Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বসন্ত পঞ্চমী উপলক্ষে প্ৰধানমন্ত্ৰীৰ সকলোকে শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শুভ বসন্ত পঞ্চমী উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰকৃতিৰ সৌন্দৰ্য আৰু দেৱত্বৰ প্ৰতি উৎসর্গীকৃত এই উৎসৱৰ পবিত্ৰতাৰ ওপৰত আলোকপাত কৰে। তেওঁ সকলোৰে বাবে জ্ঞান আৰু কলাৰ দেৱী সৰস্বতীৰ আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰে।

দেৱী সৰস্বতীৰ কৃপাত সকলো নাগৰিকৰ জীৱন শিক্ষা, প্রজ্ঞা আৰু বুদ্ধিৰে চিৰদিন আলোকিত হৈ থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

‘আপোনালোক সকলোকে প্ৰকৃতিৰ সৌন্দৰ্য আৰু দেৱত্বৰ প্ৰতি উৎসর্গীকৃত পবিত্ৰ উৎসৱ বসন্ত পঞ্চমীৰ শুভেচ্ছা জনাইছো। সকলোৱে জ্ঞান আৰু কলাৰ দেৱী মা সৰস্বতীৰ আশীৰ্বাদ লাভ কৰক। তেওঁৰ অনুগ্ৰহে সকলোৰে জীৱন সদায় শিক্ষা, প্রজ্ঞা আৰু জ্ঞানেৰে আলোকিত কৰক, তাৰেই কামনা কৰিলো।’

***

MJPS/ST/DD