Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফ্ৰান্সৰ প্ৰখ্যাত যোগা প্ৰশিক্ষক শ্ৰীযুতা চাৰ্লট চপিনৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

ফ্ৰান্সৰ প্ৰখ্যাত যোগা প্ৰশিক্ষক শ্ৰীযুতা চাৰ্লট চপিনৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ জুলাইত পেৰিছত ফ্ৰান্সৰ এগৰাকী প্ৰখ্যাত যোগ শিক্ষয়িত্ৰী শ্ৰীযুতা চাৰ্লট চপিনক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে শ্ৰীযুতা চপিনৰ যোগৰ প্ৰতি গভীৰ বিশ্বাস আৰু ফ্ৰান্সত যোগৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁৰ যুগান্তকাৰী কামৰ শলাগ লয়।

যোগাসনে কেনেকৈ সুখ কঢ়িয়াই আনিব পাৰে আৰু সামগ্ৰিক সুস্থতাক প্ৰসাৰিত কৰিব পাৰে সেই সম্পৰ্কে শ্ৰীযুতা চপিনে তেওঁৰ মতামত শ্বেয়াৰ কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে যোগৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱা সন্দৰ্ভতো মত বিনিময় কৰে।

 

******