পি এম ইণ্ডিয়া

শ্বেখ হাছিনা মহোদয়া, বাংলাদেশৰ প্ৰধানমন্ত্ৰী,
ভাৰত আৰু বাংলাদেশৰ বিদেশ মন্ত্ৰী,,
সুশ্ৰী মমতা বেনাৰ্জী মহোদয়া, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী,
বিপ্লৱ কুমাৰ দেৱ মহোদয়, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী
কিছুদিন পূৰ্বে কাঠমাণ্ডুত বিমষ্টেক সন্মিলনৰ সময়ত শ্বেখ হাছিনা মহোদয়াৰ সৈতে মোৰ সাক্ষাৎ হৈছিল৷ ইয়াৰ পূৰ্বেও আমি মে’ মাহত শান্তিনিকেতনত আৰু এপ্ৰিল মাহত কমনৱেলথ সন্মিলনৰ সময়ত লণ্ডনত সাক্ষাৎ হৈছিলো৷ আজি পুনৰবাৰ ভিডিঅ’ কনফাৰেন্সিঙ যোগেদি সাক্ষাৎ লাভ কৰি মই সন্তোষ লাভ কৰিছোঁ৷
মই পূৰ্বতেও বহু বাৰ কৈছিলোঁ যে চুবুৰীয়া দেশৰ নেতাৰ সৈতে চুবুৰীয়া দেশৰ দৰে সম্বন্ধ হ’ব লাগে৷ যেতিয়াই মন যায় তেতিয়াই কথা পাতিব লাগে, সাক্ষাৎ হ’ব লাগে৷ এইসমূহ বিষয়ত আমি প্ৰট’কলৰ বান্ধোনৰ মাজত থাকিব নালাগে৷ আৰু এই নিকটতা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা মহোদয়াৰ সৈতে আমাৰ সম্পৰ্কত পৰিষ্কাৰ হৈ উঠিছে৷ বিভিন্ন সাক্ষাতৰ উপৰিও এয়া আমাৰ চতুৰ্থটো ভিডিঅ’ কনফাৰেন্স আৰু অনাগত ভৱিষ্যতত আৰু এটা ভিডিঅ’ কনফাৰেন্স হ’ব৷
এই ভিডিঅ’ কনফাৰেন্সৰ সকলোতকৈ ডাঙৰ কথা হ’ল যে আমি দুয়োখন দেশৰ সহযোগিতাৰ প্ৰকল্পৰ শুভাৰম্ভ অথবা মুকলি কোনো ভিআইপি পৰিদৰ্শনৰ সাক্ষ্য হোৱা নাই৷
মহোদয়া, আমি যেতিয়াই সংযোগৰ কথা কওঁ তেতিয়া সদায়েই মোৰ আপোনাৰ ১৯৬৫ চনৰ পূৰ্বে সংযোগ বাহাল কৰাৰ দৃশ্যৰ কথা মনলৈ আহে৷ আৰু মোৰ বাবে সুখৰ কথা যে আমি বিগত কিছু বৰ্ষ ধৰি এই বিষয়ত পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ৷
আজি আমি নিজৰ শক্তি সংযোগ বৃদ্ধি কৰিছোঁ আৰু ৰে’লৱে সংযোগ বৃদ্ধি অধিক কৰাৰ বাবে দুটা প্ৰকল্প আৰম্ভ কৰিছোঁ৷
২০১৫ চনত যেতিয়া মই বাংলাদেশ গৈছিলো তেতিয়া বাংলাদেশৰ ৫০০ মেগাৱাটৰ অতিৰিক্ত বিদ্যুৎ চাহিদা পূৰণ কৰাৰ নিৰ্ণয় গ্ৰহণ কৰিছিলো৷ আৰু ইয়াৰ বাবে পশ্চিম বংগৰ পৰা বাংলাদেশৰ ট্ৰেন্সমিছন লিংকৰ কাম গ্ৰহণ কৰা হৈছে৷ এই কাম সম্পূৰ্ণ কৰাত সহযোগিতা প্ৰদান কৰাৰ বাবে মই মুখ্যমন্ত্ৰী সুশ্ৰী মমতা বেনাৰ্জীক অভিনন্দন জনাইছোঁ৷
এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ জৰিয়তে অতিয়া ১.১৬ গিগাৱাট বিদ্যুৎ ভাৰতৰ পৰা বাংলাদেশলৈ প্ৰদান কৰা হৈছে৷ মই জানো যে মেগাৱাটৰ পৰা গিগাৱাটলৈ এই কোৱাণ্টাম জাম্প আমাৰ সম্বন্ধৰ সোণালী অধ্যায়ৰ প্ৰতীক হয়৷
ৰে’লৱেৰ ক্ষেত্ৰতো আমাৰ সংযোগ অহৰহ বৃদ্ধি হৈ আছে৷ ইয়াত বাংলাদেশৰ অন্তঃৱৰ্তী সংযোগ আৰু ভাৰতৰ সৈতে সংযোগ, আমাৰ সহযোগিতাৰ প্ৰধান পদক্ষেপ৷
আখোড়া–আগৰতলাৰ ৰে’ল সংযোগৰ কাম পূৰণ হোৱাৰ জৰিয়তে ক্ৰ’ছ–ব’ৰ্ডাৰ সংযোগত এক বৃহৎ অধ্যায় জড়িত হৈ পৰিব৷ এই প্ৰকল্পত সহযোগিতা কৰাৰ বাবে মই মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক অভিনন্দন জ্ঞাপন কৰিছোঁ৷
প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা মহোদয়াই বাংলাদেশৰ বিকাশৰ বাবে মহত্বকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ ২০২১ চন পৰ্যন্ত মধ্য উপাৰ্জনশীল দেশ আৰু ২০৪১ চন পৰ্যন্ত উন্নয়নশীল দেশ হিচাপে পৰিগণিত হোৱাৰ তেওঁৰ ভিজনক বাস্তৱায়িত কৰাত সহযোগিতা প্ৰদান কৰিবলৈ পাই আমি গৰ্ব বোধ কৰিছোঁ৷
মোৰ বিশ্বাস যে যিমানেই আমি সম্বন্ধৰ উত্তৰণ কৰিম, যিমানেই জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধি হ’ব সিমানেই আমি বিকাশ আৰু সমৃদ্ধিৰ নতুন দিগন্ত স্পৰ্শ কৰিব পাৰিম৷
এই কামত সহযোগিতা প্ৰদানৰ বাবে আৰু আজিৰ এই কাৰ্যসূচীত উপস্থিত থকাৰ বাবে মই প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা মহোদয়া, পশ্চিম বংগ তথা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক হৃদয়েৰে ধন্যবাদন জ্ঞাপন কৰিছোঁ৷
ধন্যবাদ৷
*****
एकेटी/एसएच/एसबीपी/MANN
PM Sheikh Hasina and PM @narendramodi are jointly inaugurating various projects. Watch PM’s speech. https://t.co/sykt6p4TR7
— PMO India (@PMOIndia) September 10, 2018
Brightening lives, furthering connectivity and improving India-Bangladesh friendship.
— Narendra Modi (@narendramodi) September 10, 2018
PM Sheikh Hasina and I jointly inaugurated three development projects. West Bengal CM @MamataOfficial Ji and Tripura CM @BjpBiplab Ji joined the programme as well. https://t.co/YcfiLMuKao pic.twitter.com/b0QEFrbRPU