Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফলাফলৰ তালিকা: উজবেকিস্তানলৈ প্ৰধানমন্ত্ৰীৰ চৰকাৰী ভ্ৰমণ

ফলাফলৰ তালিকা: উজবেকিস্তানলৈ প্ৰধানমন্ত্ৰীৰ চৰকাৰী ভ্ৰমণ


বুজাবুজিৰ চুক্তি আৰু অন্যান্য চুক্তি

ভাৰত গণৰাজ্য চৰকাৰ আৰু উজবেকিস্তান গণৰাজ্য চৰকাৰৰ মাজত ২০২৬-৩০ বৰ্ষৰ বাবে সাংস্কৃতিক বিনিময় কাৰ্যসূচী।

উজবেকিস্তানৰ টাৰ্মেজত অৱস্থিত ফায়াজ টেপা আৰু কাৰাটেপাৰ প্ৰাচীন বৌদ্ধ স্থানসমূহ সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ বাবে ভাৰত গণৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু উজবেকিস্তান গণৰাজ্যৰ সাংস্কৃতিক ঐতিহ্য সংস্থাৰ মাজত উদ্দেশ্য পত্ৰ।

ভাৰতৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় আৰ্কাইভ আৰু উজবেকিস্তান গণৰাজ্যৰ ন্যায় মন্ত্ৰালয়ৰ অধীনস্থ এজেন্সী “উজাৰচিভ”ৰ মাজত আৰ্কাইভৰ কামৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজিৰ চুক্তি।

আয়ুৰ্বেদ আৰু অন্যান্য পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে ভাৰত গণৰাজ্য চৰকাৰ আৰু উজবেকিস্তান গণৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি।

ভাৰত গণৰাজ্যৰ খনি মন্ত্ৰালয় আৰু উজবেকিস্তান গণৰাজ্যৰ খনি উদ্যোগ আৰু ভূতত্ত্ব মন্ত্ৰালয়ৰ মাজত ভূতত্ত্ব তথা খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে বুজাবুজিৰ চুক্তি।

ভাৰতীয় গণৰাজ্যৰ পৰ্যটন মন্ত্ৰালয় আৰু উজবেকিস্তান গণৰাজ্যৰ পৰ্যটন সমিতিৰ মাজত ২০২৬-২৮ চনৰ বাবে পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতাৰ অংশীদাৰিত্ব কাৰ্যসূচী।

ভাৰত গণৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্য সুষমা স্বৰাজ ইনষ্টিটিউট অৱ ফৰেইন চাৰ্ভিচ আৰু উজবেকিস্তান ৰিপাব্লিকৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিশ্ব অৰ্থনীতি আৰু কূটনীতি বিশ্ববিদ্যালয়ৰ কূটনৈতিক একাডেমীৰ মাজত বুজাবুজিৰ চুক্তি।

ভাৰতীয় গণৰাজ্যৰ বিত্ত মন্ত্ৰালয় আৰু উজবেকিস্তান গণৰাজ্যৰ অৰ্থনীতি আৰু বিত্ত মন্ত্ৰালয়ৰ মাজত অৰ্থনৈতিক তথা  বিত্তীয় বিষয়ক বুজাবুজিৰ চুক্তিপত্ৰ।

ভাৰত গণৰাজ্যৰ পৰিৱেশ ,বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় তথা উজবেকিস্তান গণৰাজ্যৰ পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ ৰাষ্ট্ৰীয় সমিতিৰ মাজত পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে চুক্তি।

১০

উচ্চ শিক্ষা আৰু বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে ভাৰত গণৰাজ্য চৰকাৰ আৰু উজবেকিস্তান গণৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি।

১১

ভাৰত গণৰাজ্যৰ গুজৰাট আৰু উজবেকিস্তান গণৰাজ্যৰ সমৰখন্দ অঞ্চলৰ মাজত অংশীদাৰিত্বৰ সম্পৰ্ক স্থাপনৰ সহযোগিতা চুক্তি।

ক্ৰমিক নং. শিৰোনাম

 

ঘোষণা

ক্ৰমিক নং

শিৰোনাম

ভাৰত-উজবেকিস্তান কৌশলগত অংশীদাৰিত্বক এক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা

আৰাল সাগৰ অঞ্চলত বনানীকৰণৰ বাবে ১ নিযুত মাৰ্কিন ডলাৰৰ অনুদান

হিন্দী ভাষাৰ বাবে লাল বাহাদুৰ শাস্ত্ৰী বৃত্তি (১০০ টা বৃত্তি)

তাছখন্দ ষ্টেট ইউনিভাৰ্চিটি অৱ অৰিয়েণ্টেল ষ্টাডিজত আইচিচিআৰ সংস্কৃত আসন

উজবেকিস্তানৰ ৰাষ্ট্ৰীয় আন্তঃবেংক প্ৰচেছিং চেণ্টাৰ জেএছচি (এনআইপিচি)ৰ সৈতে এনপিচিআই ইণ্টাৰনেশ্যনেল পেমেণ্টছ লিমিটেড (এনআইপিএল)ৰ মাজত বাণিজ্যিক চুক্তি, যাতে ভাৰতৰ ইউপিআই এপছক উজবেকিস্তানত ব্যৱসায়িক পেমেণ্ট কৰাৰ বাবে ৰাষ্ট্ৰীয় কিউআৰ – ইউজেকিউআৰ স্কেন কৰিবলৈ সক্ষম হয়।

 

*****

MJPS/SS/VJ/DM