পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত প্ৰায়োগিক আৰু চিকিৎসা বৃত্তিধাৰীৰ দ্বাৰা শিক্ষা আৰু সেৱাৰ নিয়ন্ত্ৰণ আৰু মান উন্নীতকৰণৰ বাবে প্ৰায়োগিক আৰু চিকিৎসা বৃত্তি বিধেয়ক, ২০১৮ত অনুমোদন জনায়৷ এই বিধেয়কে এক ভাৰতীয় প্ৰায়োগিক আৰু চিকিৎসা পৰিষদ আৰু ৰাজ্যসমূহক লৈ প্ৰায়োগিক আৰু চিকিৎসা পৰিষদ গঠন কৰাত সহায় কৰিব যিখনে প্ৰায়োগিক আৰু চিকিৎসাৰ বৃত্তিৰ মানদণ্ড বৰ্তাই ৰখাৰ সূযোগ প্ৰদান কৰিব৷
ইয়াৰ দ্বাৰা এখন কেন্দ্ৰীয় প্ৰায়োগিক আৰু চিকিৎসা পৰিষদ গঠন কৰি ৫৩টা প্ৰায়োগিক আৰু চিকিৎসা বৃত্তিৰ ১৫টা প্ৰধান বৃত্তিক সামৰি লোৱা হ’ব৷ এই বিধেয়কৰ জৰিয়তে প্ৰায়োগিক আৰু চিকিৎসা পৰিষদৰ গঠন, সংবিধান, সাংগঠনিক দিশ তথা কাৰ্যাৱলী যেনেঃ নীতি আৰু মানদণ্ডৰ গাঁথনি, বৃত্তিগত আচৰণ নিয়ন্ত্ৰণ, ৰেজিষ্টাৰ সৃষ্টি আৰু পৰিচালনা, সামূহিক প্ৰৱেশৰ সুবিধা আৰু পৰীক্ষাৰ বিভিন্ন দিশ ইত্যাদিৰ ব্যৱস্থা কৰা৷
এই কেন্দ্ৰীয় পৰিষদখন ৪৭গৰাকী সদস্যৰে গঠিত হ’ব, য’ত ১৪গৰাকী বিভিন্ন ক্ষেত্ৰৰ কাম-কাজৰ সৈতে জড়িত স্থায়ী প্ৰতিনিধি আৰু বাকী ৩৩গৰাকী সদস্য অস্থায়ী প্ৰতিনিধি, যিসকল প্ৰধানকৈ ১৫টা বৃত্তিৰ সৈতে জড়িত৷
ৰাজ্যিক পৰিষদসমূহো কেন্দ্ৰীয় পৰিষদৰ দৰে ৭গৰাকী স্থায়ী আৰু ২১গৰাকী অস্থায়ী সদস্যৰে গঠন কৰা হ’ব আৰু ইয়াৰ মাজৰে এগৰাকী অস্থায়ী সদস্যক অধ্যক্ষ হিচাপে বাচনি কৰা হ’ব৷
ৰাজ্যিক পৰিষদে প্ৰায়োগিক আৰু চিকিৎসা প্ৰতিষ্ঠানৰ স্বীকৃতি প্ৰদান কৰিব৷ বিধেয়কখনত অপৰাধ আৰু শাস্তিৰ ব্যৱস্থা কৰাৰ লগতে অনিয়ম ৰোধৰো দিহা কৰা হৈছে৷ এই বিধেয়কখনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহক নীতি প্ৰণয়নৰ ক্ষেত্ৰত শক্তি প্ৰদান কৰিব৷ কোনো নীতি-নিয়মৰ সংশোধন আৰু সূচীভূক্ত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পৰিষদক নিৰ্দেশনা দিয়াৰ ক্ষমতা থাকিব৷
অহা ছমাহৰ ভিতৰত আইনখন গৃহীত কৰাৰ বাবে এক অন্তৱৰ্তীকালীন পৰিষদ গঠনৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ প্ৰথম চাৰি বছৰত আনুমানিক ৯৫ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে৷ এই ব্যয়ৰ ৫ ভাগৰ ৪ ভাগ দিব ৰাজ্যসমূহে বাকী এভাগ আর্থিক সাহায্য কেন্দ্রীয় চৰকাৰে প্ৰদান কৰিব৷ এই বিধেয়কখন কার্যকৰী হ’লে এই সংস্থাৰ সৈতে জড়িত ৮–৯ লাখ কর্মী তাৎক্ষণিকভাৱে উপকৃত হ’ব৷
***
AKT/DB