পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত তিনিখন থলুৱা আৰ্হিৰে নিৰ্মিত নৌসেনাৰ জাহাজ– এডভান্সড ষ্টেলথ ফ্ৰিগেট ‘আইএনএছ দুনাগিৰি’, বৃহৎ জৰীপ জাহাজ ‘আইএনএছ সংশোধক’ আৰু এখন এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ শ্ব’ল’ ৱাটাৰ ক্ৰাফ্ট ‘আইএনএছ অগ্ৰে’ ভাৰতীয় নৌসেনালৈ উছৰ্গা কৰে। এই জাহাজসমূহৰ প্ৰৱেশে দেশৰ কাৰ্যকৰী ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব, সামুদ্ৰিক আধিপত্যত নিৰীক্ষণৰ উন্নতি সাধন কৰিব আৰু ভূ-ৰাজনৈতিক ভাবুকিৰ বিৰুদ্ধে আমাৰ উপকূলীয় জলসীমাৰ নিৰাপত্তা শক্তিশালী কৰিব। ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ ডিজাইন ব্যুৰোৰ আৰ্হি আৰু কলকাতাৰ গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ (জি আৰ এছ ই)ৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে এই তিনিখন জাহাজ। ২০০ৰো অধিক এমএছএমইকে ধৰি ভাৰতীয় উদ্যোগসমূহে এই নিৰ্মাণত অংশগ্ৰহণ কৰে। ৭৫ শতাংশতকৈ অধিক থলুৱা সামগ্ৰীৰে পৰিপূৰ্ণ এই জাহাজসমূহো ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰমাণ।
জনসভাত সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি ভাৰতৰ বৌদ্ধিক, সাংস্কৃতিক আৰু জাতীয় নৱজাগৰণক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আৰু যুগ যুগ ধৰি সাগৰীয় পথেৰে ভাৰতক বিশ্বৰ সৈতে সংযোগ কৰা বংগৰ ঐতিহাসিক ভূমিত উপস্থিত হৈ তেওঁ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে এই অনুষ্ঠানটো ‘আত্মনিৰ্ভৰশীল ভাৰত, সুৰক্ষিত ভাৰত আৰু বিকশিত ভাৰতৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।’ ২১ জুন তাৰিখটো বিশ্ব জলৰাশি বিজ্ঞান দিৱস হিচাপে পালন কৰা বুলি আঙুলিয়াই দি ভাৰতৰ আটাইতকৈ আধুনিক হাইড্ৰ’গ্ৰাফিক জৰীপ জাহাজ আই এন এছ সংশোধনক আজিৰ দিনটোতে নৌসেনাত অন্তৰ্ভুক্ত কৰাটো এক আচৰিত কাকতলীয়া ঘটনা বুলি অভিহিত কৰে। ভাৰতীয় নৌসেনা, বিজ্ঞানী, অভিযন্তা, কৰ্মী আৰু দেশৰ সকলো নাগৰিকক অভিনন্দন জনাই শ্ৰী মোদীয়ে কয় যে এই সাফল্যই ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰযুক্তিগত আৰু সামুদ্ৰিক সামৰ্থ্যক প্ৰতিফলিত কৰিছে। আধুনিক বিশ্বত সামুদ্ৰিক শক্তিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয়, “শক্তিশালী সামুদ্ৰিক ক্ষমতা অবিহনে কোনো দেশেই বৃহৎ শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব নোৱাৰে। উন্নয়ন, সুৰক্ষা আৰু সমৃদ্ধি সাগৰৰ সৈতে গভীৰভাৱে জড়িত। বিশ্বৰ বেছিভাগ বাণিজ্যই সাগৰীয় পথেৰে যাত্ৰা কৰে। আনহাতে বিশাল গোলকীয় তথ্য নেটৱৰ্কে সাগৰৰ তলত কাম কৰে।” তেওঁ লগতে কয় যে জটিল খনিজ পদাৰ্থ, গভীৰ সাগৰত থকা সম্পদ আৰু ভৱিষ্যতৰ শক্তিৰ উৎসসমূহ ক্ৰমান্বয়ে সামুদ্ৰিক ক্ষেত্ৰৰ সৈতে জড়িত হ’ব। সেয়েহে দেশ এখনৰ শক্তি সামুদ্ৰিক শক্তিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে বুলিও তেওঁ কয়।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে এই তথ্য ভালদৰে বুজি পায় আৰু সেই অনুসৰি নিজকে প্ৰস্তুত কৰি আছে। তেওঁ কয় যে তিনিখন নতুন নৌসেনাৰ জাহাজৰ অন্তৰ্ভুক্তি দেশৰ ক্ৰমবৰ্ধমান সামৰ্থ্য আৰু দক্ষতাৰ প্ৰমাণ। আই এন এছ বিক্ৰান্তক নিযুক্তি দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে ই ভাৰতৰ সামুদ্ৰিক যাত্ৰাৰ এক নতুন অধ্যায়ৰ চিন স্বৰূপ আৰু ভাৰতৰ ক্ৰমবৰ্ধমান নৌ শক্তিক বিশ্বৰ আগত প্ৰদৰ্শন কৰে। তেওঁ কয় যে আই এন এছ বিক্ৰান্তৰ পৰা আই এন এছ অগ্ৰে, আই এন এছ দুনাগিৰি আৰু আই এন এছ সংশোধকৰ চামিলৰ যাত্ৰা কেৱল নতুন যুদ্ধ জাহাজৰ কাহিনী নহয়, এয়া ভাৰতৰ ক্ৰমবৰ্ধমান আত্মনিৰ্ভৰশীলতাৰ প্ৰতিফলন। শ্ৰী মোদীয়ে গুৰুত্ব সহকাৰে কয়, “এই তিনিখন জাহাজে থলুৱা আৰ্হি, উৎপাদন আৰু উদ্ভাৱনৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে। ভাৰতত আৰ্হিৰে নিৰ্মাণ কৰা এই জাহাজসমূহে ভাৰতীয় উদ্যোগৰ কৌশল, ভাৰতীয় অভিযন্তাৰ বিশেষজ্ঞতা আৰু ভাৰতীয় শ্ৰমিকৰ কঠোৰ পৰিশ্ৰমক প্ৰদৰ্শন কৰে।”
শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে প্ৰতিৰক্ষা খণ্ডত কেৱল ক্ৰেতা হৈ থাকিব নিবিচাৰে। তেওঁ কয়, “এখন দেশৰ সামৰিক বাহিনীৰ শক্তি বিশ্ব বজাৰৰ ওপৰত নিৰ্ভৰশীলতাৰ দ্বাৰা জুখিব নোৱাৰি, কিন্তু ইয়াৰ স্বাৱলম্বী হোৱাৰ ক্ষমতাৰ দ্বাৰাহে জুখিব পাৰি। ভাৰতে উৎপাদক আৰু নিৰ্মাতা হ’ব বিচাৰে, কাৰণ নিৰ্মাতা দেশসমূহে বিশ্বৰ মঞ্চত নিৰ্ণায়ক ভূমিকা পালন কৰে।” শেহতীয়া সাফল্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যোৱা কেইবছৰমানৰ ভিতৰত ৪০খনতকৈও অধিক থলুৱাভাৱে নিৰ্মিত যুদ্ধজাহাজ আৰু ছাবমেৰিন ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ কয় যে নৌসেনাই প্ৰায় কেইসপ্তাহমানৰ মূৰে মূৰে নতুন নতুন সামৰ্থ্য লাভ কৰে। আনহাতে বৰ্তমান ৪৫টা ডাঙৰ নৌসেনা জাহাজৰ নিৰ্মাণৰ কাম চলি আছে। তেওঁ কয় যে এই পৰিসংখ্যা কেৱল সংখ্যা নহয়, ই হৈছে ভাৰতৰ ঔদ্যোগিক ক্ষমতা আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ সূচক।
সামুদ্ৰিক খণ্ডত নিয়োগ সৃষ্টিৰ বিশাল সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে কয়, “চৰকাৰে সামুদ্ৰিক খণ্ডক এক বিচ্ছিন্ন উদ্যোগ হিচাপে নহয়, বৰঞ্চ বিকশিত ভাৰতৰ বাবে নিয়োগ আৰু অৰ্থনৈতিক বৃদ্ধিৰ এক প্ৰধান ইঞ্জিন হিচাপেহে গ্ৰহণ কৰে। এখন আধুনিক জাহাজত বিপুল পৰিমাণৰ তীখা, ইলেক্ট্ৰনিকছ, যন্ত্ৰপাতি আৰু হাজাৰ হাজাৰ উপাদানৰ প্ৰয়োজন হয়, যাৰ ফলত সমগ্ৰ ঔদ্যোগিক যোগান শৃংখলত সুযোগ সৃষ্টি হয়।” নতুনকৈ চামিল কৰা তিনিখন জাহাজৰ কথা উল্লেখ কৰি তেওঁ ব্যাখ্যা কৰে যে ২০০ৰো অধিক এমএছএমইয়ে ইয়াৰ নিৰ্মাণত অৰিহণা যোগাইছিল, যাৰ ফলত সমগ্ৰ দেশতে উল্লেখযোগ্য নিয়োগ আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ সৃষ্টি হৈছিল।
শ্ৰী মোদীয়ে কয় যে ভাৰতে সামুদ্ৰিক উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশ কৰাৰ সময় আহি পৰিছে। জাহাজ নিৰ্মাণ খণ্ডৰ বাবে চৰকাৰে নতুন দৃষ্টিভংগী গ্ৰহণ কৰি ঘৰুৱা উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে যোৱা কিছু বছৰত কেইবাটাও নীতি সংস্কাৰ কৰিছে। তেওঁ কয়, “জাহাজ পৰিবহণ খণ্ডৰ বাবে ঘোষণা কৰা ৭০,০০০ কোটি টকাৰ উদগনিমূলক পেকেজ কেৱল এক অৰ্থনৈতিক ব্যৱস্থা নহয়, বৰঞ্চ ভাৰতৰ সামুদ্ৰিক ভৱিষ্যৎ আৰু উদ্যোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত অন্যতম বিনিয়োগ। সাগৰমালাৰ দৰে পদক্ষেপে এই বহল দৃষ্টিভংগীক প্ৰতিফলিত কৰে আৰু লজিষ্টিক খৰচ হ্ৰাস কৰাত, উদ্যোগিক বিকাশ ত্বৰান্বিত কৰাত আৰু উপকূলীয় অঞ্চলত নতুন সুযোগ সৃষ্টি কৰাত সহায় কৰিছে।”
প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ পৰিৱৰ্তন সন্দৰ্ভত ভাষণ দি শ্ৰী মোদীয়ে কয় যে এনে এটা সময় আছিল যেতিয়া ভাৰত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা আমদানিকাৰক দেশৰ ভিতৰত আছিল, যিটোৱে কৌশলগত আৰু সুৰক্ষাজনিত প্ৰত্যাহ্বান সৃষ্টি কৰিছিল। তেওঁ কয় যে ২০১৪ চনত ক্ষমতালৈ অহাৰ পিছত বৃহৎ নীতি সংস্কাৰ আৰু প্ৰতিৰক্ষা উৎপাদনত আত্মনিৰ্ভৰশীলতাৰ ওপৰত দিয়া গুৰুত্বৰ জৰিয়তে এই পৰিস্থিতি সলনি কৰাৰ এক সংহত প্ৰচেষ্টা চলোৱা হৈছিল। তেওঁ কয়, “এই প্ৰচেষ্টাসমূহে প্ৰতিৰক্ষা ডিজাইন, উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত নতুন সুযোগ মুকলি কৰিছে। ভাৰতৰ মুঠ প্ৰতিৰক্ষা উৎপাদন, যিটো ২০১৪ চনত প্ৰায় ৪০,০০০ কোটি টকা আছিল, সেয়া এতিয়া প্ৰায় ১.৮ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰা শক্তিশালী, আত্মনিৰ্ভৰশীল আৰু গোলকীয় প্ৰতিযোগিতামূলক প্ৰতিৰক্ষা উদ্যোগ গঢ়ি তোলাৰ দিশত উল্লেখযোগ্য অগ্ৰগতি প্ৰতিফলিত হৈছে।” শ্ৰী মোদীয়ে কয় যে যোৱা বাৰ বছৰত হোৱা অগ্ৰগতিৰ দ্বাৰা প্ৰমাণিত হৈছে যেতিয়া নীতিসমূহ স্পষ্ট হয়, দিশ সঠিক হয় আৰু সকলো অংশীদাৰে ৰাষ্ট্ৰীয় উন্নয়নৰ বাবে একেলগে কাম কৰে তেতিয়া কিমান উল্লেখযোগ্য পৰিৱৰ্তন সম্ভৱ।
ভাৰতৰ চহকী সামুদ্ৰিক ঐতিহ্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়াই দেশৰ সামুদ্ৰিক ঐতিহ্যৰ বিষয়ে আলোচনা হয় তেতিয়াই পশ্চিমবংগৰ কথা স্বাভাৱিকতে মনলৈ আহে। তেওঁ উল্লেখ কৰে যে বিশ্বৰ সৈতে ভাৰতৰ সামুদ্ৰিক সম্পৰ্কত বংগই ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ উল্লেখ কৰে যে হুগলী নদীৰ পানীয়ে ইতিহাসৰ পৰিৱৰ্তিত পৰ্যায়, বাণিজ্যৰ বিকাশ, উন্নয়নৰ নতুন যাত্ৰাৰ সাক্ষী হৈ আহিছে। তেওঁ লগতে উল্লেখ কৰে যে বংগপুত্ৰ তথা ভাৰতৰ প্ৰথম উদ্যোগ মন্ত্ৰী ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে বন্দৰটোৰ নামকৰণ কৰা হৈছে, যাৰ ফলত এই অনুষ্ঠানটো আৰু বিশেষ হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে অনাগত বছৰবোৰত পশ্চিমবংগ ভাৰতৰ নীলা অৰ্থনীতি, সামুদ্ৰিক উৎপাদন, লজিষ্টিক আৰু উপকূলীয় উন্নয়নৰ বাবে এটা ডাঙৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’বলৈ সাজু হৈছে।
শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতে সদায় মহাসাগৰক সহযোগিতা আৰু সংযোগৰ মাধ্যম হিচাপে লৈ আহিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে “সমৃদ্ধি ৰক্ষাৰ বাবে নিৰাপত্তা অতি প্ৰয়োজনীয়, আনহাতে ভৱিষ্যত গঢ়ি তোলাৰ বাবে আত্মনিৰ্ভৰশীলতা অতি প্ৰয়োজনীয়। আই এন এছ অগ্ৰে, আই এন এছ দুনাগিৰি আৰু আই এন এছ সংশোধকে এই আদৰ্শসমূহক মূৰ্ত কৰি তুলিছে আৰু ই এনে এক ৰাষ্ট্ৰৰ প্ৰতীক, যি নিজৰ সামৰ্থ্যৰ প্ৰতি ক্ৰমান্বয়ে সচেতন, নিজৰ শক্তিৰ ওপৰত আত্মবিশ্বাসী আৰু একবিংশ শতিকাত নবীকৃত শক্তি আৰু উদ্দেশ্যৰে আগবাঢ়ি যাবলৈ দৃঢ়প্ৰতিজ্ঞ।”
ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ নৌসেনাৰ সকলো বিজ্ঞানী, অভিযন্তা, কৰ্মচাৰী আৰু সকলো নাগৰিককে এই সফলতাসমূহৰ বাবে অৱদান আগবঢ়োৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰি ভাৰতৰ সামুদ্ৰিক আৰু প্ৰতিৰক্ষা খণ্ডই দেশৰ সুৰক্ষা, সমৃদ্ধি আৰু বিশ্বজোৰা সুনাম অধিক শক্তিশালী কৰি ৰাখিব বুলি বিশ্বাস প্ৰকাশ কৰে।
A milestone for India’s maritime security! Speaking at the Tri Commissioning ceremony of INS Agray, INS Dunagiri and INS Sanshodhak in Kolkata. @indiannavy https://t.co/obmbDiY4T0
— Narendra Modi (@narendramodi) June 21, 2026
***
MJPS/SS/VJ/KD
A milestone for India’s maritime security! Speaking at the Tri Commissioning ceremony of INS Agray, INS Dunagiri and INS Sanshodhak in Kolkata. @indiannavy https://t.co/obmbDiY4T0
— Narendra Modi (@narendramodi) June 21, 2026
INS अग्रय, INS दूनागिरी और INS संशोधक को भारतीय नौसेना में शामिल किया गया है: PM @narendramodi
— PMO India (@PMOIndia) June 21, 2026
आज 21 जून को World Hydrography Day के रूप में भी मनाया जाता है।
— PMO India (@PMOIndia) June 21, 2026
और यह बहुत ही अद्भुत संयोग है कि आज के दिन हमने भारत का सबसे advanced hydrography जहाज़ “INS संशोधक” कमीशन किया है: PM @narendramodi
जिस देश का समुद्री सामर्थ्य मजबूत होगा... उसका आर्थिक और रणनीतिक प्रभाव भी उतना ही मजबूत होगा।
— PMO India (@PMOIndia) June 21, 2026
और भारत इस वास्तविकता को अच्छी तरह से समझता है।
भारत इसके लिए स्वयं को तैयार कर रहा है: PM @narendramodi
INS विक्रांत से लेकर आज तक की यात्रा केवल नए युद्धपोतों की यात्रा नहीं है।
— PMO India (@PMOIndia) June 21, 2026
यह भारत की बढ़ती आत्मनिर्भरता की यात्रा है।
आज INS अग्रय, INS दूनागिरी और INS संशोधक उसी यात्रा को नई गति दे रहे हैं: PM @narendramodi
भारत ने शिपबिल्डिंग क्षेत्र के लिए एक नई दृष्टि के साथ आगे बढ़ना शुरू किया है।
— PMO India (@PMOIndia) June 21, 2026
हाल के वर्षों में अनेक पॉलिसी रिफॉर्म्स किए गए हैं।
घरेलू निर्माण क्षमता बढ़ाने के लिए विशेष कदम उठाए गए हैं।
शिपबिल्डिंग, शिप रिपेयर तथा MRO को एक बड़े राष्ट्रीय मिशन के रूप में देखा जा रहा है: PM
भारत ने हमेशा से समुद्र को सहयोग का माध्यम माना है।
— PMO India (@PMOIndia) June 21, 2026
लेकिन भारत ये भी जानता है कि शांति की रक्षा के लिए सामर्थ्य आवश्यक है।
समृद्धि की रक्षा के लिए सुरक्षा आवश्यक है।
और भविष्य के निर्माण के लिए आत्मनिर्भरता अनिवार्य है।
आज INS अग्रय, INS दूनागिरी और INS संशोधक इसी भावना के…