Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপতগ্ৰহণ কৰাৰ বাবে শ্ৰী হাগ্ৰামা মহিলাৰীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে


বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপতগ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্ৰী হাগ্ৰামা মহিলাৰীক অভিনন্দন জনাইছে।

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী হাগ্ৰামা মহিলাৰীক বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ মুখ্য কাৰ্যবাহী সদস্য (চিইএম) হিচাপে শপত গ্ৰহণ কৰাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে শ্ৰদ্ধাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ দৃষ্টিভংগীৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি বিটিচি প্ৰশাসনক কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ উভয়ে পূৰ্ণ সমৰ্থন আগবঢ়াই যাব বুলি পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-

‘বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ চি ই এম হিচাপে শপতগ্ৰহণ কৰাৰ বাবে শ্ৰী হাগ্ৰামা মহিলাৰীক অভিনন্দন জনাইছো।তেওঁ আৰু তেওঁৰ দলটোক তেওঁলোকৰ কাৰ্যকালৰ বাবে মোৰ শুভেচ্ছা জনাইছো।মহান বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ দৃষ্টিভংগীক বাস্তৱায়িত  কৰাৰ বাবে আমি সকলোৱে সামূহিকভাৱে কাম কৰাৰ লগতে সৰ্বাংগীন উন্নয়ন সুনিশ্চিত কৰাৰ অৰ্থে  কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে বিটিচি চৰকাৰক সহায় কৰি যাব।

@HagramaOnline”

 

MJPS/SR/DM