Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দলৈ জন্মদিনৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী কোৱিন্দৰ ৰাজহুৱা জীৱনৰ সুদীর্ঘ সময়ছোৱা ভাৰতৰ বিকাশ, সংবিধানৰ আদৰ্শ আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি থকা অটল সংকল্পৰে সমৃদ্ধ।

 

শ্ৰী মোদীয়ে উল্লেখ কৰে যে শ্ৰী কোৱিন্দে আন্তৰিকতা আৰু সৰলতাৰে দেশৰ সেৱা কৰাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰে শ্ৰদ্ধাৰ পাত্ৰ হৈ পৰিছে।

 

এক্সৰ পোষ্টত শ্ৰী মোদীয়ে লিখে;

 

“প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দজীলৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ।

 

তেওঁৰ ৰাজহুৱা জীৱনৰ সুদীৰ্ঘ সময়ছোৱা ভাৰতৰ প্ৰগতি, আমাৰ সংবিধানপ্ৰদত্ত প্ৰমূল্যসমূহ আৰু ৰাইজৰ কল্যাণৰ প্ৰতি থকা অটল সংকল্পৰ বাবে জনাজাত। তেওঁ সততা, নিষ্ঠা আৰু সৰলতাৰে ৰাষ্ট্ৰৰ সেৱা আগবঢ়াইছে, যাৰ বাবে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ মাজতে তেওঁ অতি সমাদৃত।

 

তেওঁ সু-স্বাস্থ্য, সুখ আৰু দীৰ্ঘায়ু লাভ কৰক, তাৰবাবে প্ৰাৰ্থনা জনালোঁ।”

@ramnathkovind”

*****

MJPS/SS/ST/DB