Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত তামিলনাডু আৰু তেলেংগনাত দুখন নতুন এইমছ স্থাপনত কেবিনেটৰ অনুমোদন 


         প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে তামিলনাডুৰ মাডুৰাইত ১,২৬৪কোটি আৰু তেলেংগনাৰ বিবিনগৰত ১,০২৮ কোটি টকা ব্যয় সাপেক্ষে দুখন নতুন এইমছ স্থাপনত অনুমোদন জনাইছে৷ প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত এইমছ দুখন স্থাপন কৰা হৈছে৷

কেন্দ্ৰীয় কেবিনেটে দুয়োখন এইমছৰ বাবে এগৰাকীকৈ অধ্যক্ষ নিযুক্তিতো অনুমোদন জনায়৷ তেওঁলোকৰ আৰম্ভণি দৰমহা হ’ব ২,২৫,০০০টকা৷   

উপকাৰঃ

  • প্ৰত্যেক নতুন এইমছত ১০০ এমবিবিএছ আৰু ৬০ বি.এছচি নাৰ্ছৰ আসন সন্নিবিষ্ট হ’ব৷
  • প্ৰত্যেক নতুন এইমছত ১৫-২০টা ছুপাৰ স্পেচিয়েলিটী বিভাগ থাকিব৷
  • প্ৰত্যেক নতুন এইমছত প্ৰায় ৭৫০ হস্পিটাল বিছনা উপলব্ধ হ’ব৷
  • বৰ্তমানৰ কাৰ্যক্ষম এইমছৰ পৰিসংখ্যা অনুসৰি, প্ৰত্যেকখন নতুন এইমছে দৈনিক প্ৰায় ১৫০০ আউটড’ৰ ৰোগী আৰু মাহেকত প্ৰায় ১০০০ ইনড’ৰ ৰোগীক চিকিৎসা সুবিধা আগবঢ়াব৷

প্ৰকল্পৰ সবিশেষঃ

নতুন এইমছৰ সৈতে হস্পিতাল, মেডিকেল আৰু নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে শিক্ষা ব্ল’ক, আৱাসিক চৌহদ স্থাপন আৰু আনুসংগিক সা-সুবিধা উপলব্ধ কৰোৱাৰ ব্যৱস্থা জড়িত হৈ আছে৷ নতুন এইমছ স্থাপনৰ লক্ষ্য হ’ল উন্নত মানৰ স্বাস্থ্যসেৱা, চিকিৎসা শিক্ষা, নাৰ্ছিং শিক্ষা আৰু গৱেষণাৰ সুবিধা আগবঢ়োৱা৷

প্ৰস্তাৱিত এইমছত জৰুৰীকালীন/ট্ৰাউমা বেড, আয়ুস বেড, প্ৰাইভেট বেড, আইচিইউ স্পেচিয়েলিটী আৰু ছুপাৰ স্পেচিয়েলিটী বেড সন্নিবিষ্ট এখন ৭৫০ আসনযুক্ত চিকিৎসালয় থাকিব লাগিব৷ তদুপৰি, এখন মেডিকেল কলেজ, আয়ুস ব্ল’ক, প্ৰেক্ষাগৃহ, নৈশ আশ্ৰয়গৃহ, অতিথিশালা, হোষ্টেল আৰু আৱাসিক সুবিধা থকা উচিত৷

তামিলনাডু আৰু তেলেংগনাত নতুন এইমছ স্থাপনৰ বাবে ৪৫ মাহ সময় ধাৰ্য কৰা হৈছে৷ নিৰ্মাণ আৰু পৰিচালনা ব্যয় কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত বহন  কৰিব৷

প্ৰভাৱ:

নতুন এইমছ স্থাপনে কেৱল স্বাস্থ্য শিক্ষা আৰু প্ৰশিক্ষণ ক্ষেত্ৰলৈ পৰিৱৰ্তন কঢ়িয়াই অনাই নহয় ৰাজ্য দুখনত স্বাস্থ্যসেৱা প্ৰ’ফেছনেলৰ অভাৱো দূৰ কৰিব৷ নতুন এইমছে জনসাধাৰণক ছুপাৰ স্পেচিয়েলিটী স্বাস্থ্যসেৱা আগবঢ়োৱাৰ সমান্তৰালকৈ এক বৃহৎ পৰিমাণৰ চিকিৎসক আৰু আন স্বাস্থ্য কৰ্মী সৃষ্টি কৰিব৷

নিয়োগ সৃষ্টিঃ     

নতুন এইমছ স্থাপনে উক্ত অঞ্চলৰ প্ৰায় ৩০০০ লোকক ফেকাল্টী অথবা নন-ফেকাল্টী পদত সংস্থাপনৰ সুবিধা দিব৷ নতুন এইমছ স্থাপনৰ লগে লগে শ্ব’পিং চেণ্টাৰ, কেণ্টিন আদিৰ দৰে সেৱাত অপ্ৰত্যক্ষ সংস্থাপনো সৃষ্টি কৰিব৷

পটভূমিঃ

প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত তামিলনাডু এইমছ ২০১৫-১৬ বাজেট ভাষণত আৰু বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছিল৷ একেদৰে ২০১৮ৰ এপ্ৰিলত তেলেংগনাত এইমছ স্থাপনৰ কথা ঘোষণা কৰা হৈছিল৷

****

AKT/SH/MS