Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰাক্তন বিধায়ক শ্ৰী উৰিমাজালু কে. ৰামা ভাটৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শো


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন বিধায়ক শ্ৰী উৰিমাজালু কে. ৰামা ভাটৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “জনসংঘ আৰু বিজেপিৰ ইতিহাসত উৰিমাজালু কে. ৰামা ভাটৰ ব্যক্তিত্বৰ এক বিশেষ স্থান আছে৷  কৰ্ণাটকত আমাৰ দলটো শক্তিশালী কৰাৰ বাবে আন্তৰিকতাৰে কাম কৰিছিল আৰু জনসাধাৰণৰ মাজত নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াইছিল৷ তেওঁৰ বিয়োগত মই মৰ্মাহত হৈছো৷ তেওঁৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ঔম শান্তি৷”

***

DS/SH/DB