Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ ইউএই ভ্ৰমণ

ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ ইউএই ভ্ৰমণ


 

১.

ইণ্ডিয়ান ষ্ট্ৰেটেজিক পেট্ৰ’লিয়াম ৰিজাৰ্ভছ লিমিটেড (আইএছপিআৰএল) আৰু আবু ধাবি নেচনেল অইল কোম্পানী (এডিএনঅ’চি) ৰ মাজত কৌশলগত সহযোগিতাৰ বুজাবুজিৰ স্মাৰক পত্ৰ

(ক)অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত থকা সুবিধাসমূহত অংশগ্ৰহণৰ জৰিয়তে আৰু উৰিষ্যাৰ চাণ্ডিকোলত সংৰক্ষণৰ সুবিধাৰ উন্নয়নকে ধৰি ভাৰতৰ কৌশলগত পেট্ৰ’লিয়াম ভাণ্ডাৰসমূহত ৩ কোটি বেৰেললৈকে এ ডি এন অ’ চি-ৰ খাৰুৱা তেল মজুতকৰণ।

(খ) ভাৰতৰ কৌশলগত পেট্ৰ’লিয়াম ভাণ্ডাৰৰ অংশ হিচাপে ইউ এ ই-ৰ ফুজাইৰাত খাৰুৱা তেলৰ সম্ভাব্য মজুতকৰণ।

(গ) ভাৰতত তৰল প্ৰাকৃতিক গেছ আৰু তৰল পেট্ৰ’লিয়াম গেছ সংৰক্ষণ সুবিধাসমূহত সম্ভাব্য সহযোগিতা।

২.

ইণ্ডিয়ান অইল লিমিটেড (আই অ’ চি এল) আৰু আবু ধাবি নেচনেল অইল কোম্পানী (এ ডি এন অ’ চি) ৰ মাজত তৰলীকৃত পেট্ৰ’লিয়াম গেছ (এল পি জি) যোগানৰ বাবে কৌশলগত সহযোগিতা চুক্তি

এলপিজিৰ দীৰ্ঘম্যাদী যোগান তথা এডিএনঅ’চি গেছ লিমিটেড আৰু আইঅ’ চিএলৰ মাজত এলপিজি বিক্ৰী আৰু ক্ৰয়ৰ দীৰ্ঘম্যাদী চুক্তিত প্ৰৱেশকে ধৰি এলপিজিৰ বিক্ৰী আৰু ক্ৰয়ৰ সম্ভাব্য সুযোগসমূহৰ অন্বেষণ।

৩.

কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্বৰ পৰিকাঠামো

প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা, উদ্ভাৱন আৰু উন্নত প্ৰযুক্তি, প্ৰশিক্ষণ, অনুশীলন, শিক্ষা আৰু বিশ্বাস, বিশেষ অভিযান আৰু আন্তঃব্যৱহাৰ যোগ্যতা, সামুদ্ৰিক সুৰক্ষা, চাইবাৰ প্ৰতিৰক্ষা, সুৰক্ষিত যোগাযোগ আৰু তথ্য বিনিময়ৰ বাবে এক কৌশলগত পৰিকাঠামো।

৪.

কোচিন শ্বিপয়াৰ্ড লিমিটেড (চিএছএল) আৰু ড্ৰাইডকছ ৱৰ্ল্ড (ডিডিডব্লিউ) ৰ মাজত ভাদিনাৰত জাহাজ মেৰামতি ক্লাষ্টাৰ স্থাপনৰ বাবে বুজাবুজিৰ স্মাৰক পত্ৰ

 

ভাৰত চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা সামুদ্ৰিক উন্নয়ন পুঁজি আঁচনিৰ অধীনত উপকূলীয় নিৰ্মাণকে ধৰি ভাদিনাৰত এখন জাহাজ মেৰামতি ক্লাষ্টাৰ স্থাপনৰ বাবে সহযোগিতা।

৫.

জাহাজ মেৰামতিৰ ক্ষেত্ৰত দক্ষতা বিকাশৰ বাবে কোচিন শ্বিপয়াৰ্ড লিমিটেড (চিএছএল), ড্ৰাইডকছ ৱৰ্ল্ড (ডিডিডব্লিউ) আৰু চেণ্টাৰ অৱ এক্সিলেন্স ইন মেৰিটাইম এণ্ড শ্বিপবিল্ডিং (চিইএমএছ)ৰ মাজত বুজাবুজিৰ স্মাৰক পত্ৰ

এই ত্ৰিপক্ষীয় চুক্তিয়ে দক্ষ সামুদ্ৰিক কৰ্মচাৰীক সক্ৰিয় কৰা, প্ৰশিক্ষণ দিয়া আৰু নিয়োগ কৰাৰ বাবে এক পৰিকাঠামো প্ৰতিষ্ঠা কৰিছে। এই বুজাবুজিৰ স্মাৰক পত্ৰই ভাৰতীয় সামুদ্ৰিক কৰ্মবাহিনীৰ সামৰ্থ্য বৃদ্ধি কৰিব আৰু ভাৰতক দক্ষ জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতিৰ পেছাদাৰীসকলৰ কেন্দ্ৰ হিচাপে স্থাপন কৰিব।

৬.

ভাৰতৰ চি ডি এ চি আৰু ইউ এই-ৰ জি-৪২-ৰ মাজত অংশীদাৰিত্বত ৮ টা এক্সাফ্লপ ছুপাৰ কম্পিউটাৰ ক্লাষ্টাৰ স্থাপনৰ বাবে ম্যাদ পত্ৰ

 

এআই মিছন ইণ্ডিয়াৰ অংশ হিচাপে ছুপাৰ কম্পিউটিং ক্লাষ্টাৰ স্থাপনৰ বাবে চিডিএচি আৰু জি-৪২ৰ মাজত সহযোগিতাৰ পথ প্ৰশস্ত কৰা।

ঘোষণা

৭.

ইউ এ ই-ৰ পৰা ভাৰতলৈ বিনিয়োগ

  1. আবু ধাবি বিনিয়োগ কৰ্তৃপক্ষ (এডিআইএ) আৰু ভাৰতৰ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি আৰু বিনিয়োগ পুঁজি (এনআইআইএফ)-এ ভাৰতৰ আন্তঃগাঁথনি খণ্ডত ১ বিলিয়ন আমেৰিকান ডলাৰ পৰ্যন্ত বিনিয়োগৰ অন্বেষণ কৰিব।
  2. এমিৰেটছ নিউ ডেভেলপমেণ্ট বেংকে (ইএনবিডি)-এ আৰ বি এল বেংক অৱ ইণ্ডিয়াত ৩ বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰিব
  3. ইণ্টাৰনেচনেল হোল্ডিং কোম্পানীয়ে সম্মান কেপিটেল অৱ ইণ্ডিয়াত ১  বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰিব।

 

 

ক্ৰমিক নং বুজাবুজিৰ স্মাৰক পত্ৰ/চুক্তি উদ্দেশ্যসমূহ

 

****

MJPS/SS/VJ/HS