Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৰাক্ৰম দিৱসত সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ, নেতাজী সুভাষ চন্দ্ৰ বসুৰ সাহস আৰু বীৰত্বৰ আদৰ্শৰ কথা স্মৰণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱনে আমাক সাহসিকতা আৰু বীৰত্বৰ প্ৰকৃত অৰ্থ শিকায়। পৰাক্ৰম দিৱসে দেশক নেতাজীৰ অদম্য সাহস, ত্যাগ আৰু মাতৃভূমিৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিয়ে বুলি তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে বীৰত্বৰ সৰ্বোচ্চ আদৰ্শ প্ৰতিফলিত কৰা এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে-

“एतदेव परं शौर्यं यत् परप्राणरक्षणम्। नहि प्राणहरः शूरः शूरः प्राणप्रदोऽर्थिनाम्॥

এই হিতোপদেশটোত উল্লেখ আছে যে আনৰ জীৱন ৰক্ষা কৰাটোৱেই আটাইতকৈ ডাঙৰ বীৰত্ব; যিজনে জীৱন লয় তেওঁ নায়ক নহয়, কিন্তু যিজনে জীৱন দিয়ে আৰু দৰিদ্ৰ লোকসকলক ৰক্ষা কৰে তেওঁৱেই প্ৰকৃত সাহসী।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱনে আমাক কয় যে বীৰত্ব আৰু সাহসিকতাৰ অৰ্থ কি। পৰাক্ৰম দিৱসে আমাক এই কথা মনত পেলাই দিয়ে।

एतदेव परं शौर्यं यत् परप्राणरक्षणम्।

नहि प्राणहरः शूरः शूरः प्राणप्रदोऽर्थिनाम्॥

***

MJPS/ST/DD