পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰৰ ওপৰত খাৰিফ ঋতু, ২০২৬ (০১-০৪-২০২৬ৰ পৰা ৩০-০৯-২০২৬) ৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (এন বি এছ)ৰ মূল্য নিৰ্ধাৰণৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ২০২৬ চনৰ খাৰিফ ঋতুৰ বাবে প্ৰায় ৪১,৫৩৩.৮১ কোটি টকাৰ আনুমানিক বাজেটৰ প্ৰয়োজন হ’ব। এই পৰিমাণ ২০২৫ চনৰ খাৰিফ ঋতুৰ বাবে প্ৰয়োজনীয় বাজেটতকৈ আনুমানিক ৪,৩১৭ কোটি টকা অধিক। ২০২৫ চনৰ খাৰিফৰ বাবে বাজেট আছিল ৩৭,২১৬.১৫ কোটি টকা।
উপকাৰসমূহঃ
ৰূপায়ণৰ কৌশল আৰু লক্ষ্যঃ
ডি এ পি আৰু এন পি কে এছ গ্ৰেডকে ধৰি পি এণ্ড কে সাৰৰ ওপৰত খাৰিফ ২০২৬ৰ বাবে অনুমোদিত হাৰত ৰাজসাহায্য প্ৰদান কৰা হ’ব, যাতে কৃষকসকলৰ বাবে সুলভ মূল্যত এই সাৰৰ উপলভ্যতা নিশ্চিত কৰিব পাৰি।
পটভূমিঃ
চৰকাৰে সাৰ নিৰ্মাতা/আমদানিকাৰীসকলৰ জৰিয়তে কৃষকসকলৰ বাবে ডি এ পিকে ধৰি ২৮ টা গ্ৰেডৰ পি এণ্ড কে সাৰ ৰাজসাহায্য মূল্যত উপলব্ধ কৰি তুলিছে। পি এণ্ড কে সাৰৰ ওপৰত ৰাজসাহায্য এন বি এছ আঁচনিৰ দ্বাৰা পৰিচালিত হয়, যি ০১-০৪-২০১০ৰ পৰা কাৰ্যকৰী হৈছে। ইয়াৰ কৃষক অনুকূল দৃষ্টিভংগী অনুসৰি কৃষকসকলক সুলভ মূল্যত পি এণ্ড কে সাৰৰ উপলভ্যতা নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
ইউৰিয়া, ডি এ পি, এম অ’ পি আৰু ছালফাৰৰ দৰে সাৰৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ শেহতীয়া প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ডি এ পি আৰু এন পি কে এছ গ্ৰেডকে ধৰি ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰৰ ওপৰত ২০২৬ চনৰ খাৰিফ ঋতুৰ বাবে এন বি এছৰ হাৰ ০১-০৪-২০২৬ৰ পৰা ৩০-০৯-২০২৬লৈ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে। সাৰ কোম্পানীসমূহক অনুমোদিত আৰু অধিসূচিত হাৰ অনুসৰি ৰাজসাহায্য প্ৰদান কৰা হ’ব, যাতে কৃষকসকলক সূলভ মূল্যত সাৰ উপলব্ধ কৰোৱা হয়।
***
MJPS/NB