Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ কূটনৈতিক উপদেষ্টাই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে


ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ কূটনৈতিক উপদেষ্টা শ্ৰী ইমানুৱেল বনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ

“ৰাষ্ট্ৰপতি মেক্ৰনৰ কূটনৈতিক উপদেষ্টা ইমানুৱেল বনৰ সৈতে মিলিত হৈ আনন্দিত হৈছো।

আমি একাধিক ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতাৰ দ্বাৰা চালিত ভাৰত–ফ্ৰান্সৰ শক্তিশালী আৰু নিৰ্ভৰযোগ্য কৌশলগত অংশীদাৰিত্বৰ কথা দোহাৰো। বিশেষকৈ আমি ভাৰত–ফ্ৰান্স উদ্ভাৱন বৰ্ষ উদযাপন কৰাৰ সময়তে আমাৰ সহযোগিতা উদ্ভাৱন, প্ৰযুক্তি আৰু শিক্ষাৰ ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হোৱা দেখি উৎসাহিত হৈছো। আমি লগতে মূল আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত দৃষ্টিভংগীৰ আদান-প্ৰদান কৰো। মই অতি সোনকালেই ৰাষ্ট্ৰপতি মেক্ৰনক ভাৰতলৈ আদৰণি জনাবলৈ আগ্ৰহী হৈ উঠিছো।

@EmmanuelMacron”

****

MJPS/SR/SB