Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

“পৰিবেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যৎ” শীর্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

“পৰিবেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যৎ” শীর্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ


অনুষ্ঠানত উপস্থিত ভাৰতৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ সূৰ্য কান্ত জী, মোৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সতীৰ্থ ভূপেন্দ্ৰ যাদৱ জী, ভাৰতৰ এটৰ্নী জেনেৰেল আৰ ভেংকটৰমণী জী, ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ (এনজিটি)ৰ অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ জী আৰু প্ৰেক্ষাগৃহত উপস্থিত সকলো সন্মানীয় বিশিষ্ট ব্যক্তি, ভদ্ৰ পুৰুষ-মহিলাসকল!

 

প্ৰকৃতি আৰু পৰিৱেশৰ বিষয়ত শতিকাজুৰি ভাৰতে এক প্ৰকাৰে বিশ্বক পথ প্ৰদৰ্শন কৰি আহিছে। নিজৰ সেই বৈচাৰিক প্ৰতিশ্ৰুতিক সাৰোগত কৰি আৰু নিজৰ সাংস্কৃতিক অভিজ্ঞতাক ভিত্তি কৰি ভাৰতে এতিয়া আধুনিক জলবায়ু প্ৰত্যাহ্বানৰ সমাধান আগবঢ়োৱাৰ লগতে মানৱতাৰ সামূহিক প্ৰচেষ্টাৰ বাবেও আহ্বান জনাইছে। মই আনন্দিত যে এনজিটিৰ এই সন্মিলনে সেই মিছনকে আগবঢ়াই লৈ গৈছে। এই আয়োজনৰ বাবে মই এনজিটিৰ সকলো বিষয়ববীয়া আৰু ইয়াৰ সৈতে জড়িত সকলো বিশিষ্ট ব্যক্তিক অশেষ অভিনন্দন জনাইছোঁ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ।

 

বন্ধুসকল,

আমি সকলোৱে জানো যে প্ৰায়ে কাৰ্বন নিৰ্গমনৰ দায়বদ্ধতা ভুলভাৱে বিকাশশীল দেশসমূহৰ ওপৰত জাপি দিয়া হয়। ইয়াত গ্ল’বেল ছাউথৰ বহুতো সতীৰ্থ বহি আছে। আনহাতে ঐতিহাসিক সত্যটো হ’ল, আজিও প্ৰতি ব্যক্তিৰ কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত ভাৰতৰ অৱদান বিশ্বৰ গড়তকৈ আধাৰো কম। উন্নত দেশসমূহত ভাৰতৰ তুলনাত ছয় গুণতকৈও অধিক প্ৰতি ব্যক্তি কাৰ্বন নিৰ্গমন হৈ আছে, ছয় গুণতকৈও অধিক! ভাৰতে এই তথ্য দৃঢ়তাৰে গোলকীয় মঞ্চত উত্থাপন কৰে। আৰু মই প্ৰতিজন ভাৰতীয়কে ক’ম যে আপোনালোকেও নিজৰ সক্ষমতা দেখুৱাওক। আমি আমাৰ পৰম্পৰা আৰু ইয়াৰ শক্তি বিশ্বৰ সমুখত ডাঙি ধৰিছোঁ। এই বিষয়সমূহক লৈয়েই পেৰিছৰ কপ-২১ সন্মিলনৰ সময়ত আমি “কনভেনিয়েণ্ট একচন-কণ্টিনিউইটি ফৰ চেঞ্জ” নামৰ গ্ৰন্থখনো উন্মোচন কৰিছিলোঁ। আমি বিশ্বক লগত লৈ পৰিবেশ সুৰক্ষাৰ নতুন মানদণ্ড স্থাপন কৰিছোঁ। ‘এক সূৰ্য, এক বিশ্ব, এক গ্ৰিড’ৰ চিন্তাধাৰাই হওক বা আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী (আইএছএ), চিডিআৰআই, গ্ল’বেল বায়’ফুৱেল এলাইয়েঞ্চ, ইণ্টাৰনেচনেল বিগ কেট এলাইয়েঞ্চ, মিছন লাইফ. এনে প্ৰতিটো মঞ্চই জলবায়ু আৰু পৰিবেশৰ প্ৰতি ভাৰতৰ উৎসৰ্গিত প্ৰতিশ্ৰুতিৰ একো একোখন প্লেটফৰ্ম হৈ পৰিছে।

 

বন্ধুসকল,

আজিকালিৰ ভাৰতে পৰিবেশ সুৰক্ষাৰ প্ৰাচীন চিন্তাধাৰাক আধুনিক দৃষ্টিভংগীৰ সৈতে সংমিশ্ৰণ ঘটাই আগবাঢ়িছে। বিগত ১২ বছৰত পৰিবেশ সংক্ৰান্তীয় প্ৰতিটো ক্ষেত্ৰ আৰু খণ্ডত ভাৰতে অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে। আমাৰ মুখ্য গুৰুত্ব নৱীকৰণযোগ্য শক্তিৰ ওপৰত আছিল আৰু ই পৰিবেশ সুৰক্ষাত এক ডাঙৰ ভূমিকা পালন কৰিছে। জি-২০ৰ ভিতৰত ভাৰত এনে একমাত্ৰ দেশ, মই জি-২০ৰ ডাঙৰ ডাঙৰ নেতাসকলৰ আগত কৈ আছোঁ, ভাৰত এনে একমাত্ৰ দেশ যিয়ে পেৰিছৰ কপ-২১ সন্মিলনত যিবোৰ প্ৰতিশ্ৰুতি দিছিল, সেই সকলোবোৰ প্ৰতিশ্ৰুতি সময়ৰ আগতেই পূৰণ কৰি দেখুৱাইছে। মই ভাৰতবৰ্ষৰ শক্তিৰ কথা কৈছোঁ। অজীৱাশ্ম ইন্ধন, সৌৰ শক্তিৰ ক্ষমতা, কাৰ্বন নিৰ্গমন ৰোধ, প্ৰতিটো মাপকাঠিতে ভাৰতৰ প্ৰদৰ্শন আজি বিশ্বত ইতিবাচকভাৱে চৰ্চাৰ বিষয় হৈ পৰিছে। আপোনালোকে পৰিসংখ্যা চাই লওক, ১২ বছৰ আগতে ভাৰতৰ সৌৰ শক্তিৰ ক্ষমতা আছিল প্ৰায় ২ গিগাবাট। ১২ বছৰ আগতে মাত্র ২ গিগাবাট! ইয়াত যদি উকীলসকল বহি আছে, তেন্তে অলপ মন কৰিব, এই পৰিসংখ্যাবোৰ পিছত কামত আহিব। আজি এই ক্ষমতা ১৬০ গিগাবাটতকৈও অধিক হৈছে। ১২ বছৰত ২ গিগাবাটৰ পৰা ১৬০ গিগাবাট!

 

আমি ‘পিএম সূৰ্যঘৰ মুফ্ট বিজুলী যোজনা’ৰ অধীনত ঘৰবোৰক সৌৰ শক্তি উৎপাদনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ মিছন আৰম্ভ কৰিছিলোঁ। এই আঁচনিৰ অধীনত এতিয়ালৈকে ৫০ লাখতকৈও অধিক গৃহত ৰূফটপ ছ’লাৰ পেনেল স্থাপন কৰা হৈছে। এই সংখ্যা বিশ্বৰ বহু দেশৰ মুঠ ঘৰৰ সংখ্যাতকৈও অধিক! ইয়াৰ বাবে চৰকাৰে প্ৰতিটো পৰিয়ালক প্ৰায় ৮০,০০০ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াইছে। ‘কুসুম যোজনা’ৰ অধীনত চৰকাৰে ৩০ লাখ কৃষকৰ পথাৰত ছ’লাৰ পাম্প স্থাপনৰ কাম কৰিছে। আমি ‘এক দেশ এক গ্ৰিড’ৰ দৰে অভিলাষী প্ৰকল্পও সম্পূৰ্ণ কৰি তুলিছোঁ। কেৱল সিমানেই নহয়, ঘৰত ব্যৱহাৰ কৰা এলইডি বাল্বসমূহে বিদ্যুৎ সংৰক্ষণত যথেষ্ট সফলতা আনি দিছে; কোটি কোটি সংখ্যক এলইডি বাল্ব ঘৰে ঘৰে যোগান ধৰা হৈছে। আৰু এই প্ৰচেষ্টাসমূহৰ ফলাফল আজি আমাৰ সমুখত স্পষ্ট। কেৱল সৌৰ শক্তিৰ জৰিয়তে ভাৰতত প্ৰায়, এই পৰিসংখ্যাটোও উকীলসকলৰ বাবে প্ৰায় ২০ কোটি টন কাৰ্বন নিৰ্গমন ৰোধ কৰাত সফলতা লাভ কৰা হৈছে।

 

বন্ধুসকল,

সৌৰ শক্তিৰ লগতে স্বচ্ছ শক্তিৰ অন্যান্য খণ্ডতো ভাৰতে ডাঙৰ সফলতা অৰ্জন কৰিছে। বিগত ১২ বছৰত দেশৰ বায়ু শক্তিৰ ক্ষমতা তিনিগুণ বৃদ্ধি পাইছে। জলবিদ্যুৎ শক্তিৰ ক্ষমতাও অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে আৰু এতিয়া দেশে পাৰমাণৱিক শক্তি উৎপাদনত তীব্ৰগতিত কাম কৰি আছে। আৰু যিসকলে পৰিবেশক লৈ দীঘলীয়া ভাষণ মাৰি থাকে, মই যেতিয়া পাৰমাণৱিক শক্তিৰ কাম আগবঢ়াই লৈ যাম, তেতিয়া তেওঁলোকে ইয়াক ৰোধ কৰিবলৈ আদালতত গৈ থিয় হ’বগৈ! এই খণ্ডত বেচৰকাৰী প্ৰতিষ্ঠানসমূহক অন্তৰ্ভুক্ত কৰাৰ পথো মুকলি কৰা হৈছে। এই প্ৰচেষ্টাসমূহৰ ফলত আজি ভাৰতৰ অজীৱাশ্ম ইন্ধন শক্তি ক্ষমতা প্ৰায় চাৰিগুণ বৃদ্ধি পাইছে। কয়লাৰ স্বচ্ছ ব্যৱহাৰৰ বাবে ভাৰতে ‘ক’ল গেছিফিকেচন’ৰ দৰে প্ৰযুক্তিকেও উৎসাহিত কৰিছে।

 

বন্ধুসকল,

ভাৰতে আজি স্বচ্ছ গতিশীলতা আৰু সেউজ হাইড্ৰ’জেনৰ দৰে খণ্ডসমূহত দ্ৰুতগতিত কাম কৰি আছে। অলপতে ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল যাত্ৰা আৰম্ভ হৈছে, আৰু এইখন বিশ্বৰ আটাইতকৈ দীঘল হাইড্ৰ’জেন ৰে’ল। ই স্বচ্ছ গতিশীলতাৰ এক নতুন যুগৰ সূচনা কৰিছে।

 

বন্ধুসকল,

১২ বছৰত আমাৰ দেশত বৈদ্যুতিক বাহনৰ সংখ্যা প্ৰায় ৯৫০গুণ বৃদ্ধি পাইছে! ২০১৪ চনৰ পূৰ্বৰ বছৰসমূহত ভাৰতত ৩,০০০তকৈও কম ইভি বিক্ৰী হৈছিল, মাত্র ৩,০০০! আনহাতে যোৱা বছৰ ভাৰতত প্ৰায় ২৫ লাখ ইভি বিক্ৰী হৈছে। অৰ্থাৎ, ইভি বিপ্লৱৰ এই সুযোগক ভাৰতে সম্পূৰ্ণ শক্তিৰে আঁকোৱালি লৈছে আৰু ইয়াৰ দ্বাৰা পৰিবেশৰো যথেষ্ট উপকাৰ হৈছে। আমাৰ হাইৱে’ আৰু এক্সপ্ৰেছৱে’সমূহত ফাষ্ট টেগৰ আধুনিক ব্যৱস্থাৰ বাবে টোল বুথসমূহত অপেক্ষা কৰাৰ সময় হ্ৰাস পাইছে। ইয়াৰ ফলত টোল বুথত যি ইন্ধন অপচয় হৈছিল, সেয়া বন্ধ হৈ পৰিছে।

 

বন্ধুসকল,

২০১৪ চনলৈকে আমাৰ দেশৰ কেৱল পাঁচখন চহৰত প্ৰায় ২৫০ কিলোমিটাৰ মেট্ৰ’ নেটৱৰ্ক আছিল। মোৰ উকীল বন্ধুসকলে এইটোও মনত ৰাখিব। ২০১৪ চনৰ আগতে কেৱল পাঁচখন চহৰত ২৫০ কিলোমিটাৰতকৈ কম আছিল; আজি দেশৰ ২০ খনতকৈও অধিক চহৰত মেট্ৰ’ চলি আছে আৰু ভাৰত বিশ্বৰ সেইবোৰ দেশৰ শাৰীত থিয় হৈছে যাৰ ওচৰত ১,০০০ কিলোমিটাৰতকৈও অধিক মেট্ৰ’ নেটৱৰ্ক আছে।

 

বন্ধুসকল,

ৰে’লৱেৰ প্ৰায় ১০০ শতাংশ বৈদুতিকীকৰণৰ ফলতো কোটি কোটি লিটাৰ ডিজেল জ্বলাৰ পৰা ৰক্ষা পৰিছে আৰু পৰিবেশ সুৰক্ষিত হৈছে। এই মাহতে কিছু দিন পূৰ্বে প্ৰায় ৩,০০০ কিলোমিটাৰ দীঘল ‘ডেডিকেটেড ফ্ৰেট কৰিড’ৰ’ উৎসৰ্গা কৰা হৈছে। ইয়াৰ ওপৰত চলা প্ৰতিখন ৰে’লে একেলগে শ শ ট্ৰাকৰ সামগ্ৰী এঠাইৰ পৰা আনঠাইলৈ কঢ়িয়াই নিছে। ডাবল ষ্টেক কণ্টেইনাৰ মালবাহী ৰে’লৰ চলাচল নিজেই এক ঐতিহাসিক পদক্ষেপ। আপোনালোকে ধাৰণা কৰিব পাৰে যে ইয়াৰ দ্বাৰা কিমান বৃহৎ পৰিসৰত পৰিবেশ সুৰক্ষাত সহায় হৈছে!

 

বন্ধুসকল,

দেশত আজি প্ৰায় ৫,০০০ কিলোমিটাৰ দীঘল জলপথত পানীৰ যোগেদি পৰিবহণ আৰম্ভ হৈছে, যিটো পৰিবেশৰ বাবে আটাইতকৈ অনুকূল ব্যৱস্থা। এই জলপথত চলা এটা মানসম্পন্ন জল বাহন এটা যাত্ৰাতে ডজন ডজন ট্ৰাকৰ সমপৰিমাণ ওজন কঢ়িয়াব পাৰে। ইয়াৰ দ্বাৰাও পৰিবেশ সংৰক্ষণত যথেষ্ট সহায় হৈছে।

 

বন্ধুসকল,

কেৱল গতিশীলতা খণ্ডতে অহা এই সকলো পৰিৱৰ্তনে এই কথা প্ৰমাণ কৰে যে আমাৰ উন্নয়ন যেনেকৈ দ্ৰুত সম্পন্ন, তেনেকৈয়ে বহনক্ষমো।

 

বন্ধুসকল,

আজি কোটি কোটি লোকৰ অংশগ্ৰহণৰ জৰিয়তে ভাৰতত জল সংৰক্ষণৰ দিশতো অভূতপূৰ্ব কাম হৈ আছে। মই আনন্দিত যে দেশত ৭০,০০০তকৈও অধিক ‘অমৃত সৰোবৰ’ নিৰ্মাণ কৰা হৈছে। ‘কেচ দ্য ৰেইন’ অভিযানৰ অধীনত দেশত প্ৰায় ডেৰ কোটি পানী সংৰক্ষণ প্ৰকল্প গঢ়ি তোলা হৈছে, য’ত বৰষুণৰ পানী সংৰক্ষণ কৰা হৈছে। ‘প্ৰধানমন্ত্ৰী কৃষি সিঞ্চায় যোজনা’ৰ জৰিয়তে আজি ২ কোটিতকৈও অধিক কৃষক আধুনিক জলসিঞ্চন ব্যৱস্থাৰ সৈতে জড়িত হৈ পৰিছে। ‘পাৰ ড্রপ ম’ৰ ক্ৰপ’ৰ দৰে পদক্ষেপৰ দ্বাৰাও পানী ৰাহি হৈছে। ‘শ্ৰীঅন্ন’ অৰ্থাৎ মাহজাতীয় বা বাজৰা শস্যইও এক সফলতাৰ উদাহৰণ। ভাৰতে শ্ৰীঅন্নৰ উৎপাদন বৃদ্ধি কৰাত গুৰুত্ব দিছে, যাৰ বাবে পানীৰ প্ৰয়োজন কম হয়। বিগত বছৰবোৰত দেশত মিলেটছ বা শ্ৰী অন্নৰ উৎপাদনো বৃদ্ধি পাইছে আৰু ইয়াৰ ৰপ্তানি প্ৰায় ডেৰ লাখ টনলৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত কৃষকসকলৰ বাবে নতুন সুযোগ সৃষ্টি হোৱাৰ লগতে পানীও সংৰক্ষণ হৈছে। আৰু এই মডেলৰ বাবেই সমগ্ৰ বিশ্বই আজি আমাৰ সৈতে যোগ দিছে। ভাৰতৰ প্ৰচেষ্টাৰ বাবেই ২০২৩ চনটোক ‘আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ’ হিচাপে পালন কৰা হৈছিল।

 

বন্ধুসকল,

‘নেচনেল মিছন অন নেচাৰেল ফাৰ্মিং’ৰ অধীনত আজি দেশত প্ৰায় চাৰে বাৰ লাখ হেক্টৰ মাটিত প্ৰাকৃতিক খেতিৰ ২৪,০০০টা ক্লাষ্টাৰ নিৰ্মাণ কৰা হৈছে। কেৱল ইমানেই নহয়, দেশত জলবায়ু সহনশীল প্ৰায় ৩,০০০ প্ৰকাৰৰ শস্যৰ সঁচ বিকশিত কৰা হৈছে। কৃষি-বনানি প্ৰসাৰিত কৰিও আমি কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰিছোঁ।

 

বন্ধুসকল,

আমাৰ এই প্ৰচেষ্টাসমূহ কিমান ব্যাপক, তাৰ এটা নিদৰ্শন হ’ল ভাৰতৰ বনভূমিৰ আৱৰণ। মই মোৰ উকীল বন্ধুসকলৰ বাবে এই তথ্যটোও জনাই থওঁ, বিগত ১২ বছৰত আমাৰ ‘অতি ঘন বনাঞ্চল’ ২২% তকৈও অধিক বৃদ্ধি পাইছে। ই এক অতি ডাঙৰ সফলতা! ‘এক পেড় মা কে নাম’ (মাৰ নামত এজোপা গছ) অভিযানৰ অধীনতো দেশত কোটি কোটি গছপুলি ৰোপণ কৰা হৈছে আৰু এই অভিযান অবিৰতভাৱে চলি আছে।

 

বন্ধুসকল,

পৰিবেশৰ সমুখত থকা আন এক ডাঙৰ প্ৰত্যাহ্বান হ’ল প্লাষ্টিক আৱৰ্জনা। আৰু সেইবাবেই ভাৰতে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ কৰিছে। আমি ‘ৰেকৰ্ডিং, পুনৰ ব্যৱহাৰ আৰু পুনৰাবৰ্তন’ (Reduce, Reuse, Recycle) মন্ত্ৰৰে বৃত্তাকাৰ অৰ্থনীতি প্ৰসাৰিত কৰিছোঁ। আজি ভাৰতত প্ৰতিদিনে হাজাৰ হাজাৰ টন আৱৰ্জনা পুনৰাবৰ্তন কৰা হৈছে। ‘গোৱৰ্ধন যোজনা’ৰ জৰিয়তে গাঁওসমূহত গোবৰ আৰু অন্যান্য জৈৱিক আৱৰ্জনাকো উপযোগী সম্পদলৈ পৰিৱৰ্তন কৰা হৈছে। আমাৰ প্ৰচেষ্টা হ’ল, আৱৰ্জনাক সমস্যা বুলি নাভাবি তাক ‘Waste to Wealth Model’-ৰ জৰিয়তে এক সম্পদত পৰিণত কৰা।

 

বন্ধুসকল,

এই সকলো পৰিসংখ্যা কেৱল ভাৰতৰ বিকাশৰ পৰিসংখ্যা নহয়; এইবোৰ হৈছে সমগ্ৰ মানৱজাতিৰ ভৱিষ্যতৰ প্ৰতি ভাৰতৰ অৱদানৰ পৰিসংখ্যা!

 

বন্ধুসকল,

আমাৰ সাংস্কৃতিক ভাৱনা হ’ল—

মাতা ভূমিঃ, পুত্ৰো অহং পৃথিৱ্যাঃ

অৰ্থাৎ, এই ধৰিত্ৰী আমাৰ মাতৃ আৰু আমি সকলো তেওঁৰ সন্তান। এই চিন্তাধাৰাৰে ভাৰতে এক দায়িত্বশীল আৰু বহনক্ষম ভৱিষ্যত নিৰ্মাণৰ বাবে কাম কৰি আছে। মোৰ বিশ্বাস যে এই সন্মিলনত হ’বলগীয়া আলোচনাৰ পৰা যিবোৰ নতুন চিন্তা আৰু নতুন সমাধান উলাই আহিব, সেয়া হয়তো অনাগত প্ৰজন্মৰ বাবে এক ডাঙৰ সহায়ক হৈ পৰিব। পুনৰবাৰ এই সন্মিলনৰ বাবে আপোনালোক সকলোকে মোৰ হিয়াভৰা শুভকামনা জনালোঁ।

অশেষ ধন্যবাদ!

***

MJPS/SS/SS/DK/DB