Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰবীণ অভিনেতা শ্ৰী চেলিম কুমাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰবীণ অভিনেতা শ্ৰী চেলিম কুমাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এক সুদীৰ্ঘ আৰু বিশিষ্ট কৰ্মজীৱনত চেলিম কুমাৰে  বিভিন্ন ধৰণৰ চৰিত্ৰত কৰা বহুমুখী তথা স্মৰণীয় অভিনয়েৰে এক সুকীয়া পৰিচয় ৰাখি থৈ গৈছে।

শ্ৰী মোদীয়ে এই শোকৰ মূহুৰ্তত প্ৰয়াত প্ৰবীণ অভিনেতাগৰাকীৰ পৰিয়ালবৰ্গ আৰু অগণন গুণমুগ্ধৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়:

“প্ৰবীণ অভিনেতা শ্ৰী চেলিম কুমাৰৰ বিয়োগত অতিশয় মৰ্মাহত হৈছোঁ। এক বিশিষ্ট কৰ্মজীৱনত তেওঁ নিজৰ বহুমুখী প্ৰতিভা আৰু বিভিন্ন চৰিত্ৰত কৰা স্মৰণীয় অভিনয়েৰে এক সুকীয়া চাপ ৰাখি থৈ গৈছে। এই শোকৰ মুহূৰ্তত তেওঁৰ পৰিয়াল আৰু অগণন গুণমুগ্ধৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।”

 

***

MJPS/SS/PRK/DB