Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সন্মানাৰ্থে স্মাৰক মুদ্ৰা মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সন্মানাৰ্থে স্মাৰক মুদ্ৰা মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সন্মানাৰ্থে স্মাৰক মুদ্ৰা মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সন্মানাৰ্থে স্মাৰক মুদ্ৰা মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ


অটলজী আমাৰ মাজত আজি নাই৷ এই কথা মানি ল’বলৈ মোৰ মন প্ৰস্তুত নহয়৷ বোধহয় এনে ঘটনা খুব কমেই হয় যে কোনো এজন ব্যক্তিক ৰাজনৈতিক মঞ্চত আঠ ন বছৰলৈ দেখা নাযায়, ৰোগে আক্ৰমণ কৰাৰ ফলত সামাজিক জীৱন স্তব্ধ হৈ ৰৈছে, কিন্তু ইমান বৰ্ষৰ পিছতো, ইমান ব্যৱধানৰ পিছতো এক প্ৰকাৰে যেতিয়া সাৰ্বজনিক জীৱনত এটা প্ৰজন্মৰ পৰিৱৰ্তন হোৱাৰ পিছতো তেওঁৰ চিৰ বিদায়ৰ সময়ত দেশে যিদৰে আদৰ, সন্মান প্ৰদৰ্শন কৰিলে, দেশবাসীয়ে যিদৰে তেওঁৰ বিদায়ক অনুভৱ কৰিলে, এয়াই তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ তপস্যাৰ প্ৰকাশপুঞ্জীৰ ৰূপত আমি অনুভৱ কৰিব পাৰোঁ৷

বিশ্বৰ যি ৰাজনৈতিক বিশ্লেষণ হ’ব, তেওঁলোকে কেতিয়াবা নহয় কেতিয়াবা এই কথা নিশ্চিতভাৱেই বিবেচনা কৰিব যে সিদ্ধান্তৰ জোঁৰত থিয় হোৱা এক ৰাজনৈতিক দল কাৰ্যকৰ্তাৰ সামান্য সংগঠনৰ সৰু সৰু লোকৰ ভৰসাত, এফালে সংঘৰ্ষ কৰি থকা, আনফালে সংগঠন কৰা, তৃতীয়তে জনসাধাৰণক নিজৰ বিচাৰধাৰাৰ দ্বাৰা আকৰ্ষিত কৰা, প্ৰভাৱিত কৰা, জনসাধাৰণক আন্দোলিত কৰা, এই সকলো কাম কৰি কৰি ধীৰে ধীৰে ইমান বৃহৎ সংগঠন এটা নিৰ্মাণ কৰা আৰু বোধহয় বিশ্বত ইমান ডাঙৰ দেশ, ইমান ডাঙৰ লোকতান্ত্ৰিক ব্যৱস্থা, এফালে শ-ডেৰশ বছৰীয়া পুৰণি ৰাজনৈতিক মঞ্চ আৰু আনটোফালে নতুন ৰাজনৈতিক দল আৰু ইমান কম সময়ত দেশত প্ৰভূত্ব বিস্তাৰ কৰা আৰু এই বিস্তাৰ ইমানেই যে সংগঠনৰ দৃষ্টিত বিশ্বৰ সবাতোকৈ বৃহৎ দল হিচাপে গঠন হোৱা, ইয়াৰ মূল জনসংঘৰ কালখণ্ডত, ভাৰতীয় জনতা পাৰ্টীৰ কালখণ্ডত, ইয়াৰ প্ৰাৰম্ভিক বৰ্ষত অটলজীৰ দৰে এক সম্পূৰ্ণ দলৰ নেতৃত্ব ই লাভ কৰিলে৷

কান্ধত কান্ধ মিলাই সৰু সৰু কাৰ্যকৰ্তাৰ সৈতে দুৰ-সুদুৰ অঞ্চললৈ গৈ কাম কৰা, জনতাৰ সৈতে প্ৰত্যক্ষ যোগাযোগ কৰাৰ প্ৰয়াস কৰা আৰু এক প্ৰকাৰে অটলজীৰ বাণী, সেয়া কেৱল ভাৰতীয় জনতা পাৰ্টীৰেই বাণী নাছিল৷ এই দেশৰ তিনি-চাৰিটা দশকৰ সময় এনে আছিল যে অটলজীৰ বাণী ভাৰতৰ সাধাৰণ মানুহৰ আশা আৰু আকাংক্ষাৰ বাণী হৈ পৰিছিল৷ অটলজীয়ে কথা কৈছে মানে দেশে কথা কৈছে৷ অটলজীয়ে কথা কৈছে মানে দেশে শুনি আছে৷ অটলজীয়ে কথা কৈছে মানে নিজৰ ভাৱনা নহয়, দেশৰ জনতাৰ ভাৱনাত সমবেত কৰি তাৰে অভিব্যক্তি প্ৰদান কৰিছে৷ আৰু তেওঁ কেৱল জনতাক আকৰ্ষিত তথা প্ৰভাৱিত কৰাই নহয়, জনতাৰ মনত প্ৰত্যয় জন্মাবলৈও সক্ষম হৈছিল৷ আৰু এই বিশ্বাস শব্দৰ পৰাই সৃষ্টি হোৱা নাছিল, ইয়াৰ অন্তৰালত পাঁচ-ছয় দশকৰ দীঘলীয়া জীৱনৰ সাধনা আছিল৷ আজি ৰাজনৈতিক দলৰ মানচিত্ৰ এনে যে দুই-পাঁচ বছৰৰ বাবে যদি কোনোবা ক্ষমতাৰ পৰা দূৰত থাকিবলগীয়া হয় তেন্তে ইমান বিব্ৰত হৈ পৰে, ইমান চিন্তান্বিত হৈ পৰে, এনেকৈ হাত-ভৰি আচাৰিবলৈ ধৰে যে কি কৰোঁ মই এতিয়া৷ লাগিলে তেওঁ তহচীল পৰ্যায়ৰ নেতাই হওক, জিলাৰ নেতাই হওক, ৰাজ্যৰ নেতাই হওক অথবা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই হওক৷ কোনোবাই কল্পনা কৰিব পাৰেনে যে ইমান বৰ্ষলৈ তপস্যীৰ দৰে, এক সাধকৰ দৰে বিপক্ষত বহি প্ৰতিটো পল জনসাধাৰণৰ বাণীস্বৰূপ হৈ সেই জীৱনেই অহৰহ ধাৰণ কৰা এক অসাধাৰণ কথা, অন্যথা অটলজীৰ জীৱনলৈ কি এনে সময় অহা নাছিল নেকি যে যেতিয়া ৰাজনৈতিক অস্থিৰতাৰ সময়ত কোনোবাই তেওঁক কৈছিল যে আপুনি আমাৰ কাষলৈ আহক, আপোনাৰ অবিহনে কোন আছে, আহক, আপোনাক আমি নেতাৰ দায়িত্ব দিম৷ এনেকুৱা বহু ঘটনা হৈছিল৷

মই অনুমান কৰিছোঁ, মোৰ ওচৰত তথ্য নাই, কিন্তু যি ৰাজনৈতিক চিত্ৰ মই দেখিবলৈ পাইছোঁ, তাত এনেকুৱা নিশ্চয় হৈছিল৷ কিন্তু তেওঁৰ অন্তৰখন ধাতুৰ আছিল৷ তেওঁ নিজৰ আদৰ্শৰ সৈতে জীৱনক সংবদ্ধ কৰিছিল৷ আৰু সেই কাৰণতে তেওঁ এনে লোভ, লালসা, প্ৰলোভনক প্ৰশ্ৰয় দিয়া নাছিল৷ আৰু যেতিয়া দেশহিতৰ প্ৰয়োজন উদ্ভৱ হ’ল, লোকতন্ত্ৰ ডাঙৰ নে মোৰ সংগঠন ডাঙৰ, লোকতন্ত্ৰ ডাঙৰ নে মোৰ দল ডাঙৰ, লোকতন্ত্ৰ ডাঙৰ নে মোৰ নেতৃত্ব ডাঙৰ, যেতিয়া এই দীৰ্ঘদৃষ্টি নেতৃত্বৰ সামৰ্থৰ কথা উদ্ভৱ হ’ল তেতিয়া তেওঁ লোকতন্ত্ৰক প্ৰাথমিকতা প্ৰদান কৰি দলক আহুতি দিলে৷ যি জনসংঘক তেওঁ তেজ-ঘামেৰে সৃষ্টি কৰিছিল, এনে জনসংঘক জনতা দলত কোনো আশা নকৰাকৈয়ে বিলীন কৰি দিলে৷ ইয়াৰ এটাই উদ্দেশ্য, সেয়া হ’ল লোকতন্ত্ৰ যাতে অমৰ হৈ থাকে৷

মই থাকোঁ বা নাথাকোঁ, এয়া তেওঁ কৰি দেখুৱালে আৰু জনতা দলক সিদ্ধান্তৰ নামত যেতিয়া নিন্দা কৰা হ’ল, তেতিয়া এনে লাগিল যে লোকতন্ত্ৰৰ বাবে, দেশৰ বাবে উপযোগিতা নাশ কৰাৰ ষড়যন্ত্ৰ ৰচিত হ’বলৈ ধৰিছে৷ তেতিয়া তেওঁ হাত জোৰ কৰি নমস্কাৰ কৰি ক’লে, আপোনালোকৰ পথ আপোনালোকক অভিনন্দন, মই মূল্যৰ বিনিময়ত সমাধান কৰিব নোৱাৰো, মই দেশৰ বাবে মৰিব পাৰোঁ কিন্তু নিজৰ বাবে মূল্যৰ সমাধান কৰা লোক মই নহওঁ, আৰু এই কৈয়ে তেওঁ গমন কৰিলে৷ ইয়াৰ পিছত পুনৰ বাৰ কমল ফুলিল আৰু আজি প্ৰতিজন হিন্দুস্তানীৰ হৃদয়ৰ কমল মই অনুভৱ কৰিব পাৰিছোঁ৷ আৰু দীৰ্ঘদৃষ্টিৰ জীৱন কেনে আছিল… আন্ধাৰ আঁতৰি যাব, সূৰ্য উদয় হ’ব, কমল ফুলিব৷ অলপ আগেয়েহে এটা দলৰ জন্ম হৈছে, জন্মৰ কেইটামান ঘণ্টাও অতিক্ৰম হোৱা নাই৷

কিন্তু সেয়া কিমান ডাঙৰ আত্মবিশ্বাস আছিল ভাৰতৰ জনসংঘৰ ওপৰত, কিমান ভৰসা আছিল নিজৰ বিচাৰৰ ওপৰত, নিজৰ সাধনাৰ ওপৰত, নিজৰ তপস্যাৰ ওপৰত, নিজৰ কাৰ্যকৰ্তাৰ পুৰুষাৰ্থৰ ওপৰত কিমান শ্ৰদ্ধা আছিল যেতিয়া সেই ব্যক্তিৰ মুখেৰে নিগৰিত হৈছিল- আন্ধাৰ আঁতৰি যাব, সূৰ্য উদয় হ’ব, কমল ফুলিব আৰু এয়া তেওঁৰ ভৱিষ্যদ্বাণীয়েই কওক বা অন্তৰৰ পৰা নিগৰি ওলোৱা বাৰ্তাই কওক, আজি আমি সেয়া অনুভৱ কৰিব পাৰিছোঁ৷

ৰাষ্ট্ৰ জীৱনৰ ভিতৰৰ বিবিধতা, এই মই ভাবোঁ যে আমাৰ গৌৰৱ গৰিমা বৃদ্ধিৰ এক বৃহৎ সম্বল কিন্তু ইয়াক বৰ্তাই ৰখাটো আমাৰ দায়িত্বও৷ ৰাজনৈতিক বিচাৰ আৰু ৰাজনৈতিক নেতৃত্বৰ বিবিধতা এয়াও ভাৰতৰ বাবে, একক ভাৰতৰ শক্তিত কিবা নহয় কিবা প্ৰকাৰে মূল্য সংযোজন কৰে৷

একে প্ৰকাৰৰ নেতা, একে প্ৰকাৰৰ চিন্তা, একে প্ৰকাৰৰ কথা-বাৰ্তা, এয়া ভাৰতৰ বৈচিত্ৰতাৰ বাবে ঠিক নহয়৷ আৰু সেইবাবে আমি সকলোৱে মিলি সকলো বিচাৰ-ধাৰাত লালিত-পালিত হৈছোঁ, যিসকলে দেশৰ বাবে কিবা দিছে, য’ত য’ত নেতৃত্ব প্ৰদান কৰিছে, কট্টৰবাদ বিবাদত লিপ্ত হৈছে, সন্মুখা-সন্মুখিকৈ থিয় হৈছে৷ পৰস্পৰে পৰস্পৰক পৰাস্ত কৰাৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছে৷ তথাপিও দেশৰ বাবে জীৱন অতিবাহিত কৰিছে৷ এই সকলোবোৰে ভাৰতৰ বৈচিত্ৰতাক, এই নেতৃত্বৰ শক্তিত মূল্য সংযোজন কৰে, অটলজী সেইসমূহৰ মাজৰ এজন আছিল৷ সেই বৈচিত্ৰতা বৃদ্ধি কৰাটো এক বিবিধতাপূৰ্ণ ব্যক্তিত্ব৷ তেওঁও ভাৰতৰ ৰাষ্ট্ৰীয় জীৱনত, ভাৰতৰ সামাজিক জীৱনত, ভাৰতৰ ৰাজনৈতিক জীৱনত সেই স্থানেই পাব লাগে আৰু এনে অনেকেই উপলব্ধি প্ৰাপ্ত কৰিব লাগে, তেতিয়াহে দেশ সমৃদ্ধ হয়৷ অনাগত প্ৰজন্মই ইয়াৰ পৰা প্ৰেৰণা পায়৷ প্ৰজন্মই এই পথত আগুৱাম নে সেই পথত আগুৱাই, ইয়াৰ চিন্তা-চৰ্চা কৰাৰ অৱকাশ পায়৷

আৰু মোৰ বিশ্বাস যে অটলজীৰ জীৱন অনাগত প্ৰজন্মক সাৰ্বজনিক জীৱনৰ বাবে, ব্যক্তিগত জীৱনৰ বাবে, ৰাষ্ট্ৰ জীৱনৰ বাবে, সমৰ্পণৰ ভাবৰ বাবে, ৱান লাইফ ৱান মিছনত কিদৰে কাম কৰিব পাৰি তাৰ বাবে সৰ্বদা প্ৰেৰণা প্ৰদান কৰিব৷
কাইলৈ অটলজীৰ চিৰ বিদায়ৰ পিছত প্ৰথমটো জন্ম জয়ন্তী৷ আৰু তাৰ এদিন পূৰ্বে ভাৰত চৰকাৰৰ তৰফৰ পৰা এক স্মৃতি মুদ্ৰা ১০০ টকা আপোনালোকৰ মাদত, দেশবাসীৰ মাজত এক স্মৃতিৰ ৰূপত আজি প্ৰদান কৰাৰ অৱকাশ পাইছোঁ৷ মই এয়া নামানো যে এয়া কেৱল এটা ১০০ টকাৰ মুদ্ৰা, কাৰণ অটলজীৰ মুদ্ৰাই আমাৰ হৃদয়ত পঞ্চাছ বছৰতকৈও অধিক বৰ্ষ ৰাজত্ব কৰিছে আৰু এই মুদ্ৰা আগলৈও চলিব৷ আৰু সেইবাবে যাৰ জীৱন এক মুদ্ৰাৰ ৰূপত আমাৰ জীৱনত প্ৰবাহিত হয়, আমাক প্ৰেৰণা দিয়ে, তেওঁক আজি আমি ধাতুৰ ভিতৰত চিৰঞ্জীৱ কৰি ৰখাৰ বাবে এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ৷ এয়াও অটলজীৰ প্ৰতি আদৰ প্ৰকাশ কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস আৰু সেইবাবে আমি সকলোৱে সন্তোষ অনুভূত কৰিছোঁ৷

কাইলৈ অটলজীৰ জন্ম জয়ন্তী, ২৫ ডিচেম্বৰ৷ ‘সদেৱ অটল’, ৰাজঘাটৰ সমীপতে এক স্মৃতি স্থল, কাইলৈ তাত অটলজীৰ অবিহনে আমি সময় পাৰ কৰিব লাগিব৷ সেই সময়ত এই স্মৃতি স্থলে আমাকো সদায়েই অটল কৰি ৰাখিব আৰু ব্যক্তিৰ জীৱনত অটল হৈ থকাটো যিমানেই শক্তিশালী হয় সেই অনুৰূপে ৰাষ্ট্ৰ জীৱন আৰু সামাজিক জীৱনতো সদায়েই অটল হৈ থকাটোৱেই হ’ল আমাৰ সংকল্প৷

এই সংকল্প আমি পুনৰ বাবে কাইলৈ তাত দোহাৰিম, নিজকে সমৰ্পিত কৰিম আৰু সেই অটল ভাৱনাকে লৈ, সেই অটল বিশ্বাসকে লৈ, সেই অটল সপোনকে লৈ, সেই অটল চৰৈবতী চৰৈবতীৰ মন্ত্ৰ স্মৰণ কৰি, জনসাধাৰণৰ বাবে কাম কৰাৰ সংকল্প লৈ আগুৱাই যাম৷ এই ভাৱনাৰ সৈতে আজি মই আপোনালোক সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, আপোনালোকে সময় উলিয়াই ইয়ালৈ আহিছে৷ আমি সকলোৱে অটলজীক, যিসকলে অটলজীক নিজৰ হৃদয়ত স্থান দিছে, কিন্তু তেওঁ যি বিচাৰিছিল তাক কোনো ক্ৰুটি নোহোৱাকৈ সম্পূৰ্ণ কৰাৰ ভাৱনাৰে সাদৰেৰে মই অটলজীক সেঁৱা জনাইছোঁ৷ বহুত বহুত ধন্যবাদ৷

अतुल कुमार तिवारी / कंचन पतियाल / तारा/MANN