Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৰম্পৰাগত ঔষধ আৰু হোমিঅ’পেথিৰ খণ্ডত ভাৰত আৰু ব্ৰাজিলৰ সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ব্ৰাজিলৰ মাজত পৰম্পৰাগত ঔষধ আৰু হোমিঅ’পেথিৰ খণ্ডত সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰিছে৷

লাভঃ
এই বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা ভাৰত আৰু ব্ৰাজিলৰ মাজত পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰিব৷ ইয়াৰ জৰিয়তে দুয়োখন দেশৰ প্ৰাচীন ঐতিহ্যৰো বিনিময় হ’ব৷

পৃষ্ঠভূমিঃ

ভাৰত বিভিন্ন পৰম্পৰাগত ঔষধ তথা ঔষধি উদ্ভিদেৰে সমৃদ্ধ যিয়ে স্বাস্থ্যখণ্ডত বিশ্বজনীনভাৱে সুনাম পাবলৈ সক্ষম হৈছে৷ তাৰোপৰি ভাৰত আৰু ব্ৰাজিলৰ মাজত ব্ৰিকছ, বেছিকছ, জি-২০, জি-৪, বিএছএ আদিৰ জৰিয়তে বহুমুখী সম্পৰ্ক থকা স্বত্বেও ৰাষ্ট্ৰসংঘ, ডব্লিউটিঅ’, ইউনেস্ক’ আৰু হুৰ জৰিয়তেও দুয়োখন দেশে বিভিন্ন খণ্ডত সহযোগিতা প্ৰকাশ কৰিছে৷ ভাৰতৰ সৈতে ব্ৰাজিলৰ উল্লেখযোগ্য বাণিজ্যিক সম্পৰ্ক আছে৷

******

AKT/SNC/SH/MANN