পি এম ইণ্ডিয়া
ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণলৈ অহা জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো ক’ইজুমিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে ২০২৬ চনৰ জুলাই মাহত ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ সময়ত ভাৰত ভ্ৰমণ কৰা জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচিৰ সৈতে হোৱা বিশদ আলোচনাৰ কথা স্মৰণ কৰে। তেওঁ লগতে ভাৰত আৰু জাপানৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ অবিৰত গতিৰো শলাগ লয়।
প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু জাপানৰ মাজত বিশেষ কৌশলগত আৰু বিশ্বজোৰা অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ বাবে তেওঁৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু ইয়াৰ বাহিৰত শান্তি, স্থিতিশীলতা তথা সমৃদ্ধি বৃদ্ধিৰ ক্ষেত্ৰত ভাৰত-জাপান প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীয়ে জাপানৰ বাবে প্ৰতিৰক্ষা খণ্ডত ভাৰতীয় কোম্পানী আৰু ষ্টাৰ্ট-আপৰ সৈতে অংশীদাৰিত্ব কৰাৰ সুযোগসমূহৰ ৰূপৰেখা দাঙি ধৰে, বিশেষকৈ ‘মেক ইন ইণ্ডিয়া’ৰ অদীনত সহ-উন্নয়ন আৰু সহ-উৎপাদনৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে ।
প্ৰতিৰক্ষা মন্ত্ৰী ক’ইজুমীয়ে প্ৰধানমন্ত্ৰীক দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে আৰু ভাৰতৰ সৈতে সম্পৰ্ক গভীৰ কৰাৰ দিশত জাপান চৰকাৰৰ অবিৰত দায়বদ্ধতাৰ কথা পুনৰ দৃঢ় কৰে।
***
MJPS/SS/ST/DM
Pleased to receive Defence Minister of Japan Shinjiro Koizumi. Had an excellent conversation on deepening defence and security ties between India and Japan. Our Special Strategic and Global Partnership is an important anchor for peace, stability and prosperity in the Indo-Pacific… pic.twitter.com/jHbV6cd6fG
— Narendra Modi (@narendramodi) August 20, 2026