Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সোঁৱৰণী প্ৰাৰ্থনা সভাত প্ৰধানমন্ত্ৰীৰ বক্তব্য প্ৰদান

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সোঁৱৰণী প্ৰাৰ্থনা সভাত প্ৰধানমন্ত্ৰীৰ বক্তব্য প্ৰদান

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সোঁৱৰণী প্ৰাৰ্থনা সভাত প্ৰধানমন্ত্ৰীৰ বক্তব্য প্ৰদান

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সোঁৱৰণী প্ৰাৰ্থনা সভাত প্ৰধানমন্ত্ৰীৰ বক্তব্য প্ৰদান


প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ সোঁৱৰণত নতুন দিল্লীত অনুষ্ঠিত কৰা প্ৰাৰ্থনা সভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বক্তব্য প্ৰদান কৰে৷

তেওঁ কয় যে জীৱনটো কিমান দীঘল সেয়া আমাৰ হাতত নাই, কিন্তু ই ‘কেনেকুৱা’ হ’ব সেয়া আমি নিৰ্ধাৰণ কৰিব পাৰোঁ৷ অটলজীয়ে তেওঁৰ জীৱনৰ মাজেদি ই কেনে হ’ব লাগে আৰু ইয়াৰ উদ্দেশ্য কি হ’ব লাগে সেয়া প্ৰকাশ কৰিছিল৷ অটলজীয়ে তেওঁৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত সাধাৰণ মানুহৰ বাবে অতিবাহিত কৰিছিল৷ যুৱ অৱস্থাৰ পৰা শৰীৰে তেওঁক সংগদান কৰালৈ অন্তিম পৰ্যন্ত তেওঁ দেশৰ বাবে জীৱন কটাইছিল৷ প্ৰধানমন্ত্ৰীয়ে কয় যে অটলজীয়ে দেশবাসীৰ বাবে, তেওঁৰ আদৰ্শৰ বাবে আৰু সাধাৰণ জনতাৰ প্ৰত্যাশাৰ বাবে জীৱন নিৰ্বাহ কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে বাজপেয়ীজীৰ ৰাজনৈতিক জীৱনৰ অধিকাংশ সময়ত তেওঁ বিকল্প আদৰ্শ ব্যক্তি কোনো নাছিল বুলি মন্তব্য কৰে৷ তেওঁ কয় যে একাষৰীয়াকৈ হ’লেও অটলজী নিজৰ আদৰ্শত অটল আছিল৷ তেওঁ বিৰোধী দলত বহু দিনৰ বাবে আছিল যদিও তেওঁৰ আদৰ্শক কোনেও স্পৰ্শ কৰিব পৰা নাছিল৷ শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বাজপেয়ীজীয়ে সংসদৰ সংস্কৃতিক সন্মান কৰিছিল আৰু যেতিয়াই সুবিধা পাইছিল তেতিয়াই জনতাৰ কল্যাণৰ বাবে কাম কৰিছিল৷

প্ৰতিটো মুহূৰ্ততে আপোনালোকে তেওঁৰ মাজত ‘অটল’ অনুভৱ কৰিবলৈ পাইছিল বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷ তেওঁ ১৯৯৮ চনৰ ১১ মে’ৰ দিনটো সোঁৱৰণ কৰি কয় যে সেইদিনা পাৰমাণৱিক পৰীক্ষণৰ দ্বাৰা বিশ্ববাসীক তেওঁ স্তম্ভিত কৰিছিল৷ বিশ্বজনীনভাৱে তীব্ৰ চাপ থকা স্বত্বেও তেওঁ শিৰনত নকৰি বিশ্বৰ সন্মুখত ভাৰতৰ ‘অটল’ শক্তি প্ৰদৰ্শন কৰিছিল, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

তেওঁ কয় যে বাজপেয়ীজীৰ নেতৃত্বত কোনো ধৰণৰ তিতা-কেঁহাৰ সন্মুখীন নোহোৱাকৈ তিনিখন ৰাজ্য গঠিত হৈছিল৷ বাজপেয়ীজীয়ে সংবদ্ধ সিদ্ধান্ত কিদৰে ল’ব লাগে সেয়া প্ৰদৰ্শিত কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে অটলজীৰ প্ৰথম প্ৰধানমন্ত্ৰীত্বৰ কালৰ কথা সোঁৱৰণ কৰি কয় যে কোনেও তেওঁক সমৰ্থন জনোৱা নাছিল আৰু সেইবাবে চৰকাৰ মাত্ৰ ১৩ দিনতে ভংগ হৈছিল৷ কিন্তু অটলজীয়ে আশা হেৰুওৱা নাছিল আৰু জনতাৰ সেৱা কৰি গৈছিল৷ মিত্ৰজোঁটৰ সময়ত তেওঁ পথ প্ৰদৰ্শন কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বাজপেয়ীজীয়ে কাশ্মীৰৰ প্ৰতি থকা বিশ্বৰ ধাৰণা পৰিৱৰ্তন কৰিবলৈ সমৰ্থ হৈছিল৷ তেওঁ সন্ত্ৰাসবাদৰ সমস্যাৰ বিৰুদ্ধে বিশ্বজনীনভাৱে কেন্দ্ৰীয় মঞ্চ গঠন কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে অটলজী সদায়েই আদৰ্শৰ প্ৰতিমূৰ্তি হৈ ৰ’ব৷ তেওঁ এটা দশকজুৰি ৰাজনৈতিক জীৱন আৰু ৰাজহুৱা জীৱনৰ পৰা যদিও আঁতৰত আছিল তথাপিও তেওঁৰ দেহান্তত দেশ শোকাভিভূত হৈছে৷ এয়াই তেওঁৰ মহানতা, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ তেওঁ কয় যে ভাৰতীয় মল্লযুঁজাৰা বজৰং পুনিয়া যি কেতিয়াও অটলজীক সোঁশৰীৰে লগ পোৱা নাই, তেওঁ কালি এছিয়ান গেমছত প্ৰাপ্ত কৰা সোণৰ পদকটো অটলজীলৈ উৎসৰ্গা কৰিছে৷

***

AKT/VJ/MANN