভাৰতেও মানৱতাৰ এই উমৈহতীয়া ঐতিহ্যক একত্ৰিত কৰিবলৈ চেষ্টা কৰিব।

জি-২০ ৰ সাংস্কৃতিক আলোচনাৰ সময়ত ভাৰতে উক্ত প্ৰচেষ্টা গ্ৰহণৰ কথা সদৰী কৰা হৈছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সৈতে শতিকা পুৰণি সাংস্কৃতিক সম্পৰ্ক থকা দেশসমূহে এই অভিযানত সক্ৰিয়ভাৱে জড়িত হৈ আছে। তেখেতে কয় যে মংগোলীয় কাঞ্জুৰৰ পুনৰ ছপা খণ্ড মংগোলিয়াৰ ৰাষ্ট্ৰদূতক উপহাৰ দিয়া হৈছিল। তেখেতে লগতে কয় যে ২০২২-ত এই ১০৮ টা খণ্ড মংগোলিয়া আৰু ৰাছিয়াৰ মনেষ্ট্ৰীসমূহতো বিতৰণ কৰা হৈছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে থাইলেণ্ড আৰু ভিয়েটনামৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত কৰিছে। তেখেতে উল্লেখ কৰে যে এই দেশসমূহৰ পণ্ডিতসকলক প্ৰাচীন মেনুস্ক্ৰিপ্টসমূহ ডিজিটাইজ কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এই প্ৰচেষ্টাসমূহৰ ফলস্বৰূপে পালি, লন্না, চাম ভাষাৰ কেইবাখনো মেনুস্ক্ৰিপ্ট ডিজিটাইজ কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে ভাৰতে এই পদক্ষেপসমূহক অধিক সম্প্ৰসাৰিত কৰিব।

জ্ঞান ভাৰতম অভিযানো এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ পৰম্পৰাগত জ্ঞান ব্যৱস্থাৰ অসংখ্য উপাদান— যিসমূহ শতিকাজুৰি ব্যৱহৃত হৈ আহিছে— প্ৰায়ে আনৰ দ্বাৰা নকল আৰু পেটেন্ট কৰা হৈছিল। তেখেতে এনে ধৰণৰ পাইৰেচী ৰোধৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে কয় যে ডিজিটেল মেনুস্ক্ৰিপ্টে এনে অপব্যৱহাৰক প্ৰতিহতকৰণৰ প্ৰচেষ্টাক ত্বৰান্বিত কৰিব আৰু বৌদ্ধিক পাইৰেচী নিয়ন্ত্ৰণত সহায় কৰিব। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে বিশ্বই ভিন্ন বিষয়ৰ মাজেৰে প্ৰামাণিক আৰু মৌলিক উৎসৰ সুবিধা লাভ কৰিব।

জ্ঞান ভাৰতম অভিযানৰ আন এক গুৰুত্বপূৰ্ণ মাত্ৰা তথা গৱেষণা আৰু উদ্ভাৱনৰ নতুন ক্ষেত্ৰসমূহ মুকলিত ইয়াৰ ভূমিকাৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে বিশ্ব সাংস্কৃতিক আৰু সৃষ্টিশীল উদ্যোগৰ মূল্য প্ৰায় ২.৫ ট্ৰিলিয়ন ডলাৰ। তেখেতে কয় যে ডিজিটাইজড মেনুস্ক্ৰিপ্টে এই উদ্যোগৰ মূল্য শৃংখলত অৰিহণা যোগাব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনে কোটি-কোটি মেনুস্ক্ৰিপ্ট আৰু ইয়াত নিহিত হৈ থকা প্ৰাচীন জ্ঞানে এক বিশাল ডাটা বেংক হিচাপে কাম কৰিব, ইয়াৰ দ্বাৰা তথ্য-চালিত উদ্ভাৱনে এক নতুন উদ্দীপনা লাভ কৰিব। টেক ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ উন্মেষ ঘটিব বুলি উল্লেখেৰে শ্ৰী মোদীয়ে লগতে কয় যে মেনুস্ক্ৰিপ্ট ডিজিটাইজেচনৰ অগ্ৰগতিৰ লগে-লগে শৈক্ষিক গৱেষণাৰ বাবেও নতুন সম্ভাৱনা মুকলি হ’ব।

উক্ত ডিজিটাইজড মেনুস্ক্ৰিপ্টসমূহ সুচলতাৰে অধ্যয়ন কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এআই-ৰ সহায়ত প্ৰাচীন মেনুস্ক্ৰিপ্টসমূহক অধিক গভীৰভাৱে বুজিব পৰা যায় আৰু অধিক ব্যাপকভাৱে বিশ্লেষণ কৰিব পৰা যায়। তেখেতে কয় যে এই মেনুস্ক্ৰিপ্টসমূহত থকা জ্ঞানসমূহ প্ৰামাণিক আৰু প্ৰভাৱশালীভাৱে বিশ্বৰ আগত উপস্থাপনৰ ক্ষেত্ৰতো এআয়ে সহায় কৰিব পাৰে।

ৰাষ্ট্ৰখনৰ সকলো যুৱক-যুৱতীকে আগবাঢ়ি আহি জ্ঞান ভাৰতম অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই শ্ৰী মোদীয়ে প্ৰযুক্তিৰ জৰিয়তে অতীতক অন্বেষণৰ গুৰুত্বত আলোকপাত কৰে। তেখেতে কয় যে এই জ্ঞানক প্ৰমাণভিত্তিক পৰিমাপত মানৱ জাতিৰ বাবে সুলভ কৰি তুলিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশৰ বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহক এই দিশত নতুন পদক্ষেপ গ্ৰহণ কৰিবলৈয়ো আহ্বান জনায়। আজি স্বদেশী মনোভাৱ আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পৰে সমগ্ৰ ৰাষ্ট্ৰখন অগ্ৰসৰ হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে এই অভিযান উক্ত ৰাষ্ট্ৰীয় মনোভাৱৰে সম্প্ৰসাৰিত ৰূপ বুলি দৃঢ়তাৰে কয়। তেখেতে উল্লেখ কৰে যে ভাৰতে স্বকীয় ঐতিহ্যক নিজৰ শক্তিৰ প্ৰতীকলৈ ৰূপান্তৰিত কৰিব লাগিব। জ্ঞান ভাৰতম অভিযান ভৱিষ্যৎ দিনলৈ এক নতুন অধ্যায়ৰ আৰম্ভণি হ’ব বুলি আস্থা প্ৰকাশেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, শ্ৰী ৰাও ইন্দ্ৰজিৎ সিঙকে প্ৰমুখ্য কৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

পটভূমি

“মেনুস্ক্ৰিপ্ট ঐতিহ্যৰে ভাৰতৰ জ্ঞান উত্তৰাধিকাৰৰ পুনৰুদ্ধাৰ” শীৰ্ষক বিষয়বস্তুৰে ১১ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত আগশাৰীৰ পণ্ডিত, সংৰক্ষণবিদ, প্ৰযুক্তিবিদ আৰু নীতি বিশেষজ্ঞসকল একত্ৰিত হৈ ভাৰতৰ অতুলনীয় মেনুস্ক্ৰিপ্ট সমলৰাজিক পুনৰুজ্জীৱিতকৰণৰ উপায় সম্পৰ্কে আলোচনা কৰিব। ইয়াৰ উপৰিও মেনুস্ক্ৰিপ্টৰ সংৰক্ষণ, ডিজিটাইজেচন প্ৰযুক্তি, মেটাডাটা মানদণ্ড, আইনী কাঠামো, সাংস্কৃতিক কূটনীতি আৰু প্ৰাচীন লিপিৰ ডিচিফাৰমেন্টৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ সন্দৰ্ভত বিৰল মেনুস্ক্ৰিপ্টৰাজি প্ৰদৰ্শন কৰা হ’ব।

***

MJPS/SR/SB