Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে মাৰ্কিন বিদেশ সচিবে


মাৰ্কিন বিদেশ সচিব মহামহিম মাৰ্কো ৰুবিঅ’ই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

সচিব ৰুবিঅ’ই প্ৰধানমন্ত্ৰীক প্ৰতিৰক্ষা, কৌশলগত প্ৰযুক্তি, বাণিজ্য আৰু বিনিয়োগ, শক্তি সুৰক্ষা, সংযোগ, শিক্ষা তথা জনসাধাৰণৰ মাজৰ  সম্পৰ্ককে ধৰি বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ স্থায়ী অগ্ৰগতিৰ বিষয়ে অৱগত কৰে।

সচিব ৰুবিঅ’ই পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক তথা বিশ্বজোৰা  বিষয়ত আমেৰিকাৰ দৃষ্টিভংগীৰ বিষয়ে সদৰী কৰে ।

প্ৰধানমন্ত্ৰীয়ে শান্তি প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ ধাৰাবাহিক সমৰ্থনৰ কথা  পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰাৰ লগতে আলোচনা তথা কূটনীতিৰ জৰিয়তে সংঘাতসমূহৰ শান্তিপূৰ্ণ সমাধানৰ বাবে পুনৰবাৰ  আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে সচিব ৰুবিঅ’ক ৰাষ্ট্ৰপতি ট্ৰাম্পক তেওঁৰ উষ্ম শুভেচ্ছা জনাবলৈ অনুৰোধ জনায় আৰু তেওঁলোকৰ মাজত অবিৰত আদান-প্ৰদানৰ বাবে তেওঁ আগ্ৰহী বুলি কয়।

 

***

MJPS/SS/PRK/DM