Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ ২০২০ৰ বিজয়ীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা বাৰ্তালাপৰ অসমীয়া অনুবাদ


ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বিজয়ীসকললৈ মোৰ তৰফৰ পৰা অশেষ অভিনন্দন৷ আপোনালোকে অভিনন্দন গ্ৰহণ কৰি কৰি বোধহয় ভাগৰি পৰিছে৷ অভিনন্দন বহু হৈছে নহয় জানো? কম হৈছে নে বেছি হৈছে; এনেকুৱাতো হোৱা নাই নহয় জানো? আচ্ছা, ইয়ালৈ অহাৰ সময়ত শিক্ষাগুৰুৱে বোধহয় আপোনালোকক কৈ পঠিয়াইছে যে সম্পূৰ্ণ শৃংখলাৱদ্ধ হৈ থাকিবা, হাত-ভৰি নলৰাবা, এনেকৈ কৈছে নহয় জানো? হয়…এয়া গৰবৰি কথা৷ ইয়ালৈ আহি আপোনালোকৰ কেনে লাগিছে? অৰ্থাৎ ইয়াৰে বতৰটো ভাল পাইছেনে? ৰাষ্ট্ৰপতি ভৱন দেখা পাইছে…আৰু কি দেখা পাইছে? তৰু-তৃণ?

আপোনালোকৰ কিমানজনে প্ৰথমবাৰলৈ দিল্লীলৈ আহিছে? আচ্ছা, সকলোৱে এবাৰ এবাৰ আহিছে…সকলো পৰিচিত৷ এই যে পিছফালে বহি আছে, কেৱল তেওঁলোকৰ বাবে মোৰ এই প্ৰশ্ন নহয়…এয়া সকলোৰে বাবে৷ অন্যথা প্ৰম্পটিং পিছফালৰ পৰা হ’ব ধৰিছে৷

অৱশ্য দিল্লীলৈ অহাটো এক অন্য ধৰণৰ উৎসাহ, মই এয়াও জানো যে আপোনালোক ঘৰলৈ উভটি যাবলৈও উদগ্ৰীব হৈ পৰিছে৷ আপোনালোকৰ নিশ্চয় মনত এই ভাৱ হৈছে যে সোনকালে ঘৰলৈ গৈ বন্ধুসকলক এই কথা কও, ফটো দেখুৱাও, নিজৰ বঁটাসমূহ দেখুৱাও, দিল্লীৰ অভিজ্ঞতা শুনাও, দিল্লীৰ শীত কেনে, এইবোৰ কথা ক’বলৈ মন গৈছে নহয় জানো? সকলোৰে এনে হয়, নিজৰ বন্ধুক ভাল-ভাল কথা ক’বলৈ সকলোৰে মন হয়৷ আপোনালোকৰ নহয়?

এই সমগ্ৰ যাত্ৰাটোত অলেখ কাহিনী ওলাব, যি আপোনালোকে শুনাবলৈ বিচাৰিব৷ আপোনালোকে নক’লেও আপোনালোকৰ মনে এয়া বিচাৰিছে৷ প্ৰথমেই গৈ আইতাক গৈ এয়া ক’বই লাগিব, এনে মনে বিচাৰিছে৷ আৰু কিছুমানে গৈ ঘৰলৈ ক’ব যে চাওক, আপোনালোক মোক সকলো কথাতে মানা কৰি থাকে নহয়, এতিয়া গম পালে নে যে মই ভাল কামো কৰো৷ আপোনালোকে ঘৰলৈ গৈ মা-দেউতাক গালি দিব? ক’ব- চোৱা, চোৱা, ৰাষ্ট্ৰপতি মহোদয়ৰ সৈতে আমাৰ ফটো আছে, আমি বঁটা লৈ আহিছো, এনেকুৱা কৰিব নহয় জানো? এনেকুৱা হ’ব পাৰেনে যে মনে মনে যাবগৈ৷ কেতিয়াও নকৰে, নহয় জানো?

এইদৰে কি শৈশৱ হেৰুৱাই পেলাইছে আপোনালোকে? আৰে, শৈশৱ জীয়াই ৰাখিব লাগে৷ আপোনালোকৰ শৈশৱ হেৰুৱাই গৈছে৷ যাৰ নিজৰ মাক-দেউতাকক গৈ এয়া ক’ম, সেয়া ক’ম, এইবোৰ কৰিবলৈ মন নাযায়, তাৰ অৰ্থ হ’ল আপোনালোকে শৈশৱ হেৰুৱাই পেলাইছে৷ আপোনালোকক অকলশৰীয়াকৈ এৰি নিদিয়ে, মা-দেউতা পিছে পিছে লাগি থাকে? তেওঁলোকৰ বিশ্বাস নাই, সৰু ল’ৰা, কি কৰিব, এনেকুৱা ভাৱ হয়, নহয় জানো? অহাবাৰ তেওঁলোকক ক’ব যে মোক অকলশৰীয়াকৈ ক’ৰবালৈ যাবলৈ দিয়ক৷

কিছুদেৰী পূৰ্বে যেতিয়া আপোনালোকৰ পৰিচয় পৰ্ব চলি আছিল, মই আচৰিত হৈ গৈছিলো৷ ইমান কম আয়ুত যিদৰে আপোনালোকে ভিন্ন ভিন্ন ক্ষেত্ৰত অসাধাৰণ কা মকৰি দেখুৱাইছে, এনেকুৱা প্ৰয়াস কৰিছে, আজিৰ পিছত আপোনালোকৰ আৰু এনেকুৱা কাম কৰিবলৈ মন যাব৷ আৰু অধিক ভাল কাম কৰিবলৈ মন যাব৷

আৰু মই ভাবো যে এই যি বঁটা-বাহন আদি আছে, সেয়াই অন্তিম লক্ষ্য হ’ব নালাগে৷ এয়া এক প্ৰকাৰে আৰম্ভণি হ’ব লাগে৷ যেতিয়া কোনোৱে স্বীকৃতি লাভ কৰে তেতিয়া মন ভাল লাগে৷ এক প্ৰকাৰে ইয়াক জীৱনৰ শুভাৰম্ভ হিচাপে বিবেচনা কৰিব লাগে৷ আৰু আপোনালোকে কঠিন পৰিস্থিতিৰ সৈতে যুঁজ কৰি সাহস দেখুৱাইছে৷ আপোনালোকৰ মাজৰ পৰা এনে সাহসী শিশু আছে যিয়ে গম্ভীৰ ৰোগৰ পৰা মানুহক মুক্ত কৰাৰ বাবে, ইজ অব্ লিভিঙৰ বাবে নতুন নতুন উদ্ভাৱন কৰিছে৷ কোনোবাই কলা আৰু সংস্কৃতিত, কোনোবাই ক্ৰীড়াত, কোনোবাই শিক্ষা সাহিত্যত, কোনোবাই সমাজ সেৱাত, বিভিন্ন ক্ষেত্ৰত আপোনালোকে নিজৰ যোগদান আগবঢ়াইছে৷ আপোনালোকে সমাজৰ প্ৰতি, ৰাষ্ট্ৰৰ প্ৰতি নিজৰ কৰ্তব্য….আপোনালোকে বোধহয় দেখিছিল, মই লালকিল্লাৰ পৰা এটা কথা কৈছিলো, কাৰোবাৰ মনত আছে নেকি…লালকিল্লাৰ পৰা কিবা এটা কৈছিলো৷ মনত আছে? বহু কথা কৈছিলো৷ এটা কথা মই কৈছিলো- ‘কৰ্তব্যত গুৰুত্ব’৷ অধিকাংশই আমি অধিকাৰত গুৰুত্ব দিও৷ দেশৰ স্বাধীনতাৰ ৭৫ বৰ্ষ সম্পূৰ্ণ হোৱাৰ পথত, কিমান দিন আমি নিজৰ অধিকাৰক গুৰুত্ব দি থাকিম? এতিয়া কৰ্তব্যৰ ওপৰতো গুৰুত্ব দিব লাগে নে নালাগে? কৰ্তব্যক প্ৰাথমিকতা দিব লাগে নে অধিকাৰক প্ৰাথমিকতা দিব লাগে? হয়নে, সকলো সহমত নে? আহক, আজি আমি এক আইন গৃহীত কৰো৷
চাওক, আপোনালোকে নিজৰ সমাজৰ প্ৰতি, ৰাষ্ট্ৰৰ প্ৰতি নিজৰ কৰ্তব্যৰে আৰু তেওঁলোকৰ বাবে যিদৰে সজাগ, এয়াই কেৱল আপোনাৰ পিতৃ-মাতৃকেই নহয়, আপোনালোকৰ পৰিয়াল, যিয়ে আপোনালোকৰ বিষয়ে জানিব তেওঁৰেই গৰ্ব হ’ব, তেওঁলোকৰ নিশ্চয়কৈ গৌৰৱ হ’ব৷

মই এটা কাম কৰিম৷ আপোনালোকৰ ফটোৰ সৈতে আপোনালোকৰ যি কাহিনী আছে, সেয়া মই ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিশ্বত প্ৰচাৰ কৰিম৷ প্ৰতিগৰাকীয়ে কি কৰিলে, ক’ৰ পৰা আহিছে, সেয়া লিখিম মই৷ কিন্তু কিবা ভুল হ’লে আপোনালোকে খং নকৰিব, কাৰণ কেতিয়াবা কেতিয়াবা তথ্যও ভুল হয়৷

চাওক বন্ধুসকল, চাবলৈ গ’লে আপোনালোকৰ বয়স বহু কম, কিন্তু আপোনালোকে জানে যে আপোনালোকে যি কাম কৰিছে সেয়া কৰাটো দুৰৰৈ কথা, চিন্তা কৰোঁতেও ডাঙৰ ডাঙৰ লোকৰ ঘাম ওলাই যায়৷ আপোনালোকৰ মাজৰ পৰা যিসকলে উদ্ভাৱন কৰিছে, যেতিয়া আপোনালোকে শিক্ষকক এই বিষয়ে কয়, তেতিয়া বোধহয় তেওঁও এইদৰে কয় যে মোক বিৰক্ত কৰি নাথাকিবা, ইয়াৰ পৰা যোৱা৷ তেওঁ ভাবে যে এই ল’ৰাটো ইমান উজ্বল, ই ওলোটাই মোকেই পঢ়ায়৷ এনেকুৱা হয়, নহয় জানো? চাওক, মই এটা কথা কও, আপোনালোকে নিজৰ বন্ধু আৰু শিক্ষকক নিশ্চয়কৈ ক’ব৷ মই আপোনালোক যুৱ বন্ধুৰ এনে সাহসিকতাৰ কথা যেতিয়াই শুনো, আপোনালোকৰ সৈতে কথা পাতো, তেতিয়া মইও অনুপ্ৰাণিত হও, আপোনালোকৰ পৰা কিবা এটা শিকিব পাৰো৷ অলপতে এজন শিশুৱে মোক সুধিলে যে আপুনি ইমান কাম কৰে, মাৰ কথা মনত নপৰে; মনত পেলালে সকলো ভাগৰ আঁতৰি যায়৷

বন্ধুসকল, আপোনালোকৰ দৰে শিশুসকলৰ ভিতৰত লুকাই থকা এই প্ৰতিভাক উদগনি দিবলৈ এই ৰাষ্ট্ৰীয় পুৰস্কাৰৰ পৰিসৰ বৃদ্ধি কৰা হৈছে৷ আৰু এই পুৰস্কাৰ কেৱল আপোনালোকে পাইছে, এনে নহয়, ইয়াৰ জৰিয়তে সমগ্ৰ দেশৰ শিশুসকলৰ ধ্যান ইয়াৰ ওপৰত কেন্দ্ৰিত হয়৷ এক প্ৰকাৰে আপোনালোক তেওঁলোকৰ বাবে নায়ক হৈ পৰে, তেওঁলোকৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰে৷ জম্মু-কাশ্মীৰৰ কোনো শিশু, লাডাখৰ কোনো শিশু, নাগালেণ্ডৰ কোনো শিশুৱে, কেৰেলাৰ কোনো শিশুৰ এই কথা শুনিলে তেওঁলোকৰো ভাল লাগিব৷ আচ্ছা, আমাৰ দেশৰ শিশুৱে এনে কাম কৰিছে? ইয়াৰ জৰিয়তে স্বয়ংভাৱেই এক প্ৰভাৱৰ সৃষ্টি হয়৷ কিন্তু কেতিয়াবা কেতিয়াব কি হয়, যেতিয়া নাম প্ৰকাশ হয়, বাতৰি কাকতত নাম প্ৰকাশ পালে তেতিয়া ভূমিৰ পৰা আমি দুই-তিনি ফুট ওপৰলৈ উঠি যাও, এনেকুৱা হয়, নহয় জানো? ঘৰতো..মোক একো কামৰ কথা নক’ব, মই ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছো, এনেকুৱা হয়, নহয় জানো? আপোনালোকেও এনে কৰিব নেকি? ভূমিত ভৰি থাকিব নে?

অধিকতম লোকৰ জীৱনলৈ দুটা পৰ্যায় আহে- এটা সহজভাৱে ভাল কাম কৰি গৈ থাকে আৰু যেতিয়াই কোনো স্বীকৃতি লাভ তেতিয়া তেওঁলোক গৌৰৱত ফুলি উঠে আৰু এনেকুৱা ভাৱত চলে যে আন একো নতুন কাম কৰিব নোৱাৰা হৈ পৰে৷ তেওঁলোকে ভাবে যে, হৈ গ’ল, ফটো প্ৰকাশ হ’ল, দিল্লীলৈ আহিলো, ৰাষ্ট্ৰপতি ভৱনলৈ আহিলো, আৰু কি কৰিবলগীয়া আছে৷ জীৱনত সকলো কৰিলো৷ জীৱন ইমান সৰু নহয়৷

আনটো হ’ল- যদি কিবা ভাল কাম কৰে, ক’ৰবাত স্বীকৃত হয় তেন্তে সেয়া নিজৰ অনুপ্ৰেৰণা জ্ঞান কৰি প্ৰতিজ্ঞাবদ্ধ হয় আৰু তাক পুৰুষাৰ্থ কৰাৰ পথ অন্বেষণ কৰে আৰু নতুন নতুন বস্তু সন্ধান কৰাৰ বাবে থমকি নৰয়, ভাগৰি নপৰে৷
মই আপোনালোকক প্ৰথম অভ্যাসটো জীৱনলৈ নানিবলৈ আহ্বান জনাইছো৷ এতিয়া যি পাইছে, সেয়া একোৱেই নহয়, এনেকৈ ভাবি লওক৷ ঠিক আছে, এতিয়া আৰু মই বহু কাম কৰিব লাগিব, দেশক বহু কিবা কিবি দিব লাগিব, নিজকে এইদৰে প্ৰস্তুত কৰক৷ এই ভাৱনা লৈ যদি আগবাঢ়ে তেন্তে দেখিব আপোনালোকে বহু আনন্দ পাব, নতুন বহু কথা শিকিবলৈ পাব৷ তেন্তে আপোনালোকে কওক, প্ৰথমটো পথত আগবাঢ়িব নে দ্বিতীয়টো পথত? কিমানজন লোক প্ৰথমটো পথত আগবাঢ়িব, হাত ওপৰলৈ তোলক৷ আচ্ছা, এতিয়া দ্বিতীয়টো পথত যিসকলে আগবাঢ়িব তেওঁলোক কোন হয়? ইয়াৰ অৰ্থ হ’ল যে আপোনালোকে মোৰ কথা বুজি পোৱা নাই৷ মই এয়া কৈ আছিলো যে এটা এনেকুৱা পথ আছে যি প্ৰথমটো পথ য’ত, যাক আপোনালোকে অন্তিম বুলি নাভাবে, ইয়াক আপোনালোকে আৰম্ভণি বুলি ভাবে৷ আপোনালোকৰ ভৰি ভূমিৰ পৰা আঁতৰি নাযায়, আপোনালোক বতাহত উৰি নুফুৰে আৰু অধিক কাম কৰাৰ সংকল্প গ্ৰহণ কৰে, এয়া হ’ল প্ৰথমটো পথ৷ দ্বিতীয়টো হ’ল- বহু হ’ল, এতিয়া ফটো প্ৰকাশ হ’ল, টিভিত ওলালো, এতিয়া আৰু কি কৰিবলগীয়া আছে, শুই পৰো৷ তেন্তে কওক, প্ৰথমটো নে দ্বিতীয়টো? নিশ্চয়, চাওক, প্ৰথমে ভুল কৰিছিল নে?

আচ্ছা, মই আপোনালোকক কিছুমান প্ৰশ্ন কৰিম৷ আপোনালোকৰ মাজৰ কিমানজন এনে লোক আছে যাৰ দিনটোত গোটেই শৰীৰ ঘৰ্মাক্ত হৈ পৰে, সেয়া লাগিলে শীতেই হওক অথবা গৰমৰ দিনতেই হওক৷ যিসকলৰ দিনৰ চাৰি বাৰ ঘাম ওলায়, কিদৰে ওলায়, ৰ’দত থিয় হৈ থাকে? ৰাতিপুৱাৰ অনুশীলনত? আৰু কোনোবা? চাওক, এজনো শিশু এনে হ’ব নালাগে, আপোনালোকে নিজৰ বন্ধুসমূহকো কওক যে দিনটোত চাৰিবাৰ ঘাম নোলোৱা শিশু থাকিব নালাগে৷ মোক কোনোবা এজনে বহু বছৰ পূৰ্বে এটা প্ৰশ্ন কৰিছিল যে আপোনাৰ মুখৰ এই দ্বীপ্ত আভাসৰ ৰহস্য কি? মই অতি সহজ উত্তৰ দিলো৷ মই ক’লো- মোৰ শৰীৰৰ পৰা ইমান ঘাম ওলাই, মই পৰিশ্ৰম কৰো আৰু সেই ঘামেৰে মই মালিচ কৰো, সেইবাবে এই উজ্বলতা৷ আচ্ছা, আপোনালোকৰ মাজৰ পৰা কেইজন আছে যিয়ে থিয়ই থিয়ই পানী খায়, বহি নাখায়? এনে কেইজন আছে? চাওক, যেতিয়া পানী খাব তেতিয়া বহি খাব৷ সৰু কথা কিন্তু আপোনালোকক কোনোবাই এই জ্ঞান দিব, মই এতিয়া তালৈ নাযাও৷ কৰিবনে আপোনালোকে?

আচ্ছা, আপোনালোকৰ মাজৰ পৰা কেইজন এনে আছে যিয়ে ঔষধৰ দৰে পানী খায়? কিছুমান এনে লোক আছে যিয়ে জুচৰ দৰে পানী খাই, পানীৰ পৰাও আনন্দ লয়৷ কিছুমান লোকে ঔষধৰ দৰে…আপোনালোকৰ মাজত এনে কেইজন আছে যিয়ে পানীৰ সোৱাদ লৈ খায়, আনন্দেৰে খায়? আপোনালোকে চেষ্টা কৰক, পানীৰো সোৱাদ থাকে, সেয়া শৰীৰৰ বাবে অতিশয় লাভদায়ী, আপোনালোকে সেয়া উপভোগ কৰক৷ ঔষধৰ দৰে পানী এনেকৈ স্পৰ্শ কৰিলে, এনে নকৰিব৷ কৰিব নে? আপোনালোকে ক’ব- এনেকৈ কি লাভ হ’ব, মায়ে ক’ব পঢ়া, মই পাঁচ মিনিট পৰ্যন্ত পানী খাই আছো, কাজিয়া হৈ যাব নহয় জানো? কেতিয়াবা কেতিয়াবা মায়ে গাখীৰ লৈ আহে, মাৰ কাম থাকে, টিভি ছিৰিয়েল চলি আছে, মায়ে কয়, সোনকালে গাখীৰ খোৱা, তেতিয়া আপোনালোকে গাখীৰো ঔষধৰ দৰে খায়, কাৰণ মায়ে ছিৰিয়েল চাবলৈ আছে৷ এনেকুৱা হয়, নহয় জানো? কোনখন ছিৰিয়েল- ছাছ ভি কভী বহু থী?

সৰু সৰু কথা আছে, আমি শৈশৱতে শৰীৰত যিবোৰ অভ্যাস গঢ়ি লও সেয়াই জীৱনটো ধৰি চলে আৰু মনতো সেই চাপ ৰৈ যায়৷ আপোনালোকে জানে যে দেশত এটা অভিযান চলি আছে, ‘ফিট ইণ্ডিয়া’, জানেনে? কিমানজনে জানে? ফিট ইণ্ডিয়াৰ বাবে কোন দৰ্জীৰ ওচৰলৈ যায়? কোনে ফিট ইণ্ডিয়াৰ বাবে দৰ্জীৰ ওচৰলৈ যায়, তেন্তে ফিট ইণ্ডিয়াত কি কৰে কোনোবাই ক’ব নে? নহয়, কি কৰে? ব্যায়াম কৰিলে সামান্য হে হয়, কোনোবাই ক’ব মই সুৰ্য নমস্কাৰ কৰো, কোনোবাই ক’ব মই চাইক্লিং কৰো, কোনোবাই ক’ব মই সাঁতুৰো৷ আচ্ছা, আপোনালোকৰ মাজৰ পৰা কেইজনে তৎক্ষণাৎ গছ বগাব পাৰে আৰু নামি আহিব পাৰে৷ ঘৰৰ মানুহে চিঞঁৰিবলগীয়া হয় যে..আৰে, গছৰ পৰা নামি আহা, নামি আহা…এনে কেইজন লোক আছে৷

চাওক, সাহস- এয়া আমাৰ স্বভাৱতেই থাকিব লাগে৷ ইয়াত ভৰি ৰাখিলে পৰিম, এনেকুৱা কৰিলে তেনেকুৱা হ’ব…এনেদৰে জীৱন অতিবাহিত কৰিব নোৱাৰি৷ সাহসৰ বিনা জীৱন অসম্ভৱ৷ আপোনালোকে সৰু সৰু কথাত সাহস কৰাৰ অভ্যাস কৰিলে আগলৈ ইয়েই কামত দিব৷ আৰু আপোনালোকৰ দৰে শিশুৱে যেতিয়া কৰিব, তেতিয়া বাকী ৫০জনে চাব- চোৱা, এয়াও কৰে৷ ইমান পুৰস্কাৰ লাভ কৰিছে, তথাপিও ইমান পৰিশ্ৰম কৰে৷ ইমান মান-সন্মান লৈ আহিছে, কিন্তু চাওক, এয়া কাম কৰি আছে৷ ইয়াৰ ফলত কি হ’ব-বহুতে প্ৰেৰণা পাব? কৰিব নে? নিশ্চিতভাৱে কৰিব নে? পৰহিৰ ২৬ জানুৱাৰীৰ প্ৰস্তুতি? এনেকৈ আপোনালোকক শিকোৱা হৈছে… এনেকৈ কৰক৷ সোঁহাতেৰে কৰিব লাগিব নে বাঁও হাতেৰে কৰিব লাগিব? এয়া কোৱা নাই৷ যিফালে মানুহ থাকিব সিফালে কৰিব লাগিব৷ আৰে আমিতো পাঁচ মিটাৰত থাকিম বা দহ মিটাৰত থাকিম, বাকীতো ভিৰ বহু হ’ব৷

মোৰ ভাল লাগিল, আপোনালোকে আনন্দ কৰক আৰু দিল্লী ভ্ৰমণ কৰক৷ বিভিন্ন স্থানলৈ যাওক৷ আপোনালোকে গম পাব, লালকিল্লাত নেতাজী সুভাষ বাবুৰ, আন্দোলনকাৰীসকলৰ এক সুন্দৰ সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে৷ আপোনালোকে চাব নে? চাই আহক৷ আচ্ছা, ৱাৰ মেম’ৰিয়েল চালে? নাই চোৱা? ৱাৰ মেম’ৰিয়েলো চাবলৈ যাওক৷ আপোনালোকৰ ৰাজ্যৰ যিকেইজন বীৰ শ্বহীদ আছিল, তেওঁলোকৰ নাম পঢ়িব, ঘৰলৈ লিখি লৈ যাব৷ যদি ম’বাইল ফোন আছে তেন্তে ফটো ল’ব৷ চাওক, কৰ্ণাটকৰ এই বীৰ শ্বহীদৰ নাম আছে৷ সেয়া ফটো তুলি লৈ যাওক৷ প্ৰত্যেকেই নিজৰ নিজৰ ৰাজ্যৰ নাম বিচাৰিব লাগে৷ এনেই চাই আহিব নালাগে, যিবোৰ নাম লিখা আছে সেইসকলক লৈ গৌৰৱ কৰিব লাগে৷ ইয়াত এটা আৰক্ষী মেম’ৰিয়লো নিৰ্মাণ কৰা হৈছে, চাবলৈ যাবনে? আপোনালোকে জানে যে দেশত ৩৩ হাজাৰতকৈও অধিক আৰক্ষী আছে….. কেতিয়াবা কেতিয়াবা মানুহে আৰক্ষীক ঘৃণা কৰে, নহয় জানো? আৰক্ষীয়ে কয়, ইফালে যোৱা, চাইকেল ইয়াত নাৰাখিবা, খুউব খং উঠে নহয় জানো? ৩৩ হাজাৰ আৰক্ষী দেশৰ নাগৰিকৰ ৰক্ষাৰ বাবে স্বাধীনতাৰ পিছত শ্বহীদ হৈছে৷ এই সংখ্যা বহু ডাঙৰ, ৩৩ হাজাৰ৷ সেই আৰক্ষীসকলৰ প্ৰতি আদৰ, গৌৰৱৰ ভাৱ ৰাখিব লাগে৷ আপোনালোকে চাব, সামাজিক জীৱনত এক পৰিৱৰ্তনৰ সূচনা হ’ব৷ আৰক্ষী মেম’ৰিয়েল চালে আপোনালোকে অনুভৱ কৰিব, ইমান কাম এওলোকে কেনেদৰে কৰে? কৰিব নে? নিশ্চিতভাৱে কৰিব নে?

ঠিক আছে, বহুত বহুত ধন্যবাদ, আপোনালোকক৷ আপোনালোকলৈ অশেষ শুভকামনা থাকিল৷

***

वी आर आर के/ के पी/ एन एस/MANN