Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি সংস্কাৰ আৰু বিত্ত’ শীৰ্ষক বিষয় সন্দৰ্ভত বাজেট পৰৱৰ্তী ৱেবিনাৰত ভাষণ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি সংস্কাৰ আৰু বিত্ত’ শীৰ্ষক বিষয় সন্দৰ্ভত বাজেট পৰৱৰ্তী ৱেবিনাৰত ভাষণ


ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি সংস্কাৰ আৰু বিত্ত’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০২৬-২৭ শৃংখলাৰ প্ৰথম বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে। ৰাষ্ট্ৰীয় বাজেট এক হ্ৰস্বম্যাদী বাণিজ্যিক নথিপত্ৰৰ পৰিৱৰ্তে এক নীতিগত ৰোডমেপ বুলি গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে ২০৪৭চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে বাজেটৰ কাৰ্য্যকৰীতা দৃঢ় মাপকাঠীৰ জৰিয়তে মূল্যায়ন কৰিব লাগে, যেনে আন্তঃগাঁথনি সম্প্ৰসাৰণ, ঋণৰ প্ৰবাহ সৰল কৰা, ব্যৱসায় কৰাৰ সূচলতা উন্নত কৰা আৰু প্ৰশাসনত স্বচ্ছতা বৃদ্ধি কৰা লগতে নাগৰিকৰ জীৱন সহজ কৰি তোলা আৰু তেওঁলোকৰ বাবে নতুন সুযোগ সৃষ্টি কৰা। এই দিশবোৰৰ সৈতে সম্পৰ্কিত বাজেট সিদ্ধান্তসমূহে অৰ্থনীতিক স্থায়ী শক্তি প্ৰদান কৰে’, প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, কোনো বাজেটক এক স্বতন্ত্ৰ অনুষ্ঠান হিচাপে চোৱা উচিত নহয় কিয়নো ৰাষ্ট্ৰ নিৰ্মাণ হৈছে এক অবিৰত প্ৰক্ৰিয়া। ‘প্ৰতিখন বাজেট হৈছে এক বৃহৎ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ এক পৰ্যায়, আৰু সেই ডাঙৰ লক্ষ্য হৈছে ২০৪৭চনৰ ভিতৰত এখন উন্নত ভাৰত (বিকশিত ভাৰত) নিৰ্মাণ কৰা। সেয়েহে, প্ৰতিটো সংস্কাৰ, প্ৰতিটো আবণ্টন আৰু প্ৰতিটো পৰিৱৰ্তনক এই দীঘলীয়া যাত্ৰাৰ এক অবিচ্ছেদ্য অংশ হিচাপে চাব লাগে’, শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই বাৰ্ষিক বাজেট-পৰৱৰ্তী ৱেবিনাৰসমূহ অতি গুৰুত্বপূৰ্ণ। তেওঁ আশা প্ৰকাশ কৰে যে এই অধিৱেশনসমূহ কেৱল ধাৰণাৰ আদান-প্ৰদানতে সীমাবদ্ধ থাকিব নালাগে বৰঞ্চ ইয়াৰ পৰিৱৰ্তে এক ফলপ্ৰসূ চিন্তা-চৰ্চাৰ অনুশীলনত পৰিণত হ’ব লাগে। ‘অংশীদাৰসকলৰ অভিজ্ঞতা আৰু ব্যৱহাৰিক প্ৰত্যাহ্বানৰ ওপৰত আধাৰিত পৰামৰ্শসমূহে নিশ্চিতভাৱে অৰ্থনৈতিক ৰণনীতি অধিক সংশোধন আৰু সমাধান বিচাৰি উলিওৱাত সহায় কৰিব’, শ্ৰী মোদীয়ে উল্লেখ কৰে। তদুপৰি, তেওঁ গুৰুত্ব আৰোপ কৰে যে যেতিয়া উদ্যোগ, শিক্ষা, বিশ্লেষক আৰু নীতি নিৰ্ধাৰকসকলে একেলগে চিন্তা কৰে, আঁচনিসমূহৰ ৰূপায়ণ উন্নত হয় আৰু ফলাফল অধিক সঠিক হয়, যি হৈছে ৱেবিনাৰ এই শৃংখলাসমূহৰ আঁৰৰ মূল মনোভাৱ।

প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে একবিংশ শতিকাৰ এক চতুৰ্থাংশ পাৰ হৈ গৈছে, যিয়ে সেৱাত থকা লোকসকলৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সময় চিহ্নিত কৰিছে। তেওঁ কয় যে দেশখনে এতিয়া ইয়াৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে, য’ত অৰ্থনীতি দ্ৰুত গতিত আগবাঢ়ি আছে। যোৱা দশকবোৰত ভাৰতৰ অসাধাৰণ স্থিতিস্থাপকতাৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই অগ্ৰগতি আকস্মিকভাৱে হোৱা নাই, বৰঞ্চ দৃঢ় বিশ্বাস-চালিত সংস্কাৰৰ ফলত হৈছে। ‘চৰকাৰে প্ৰক্ৰিয়াবোৰ সৰলীকৰণ কৰিছে, ব্যৱসায় কৰাৰ সূচলতা উন্নত কৰিছে, প্ৰযুক্তি-নেতৃত্বাধীন প্ৰশাসনৰ সম্প্ৰসাৰণ কৰিছে আৰু প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি দৃঢ়তাৰে কয় যে আজিও দেশে ৰিফৰ্ম এক্সপ্ৰেছৰ যাত্ৰা অব্যাহত ৰাখিছে’, শ্ৰী মোদীয়ে কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যদিও নীতিৰ অভিপ্ৰায় গুৰুত্বপূৰ্ণ, ভাৰতৰ উন্নয়নৰ বৰ্তমান পৰ্যায়ত  উৎকৃষ্টতাৰ ওপৰত নিৰন্তৰ গুৰুত্ব দিয়াৰ প্ৰয়োজন। ‘সংস্কাৰৰ মূল্যায়ন তেওঁলোকৰ ঘোষণাৰ ওপৰত আধাৰিত হোৱা উচিত নহয়, কিন্তু তৃণমূল পৰ্যায়ত তেওঁলোকৰ প্ৰভাৱৰ ওপৰত আধাৰিত হোৱা উচিত। তেওঁ জনসেৱা প্ৰদানত দায়বদ্ধতা আৰু গতি তথা স্বচ্ছতাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা, ব্লকচেইন আৰু ডাটা এনালিটিক্সৰ একত্ৰীকৰণৰ বাবে আহ্বান জনায়’, শ্ৰী মোদীয়ে লগতে কয়। লগতে, তেওঁ গুৰুত্ব আৰোপ কৰে যে অভিযোগ নিষ্পত্তি ব্যৱস্থাৰ জৰিয়তে ইয়াৰ প্ৰভাৱ নিৰীক্ষণ কৰিব লাগিব।

দীৰ্ঘম্যাদী উৎপাদনশীল সম্পদ গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা মূলধনী ব্যয়ৰ উল্লেখযোগ্য বৃদ্ধিৰ কথা উল্লেখ কৰে। ‘যোৱা ১১ বছৰত এই ব্যৱস্থা প্ৰায় ২ লাখ কোটি টকাৰ পৰা বৰ্তমানৰ বাজেটত ১২ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। এই বিনিয়োগে ব্যক্তিগত খণ্ডৰ বাবে আন্তঃগাঁথনি আৰু উদ্ভাৱনত অংশগ্ৰহণ বৃদ্ধিৰ এক স্পষ্ট সংকেত হিচাপে কাম কৰে’, শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে উদ্যোগ আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহক নতুন শক্তিৰ সৈতে আগবাঢ়ি আহিবলৈ আহ্বান জনায়, আন্তঃগাঁথনিৰ ক্ষেত্ৰত অধিক অংশগ্ৰহণ, বিত্তীয় আৰ্হিৰ ক্ষেত্ৰত অধিক উদ্ভাৱন আৰু উদীয়মান খণ্ডত শক্তিশালী সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে পৰামৰ্শ দিয়ে যে আৱৰ্জনা আৰু বিলম্ব দূৰ কৰিবলৈ ব্যয়-লাভ বিশ্লেষণ আৰু জীৱন-চক্ৰ ব্যয় সৰ্বোচ্চ ৰাখি প্ৰকল্প অনুমোদন পদ্ধতি আৰু মূল্যায়নৰ মান শক্তিশালী কৰিব লাগিব।

বিত্তীয় পৰিকাঠামো সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে এই ব্যৱস্থাটোক অধিক অনুমানযোগ্য আৰু বিনিয়োগকাৰী-অনুকূল কৰি তুলিবলৈ বিদেশী বিনিয়োগ পৰিকাঠামো অধিক সৰল কৰি তুলিছে। তেওঁ বণ্ড বজাৰক অধিক সক্ৰিয় কৰি তুলিবলৈ আৰু বণ্ডৰ ক্ৰয়-বিক্ৰয় সৰল কৰি তুলিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰি এই সংস্কাৰসমূহক দীৰ্ঘম্যাদী বিকাশৰ অত্যাৱশ্যকীয় সহায়ক হিচাপে গণ্য কৰে। ‘পূৰ্বানুমানযোগ্যতা নিশ্চিত কৰা, লিকুইডিটি গভীৰ কৰা আৰু বিপদাশংকা কাৰ্যকৰীভাৱে পৰিচালনা কৰিবলৈ তথা বহনক্ষম বিদেশী মূলধন আকৰ্ষণ কৰিবলৈ নতুন সঁজুলি প্ৰৱৰ্তন কৰাৰ প্ৰয়োজন আছে’, শ্ৰী মোদীয়ে মন্তব্য কৰে। শ্ৰী মোদীয়ে অংশীদাৰসকলক বণ্ড বজাৰ আৰু বিদেশী বিনিয়োগৰ পৰিকাঠামো শক্তিশালী কৰাত সহায় কৰিবলৈ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ পৰা শিক্ষাগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

বহনক্ষম বিদেশী মূলধন আকৰ্ষণ কৰিবলৈ আৰু দীৰ্ঘম্যাদী বিত্তীয় উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিদেশী বিনিয়োগৰ পৰিকাঠামোত অধিক সৰলীকৰণৰ কথা ঘোষণা কৰে। এই কৌশলৰ ভিতৰত আছে অধিক সক্ৰিয় বণ্ড বজাৰ বিকশিত কৰা, বণ্ড বাণিজ্য প্ৰক্ৰিয়া সৰল কৰা আৰু কঠোৰ ব্যয়-লাভ বিশ্লেষণ তথা জীৱন-চক্ৰৰ ব্যয়ৰ জৰিয়তে প্ৰকল্প অনুমোদন পদ্ধতি শক্তিশালী কৰা। ‘এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে বিপদাশংকা কাৰ্যকৰীভাৱে পৰিচালনা কৰাৰ সময়ত ব্যৱস্থাটোক অধিক অনুমানযোগ্য আৰু বিনিয়োগকাৰী-অনুকূল কৰি তোলা’, শ্ৰী মোদীয়ে মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে যদিও যিকোনো নীতিয়ে এক পৰিকাঠামো সৃষ্টি কৰিব পাৰে, ইয়াৰ চূড়ান্ত সফলতা সকলো অংশীদাৰৰ সক্ৰিয় অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ উদ্যোগটোক নতুন বিনিয়োগ আৰু উদ্ভাৱনৰ সৈতে আগবাঢ়ি যাবলৈ আহ্বান জনায়, লগতে বিত্তীয় প্ৰতিষ্ঠান আৰু বিশ্লেষকসকলক ব্যৱহাৰিক সমাধান প্ৰস্তুত কৰাত আৰু বজাৰৰ আত্মবিশ্বাস শক্তিশালী কৰাত সহায় কৰিবলৈ আহ্বান জনায়। ‘যেতিয়া চৰকাৰ, উদ্যোগ আৰু জ্ঞানৰ অংশীদাৰসকলে একত্ৰিত হৈ আগবাঢ়ি যায়, সংস্কাৰসমূহ সফলতাৰে ফলাফললৈ ৰূপান্তৰিত হয়। কেৱল এই সামূহিক সমন্বয়ৰ জৰিয়তে বাজেট ঘোষণাবোৰ বাস্তৱত স্পষ্ট ফলাফললৈ ৰূপান্তৰিত কৰা হয়’, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

প্ৰধানমন্ত্ৰীয়ে চৰকাৰ, উদ্যোগ, বিত্তীয় প্ৰতিষ্ঠান আৰু শিক্ষা জগতৰ মাজত এক অংশীদাৰী সংকল্প ‘সংস্কাৰ অংশীদাৰিত্ব চনদ’ৰ বিকাশৰ পৰামৰ্শ দিয়ে। তেওঁ স্পষ্ট কৰি দিয়ে যে বাজেট-পৰৱৰ্তী ৱেবিনাৰৰ উদ্দেশ্য এতিয়া বাজেটৰ বিষয়বস্তুৰ বিষয়ে আলোচনা কৰা নহয়, বৰঞ্চ ইয়াৰ দ্ৰুত আৰু সৰল ৰূপায়ণ নিশ্চিত কৰা।

প্ৰধানমন্ত্ৰীয়ে বিত্তীয় প্ৰতিষ্ঠান, বজাৰ, উদ্যোগ, পেছাদাৰী আৰু উদ্ভাৱককে ধৰি সকলো অংশীদাৰক এই বাজেটৰ দ্বাৰা প্ৰদান কৰা নতুন সুযোগৰ সুবিধা ল’বলৈ আহ্বান জনায়। শ্ৰীমোদীয়ে তেওঁলোকক এই সম্ভাৱনাবোৰৰ সৈতে গভীৰভাৱে জড়িত হ’বলৈ উৎসাহিত কৰি উল্লেখ কৰে যে তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে আঁচনিসমূহৰ ৰূপায়ণ উন্নত কৰিব, আনহাতে তেওঁলোকৰ মতামত আৰু সহযোগিতাই উন্নত ফলাফল প্ৰদান কৰিব। তেওঁ সকলোকে এটা ভৱিষ্যত সৃষ্টি কৰিবলৈ সংস্কাৰ আৰু একেলগে বিকাশ কৰিবলৈ আহ্বান জনায় য’ত এখন উন্নত ভাৰতৰ সপোন যিমান সোনকালে সম্ভৱ বাস্তৱায়িত হয়।

দিনটোৰ আলোচনাৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে প্ৰক্ৰিয়াবোৰ সৰল কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব। তেওঁ স্পষ্ট কৰি দিয়ে যে বাজেটৰ পূৰ্বে ইয়াক সংশোধন কৰাৰ বাবে আলোচনা অনুষ্ঠিত হোৱাৰ বিপৰীতে বাজেটৰ পাছৰ ৱেবিনাৰসমূহ বিশেষভাৱে সৰলতম পথৰ জৰিয়তে যিমান সোনকালে সম্ভৱ বাজেটক বাস্তৱত অৱতীৰ্ণ কৰাৰ বাবে ডিজাইন কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সামৰণি মাৰি কয় যে যদি অংশীদাৰসকলে সামূহিক লাভৰ কথা মনত ৰাখি চিন্তা-চৰ্চা কৰে, তেন্তে এই ৱেবিনাৰসমূহে সঁচাকৈয়ে এক জীৱন্ত অৰ্থনীতিৰ দুৱাৰ মুকলি কৰিব।

****

MJPS/PKK/MK