পি এম ইণ্ডিয়া
এই সন্মিলনত অংশগ্ৰহণ কৰা উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল, জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, মোৰ কেবিনেট সতীৰ্থ ধৰ্মেন্দ্ৰ প্ৰধান জী, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰা প্ৰণয়ন কমিটিৰ অধ্যক্ষ কে. কস্তুৰীৰংগন জী, চৰকাৰৰ আন-আন মন্ত্ৰী, সকলো উপাচাৰ্য্য, শিক্ষানুষ্ঠানসমূহৰ সঞ্চালক, শিক্ষক আৰু শিক্ষাবিদ তথা ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল,
স্বাধীনতাৰ পূৰ্বেই দেশখনৰ এখনি গুৰুত্বপূৰ্ণ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱা এই পবিত্ৰ ভূমিত ‘অখিল ভাৰতীয় শিক্ষা সমাগম’ ৰ আয়োজন কৰা হৈছে। দেশখনে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰাৰ শুভ লগনতে এই সন্মিলন অনুষ্ঠিত হৈছে। ‘অমৃত কাল’ ৰ সময়ত দেশখনৰ বিশিষ্ট সংকল্পৰাজি পৰিপূৰণৰ মহান দায়িত্ব আমাৰ শিক্ষা ব্যৱস্থাৰ ওপৰত, আমাৰ নৱপ্ৰজন্মৰ ওপৰত আছে। উপনিষদতো লিখা আছে এইবুলি, विद्यया अमृतम् अश्नुते অৰ্থাৎ জ্ঞানে অমৰত্ব আৰু অমৃতৰ সঞ্চাৰ কৰে। কাশীক পৰিত্ৰাণৰ নগৰ বুলিও কোৱা হয় কাৰণ মুক্তিৰ একমাত্ৰ পথেই হৈছে জ্ঞান। গতিকে কাশীৰ জ্ঞানৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰটোত শিক্ষা আৰু গৱেষণা, শিক্ষণ আৰু বুজাবুজিৰ এনে মহান মন্থন ঘটা মাত্ৰেকে, ইয়াৰপৰা নিসৃত অমৃতে নিশ্চিতভাৱে দেশখনক এক নতুন দিশ প্ৰদান কৰিব। এই উপলক্ষে মই মহামান্য (মদন মোহন) মালব্য জীৰ শ্ৰীচৰণত প্ৰণাম জনোৱাৰ লগতে এই অনুষ্ঠানৰ বাবে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলো। মই কাশীৰ সাংসদ। আপুনি কাশীলৈ অহাৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰে ময়ো আপোনালোকৰ সেৱকী। আপোনালোক মোৰো অতিথি। মই নিশ্চিত যে আপোনালোক বহু সমস্যাৰ সন্মুখীন নহ’ব কিয়নো সকলোৱে নিশ্চয় উন্নত ব্যৱস্থা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। তথাপিও যদি কিবা অভাৱ হয়, তেন্তে দোষটো মোৰেই হ’ব। আৰু গৃহস্থ হিচাপে সম্ভাৱ্য অসুবিধাৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছো।
বন্ধুসকল,
এটি কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মই ইয়ালৈ আহিছো। সেই কাৰ্য্যসূচীত মধ্যাহ্ন ভোজনৰ বাবে এটা কেন্দ্ৰীয় পাকঘৰ উদ্বোধন কৰা হয় আৰু কাশীৰ চৰকাৰী বিদ্যালয়সমূহৰ ১০-১২ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময়ৰ সুযোগ পাইছিলো। তেওঁলোকে কোৱা কথাখিনি আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছো। তদুপৰি, অহাবাৰ তালৈ গ’লে আজি লগ পোৱা ছাত্র-ছাত্রীসকলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰেও মিলিত হ’ব খুজিছো। আপোনালোকে নিশ্চয় ভাবিছে যে কিয় মোৰ মনলৈ এই চিন্তা আহিল! তেওঁলোকৰ সৈতে কটাবলৈ মোৰ হাতত মাত্ৰ ১০-১৫ মিনিট সময় আছিল, কিন্তু অতি সাধাৰণ পৰিবেশৰ চৰকাৰী বিদ্যালয় এখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত থকা প্ৰতিভা, আত্মবিশ্বাস আৰু বৈচিত্ৰ্যই মোৰ মনত এক স্থায়ী ছাপ পেলালে। তেওঁলোকৰ প্ৰতিভা এনেকুৱা যে আপোনালোকৰ নাতি-নাতিনীৰো যদি এনে প্ৰতিভা আছে, তেন্তে কোনো অতিথি ঘৰলৈ আহিলে সেই প্ৰতিভা প্ৰদৰ্শন কৰিবা বুলি আপোনালোকেও তেওঁক ক’বই। মই ক’ব বিচাৰিছো বৰ্তমান প্ৰজন্মৰ এই সম্ভাৱনা আৰু সামৰ্থ্যই তেওঁলোকক সেই স্থানলৈ লৈ যাব যিসমূহ আপোনালোকে এতিয়া ধাৰণ কৰি আছে। তেতিয়ালৈকে আপোনালোক তাত নাথাকিব পাৰ অথচ আপোনাসৱে সৃষ্টি কৰা প্ৰতিষ্ঠানসমূহে আগন্তুক সময়ত এনে প্ৰতিভাৱান শিশুসকলক আদৰি ল’ব। তাত তেওঁলোকে যাতে কোনো কামৰপৰা বঞ্চিত হ’বলগীয়া নহয়, তাৰ বাবে আপোনালোকৰ এটা বৃহৎ দায়িত্ব আছে। মই নিশ্চিত যে ইয়াত অহা তিনিদিনে হ’বলগীয়া আলোচনাই ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ ক্ষেত্ৰত এক ফলপ্ৰসূ দিক নিৰ্দেশনা প্ৰদান কৰিব।
বন্ধুসকল,
আপোনাসৱ অৱগত যে সংকীৰ্ণ চিন্তাধাৰাৰপৰা শিক্ষাক উলিয়াই আনি একবিংশ শতিকাৰ আধুনিক ধাৰণাসমূহৰ সৈতে একত্ৰিত কৰাই হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মূল ভিত্তি। আমাৰ দেশখনত কেতিয়াও বুদ্ধি আৰু প্ৰতিভাৰ অভাৱ হোৱা নাই। কিন্তু, দুৰ্ভাগ্যজনকভাৱে আমি এনে এক ব্যৱস্থাহে উত্তৰাধিকাৰী সূত্ৰে পাইছিলো য’ত শিক্ষাৰ অৰ্থ আছিল কেৱল চাকৰি লাভ নিশ্চিত কৰা। তেওঁলোকৰ শাসন কালত ইংৰাজে এই শিক্ষা প্ৰণালীৰ ব্যৱস্থা কৰি নিজৰ বাবে এটা চাকৰ শ্ৰেণী সাজু কৰি নিজৰ প্ৰয়োজন পূৰণ কৰিছিল। স্বাধীনতাৰ পিছতো ইয়াৰ সৰু-সৰু পৰিৱৰ্তন সাধন হ’লেও বহুখিনি অপৰিৱৰ্তিত হৈয়ে থাকিল। ব্ৰিটিছে সৃষ্টি কৰা ব্যৱস্থাটো কেতিয়াও ভাৰতীয় নীতি-নিয়মৰ অংশ নাছিল আৰু হ’ব নোৱাৰেও। আমি আমাৰ দেশখনৰ প্ৰাচীন সময়লৈ চালে দেখিম যে শিক্ষাৰ ক্ষেত্ৰত আমাৰ হাতত বিভিন্ন কলাৰ ধাৰণা আছিল। আৰু বেনাৰস ইয়াৰ এক জীৱন্ত উদাহৰণ। কেৱল উৎকৃষ্ট গুৰুকুল আৰু শিক্ষানুষ্ঠান থকাৰ বাবেই নহয়, বৰঞ্চ বেনাৰস জ্ঞানৰেই কেন্দ্ৰ আছিল। বেনাৰস জ্ঞানৰ কেন্দ্ৰ আছিল কাৰণ ইয়াত জ্ঞান আৰু শিক্ষা বহুমাত্ৰিক আৰু বহুখণ্ডীয় আছিল। শিক্ষাৰ এই বৈচিত্ৰ্য আমাৰ শিক্ষা ব্যৱস্থাটোৰ বাবেও প্ৰেৰণাৰ উৎস হ’ব লাগে। আমি কেৱল ডিগ্ৰীধাৰী যুৱক-যুৱতী সাজু কৰাই নহয়, বৰঞ্চ এনে এক শিক্ষা ব্যৱস্থা প্ৰস্তুত কৰা উচিত যিয়ে দেশখনক আগুৱাই যাবলৈ প্ৰয়োজনীয় মানৱ সম্পদৰ যোগান ধৰিব পাৰে। এই সংকল্পত আমাৰ শিক্ষকসকল আৰু শিক্ষানুষ্ঠানসমূহে আগভাগ লোৱা উচিত। আমাৰ শিক্ষকসকলে যিমান ক্ষীপ্ৰতাৰে এই মনোভাৱ গ্ৰহণ কৰিব, সিমানেই যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব আৰু দেশখন ভৱিষ্যতেও লাভান্বিত হ’ব।
বন্ধুসকল,
নতুন ব্যৱস্থাৰ সৃষ্টি, আধুনিক ব্যৱস্থাৰ অন্তৰ্ভুক্তি নব্য ভাৰতৰ বাবেও সমানেই গুৰুত্বপূৰ্ণ। যিটো আগতে কেতিয়াও হোৱা নাই আৰু দেশখনে যিবোৰ লক্ষ্যত উপনীত হ’বলৈ কল্পনাও কৰা নাছিল, সেইসমূহেই আচলতে আজিৰ ভাৰতত বাস্তৱায়িত হৈছে। এতিয়া আপোনালোকে দেখিছে, ক’ৰোনাৰ ইমান বৃহৎ মহামাৰীৰপৰা আমি ক্ষীপ্ৰতাৰে উদ্ধাৰ পোৱাই নহয়, বৰঞ্চ আজি ভাৰত বিশ্বৰ অন্যতম দ্ৰুত বিকশিত অৰ্থনীতি হৈ পৰিছে। আজি আমি বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্ট-আপ বাতাবৰণ হিচাপে আত্মপ্ৰকাশ কৰিছো। মহাকাশ প্ৰযুক্তিৰ দৰে যিবোৰ ক্ষেত্ৰ পূৰ্বে কেৱল চৰকাৰী ডমেইন আছিল, সেইসমূহ এতিয়া ব্যক্তিগত প্লেয়াৰসকলৰ বাবে মুকলি কৰি দিয়া হৈছে। এতিয়া যুৱক-যুৱতীসকলৰ বাবে এখন নতুন জগত গঢ়ি তোলা হৈছে আৰু এই গোটেই ক্ষেত্ৰটো তেওঁলোকৰ হাতৰ মুঠিতেই আছে বন্ধুসকল। আজি, পূর্বে দেশখনৰ কন্যাৰ বাবে নিষিদ্ধ হৈ থকা খণ্ডকেইটাত নিজৰ প্রতিভাৰে তেওঁলোকে দৃষ্টান্ত দাঙি ধৰিছে।
বন্ধুসকল,
দেশখনৰ মন আৰু গতি এনে হোৱা মাত্ৰেকে আমিও আমাৰ যুৱক-যুৱতীসকলৰ মনত নতুন শক্তিৰ বীজ সিঁচিব লাগিব যাতে ই তেওঁলোকৰ সপোনক ডেউকা প্ৰদান কৰিব পাৰে। এতিয়ালৈকে বিদ্যালয়, মহাবিদ্যালয়, পাঠ্যপুথিয়ে ল’ৰা-ছোৱালীহঁতৰ দিক নিৰ্ণয় কৰিছিল। কিন্তু এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ পিছত যুৱক-যুৱতীসকলৰ দায়িত্ব অধিক বাঢ়িছে। আৰু ইয়াৰ লগে-লগে যুৱক-যুৱতীসকলৰ সপোন আৰু পৰিকল্পনাক নিৰন্তৰভাৱে উৎসাহিতকৰণেৰে তেওঁলোকৰ মন আৰু আকাংক্ষাৰাজি হৃদয়ংগমৰ দায়িত্বও বাঢ়িছে। তেতিয়াহে আমি তেওঁলোকক সাজু কৰিব পাৰিম। দেশখনৰ যুৱক-যুৱতীসকলক নিজৰ প্ৰতিভাক চিনি নোপোৱাকৈ আন বোজা দিয়াৰ দিনবোৰ উকলি গৈছে। আমি সদায়েই এটা কথা মনত ৰাখিব লাগিব যে আমি শিক্ষা, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু মানৱ সম্পদক বিকাশৰ প্ৰয়োজনীয়তা অনুযায়ী প্ৰস্তুত কৰিব লাগিব। নতুন শিক্ষা নীতিৰ কেন্দ্ৰবিন্দু হৈছে শিশুসকলক তেওঁলোকৰ প্ৰতিভা আৰু পছন্দ অনুসৰি দক্ষ কৰি তোলা। শিক্ষা নীতিখনিয়ে আমাৰ যুৱক-যুৱতীসকলক দক্ষ, আত্মবিশ্বাসী, ব্যৱহাৰিক কৰি তোলাৰ ৰূপৰেখা অংকন কৰিছে।
বন্ধুসকল,
দেশখনৰ দ্ৰুত পৰিৱৰ্তনৰাজিৰ মাজতে মই আপোনালোকক এটা উদাহৰণ দিব খুজিছো। ই শিক্ষা ব্যৱস্থা আৰু ইয়াৰে জড়িত সকলো মহান ব্যক্তিসকলৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ, সেই সম্পৰ্কে কৈছে। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ প্ৰাৰম্ভিক বৰ্ষসমূহৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব বিচাৰিছো। মুখ্যমন্ত্ৰী হোৱাৰ সময়ত মোৰ শাসন কাৰ্য্যৰ কোনো অভিজ্ঞতা নাছিল। এই দায়িত্ব হঠাতে আহিছিল। মই এটা ধাৰণা কৰিলো। মই মোৰ সকলো সচিবকে কৈছিলো যে তেওঁলোকেই নিজ-নিজ বিভাগৰ মুখ্যমন্ত্ৰী। মই তেওঁলোকক কৈছিলো যে অহা পাঁচ বছৰত তেওঁলোকে নিজৰ বিভাগবোৰ কেনেকৈ আৰু ক’লৈ লৈ যাব মোক বুজাই দিব লাগে। আপোনালোকৰ কৃতিত্ব কি হ’ব আৰু ইয়াৰদ্বাৰা গুজৰাটৰ সাধাৰণ জনতা কেনেদৰে উপকৃত হ’ব? মই তেওঁলোকক কৈছিলো যে তেওঁলোকে মোক তেওঁলোকৰ দৃষ্টিৰ বিশদ উপস্থাপন আগবঢ়াব লাগে। এই কথা মই সকলো বিভাগৰে সচিবসকলক কৈছিলো আৰু প্ৰতিদিনে সন্ধিয়া পাঁচ বজাত মোৰ মন্ত্ৰী পৰিষদৰ সকলো মন্ত্ৰী আৰু সচিবসকলে লগ কৰিছিল। এজন সচিবে তেওঁৰ সংশ্লিষ্ট বিভাগৰ বিশদ উপস্থাপন আগবঢ়াই আৰু সেই সম্পৰ্কে আলোচনা হৈছিল। সেই বৈঠকত সকলো সচিব উপস্থিত থাকিছিল। পূৰ্বে আলোচনা হৈছিল আৰু তাত আমাৰ মন্ত্ৰীসকলেও অংশগ্ৰহণ কৰিছিল। মই সেয়া শুনিছিলো আৰু শিকিবলৈ চেষ্টা কৰিছিলো। প্ৰায় এমাহ ধৰি চলিছিল এই কাৰ্য্যসূচী। সন্ধিয়া পাঁচ বজাৰপৰা আৰম্ভ হৈ নিশা ১০ বজালৈকে চলিছিল। এয়া অতিশয় মননশীল অনুষ্ঠান আছিল। সম্ভৱতঃ ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছিল। গতিকে এদিন উদ্যোগটোৰ সৈতে জড়িত এটা প্ৰেজেটেশ্যন আগবঢ়োৱা হৈছিল। তেওঁলোকে উদ্যোগসমূহ আৰু পৰৱৰ্তী কেইবছৰমানত তেওঁলোকৰ ঔদ্যোগিক বিকাশৰ ৰূপৰেখা সম্পৰ্কে সকলো কথা বিতংভাৱে কৈছিল। অনুষ্ঠান শেষ হোৱাৰ লগে-লগে শিক্ষা সচিবজন মোৰ ওচৰলৈ আহিছিল, কাৰণ তেওঁৰ পিছদিনা প্ৰেজেনটেশ্যন আগবঢ়োৱাৰ পাল পৰিছিল। তেওঁ মোক পিছদিনা প্ৰেজেনটেশ্যন আগবঢ়াব নোৱাৰিব বুলি কৈছিল। মই তেওঁক কাৰণটো সুধিছিলো কিয়নো এমাহ পূৰ্বেই তেওঁক তেওঁৰ প্ৰেজেনটেশ্যন আগবঢ়াবলৈ কোৱা হৈছিল আৰু তেওঁ শেষ মুহূৰ্তত প্ৰেজেনটেশ্যনটো দিয়াত অক্ষমতা প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে তেওঁ প্ৰস্তুত হৈ আছে আৰু উপস্থাপনটোও কৰিব পাৰিব যদিও ঔদ্যোগিক বিকাশৰ উপস্থাপন চোৱাৰ পিছত তেওঁ অনুভৱ কৰিছে যে ইয়াৰে শিক্ষাৰ প্ৰেজেনটেশ্যনটোৰ কোনো মিল নাই। তেওঁ কয় যে দুয়োটা বিভাগেই বিপৰীত দিশত অগ্ৰসৰ হৈছে। তেওঁ ঔদ্যোগিক বিকাশৰ ওপৰত উপস্থাপনৰে ৰজিতা খুৱাই নিজৰ উপস্থাপনৰ পৰিৱৰ্তন কৰিবলৈ সময় বিচাৰিছিল আৰু কয় যে তেতিয়াহে একাডেমী আৰু উদ্যোগ দুয়োটাই অন্তৰ্ভুক্তিমূলক বিকাশৰ দিশত কাম কৰিব পাৰিব। বিশ্বৰ আন-আন বিশ্ববিদ্যালয়সমূহ কোন দিশত আগবাঢ়িছে, সেই সম্পৰ্কেও আমি সচেতন হোৱা উচিত। আমাৰ দেশখনৰ মাত্ৰা কি? আমাৰ যুৱক-যুৱতীসকলে কি আশা কৰে? অহা ১৫-২০ বছৰলৈ ভাৰতৰ দায়িত্বত থকা যুৱক-যুৱতীসকলক মই কেনেকৈ প্ৰস্তুত কৰিছো। এয়া আমাৰ বিশাল দায়িত্ব বন্ধুসকল। আৰু একেটা ধাৰাতে আমাৰ সকলো শিক্ষানুষ্ঠানেও তেওঁলোক ভৱিষ্যতৰ বাবে সাজু হৈছে নে নাই, নিজকে প্ৰশ্ন কৰাটো প্ৰয়োজন। কেৱল পৰীক্ষা দি সমাৱৰ্তন অনুষ্ঠিত কৰাটো মোৰ কৰ্তব্য নে এনে এটা অনুষ্ঠান সৃষ্টি কৰিব লাগে য’ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে দেশখনৰ স্বাধীনতাৰ ১০০ বছৰ পূৰ্তিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব? আপোনালোক সকলোৱে বৰ্তমানৰ যত্ন লোৱাটো প্ৰয়োজন। আপোনালোকৰ পূৰ্বপুৰুষসকলৰ কাম-কাজক আগুৱাই নিব লাগিব। আৰু আজি কাম কৰি থকাসকলে ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব আৰু সেই অনুসৰি ব্যৱস্থা এটা গঢ়ি তুলিব লাগিব। পূৰ্বে কোৱাৰ দৰে আজি ছাত্ৰ-ছাত্ৰী কেইজনমানক লগ পাই তেওঁলোকৰ কৌতুহলবোৰ অনুভৱ কৰিলো। আপোনালোকেও নিশ্চয় আপোনালোকৰ ঘৰত একে অনুভৱ কৰে যেতিয়া আপোনাৰ সৰু-সৰু নাতি-নাতিনীয়ে আপোনাক প্ৰশ্ন কৰে। তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈয়ো অলপ সময় চিন্তা কৰিব লাগিব। কেতিয়াবা, আপুনি অনুভৱ কৰিব পাৰে যে তেওঁ আপোনালোকক আমনি কৰিছে। কিন্তু তেওঁ আপোনাক আমনি কৰা নাই। আচলতে আপুনি তেওঁক উত্তৰ দিবলৈহে অক্ষম। আপোনালোক সকলোৱে নিশ্চয় আপোনালোকৰ ঘৰত এই কথা অনুভৱ কৰে। আজিৰ প্ৰজন্মই গুগলৰ মাজেৰে গৈ বহু প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকে আপোনাৰ জ্ঞানক লৈ প্ৰশ্ন উত্থাপন কৰে কাৰণ তেওঁলোকে গুগলে যি আগবঢ়াই, সেই অনুসাৰে আগবাঢ়ে। শিশুটিয়ে আপোনাক কাউন্টাৰ কৰে। ১০ বছৰৰ পিছত যদি এই শিশুসকল আপোনাৰ বিশ্ববিদ্যালয়লৈ আহে, তেন্তে আপোনাৰ কি হ’ব? আমি এতিয়াৰেপৰা নিজকে প্ৰস্তুত কৰিব লাগিব। ঘৰতো আপোনালোকে সন্তানৰ সৈতে এনে পৰিস্থিতিৰ সন্মুখীন হয়। নতুন চিন্তাৰে বিদ্যালয়-মহাবিদ্যালয়ত থাকিবলগীয়া নৱপ্ৰজন্মক খাপ খুৱাব নোৱাৰিলে ই এক ডাঙৰ অন্যায় হ’ব। ভৱিষ্যতক আমি বুজি পাই সেই অনুযায়ী ব্যৱস্থা গঢ়ি তোলাটো প্ৰয়োজনীয়। কেইদিনমান পূৰ্বে গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া অভিযানটোৰ অধীনত আয়োজিত এখনি প্ৰদৰ্শনী চাবলৈ গৈছিলো। ইয়াত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছিল। দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকল আছিল। তেওঁলোকৰ প্ৰজেক্টসমূহ চাই আৰু চিন্তাৰ গভীৰতাত মই অভিভূত হৈছিলো। ইমান কম বয়সতে তেওঁলোকৰ গৱেষণাৰ সম্ভাৱনা আৰু তেওঁলোকৰ উদ্ভাৱন দেখি মই স্তম্ভিত হৈ পৰিছিলো। বহুতেই বাঅ’টেক আৰু জেনেটিক্সৰ প্ৰতি আগ্ৰহী আছিল। যি সময়ত তেওঁলোকক তেওঁলোকৰ শ্ৰেণীত বিজ্ঞানৰ মৌলিক কথাবোৰহে শিকোৱা হৈছিল, সেই সময়তে তেওঁলোকে জিন মেপিং, এফিনিটি ক্ৰ’মাট’গ্ৰাফী আৰু জেনেটিক লাইব্ৰেৰী ভিত্তিক আহিলাৰ কথা কৈছিল। কল্পনা কৰকচোন, কিমান বৃহৎ পাৰ্থক্য আছে। তেওঁলোকৰ কামবোৰলৈ চাই মই ভাবিছিলো যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ প্ৰতিষ্ঠানসমূহ তেওঁলোকৰ আধুনিক চিন্তাধাৰা অনুসৰি প্ৰস্তুত হ’ব নে? আমি এওঁলোকৰ উচ্চ শিক্ষা লাভৰ অপেক্ষা কৰি থকা মাত্ৰেকে বিশ্বখন বহু দূৰ আগুৱাই যাব বন্ধুসকল। সেয়ে আমি এতিয়াই পৰিকল্পনা কৰি তেওঁলোকক অনুপ্ৰাণিত কৰিবলৈ, এই বয়সতে দিক-নিৰ্দেশনা আৰু সমল প্ৰদান কৰিব লাগিব। আমি আমাৰ প্ৰতিষ্ঠানসমূহত এনে ব্যৱস্থা গঢ়ি তোলা উচিত।
বন্ধুসকল,
ৰাষ্ট্ৰীয় শিক্ষানীতিখনিয়ে এই মাহৰ শেষলৈ অৰ্থাৎ ২৯ জুলাইত দুবছৰ সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে। এইমাত্ৰ ধৰ্মেন্দ্ৰ জীয়ে আমাক কৈছিল যে অলেখ চিন্তা-চৰ্চাৰ পিছত এই শিক্ষানীতি যুগুত কৰা হৈছে। কস্তুৰীৰংগন জীয়ে অতি ফলপ্ৰসূ নেতৃত্ব প্ৰদান কৰিছে আৰু তেওঁৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে। এনে এখনি বৈচিত্ৰ্যপূৰ্ণ দেশত ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণ কৰাটো এক বৃহৎ সাফল্য। অৱশ্যেই ই এক বৃহৎ সাফল্য। ইয়াৰ বিশেষত্বৰ আঁৰত আছে অলেখ চিন্তা-চৰ্চা।
আমি প্ৰতি মুহূৰ্ততে এই ৰাষ্ট্ৰীয় শিক্ষা নীতিক উজ্জীৱিত কৰি ৰাখিছো। মই নিজেও অতি কম সময়ৰ ভিতৰতে অতিকমেও ২৫ খন আলোচনা চক্ৰত অংশগ্ৰহণ কৰিছো। মই ভাবো যে নিশ্চয় ২৫ খনৰো অধিক আলোচনা চক্ৰ হ’ব আৰু মই নিয়মিতভাৱে এই বিষয়ত বক্তৃতা প্ৰদান কৰি আহিছো। কস্তুৰীৰংগন জীয়ে নিজেই এই প্ৰতিবেদন দাখিলৰ পিছত সকলো স্তৰৰ লোকৰ সৈতে অহৰহ যোগাযোগ কৰি আছে। তেওঁ এই নীতিৰ স্পষ্টীকৰণ, দৃষ্টিভংগী আৰু সকলো পটভূমিৰ তথ্য ব্যাখ্যা কৰি আহিছে। চৰকাৰখনৰ সকলো বিভাগে অহৰহ বিভিন্ন লোকৰ কাষ চাপিছে। ৩০ বছৰৰ পিছত ইয়াক যুগুত কৰা হৈছে আৰু ইয়াক কেৱল আন নথিৰ দৰে গণ্য কৰিব নোৱাৰি। আপোনাসৱে ইয়াৰ সকলো পৃষ্ঠা পঢ়া সত্বেও অহা তিনিদিনত এই নীতি সন্দৰ্ভত চিন্তা-চৰ্চা কৰিলে আপোনাসৱে বহু সূক্ষ্মতাৰ সন্মুখীন হ’ব। এই সন্মিলনৰ শেষত আপোনালোকৰ বিশ্ববিদ্যালয়সমূহতো একেধৰণৰ নিৰন্তৰ চিন্তা-চৰ্চাৰ পৰিকল্পনা কৰক। কেৱল ইয়াতে কোৱা কথাবোৰ শুনি আঁতৰি যাব নালাগে। আপোনালোকে আপোনাসৱৰ আন-আন সতীৰ্থসকলৰ সৈতে এই নীতি সম্পৰ্কে আলোচনা কৰিব লাগে আৰু তেতিয়াহে ই উপকাৰী হ’ব। আৰু ইয়াৰ ৰূপায়ণৰ বাবে প্ৰত্যাহ্বানসমূহৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগে।
বন্ধুসকল,
কোনোৱে হাতে-কামে লগা মাত্ৰেকে সমস্যাৰ সমাধান সূত্ৰও ক্ষীপ্ৰতাৰে নিৰ্ণয় হয়। যদি কোনোৱে ইয়াক কেৱল সমস্যা হিচাপেহে বিবেচনা কৰে আৰু প্ৰচেষ্টা গ্ৰহণ নকৰে, তেতিয়া ইয়াৰ সমাধান সূত্ৰ কেতিয়াও বিচাৰি পোৱা নাযায়। বন্ধুসকল! এই দুবছৰত দেশখনে ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ দিশত একাধিক সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ মাজতে প্ৰৱেশ, গুণগত মান আৰু ভৱিষ্যতৰ প্ৰস্তুতিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ কৰ্মশালাসমূহেও বহুখিনি সহায় কৰিছে। দেশ-বিদেশৰ শিক্ষাবিদসকলৰ সৈতে হোৱা আলোচনা আৰু দেশখনৰ শিক্ষামন্ত্ৰীসকলৰ সৈতে মোৰ মত-বিনিময়েও প্ৰক্ৰিয়াটো ক্ষীপ্ৰ কৰি তুলিছে। মাত্ৰ কেইদিনমান পূৰ্বে আমাৰ ধৰ্মেন্দ্ৰ জীয়েও দেশখনৰ বিভিন্ন প্ৰান্তৰ শিক্ষামন্ত্ৰীসকলৰ এখনি সভা আহ্বান কৰিছিল। আমি আপোনালোকৰ সৈতে যিদৰে আলোচনা কৰি আছো, সেইদৰে তেওঁলোকৰ সৈতেও আলোচনা কৰা হৈছিল। ইয়াৰ ১০০ শতাংশ ৰূপায়ণ নিশ্চিতকৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱা হৈছে। ৰাজ্য চৰকাৰসমূহেও নিজ-নিজ পর্য্যায়ত এই দিশত কেতবোৰ গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে। আৰু সকলোৰে প্ৰচেষ্টাৰ ফলশ্ৰুতিত দেশখন বিশেষকৈ দেশৰ যুৱক-যুৱতীসকল এই গুৰুত্বপূৰ্ণ ৰূপান্তৰ যাত্ৰাত অংশগ্ৰহণকাৰী হৈ পৰিছে।
বন্ধুসকল,
নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাবে দেশখনৰ শিক্ষা খণ্ডটোত বৃহৎ আন্তঃগাঁথনি প্ৰৱৰ্তন কৰা হৈছে। আজি বৃহৎ সংখ্যক নতুন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ লগতে নতুন আইআইটি আৰু আইআইএম স্থাপন কৰা হৈছে। ২০১৪ ৰপৰা দেশখনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৫৫ শতাংশ বৃদ্ধি পাইছে। যুৱক-যুৱতীসকলক উন্নত সুযোগ প্ৰদানৰ অৰ্থে সমগ্ৰ বিশ্ববিদ্যালয়সমূহত একেধৰণৰ মানদণ্ডৰ বাবে এই বৰ্ষৰপৰা কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট (CUET) য়ো কাৰ্য্যকৰী কৰা হৈছে। এনেধৰণৰ আৰু বহু সংস্কাৰ সাধন কৰা হৈছে। এই প্ৰচেষ্টাৰ ফলতেই ক্ৰমান্বয়ে বৃদ্ধি পাইছে বিশ্ব বিশ্ববিদ্যালয় ৰেংকিঙত ভাৰতীয় প্ৰতিষ্ঠানৰ সংখ্যা। এই পৰিৱৰ্তন মাথো আৰম্ভণিহে। এই দিশত আমি এতিয়াও বহু দূৰ আগবাঢ়িব লাগিব।
বন্ধুসকল,
মই ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এতিয়া মাতৃভাষাত অধ্যয়নৰ পথ মুকলি কৰি দিয়াত সন্তোষ পাইছো। সেই অনুসৰি, সংস্কৃতৰ দৰে প্ৰাচীন ভাৰতীয় ভাষাৰো প্ৰচাৰ অব্যাহত আছে। মই দেখিছো যে সংস্কৃতৰ সৈতে জড়িত লোকসকলৰ বাবেও ইয়াত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কাশীৰ ভূমিৰপৰা এই আৰম্ভণিয়ে নিশ্চয় ভাৰতীয় ভাষা আৰু সংকল্পক নতুন শক্তি প্ৰদান কৰিব।
বন্ধুসকল,
অদূৰ ভৱিষ্যতে বিশ্বখনত বিশ্ব শিক্ষাৰ এক প্ৰধান কেন্দ্ৰ হিচাপে ভাৰতে আত্মপ্ৰকাশ কৰিব পাৰে বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ভাৰত কেৱল বিশ্বৰ যুৱক-যুৱতীসকলৰ বাবে শিক্ষাৰ গন্তব্যস্থান হোৱাই নহয়, বৰঞ্চ বিশ্বৰ আন-আন দেশসমূহতো আমাৰ যুৱক-যুৱতীসকলৰ বাবে নতুন-নতুন সুযোগ সৃষ্টি কৰিব পাৰি। গতিকে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি আমি আমাৰ শিক্ষা ব্যৱস্থাটোক সাজু কৰিব লাগিব। দেশখনেও এই দিশত নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি উচ্চ শিক্ষা প্ৰস্তুতৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। প্ৰায় ১৮০ খন উচ্চ শিক্ষানুষ্ঠানতো আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ বিশেষ কাৰ্য্যালয় স্থাপন কৰা হৈছে। আপোনালোক আটায়ে এই দিশত কেৱল প্ৰয়োজনীয় আলোচনা কৰাই নহয়, বৰঞ্চ ভাৰতৰ বাহিৰত থকা ব্যৱস্থাসমূহৰ সৈতেও পৰিচিত হ’বলৈ চেষ্টা কৰিব লাগে। এই নতুন ব্যৱস্থাই ভাৰতৰ শিক্ষা ব্যৱস্থাক আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতাৰে সংযুক্তকৰণত সহায় কৰিব।
বন্ধুসকল,
অহা তিনিদিনৰ বিভিন্ন অধিবেশনত একাধিক গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হ’ব। মই বিচাৰো যে এই আলোচনাই দেশখনৰ বাবে বিভিন্ন ক্ষেত্ৰত নতুন পথ প্ৰশস্ত কৰক আৰু নৱ প্ৰজন্মক পথ প্ৰদৰ্শন কৰক। বিশ্বখনৰ বহু দেশ বিভিন্ন ক্ষেত্ৰত অগ্ৰগতিৰ বাবে বিশ্ববিদ্যালয়সমূহৰ ওচৰত ঋণী স্বীকাৰ কৰিছে। বিশ্ববিদ্যালয়সমূহে চৰকাৰখনক পৰামৰ্শ প্ৰদানেৰে আৰ্থ-সামাজিক আৰু বৈজ্ঞানিক বিষয়ত অহৰহ গৱেষণা চলায়। আমি ইয়াতো একে সংস্কৃতি আৰু পদ্ধতি গঢ়ি তুলিব লাগিব। ইয়াৰ ফলত নৱপ্ৰজন্মই দেশ আৰু দেশৰ নীতি-নিয়মসমূহৰ বিষয়ে বুজি পাব আৰু তেওঁলোকেও অসংখ্য সম্ভাৱনাৰ প্ৰতি সচেতন হৈ পৰিব। মই সদায় বিশ্বাস কৰি আহিছো যে দেশখনৰ যুৱক-যুৱতীসকলৰ অভিনৱ চিন্তাধাৰা আৰু নতুন চিন্তাধাৰাৰ সৈতে অধিক সংখ্যক নতুন ব্যৱস্থাক সংযুক্ত কৰিব লাগে। ই নতুন প্ৰতিভা আৰু নতুন ধাৰণালৈ লৈ যায়। মই বিচাৰিম যে আপোনালোক সকলোৱে এই বিষয়েও আলোচনা কৰি এক ৰোডমেপ প্ৰস্তুত কৰক। বিভিন্ন ক্ষেত্ৰত বিশ্ববিদ্যালয়সমূহে চৰকাৰৰ সৈতে কেনেদৰে অংশীদাৰিত্ব কৰিব পাৰে, সেই সম্পৰ্কেও আলোচনা কৰিব পাৰি। নিজৰ বিশেষজ্ঞতাৰে নিজেই সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। আপোনাসৱে নিজৰ ক্ষেত্ৰখনত সমীক্ষা আৰু অধ্যয়ন কৰি চৰকাৰক পৰামৰ্শ প্ৰদান কৰিব লাগে। আপোনালোকৰ সংশ্লিষ্ট বিশ্ববিদ্যালয়ৰ ৫০-১০০ কিলোমিটাৰ ব্যাসাৰ্ধ্যত বসবাস কৰা সাধাৰণ জনতাই কি-কি সমস্যাৰ সন্মুখীন হৈছে? ইয়াৰ সমাধান কি-কি? সম্পদ কি-কি? সেই সম্পদসমূহৰ বাবে কি কৰিব পাৰি? ইয়াৰ সাধাৰণ লোকৰ মনোভাৱ কেনেকুৱা? আপোনালোকৰ ছাত্ৰ-ছাত্ৰীসকলে এটা প্ৰজেক্ট পাব আৰু এই ক্ষেত্ৰত এক বৃহৎ প্ৰতিবেদন যুগুত হ’ব। চৰকাৰখনৰ যিকোনো আঁচনি, ইয়াৰ সুবিধা, অভাৱ, উন্নতিৰ সম্ভাৱনা আদি সন্দৰ্ভত উন্নত প্ৰতিবেদন দিব পাৰি। এই সকলোবোৰ কথা চৰকাৰে গুৰুত্ব সহকাৰে ল’লে ইয়াৰ অভূতপূৰ্ব ফল লাভ কৰিবপৰা যাব। মোৰ মনত পৰিছে, গুজৰাটত থাকোতে চৰ্দাৰ পেটেল বিশ্ববিদ্যালয়ত এটি কাৰ্য্যক্ৰম ৰূপায়ণ কৰা হৈছিল। চৰ্দাৰ পেটেল বিশ্ববিদ্যালয়ৰ বিষয়াসকলে গ্ৰামোন্নয়নৰ বহু গৱেষণা কৰি কেতবোৰ গ্ৰন্থ প্ৰণয়ন কৰিছিল। সেই গ্ৰন্থসমূহ মোক উপহাৰস্বৰূপে প্ৰদান কৰিছিল। সেই গ্ৰন্থৰাজি পঢ়ি থাকোতে বৰ আকৰ্ষণীয় বোধ হৈছিল। বিভাগটোক এটা দায়িত্ব প্ৰদান কৰিছিলো। মই বিষয়াসকলক কৈছিলো যে ছাত্ৰ-ছাত্ৰীসকলে কি কৈছে আৰু গ্ৰামোন্নয়নৰ ক্ষেত্ৰত চৰকাৰখন কেনেকৈ আগবাঢ়িছে তাৰ মাজৰ পাৰ্থক্য অনুধাৱন কৰক। আপোনাসৱ আচৰিত হ’ব যে এনে বহু বিষয় আছিল যিয়ে মোক সঁচাকৈয়ে গ্ৰামোন্নয়নৰ বাবে আমাৰ প্ৰকল্পসমূহত সহায় কৰিছিল। শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি সিদ্ধান্ত গ্ৰহণ কৰাটো অতিশয় কঠিন।
সাংস্কৃতিক পৰম্পৰাই আমাক নতুন চেতনা আৰু প্ৰেৰণা প্ৰদান কৰে। সেই পৰম্পৰাৰে কিছু অমৃত বিন্দু আপোনালোকৰ ভাগ্যতো থাকিব যিয়ে ‘অমৃত কাল’ ত ভাৰতৰ উজ্জ্বল ভবিষ্যৎ গঢ় দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিব। এই কাৰ্য্যসূচীৰ বাবে মই আকৌ এবাৰ বিভাগটোক ধন্যবাদ জনাইছো। আপোনালোক সকলোৱে ইয়াত উৎসাহ আৰু উদ্যমেৰে অংশগ্ৰহণ কৰিছে। আগন্তুক তিনিদিনত আপোনালোকে ভাগৰি নপৰিব বুলি মই নিশ্চিত। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
বহু-বহু ধন্যবাদ!
Addressing Akhil Bhartiya Shiksha Samagam in Varanasi. https://t.co/1SwbAU6HRE
— Narendra Modi (@narendramodi) July 7, 2022
राष्ट्रीय शिक्षा नीति का मूल आधार, शिक्षा को संकुचित सोच के दायरों से बाहर निकालना और उसे 21वीं सदी के आधुनिक विचारों से जोड़ना है: PM @narendramodi
— PMO India (@PMOIndia) July 7, 2022
हम केवल डिग्री धारक युवा तैयार न करें, बल्कि देश को आगे बढ़ने के लिए जितने भी मानव संसाधनों की जरूरत हो, हमारी शिक्षा व्यवस्था वो देश को दे।
— PMO India (@PMOIndia) July 7, 2022
इस संकल्प का नेतृत्व हमारे शिक्षकों और शिक्षण संस्थानों को करना है: PM @narendramodi
कोरोना की इतनी बड़ी महामारी से हम न केवल इतनी तेजी से उबरे, बल्कि आज भारत दुनिया की सबसे तेजी से बढ़ रही बड़ी अर्थव्यवस्थाओं में एक हैं।
— PMO India (@PMOIndia) July 7, 2022
आज हम दुनिया के तीसरे सबसे बड़े स्टार्टअप इकोसिस्टम हैं: PM @narendramodi
स्पेस टेक्नोलॉजी जैसे क्षेत्रों में जहाँ पहले केवल सरकार ही सब करती थी वहां अब प्राइवेट प्लेयर्स के जरिए युवाओं के लिए नई दुनिया बन रही है।
— PMO India (@PMOIndia) July 7, 2022
देश की बेटियों के लिए, महिलाओं के लिए भी जो क्षेत्र पहले बंद हुआ करते थे, आज वो सेक्टर बेटियों की प्रतिभा के उदाहरण प्रस्तुत कर रहे हैं: PM
नई नीति में पूरा फोकस बच्चों की प्रतिभा और चॉइस के हिसाब से उन्हें skilled बनाने पर है।
— PMO India (@PMOIndia) July 7, 2022
हमारे युवा skilled हों, confident हों, practical और calculative हो, शिक्षा नीति इसके लिए जमीन तैयार कर रही है: PM @narendramodi at Akhil Bhartiya Shiksha Samagam in Varanasi
नई राष्ट्रीय शिक्षा नीति के लिए देश के एजुकेशन सेक्टर में एक बड़े इंफ्रास्ट्रक्चर overhaul पर भी काम हुआ है।
— PMO India (@PMOIndia) July 7, 2022
आज देश में बड़ी संख्या में नए कॉलेज खुल रहे हैं, नए विश्वविद्यालय खुल रहे हैं, नए IIT और IIM की स्थापना हो रही है: PM @narendramodi
राष्ट्रीय शिक्षा नीति अब मातृभाषा में पढ़ाई के रास्ते खोल रही है।
— PMO India (@PMOIndia) July 7, 2022
इसी क्रम में, संस्कृत जैसी प्राचीन भारतीय भाषाओँ को भी आगे बढ़ाया जा रहा है: PM @narendramodi
The focus of the National Education Policy is India’s youth. pic.twitter.com/oku2goDkwV
— Narendra Modi (@narendramodi) July 7, 2022
The National Education Policy aims at catering to the needs of the 21st century and making India a hub for research as well as innovation. pic.twitter.com/bJy1ZKXewb
— Narendra Modi (@narendramodi) July 7, 2022
India’s universities must focus on finding solutions to challenges such as climate change, embracing new technologies to further ‘waste to wealth’ and boosting the circular economy. pic.twitter.com/iJRIEDIY67
— Narendra Modi (@narendramodi) July 7, 2022