Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফিক্কিৰ ৯০ তম বাৰ্ষিক সাধাৰণ সভাৰ আৰম্ভণি অনুষ্ঠানত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ সাৰাংশ


ফিক্কিৰ সভাপতি শ্ৰী পংকজ আৰ পেটেল জী, ভৱিষ্যতৰ সভাপতি শ্ৰী ৰমেশ চি শ্বাহ জী, সাধাৰণ সম্পাদক ড০ সঞ্জয় বাৰু জী আৰু ইয়াত উপস্থিত সকলো মহানুভৱ,

আজি আপোনালোক সকলোৱে আপেনালোকৰ বছৰৰ কাম কাজৰ হিচাপ লৈ বহিছে।এই বছৰ ফিক্কিয়ে ৯০ বছৰ সম্পূৰ্ণ কৰিলে। যিকোনো সংস্থাৰ বাবেই ই বৰ গৌৰৱৰ কথা।আপোনালোক সকলোলৈকে বহুত বহুত অভিনন্দন জনাইছো।

বন্ধুসকল, ১৯২৭ চনত বৃটিছ চৰকাৰে গঠন কৰা ছাইমন কমিশ্যনৰ বিৰুদ্ধে ভাৰতীয় উদ্যোগসমূহ একত্ৰিত হৈছিল আৰু ঐতিহাসিকভাৱে অতি প্ৰেৰণাদায়ক এই ফিক্কি গঠন হৈছিল।ভাৰতীয় উদ্যমীসকলে নিজৰ শক্তি সেইদৰেই ৰাষ্ট্ৰ নিৰ্মাণৰ কামত লগাইছিল।

ভাতৃ-ভগ্নীসকল, ৯০ বছৰৰ আগতে সাধাৰণ মানুহে নিজৰ প্ৰাত্যহিক দায়িত্ব পালনৰ লগতে দেশৰ দায়িত্বও লৈছিল। ভাৰতীয় উদ্যোগসমূহে দেশৰ স্বাৰ্থত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকৰ সৈতেও একত্ৰিত হৈ কাম কৰিছিল।একে পৰিস্থিতি আজিও আহি পৰিছে য’ত দেশৰ মানুহে দেশৰ প্ৰতি নিজৰ দায়িত্ব পালনৰ স্বাৰ্থত অতি আশাৰে আগবাঢ়ি আহিছে আৰু ভিতৰুৱা সমস্যা যেনে ক’লাধন আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ লৈছে।ৰাজনৈতিক দল আৰু ঔদ্যোগিক সংস্থাসমূহে দেশৰ জনতাৰ আৱেগ অনুভূতিক বুজিবলৈ যত্ন কৰি সেই অনুপাতে কাম কৰিব লাগে, সেই অনুপাতে নিজৰ নিজৰ ৰণনীতি তৈয়াৰ কৰিব লাগে।

বন্ধুসকল, স্বাধীনতাৰ পিছত আমি বহুত পালো, কিন্তু লগতে বহুত প্ৰত্যাহ্বানৰো সৃষ্টি হ’ল। স্বাধীনতাৰ ৭০ বছৰৰ পিছতো দুখীয়াসকলে ব্যৱস্থাৰ সৈতে সদায় যুঁজি থাকিব লগা হৈছে। ৰন্ধন গেছৰ সংযোগেই হওক বা বেংকৰ খাটা খোলাৰ ক্ষেত্ৰতেই হওক, বৃত্তি লাভৰ ক্ষেত্ৰতেই হওক বা পেন্সনৰ ক্ষেত্ৰতেই হওক কেন্দ্ৰীয় চৰকাৰে অসুবিধাসমূহ নোহোৱা কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে আৰু স্বচ্ছ তথা সজাগ-সচেতন ব্যৱস্থা প্ৰতিষ্ঠাত মনোযোগ দিছে।

সেয়ে আমি যেতিয়া জন-ধন যোজনা আৰম্ভ কৰিলো, তাক সকলোৱে অতি আন্তৰিকতাৰে আঁকোৱালি ললে। জন-ধন যোজনাই ভাৰতত জীয়াই থকা সহজ কৰি তুলিছে।কোনো দুখীয়া লোকে আগতে সহজে বেংকৰ খাটা খুলিব নোৱাৰিছিল, হয়তো তেওঁলোকক বেংকৰ দুৱাৰমুখৰ পৰাই উভতাই পঠোৱা হৈছিল বা মধ্যভোগীক কমিশ্যন দিব লগাত পৰিছিল। কিন্তু আজি সেই পৰিৱেশ নাই।এই যোজনাৰদ্বাৰা দৰিদ্ৰসকলৰ জীৱনলৈ ডাঙৰ পৰিৱৰ্তন আহিছে।

দৰিদ্ৰ মহিলা সকলৰ জীৱনলৈও ডাঙৰ পৰিৱৰ্তন আহিছে, খৰিৰ ধোঁৱাৰ পৰা তেওঁলোকে মুক্তি পাইছে। আমি তিনি কোটিতকৈও অধিক মহিলাক বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰিছো। তাৰ ফলত দৰিদ্ৰসকলে আজিকালি ইন্ধনৰ বাবে কম খৰচ কৰিলেও হোৱা অৱস্থা এটা পাইছে।

আমি দৰিদ্ৰসকলে ভোগ কৰি থকা এটা এটা সমস্যা অনুধাৱন কৰি তাৰ সমাধানৰ পথ বিচাৰি উলিয়াইছো।দৰিদ্ৰ মহিলা সকলে যাতে অনবৰতে লাজ মান কাটি কৰি থাকিব নালাগে, তেওঁলোকৰ স্বাস্থ্য যাতে সুৰক্ষিত হয়, তাৰবাবে স্বচ্ছ ভাৰত অভিযানৰ অধীনত পাঁচ কোটিতকৈও অধিক শৌচালয় নিৰ্মাণ কৰিছো।

দৰিদ্ৰসকলে যাতে থাকিবলৈ পকী ঘৰ এটা পায় তাৰবাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰম্ভ কৰা হৈছে।

বন্ধুসকল, বিজ্ঞান ভৱনৰ এই জিলিকি থকা লাইটৰ পোহৰ, এই সাজ-সজ্জাতকৈ সম্পূৰ্ণ এখন বেলেগ পৃথিৱীত গাঁওবাসীসকল থাকে। মই সেই দৰিদ্ৰৰ পৃথিৱীৰপৰা ওলায়ে আপোনালোকৰ মাজলৈ আহিছো।সীমিত ব্যৱস্থা, সীমিত পঢ়া-শুনা – কিন্তু সপোন অপৰিসীম। সেই পৃথিৱীয়ে মোক দেশৰ প্ৰয়োজনসমূহ বুজিবলৈ, সেই অনুপাতে সিদ্ধান্ত ল’বলৈ আৰু তাক ৰূপায়ণ কৰিবলৈ শিকাইছে।

ন-উদ্যোগীক ঋণৰ সুবিধা দিয়া মূদ্ৰা যোজনাই যুৱ প্ৰজন্মৰ এক ডাঙৰ প্ৰয়োজন পূৰণ কৰিছে।মূদ্ৰা যোজনাৰ অধীনত চৰকাৰে দায়িত্ব লয় আৰু সেয়ে যিকোনো যুৱক-যুৱতীয়ে নিজৰ সপোন সাৰ্থক কৰিবলৈ সাহস কৰিব পাৰিছে।যোৱা তিনি বছৰত প্ৰায় ১০ কোটি ২৫ লাখ ঋণৰ আমি অনুমোদন দিছো।বিনা কোনো গ্যেৰান্টীত যুৱক-যুৱতীয়ে ৪ লাখ টকাতকৈও অধিক ঋণ লাভ কৰিছে। তাৰ ফলত যোৱা তিনি বছৰত প্ৰায় তিনি কোটি নতুন উদ্যোগী আমি পাইছো।

এইসকল এনে ব্যক্তি যি মূদ্ৰা যোজনাৰ অধীনত বেংকৰ পৰা ঋণ লাভ কৰিছে।এই তিনি কোটি নতুন উদ্যোগীয়ে দেশৰ লঘূ, ক্ষূদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে আৰু এই ক্ষেত্ৰখনক শক্তিশালী কৰি তুলিছে।

চৰকাৰে ষ্টাৰ্ট আপকো গুৰুত্ব দিছে। ৰিস্ক কেপিটেল ষ্টাৰ্ট আপৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। চৰকাৰে তাৰবাবে এটা ফাণ্ড অৱ ফাণ্ড তৈয়াৰ কৰিছে।ইয়াৰ ফলত ছিডৱিৰ জৰিয়তে কৰা বিনিয়োগ তথা অন্য সূদৰ পৰা লাভ আদায় হৈছে আৰু ষ্টাৰ্ট আপ সমূহে সহায় লাভ কৰিছে।
ভাতৃ-ভগ্নীসকল, ষ্টাৰ্ট আপৰ ক্ষেত্ৰত এনেদৰে বিকল্প বিনিয়োগ পুঁজিৰ ব্যৱহাৰ অতি মহত্বপূৰ্ণ।যোৱা তিনি বছৰত চৰকাৰে লোৱা এনে নীতিগত সিদ্ধান্তৰ কাৰণে এনে ধৰণৰ ব্যৱস্থাই বিকাশ লাভ কৰাৰ সুযোগ পাইছে।যুৱ প্ৰজন্মৰ  কথা মনত ৰাখি চৰকাৰে এনেধৰণৰ পদক্ষেপ লৈছে।

বন্ধুসকল, ফিক্কিয়ে নিজৰ বিষয়ে কয়, – নীতি সলনিৰ বাবে উদ্যোগসমূহৰ কন্ঠস্বৰ। আপোনালোকে উদ্যোগসমূহৰ দাৱী চৰকাৰক শুনোৱাৰ দায়িত্ব লৈছে।আপোনালোকে সমীক্ষা কৰে, আলোচনা চক্ৰ অনুষ্ঠিত কৰে।আগৰ চৰকাৰৰ নীতিৰ ফলত বেংকিং ব্যৱস্থাৰ যি দুৰ্দশা হৈছিল, সেই সম্পৰ্কে ফিক্কিয়ে সমীক্ষা কৰিছিল নে নাই মই নাজানো।

মোৰ জানিবৰ আগ্ৰহ যে আগৰ চৰকাৰত বহি থকা কিছু লোকে বেংকৰ ওপৰত হেঁচা প্ৰয়োগ কৰি কেইজনমান বিশেষ উদ্যোগপতিক ঋণ দিয়াইছিল, ফিক্কি তেতিয়া ক’ত আছিল? আগৰ চৰকাৰত বহি থকা সকলেও জানিছিল, বেংকেও জানিছিল, বজাৰৰ লগত জড়িত সংস্থাসমূহেও জানিছিল, উদ্যোগ জগতখনেও জানিছিল, যে এইবোৰ ভুল কাম হৈ আছে।

ইউ পি এ চৰকাৰৰ ই সকলোতকৈ ডাঙৰ কেলেংকাৰী আছিল। কমনৱেলথ, ২জি, কয়লা আদিবোৰতকৈও ডাঙৰ কেলেংকাৰী আছিল। এক প্ৰকাৰে চৰকাৰত বহি থকা কিছু লোকে উদ্যোগপতিসকলৰ মাধ্যমেৰে জনতাক শোষণ কৰিছিল। আপোনালোকৰ কোনো এটা সমীক্ষাই কোনো অধ্যয়নে এয়া নেদেখিলে নে? মৌন হৈ সকলো চাই থকা সকলক কোনো সংস্থাই জগাবলৈ চেষ্টা নকৰিলে কিয়?

বন্ধুসকল, বেংকিং ব্যৱস্থাৰ এই দুৰ্দশা আঁতৰাবলৈ, বেংকিং ব্যৱস্থা শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। বেংক সমূহ সুৰক্ষিত হ’লেহে, গ্ৰাহকসকল সুৰক্ষিত হ’লেহে দেশ এখন সুৰক্ষিত হ’ব।

চৰকাৰে খাটা থকা লোকসকলৰ ধন সুৰক্ষিত ৰখাৰ বাবে সকলো ব্যৱস্থা হাতত লৈছে। ফিক্কিৰ দৰে অনুষ্ঠানে এনেধৰণৰ বিষয়ৰ ওপৰত সজাগতা বৃদ্ধিৰ পদক্ষেপ লোৱা উচিত।

আপোনালোকে চৰকাৰ, উদ্যোগজগত আৰু জনতাৰ প্ৰয়োজন তথা দাৱীৰ সৈতে সামঞ্জস্য ৰাখিব পাৰিব লাগিব।

বন্ধুসকল, ভাৰতীয় উদ্যোগজগতৰ পুৰণি দাৱী আছিল জি এছ টি। জি এছ টিক অধিক প্ৰভাৱশালী কৰি তোলাৰ ক্ষেত্ৰতো ফিক্কিয়ে দায়িত্ব লোৱা উচিত।ছ’চিয়েল মিডিয়াত থকাসকলে নিশ্চয় দেখিছে বহুতে ৰেষ্ট্যুৰেন্টৰ বিল প’ষ্ট কৰিছে যে জি এছ টিৰ পিছত অধিক দাম দিব লগা হৈছে। আমি ব্যৱস্থা কৰিছো যদিও তাৰপৰা গ্ৰাহকসকল হ’বলগীয়া ধৰণে লাভান্বিত হোৱা নাই।এনেকুৱা পৰিস্থিতি চম্ভালিবলৈ চৰকাৰে ব্যৱস্থা হাতত লৈছে, কিন্তু ফিক্কিৰ দৰে সংস্থাই এনে ক্ষেত্ৰত সহায় কৰা উচিত নহয়নে? ব্যৱসায়ীসকলৰ মাজত সজাগতা অনাৰ প্ৰয়াস আপোনালোকে কৰিব নালাগেনে?

ভাতৃ-ভগ্নীসকল, জি এছ টিৰ দৰে ব্যৱস্থা একে ৰাতিতে নহয়। আৰু আমি ৭০ বছৰীয়া এটা ব্যৱস্থা সলনি কৰি আছো। আমাৰ লক্ষ্য যে বেছিতকৈ বেছি ব্যৱসায়ী এই ব্যৱস্থাৰ সৈতে জড়িত হওক।

মাহিলী আয় ১ লাখেই হওক বা ১০ লাখেই হওক সকলো সৰু সৰু ব্যৱসায়ীক আমি আনুষ্ঠানিক ব্যৱস্থাৰ আওঁতালৈ আনিবলৈ চেষ্টা কৰি আছো।ব্যৱস্থা যিমানেই আনুষ্ঠানিক হ’ব সিমানেই দৰিদ্ৰসকল লাভান্বিত হ’ব। বেংকসমূহে ঋণ প্ৰদানৰ বাবে সুবিধা পাব। ফিক্কিয়ে ক্ষূদ্ৰ ব্যৱসায়ীসকলৰ মাজত সজাগতা বৃদ্ধিৰ পদক্ষেপ ল’ব বুলি মই আশাবাদী।

ভাতৃ-ভগ্নীসকল, মই জানিবলৈ পাইছো যে ২০১৩ চনত ফিক্কিৰ এম এচ এম ই ভাৰ্টিকেল গঠন হৈছিল।৯০ বৰ্ষত মাত্ৰ চাৰিবছৰৰ আগতেহে এম এচ এম ই ভাৰ্টিকেল গঠন হ’ল!! মই এই বিষয়ে বিশেষ টিপ্পনী নিদিওঁ কিন্তু এটা কথা নিশ্চয় কম যে আপোনালোকৰ এই ভাৰ্টিকেলে মূদ্ৰা যোজনা, ষ্টাৰ্ট আপ ইণ্ডিয়া, ষ্টেণ্ড আপ ইণ্ডিয়া আদি যোজনাৰ বিকাশত সহায় কৰক।ইমান অভিজ্ঞ সংস্থা এটাই যাদি আমাৰ সৰু সৰু উদ্যোগক সহায় কৰে তেন্তে তেওঁলোকে অধিক শক্তিৰে কাম কৰিবলৈ প্ৰেৰণা পাব।

এতিয়া চৰকাৰে দেশৰ প্ৰয়োজন সাপেক্ষে নীতি নিৰ্ধাৰণ কৰিছে। পুৰণি আইন সলনি কৰি নতুন আইন তৈয়াৰ কৰিছে।

অলপতে মই বাঁহৰ ওপৰতো এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লো। বাঁহ গছ হয়নে নহয় তাক লৈ ও আমাৰ দেশত ভিন ভিন কানুন আছিল। এতিয়া চৰকাৰে সিদ্ধান্ত লৈছে যে হাবিত হোৱা বাঁহক গছ বুলি মানি লোৱা নহ’ব। ইয়াৰ ফলত বাঁহৰ লগত জড়িত লাখ লাখ উদ্যোগী লাভৱান হ’ব।

বন্ধুসকল, মই জানিবলৈ পাইছো যে ফিক্কিৰ সৰহসংখ্যক সদস্য নিৰ্মাণ খণ্ডৰ লগত জড়িত। আভিযান্ত্ৰিক সামগ্ৰী, আন্তঃগাঁথনি, ৰিয়েল ইষ্টেট আদি ফিক্কিৰ পৰিয়ালৰ দৰেই। তেন্তে, ভাতৃ-ভগ্নীসকল, কিয় এনে হ’ল যে বিল্ডাৰসকলৰ মনমানিৰ কথা আগৰ চৰকাৰে গমেই নাপালে? মধ্যবিত্ত শ্ৰেণীয়ে জীৱনযোৰা আয় বিল্ডাৰক দিয়ো ঘৰ কিনিব নোৱাৰিছিল। ‘ৰেৰা’ৰ দৰে আইন আগতেও কৰিব পাৰিলেহেঁতেন!

ভাতৃ-ভগ্নীসকল, আমি গম পাইছো যে মাৰ্চ মাহত বাজেট দাখিল কৰাৰ পিছত বছৰত কাম কৰাৰ সময় নাথাকেগৈ। বাৰিষাৰ ফলত তিনি-চাৰি মাহ এনেয়ে য়ায়। সেয়ে এইবছৰ এমাহৰ আগেয়ে বাজেট দাখিল কৰাৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ ফলত বিভাগসমূহে যিমান পইচা পাব তাক কাৰ্যত লগাবলৈ যথেষ্ট সময় পাব।

চৰকাৰৰদ্বাৰা ইউৰিয়া, বস্ত্ৰশিল্প, অসামৰিক বিমান আৰু স্বাস্থ্য খণ্ডত নীতি সাল-সলনিৰ সিদ্ধান্ত লোৱা হৈছে যাৰ ফলত দেশৰ দৰিদ্ৰসকল লাভান্বিত হ’ব। দেশত ১৮ টনৰ পৰা ২০ টন অধিক ইউৰিয়া উৎপাদন হৈছে।

যোৱা তিনিবছৰত ২১ টা খণ্ডত ৮৭ টা মহত্বপূৰ্ণ সংস্কাৰ সাধন হ’ল। সুৰক্ষা, নিৰ্মাণ, বিত্তীয় সেৱা, খাদ্য প্ৰক্ৰিয়াকৰণ আদি খণ্ডত বহুত পৰিৱৰ্তন সম্ভৱ হ’ল।

ব্যৱসায় কৰাৰ সুচলতাৰ ক্ষেত্ৰত ভাৰতে ১৪২ স্থানৰ পৰা ১০০ নং স্থানলৈ উন্নীত হৈছে। ভাৰতত বৈদেশিক বিনিয়োগ সংগ্ৰহ প্ৰায় ৩০ হাজাৰ কোটি ডলাৰৰ পৰা ৪০ হাজাৰ কোটি ডলাৰ হৈছেগৈ। বিশ্ব প্ৰতিযোগিতামূলক সূচীত ভাৰত ২১ টা স্থান আগবাঢ়িছে। লজিষ্টিক পাৰ্ফমেন্স সূচীত ১৯ টা স্থান আগবাঢ়িছে। যোৱা তিনিবছৰত মুঠ পোনপটীয়া বৈদেশিক বিনিয়োগ ৭০ শতাংশ বৃদ্ধি পাইছে।

ভাতৃ-ভগ্নীসকল, ফিক্কিত নিৰ্মাণ ক্ষেত্ৰৰ লগত জড়িত সদস্য বহুত আছে। আপোনালোকে নিশ্চয় জানে যে নিৰ্মাণ ক্ষেত্ৰত এতিয়ালৈকে মুঠ বৈদেশিক বিনিয়োগ যোৱা তিনিবছৰত ৭৫ শতাংশ বৃদ্ধি পাইছে।

একেদৰে বিমান বন্দৰৰ ক্ষেত্ৰত, মাইনিঙৰ ক্ষেত্ৰত, কম্পিউটাৰ ছফটৱেৰ, ইলেক্ট্ৰিকেল আদি সকলো ক্ষেত্ৰতে যোৱা তিনিবছৰত বিনিয়োগ বৃদ্ধি পাইছে।

অৰ্থব্যৱস্থাৰ উন্নতিৰ নিদৰ্শন কিছুমান সংখ্যাগত তথ্যৰদ্বাৰা তুলি ধৰিব পাৰি।

বন্ধুসকল, ঘৰুৱা বজাৰত যাত্ৰী কঢ়িওৱা বাহনৰ বিক্ৰীৰ হাৰ ১৪ শতাংশ বৃদ্ধি পাইছে। বাণিজ্যিক বাহন যি অৰ্থনৈতিক কাৰ্য-কলাপৰ নিদৰ্শন দাঙি ধৰে তাৰ বিক্ৰীৰ হাৰ ৫০ শতাংশ বৃদ্ধি পাইছে। তিনিচকীয়া বাহনৰ বিক্ৰীৰ হাৰ প্ৰায় ৮০ শতাংশ বৃদ্ধি পাইছে। দুচকীয়া বাহন যিয়ে গ্ৰাম্যাঞ্চল আৰু মধ্যবিত্তৰ আয় বৃদ্ধিৰ নিদৰ্শন দাঙি ধৰে তাৰ বিক্ৰীৰ হাৰ ২৩ শতাংশ বৃদ্ধি পাইছে।

বন্ধুসকল, আপোনালোকে জানে যে ইমান ডাঙৰ স্তৰত পৰিৱৰ্তন অহা তেতিয়াহে সম্ভৱ যেতিয়া অৰ্থব্যৱস্থাৰ ওপৰত সাধাৰণ জনতাৰ আস্থা থাকে। তৃণমূল পৰ্যায়ত চৰকাৰে বিত্তীয়, প্ৰশাসনিক আৰু আইনী পদক্ষেপ হাতত লোৱা বাবেহে এই সংস্কাৰ সম্ভৱ হৈছে। চৰকাৰে অৰ্থনৈতিক সংস্কাৰ, সামাজিক সংস্কাৰ আৰু নিয়োগৰ সুবিধা সৃষ্টিত ডাঙৰ ভূমিকা পালন কৰিছে।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথা যদি মই কওঁ, চৰকাৰে এনে এটা লক্ষ্যৰে কাম কৰি আছে যাতে ২০২২ চনৰ ভিতৰত সকলোৰে এটা ঘৰ হয়। এই ঘৰসমূহ নিৰ্মাণৰ কাৰণে স্থানীয় মানৱসম্পদক কামত লগোৱা হৈছে। এই ঘৰসমূহ নিৰ্মাণৰ কাৰণে যি যি সা-সঁজুলি বা উপাদান লাগে সকলো স্থানীয় বজাৰৰ পৰা ক্ৰয় কৰা হৈছে। তেনেদৰে দেশত গেছ পাইপলাইন বহুওৱাৰ ফলত বহু চহৰত গেছ বিতৰকৰ ব্যৱস্থা উপলব্ধ কৰা হৈছে। গতিকে বজাৰ, নিয়োগৰ সুবিধা আদি সামৰি আপোনা-আপুনি এক ইক’চিষ্টেম গঢ়ি উঠিছে।

ভাতৃ-ভগ্নীসকল, আমি দেশৰ প্ৰয়োজন অনুসৰি কাম কৰি আছো। আমি সেইবিলাক বস্তু নিৰ্মাণত গুৰুত্ব দিছো যিবোৰ আমি ভাৰতৰ বাহিৰৰ পৰা আমদানি কৰিবলৈ বাধ্য আছিলো। কিমান এনে ক্ষেত্ৰ আছে য’ত আমাৰ পৰাই কেঁচামাল লৈ যায় আৰু সামগ্ৰী তৈয়াৰ কৰি আমাকেই বিক্ৰী কৰে।

বন্ধুসকল, ২০২২ চনত আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ হ’ব। আমি সকলোৱে তেতিয়ালৈকে এক নতুন ভাৰত গঢ়াৰ সংকল্প লৈছো। ফিক্কিৰ দৰে ইমান ডাঙৰ সংস্থাই যদি এই ক্ষেত্ৰত অলপ দায়িত্ব ল’বলৈ আগবাঢ়ি আহে তেন্তে নতুন ভাৰত গঢ়াৰ সপোন বাস্তৱায়িত কৰাত বহুখিনি সহায় হ’ব। খাদ্য প্ৰক্ৰিয়াকৰণ, ষ্টাৰ্ট আপ, আৰ্টিফিচিয়েল ইন্টেলিজেন্স, সৌৰ শক্তি, স্বাস্থ্যসেৱা আদি ক্ষেত্ৰৰ উন্নয়নত ফিক্কিয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে আৰু লঘূ, ক্ষূদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব পাৰে।

ভাতৃ-ভগ্নীসকল, কোৱাই বহুত কিবা কিবি কৈয়ে থাকিব, আমি নিজৰ সিদ্ধান্তসমূহ সফল কৰি তুলিব লাগিব। আমাৰ সিদ্ধান্তসমূহ সফল হ’লেই দেশো সফল হ’ব। এটা কথা মনত ৰখা ভাল যে ক্ৰিকেটত কিছু খেলুৱৈয়ে নব্বৈ ৰাণ কৰি ১০০ লৈকে লাহে লাহে খেলা আৰম্ভ কৰে। ফিক্কিয়ে যাতে তেনেকুৱা নকৰে। থিয় হওক, চিধাকৈ ছয় মাৰক আৰু চাৰি মাৰক!!!

মই পুনৰ ফিক্কি আৰু ইয়াৰ সদস্যসকললৈ শুভকামনা জ্ঞাপন কৰিছো। সকলোকে বহুত বহুত ধন্যবাদ!!!

***

AKT/HS/PRK