Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৰ্যটন ক্ষেত্ৰত সহযোগিতা সৱলীকৰণৰ বাবে ভাৰত আৰু কোৰিয়াৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু কোৰিয়াৰ মাজত পৰ্যটন ক্ষেত্ৰত সহযোগিতা সৱলীকৰণৰ বাবে দুয়োখন দেশৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰিত কৰাত অনুমোদন প্ৰদান কৰিছে৷ এই বুজাবুজিৰ চুক্তিপত্ৰৰ মুখ্য উদ্দেশ্যসমূহ তলত উল্লেখ কৰা ধৰণে আছে

) পৰ্যটন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ প্ৰসাৰ কৰা৷

) পৰ্যটন সম্বন্ধীয় জ্ঞান আৰু তথ্যৰ আদানপ্ৰদান বৃদ্ধি কৰা৷

) হোটেলসমূহৰ আৰু ট্যুৰ অপাৰেটৰ সহিতে পৰ্যটন হিতাধিকাৰীসকলৰ মাজত সহযোগিতা বৃদ্ধি কৰা৷

) মানৱ সংসাধন বিকাশত সহযোগিতাৰ বাবে আদানপ্ৰদান কাৰ্যসূচী প্ৰণয়ন কৰা৷

) পৰ্যটন আৰু আতিথ্য সেৱা ক্ষেত্ৰত বিনিয়োগক উৎসাহিত কৰা৷

) দুয়োফালৰ পৰ্যটনক উৎসাহিত কৰাৰ বাবে ট্যুৰ অপাৰেটৰ/সংবাদ মাধ্যম/জনমত নিৰ্মাতাসকলৰ ভ্ৰমণৰ আদানপ্ৰদান৷

) সংবৰ্ধন, বিপণন গন্তব্য বিকাশ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত অভিজ্ঞতাৰ আদানপ্ৰদান কৰা৷

) দুয়োখনৰ দেশত যাত্ৰা মেলা/প্ৰদৰ্শনীত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰা৷

) সুৰক্ষিত, সন্মানিত আৰু বহনক্ষম পৰ্যটনক উৎসাহিত কৰা৷

পৃষ্ঠভূমিঃ

ভাৰত আৰু কোৰিয়াৰ মাজত শক্তিশালী ৰাজনৈতিক আৰু দীৰ্ঘকালীন আৰ্থিক সম্বন্ধ আছে৷ দুয়োটা পক্ষই এতিয়া পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতাক আৰু অধিক শক্তিশালী কৰাৰ বাবে বিদ্যমান সম্বন্ধক অধিক শক্তিশালী তথা বিকশিত কৰিবলৈ বিচাৰিছে৷ কোৰিয়া পূব এছিয়াত ভাৰতৰ বাবে শীৰ্ষৰ পৰ্যটক সংগ্ৰহ কৰা বজাৰসমূহৰ ভিতৰত অন্যতম এখন দেশ৷ কোৰিয়াৰ সৈতে এই বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰিত কৰাৰ পিছত এই ব্যৱস্থাই বজাৰৰ পৰা ভাৰতলৈ পৰ্যটকৰ আগমন বৃদ্ধিত গুৰুত্বপূৰ্ণ সহযোগিতা প্ৰদান কৰিব৷

.

 

*****

NW/AKT/SH/MANN