পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আজমেৰত এক জনসভাত ভাষণ দি ৰাজস্থানৰ উন্নয়ন যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰে। প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ সাংস্কৃতিক আৰু বীৰত্বপূৰ্ণ উত্তৰাধিকাৰক শ্ৰদ্ধাঞ্জলি জনায়, য’ত সুৰসুৰাৰ তেজাজী ধাম আৰু হাইফাক মুক্ত কৰাৰ ক্ষেত্ৰতমেজৰ দলপত সিঙৰ বীৰত্বক ভূমিকাক ইজৰাইলত আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।”
প্রধানমন্ত্রীয়ে ৰাজস্থানৰ দুবছৰীয়া “ডাবল ইঞ্জিন চৰকাৰে” দ্রুত অগ্ৰগতি লাভ কৰাত সন্তুষ্টি প্রকাশ কৰে। “চৰকাৰে যি উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ৰাইজৰ সেৱা কৰিবলৈ আহিছিল, সেই প্ৰতিশ্ৰুতি পূৰণ কৰি আছে। আজি উন্নয়নৰ এই অভিযানক আৰু অধিক ত্বৰান্বিত কৰাৰ দিন।” জোৰ দি শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে লগতে আলোকপাত কৰে যে আজিৰ অনুষ্ঠানত ৰাজস্থানৰ জনসাধাৰণৰ সুবিধা বৃদ্ধি আৰু যুৱক-যুৱতীসকলৰ বাবে অপৰিসীম কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা পথ, বিদ্যুৎ, পানী, স্বাস্থ্য, আৰু শিক্ষাকে ধৰি বিভিন্ন খণ্ডত প্ৰায় ১৭,০০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হয়। শ্ৰী মোদীয়ে ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ বাবে এক নতুন যুগৰ কথা উল্লেখ কৰে, কিয়নো আজি ২১ হাজাৰতকৈ অধিক নতুন নিযুক্তিপ্ৰাপ্তক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। তদুপৰি প্ৰধানমন্ত্ৰীয়ে আজমেৰৰ পৰা দেশজোৰা এইচ পি ভি টিকাকৰণ অভিযান আৰম্ভ কৰি ইয়াক ভাৰতৰ ‘নাৰী শক্তি’ (মহিলা শক্তি)ৰ সবলীকৰণ তথা মাতৃ-কন্যাৰ স্বাস্থ্য নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। “আমি সকলোৱে জানো যে যেতিয়া এগৰাকী মাতৃ পৰিয়ালত অসুস্থ হৈ পৰে তেতিয়া ঘৰখন বিশৃংখল হৈ থকা যেন লাগে। মাতৃ সুস্থ হৈ থাকিলে পৰিয়ালটো প্ৰতিটো সংকটৰ সন্মুখীন হ’বলৈ সক্ষম হৈ থাকে।এই আবেগেৰে চৰকাৰে মহিলাসকলৰ সহায়ৰ বাবে বহু আঁচনি ৰূপায়ণ কৰিছে।” শ্ৰী মোদীয়ে কয়।
শৌচাগাৰ, চেনিটেৰী পেড, আৰু উজ্জ্বলা গেছ আঁচনিৰ বাবে “মিছন মোড” সমাধানৰ সফল ৰূপায়ণৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে মহিলাৰ স্বাস্থ্য আৰু মৰ্যাদাৰ প্ৰতি চৰকাৰৰ দৃষ্টিভংগীৰ বিশদ বিৱৰণ দাঙি ধৰে । তেওঁ গৰ্ভাৱস্থাত পুষ্টিকৰ খাদ্য পোৱাটো নিশ্চিত কৰিবলৈ ভগ্নীসকলৰ একাউণ্টত ৫ হাজাৰ টকা জমা কৰা নিৰাপদ মাতৃত্ব আঁচনিৰ কথাও উল্লেখ কৰে। ফলত তেওঁলোকে অৱহেলাৰ সংস্কৃতিৰ পৰা আঁতৰি সংবেদনশীলতাৰ সংস্কৃতিলৈ গতি কৰিছে ।
আন্তঃগাঁথনিৰ বিষয়ত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পথ, ৰে’ল, আৰু আকাশী পথৰ জৰিয়তে গঢ়ি তোলা আধুনিক সংযোগে ৰাজস্থানৰ ভাগ্য সলনি কৰি আছে। তেওঁ আলোকপাত কৰে যে ভ্ৰমণৰ এনে সুবিধাই আজমেৰ-পুষ্কৰৰ দৰে ঠাইত পৰ্যটনক সহজ কৰি তুলিছে, স্থানীয় ব্যৱসায়ী, শিল্পী আৰু টেক্সি চালকক প্ৰত্যক্ষভাৱে সহায় কৰিছে। “দিল্লী-মুম্বাই ঔদ্যোগিক কৰিডৰৰ চাৰিওফালে নিৰ্মাণ হৈ থকা আন্তঃগাঁথনিয়ে ৰাজস্থানক বিশ্ব বিনিয়োগৰ বাবে “সুযোগৰ ভূমি”লৈ ৰূপান্তৰিত কৰিছে,” শ্ৰী মোদীয়ে কয়। ভাৰতৰ বৰ্ধিত বিশ্বজোৰা গুৰুত্বৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত বিশ্বৰ সৰ্ববৃহৎ এআই শীৰ্ষ সন্মিলন আৰু ইজৰাইল ভ্ৰমণৰ বিষয়ে কয়, য’ত ভাৰতৰ অগ্ৰগতি আৰু বীৰত্বৰ প্ৰশংসা কৰা হৈছিল। শ্ৰী মোদীয়ে কয়, “বিশ্বৰ বহু দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি ইয়ালৈ আহিছিল; ডাঙৰ ডাঙৰ কোম্পানীৰ মুৰব্বী আহিছিল; সকলোৱে মুকলি মনেৰে ভাৰতৰ প্ৰশংসা কৰিছিল”।
যোৱা ১১ বছৰত ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সফলতাৰ বিষয়ত আলোকপাত কৰি শ্ৰী মোদীয়ে কয়, “ ভাৰতীয় সেনাই প্ৰতিটো ক্ষেত্ৰতে সন্ত্ৰাসবাদী আৰু দেশৰ শত্ৰুৰ ওপৰত শক্তিশালী আঘাত হানিছে। আমাৰ সেনাই প্ৰতিটো অভিযানত , প্ৰতিটো ক্ষেত্ৰতে বিজয়ী হৈছে। ছাৰ্জিকেল ষ্ট্ৰাইকৰ পৰা আৰম্ভ কৰি অপাৰেচন সিন্দূৰলৈকে সকলোতে তেওঁলোকে নিজৰ শক্তি প্ৰমাণ কৰিছে ”।
কৃষকৰ দীৰ্ঘদিনীয়া অভিযোগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান চৰকাৰে ই আৰ চি পি প্ৰকল্পটোক জীৱন্ত কৰি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ দৃঢ়তাৰে কয় যে সংশোধিত ‘পাৰ্বতী-কালিসিন্ধ-চম্বল’ আৰু ‘যমুনা-ৰাজস্থান’ সংযোগ প্ৰকল্পকে ধৰি নদীসমূহক আন্তঃসংযোগ কৰাৰ অভিযানে ঝলাৱাৰ, বৰাণ, কোটা, আৰু বুণ্ডীৰ কৃষকসকলক বিশেষ সুবিধা প্ৰদান কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানে সূৰ্য্যৰ পৰা সমৃদ্ধি অৰ্জনৰ সম্ভাৱনাৰ বিষয়তো আলোকপাত কৰে। পি এম সূৰ্য্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ অধীনত চৰকাৰে ছাদত সৌৰ পেনেল স্থাপনৰ বাবে ৭৮,০০০ টকাৰ সহায় আগবঢ়াইছে। ইতিমধ্যে ৰাজস্থানত ১.২৫ লাখৰো অধিক পৰিয়ালে এই আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে বহু পৰিয়ালৰ বিদ্যুতৰ বিল প্ৰায় শূন্যলৈ হ্ৰাস পোৱা দেখা গৈছে। ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ বাবে এক সমৃদ্ধিশালী জীৱনৰ কামনাৰে “উন্নত ৰাজস্থানৰ পৰা উন্নত ভাৰত”ৰ মন্ত্ৰৰ পুনৰাবৃত্তি কৰি শ্ৰী মোদীয়ে তেওঁৰ ভাষণৰ সামৰণি মাৰে।
***
MJPS/Dr. Pavan Khedkar/DM
हमारी सरकार सर्वांगीण विकास के लिए संकल्पबद्ध है। इसी कड़ी में आज अजमेर से राष्ट्रव्यापी एचपीवी टीकाकरण अभियान की शुरुआत के साथ कई परियोजनाओं के उद्घाटन-शिलान्यास और युवाओं को नियुक्ति पत्रों के वितरण का सौभाग्य मिला है। https://t.co/sEmzvIlWid
— Narendra Modi (@narendramodi) February 28, 2026
अजमेर से HPV vaccination अभियान शुरू हुआ है।
— PMO India (@PMOIndia) February 28, 2026
ये अभियान देश की नारीशक्ति को सशक्त करने की दिशा में अहम कदम है: PM @narendramodi
डबल इंजन सरकार राजस्थान की विरासत और विकास दोनों को साथ लेकर चल रही है: PM @narendramodi in Ajmer
— PMO India (@PMOIndia) February 28, 2026
हमारी सरकार ने नदियों को जोड़ने का जो अभियान शुरु किया है... उसका बहुत अधिक फायदा राजस्थान को मिलना तय है: PM @narendramodi
— PMO India (@PMOIndia) February 28, 2026
राजस्थान में धूप की कोई कमी नहीं। अब यही धूप सामान्य मानवी के घर की बचत और कमाई का साधन बन रही है।
— PMO India (@PMOIndia) February 28, 2026
और इसमें बहुत बड़ी भूमिका है... प्रधानमंत्री सूर्यघर मुफ्त बिजली योजना की।
इस योजना में राजस्थान का भाग्य बदलने की ताकत है: PM @narendramodi