পি এম ইণ্ডিয়া
ইয়াত উপস্থিত ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল৷
পূৰ্বাঞ্চলৰ মহান শিল্পকাৰ ভাই লোগনলৈ প্ৰণাম৷ দেশ আৰু বিশ্বত নিজৰ হাতৰ যাদু প্ৰদৰ্শন কৰা বন্ধু-ভগিনীসকললৈ অলেখ অভিনন্দন৷ প্ৰাচীন কালৰে পৰা কাশী নগৰী বিশ্ব বজাৰত প্ৰসিদ্ধ৷ ৰেচমৰ শাৰীয়েই হওক অথবা পুতলা, মোৰ কাশী সবাতোকৈ আগত৷
যেতিয়া পচোৰী মহোদয়ে ভাষণত প্ৰধানমন্ত্ৰী আমাৰ অতিথিৰ ৰূপত আহিছে বুলি কৈছিল, দৰাচলতে নহয়, মই অতিথি নহয়৷ আপোনালোকে মোক ইমান মৰম দিছে, মোক নিজৰ কৰি লৈছে৷ মোক কোৱা হৈছে যে ছিল্ক, ফেব্ৰিক, সুতা, কাপোৰ আৰু দলিচাৰ সৈতে জড়িত ১১খন জিলাৰ উদ্যমী ইয়ালৈ আহিছে৷ আৰু কিছু দেৰী পূৰ্বে ইয়াত যি বিপণী স্থাপন কৰা হৈছিল, তাত ইটোতকৈ সিটো উন্নত সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে৷ ইয়াত কিছুমান লোকে ঋণৰ সাহায্য পোৱাৰ লগতে কিছুমানে হস্তশিল্পৰ সৈতে জড়িত সামগ্ৰী লাভ কৰিছে৷ আপোনালোক সকলোকে অলেখ অভিনন্দন তথা শুভকামনা জনাইছো৷
বন্ধুসকল, কিছু দেৰী পূৰ্বে ইয়াত বাৰাণসী আৰু দেশৰ সৈতে জড়িত কোটি টকাৰ প্ৰকল্পৰ লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ ইয়াত বাৰাণসীৰ আন্তঃগাঁথনিৰ সৈতে জড়িত প্ৰকল্পটো আছেই, নগতে টেলিকম বিভাগৰ সমগ্ৰ দেশৰ পেঞ্চনধাৰী ভাতৃ-ভগ্নীসকলক সুবিধা প্ৰদান কৰা যোজনাও অন্তৰ্ভুক্ত কৰা হৈছে৷ এই সকলো পৰিযোজনাৰ বাবে বাৰাণসীসহিতে সমূহ হিতাধিকাৰীসকললৈ অলেখ অভিনন্দন জনাইছো৷
ভাতৃ আৰু ভগ্নীসকল, আজি ইয়াত যিমানবোৰ যোজনা অথবা পৰিযোজনাৰ আধাৰশিলা স্থাপন কৰা হৈছে, সেই সকলোবোৰৰ মূলতে এটা কথাই মুখ্য- আৰু সেই কথাটো হ’ল, ব্যৱসায় সহজ হওক, ইজ অব্ লিভিং আৰু ইজ অব্ ডুয়িং বিজনেছ সহজ হওক, অৰ্থাৎ জীৱন সৰল হওক, সুগম হওক আৰু ব্যৱসায় কৰাটো সহজ হওক৷ এই দুয়োটাত নিজৰ মাজত যি সম্পৰ্ক আছে সিমানেই বিকাশৰ এই সমূহ প্ৰকল্পত পৰস্পৰে পৰস্পৰৰ সৈতে সম্বন্ধ আছে৷ চৰকাৰ মেক ইন ইণ্ডিয়া অভিযানক সবলীকৰণ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷
উত্তৰ প্ৰদেশ চৰকাৰৰ এক জিলা, এক উৎপাদনৰ এই প্ৰয়োগ মেক ইন ইণ্ডিয়াৰেই এক প্ৰকাৰৰ কাৰ্যসূচী হিচাপে বিবেচিত হৈছে৷ এই যোজনাই উত্তৰ প্ৰদেশক বিশ্বৰ ঔদ্যোগিক মানচিত্ৰত স্থাপিত কৰিবলৈ সক্ষম হ’ব৷ ইয়াৰ বাবে মই যোগী মহোদয় আৰু তেওঁৰ সমগ্ৰ দলটোক অভিনন্দন জনাইছো৷ উত্তৰ প্ৰদেশ সৰু-ডাঙৰ উদ্যোগসমূহৰ কেন্দ্ৰস্থল হৈ পৰিছে৷ কৃষিৰ পিছত সকলোতকৈ অধিক কৰ্ম সংস্থাপন এমএছএমই খণ্ডত হয়৷ এয়া এমএছএমই খণ্ডৰ পৰম্পৰাৰ এক অংশস্বৰূপ হিচাপে বিবেচিত হৈছে৷
মোৰাদাবাদৰ পিতলৰ কলাই হওক, ভদোইৰ দলিচা, বাৰাণসীৰ ৰেচমৰ সামগ্ৰী, ইয়াৰ শাড়ী, আগ্ৰাৰ পেঠা, মেৰথৰ খেলৰ সামগ্ৰী, লক্ষ্ণৌৰ চিকেনকাৰী, গোৰখপুৰৰ টেৰাকটা কাল, প্ৰতাপগড়ৰ আম্বলা, শ্ৰাৱস্তীৰ থাৰু কলা; সকলো জিলাতে কিবা নহয় কিবা এটা ভিন্নতা আছে, বিশেষত্ব আছে; যাৰ দ্বাৰা ইয়াৰ অসংখ্য লোক নিয়োজিত হৈছে৷ এই কলাৰ প্ৰসাৰণৰ বাবে এক জনপদ- এক উৎপাদন যোজনাই লাভদায়ক হিচাপে বিবেচিত হ’ব৷
বন্ধুসকল, বাৰাণসীসহিতে এই সমগ্ৰ পূৰ্বাঞ্চল হস্তশিল্পৰ এক কেন্দ্ৰৰ দৰে৷ কলা শিল্প লাগিলে কাপোৰৰেই হওক অথবা মাটি বা ধাতুৰ বাচনৰ হওক; ইয়াৰ প্ৰতিটো কোণতে কলা সমাহিত হৈ আছে৷ বাৰাণসীৰ নিকটৱৰ্তী স্থানৰ সৈতে জড়িত ১০টা উৎপাদনে জিআই টেগ অৰ্থাৎ জিঅ’গ্ৰাফিকেল ইণ্ডিকেচনৰ স্বীকৃতিও লাভ কৰিছে৷
ইয়াত প্ৰায় ৬০ হাজাৰ হাত যঁতৰ আছে, প্ৰায় ৭০ হাজাৰ পাৱাৰলুম আছে, প্ৰায় ডেৰ লাখ শিপিনী আছে যিয়ে এই কলাক সমৃদ্ধ কৰিছে৷ এক জিলা, এক সামগ্ৰী কাৰ্যসূচীৰ অধীনত চৰকাৰে এই কলাক এক লাভদায়ক ব্যৱসায়লৈ পৰিৱৰ্তিত কৰাৰ দিশত অগ্ৰসৰ হৈছে৷
উদ্যমীসকলৰ, হস্তশিল্পীসকলৰ, কলাকাৰসকলৰ যাতে পুঁজিৰ অভাৱ নহয়, তেওঁলোকে যাতে ভাল মেচিন, ভাল সঁজুলি পায়, তেওঁলোকৰ উপযুক্ত প্ৰশিক্ষণ হওক, তেওঁলোকৰ সামগ্ৰীসমূহৰ উপযুক্ত মাৰ্কেটিং হওক, সামগ্ৰীসমূহৰ উপযুক্ত দাম পাওক; তাৰবাবে এই যোজনা প্ৰণয়ন কৰা হৈছে৷
এই যি কলা, পৰম্পৰাৰ সৃষ্টি হৈছে- ইয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যথা সম্ভৱ ধৰণে প্ৰয়াস কৰি আছে৷ মই নিজেও দেশৰ এনেকুৱা ১০০খন জিলাৰ নিয়মীয়াকৈ নিৰীক্ষণ কৰি আছো য’ত লঘূ উদ্যোগ, এমএছএমই আমাৰ পৰম্পৰাৰ অংশ হৈ পৰিছে৷
ভাতৃ আৰু ভগ্নীসকল, যিদৰে কোৱা হ’ল যে এই সন্মিলনৰ সময়চোৱাত প্ৰায় দুহেজাৰ কোটি টকাৰ ঋণ বিতৰণ কৰা হৈছে৷ এতিয়া দুহেজাৰ কোটি টকা ব্যৱসায়ীসকলৰ হাতলৈ আহিব আৰু ইয়াৰ দ্বাৰা আৰ্থিক বিকাশে গতি লাভ কৰিব৷
ইয়াত উদ্যমীসকলৰ উপৰিও বেংকৰো বহু বিষয়া উপস্থিত আছে৷ সকলো সময়মতেই সম্পন্ন কৰা হৈছে৷ যি লক্ষ্যৰ সৈতে দীনদয়াল হস্তকলা টোলৰ নিৰ্মাণ কৰা হৈছিল সেই সপোন আজি আমাৰ চকুৰ সম্মুখতে সম্পূৰ্ণ হোৱাত সন্তুষ্টি লাভ কৰিছো৷ আপোনালোক সকলোৰে বাবে এয়া ব্যৱসায়, বাণিজ্য আৰু সংবাদৰ মাধ্যম হওক, ইয়াৰ অন্তৰালত এই ধাৰণাই আছিল৷
বন্ধুসকল, এক জনপদ-এক উৎপাদন যোজনাৰ লক্ষ্য হ’ল উৎপাদনৰ পৰা আৰম্ভ কৰি বিক্ৰীলৈ সম্পূৰ্ণ সমাধান আগবঢ়োৱা৷ মই আপোনালোকক বাৰাণসীৰ শিপিনী আৰু কাৰিকৰসকলৰেই উদাহৰণ দিবলৈ বিচাৰিম৷
চৰকাৰৰ দ্বাৰা তেওঁলোকক সৰল চৰ্তত বেংকৰ পৰা ঋণ প্ৰদান কৰা হৈছে, কেঁচামালৰ বাবে সাহায্য প্ৰদান কৰা হৈছে৷ শিপিনীসকলক যি পৰিচয় পত্ৰ প্ৰদান কৰা হৈছে তাৰ দ্বাৰা মধ্যভোগীসকলক আঁতৰ কৰাত সহায়ক হৈছে৷ কিয়, মধ্যভোগীৰ কথাটো পছন্দ হোৱা নাই নেকি? সমস্যা হৈছে নেকি? কিন্তু সমস্যা হ’লেও দেশক মধ্যভোগীসকলৰ পৰা আঁতৰাই ৰাখিব লাগিব৷
ইয়াৰোপৰি ইয়াত বাৰাণসীতেই ৯টা সাধাৰণ সেৱা কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে৷ এই কেন্দ্ৰসমূহৰ জৰিয়তে মাৰ্কেটিঙৰ বাবে শিপিনীসকলক সাহায্য প্ৰদান কৰা হৈছে৷ তাৰোপৰি ভদোই, মিৰ্জাপুৰ, মেঘা কাৰ্পেট ক্লাষ্টাৰতো শিপিনীসকলক আধুনিক লুম প্ৰদান কৰা হৈছে৷
শিপিনীসকলৰ সৈতে মাটিৰ কামৰ সৈতে জড়িত কাৰিকৰসকলক আধুনিক ‘চাক’, নতুন মেচিন প্ৰদান কৰা হৈছে৷ অলপ আগেয়ে মোক এজন কাৰিকৰে কৈছিল- আধুনিক চাকটো এখন টেবুলৰ ওপৰতো ৰাখিব পাৰি আৰু ইয়াৰ পৰা বাচন নিৰ্মাণ কৰিব পাৰি৷ তেওঁ মোক ক’লে যে মুদ্ৰা যোজনাৰ দ্বাৰা তেওঁ ১০ লাখ টকা লাভ কৰিছে৷ আৰু মই তেওঁৰ মুখমণ্ডলত এক উজ্বলতা দেখিলো৷ তেওঁলোকৰ মুখৰ চমকনি দেখিলে মোৰ মুখতো চমকনিৰ সৃষ্টি হয়৷ এই সমূহ প্ৰয়াসৰ মাজতে আজি যিবোৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে তাৰ বহুমূলীয়া উপহাৰৰ সাৰ্থকতা আমি সকলোৱে নিৰৱচ্ছিন্নভাৱে দেখি আছো৷
বন্ধুসকল, সাধাৰণ পৰিয়ালসকলৰ যুৱসমাজক নিয়োজনৰ সৈতে জড়িত কৰাৰ বাবে আমি অহৰহ প্ৰয়াস কৰি আছো৷ কিছু দেৰী পূৰ্বে এনেকুৱা হিতাধিকাৰীক সাহায্য প্ৰদান কৰা হৈছে য’ত এলপিজি গেছৰ পৰিবহণৰ সৈতে সংযোগ কৰিবলৈ বিচৰা হৈছে৷ চৰকাৰে ট্ৰাক কিনিবলৈ বিচৰা এনে উদ্যমীসকলক সহায় কৰি আছে আৰু তেল কোম্পানীসকলে এওঁলোকৰ সুবিধা গ্ৰহণ কৰি আছে৷
ভাতৃ আৰু ভগ্নীসকল, সাধাৰণ মানুহৰ জীৱন সৰল আৰু সুগম হ’লে ব্যৱসায়ও সহজ হৈ পৰে৷ আন্তঃগাঁথনি ভাল হ’লে আৰু চৰকাৰী প্ৰক্ৰিয়াত ব্যক্তিসকল জড়িত হ’বলগীয়া নহ’লে জীৱনো সহজ পৰে৷ এই সংকল্পৰ সৈতেই বিগত চাৰিটা বৰ্ষৰ পৰা আমি কাম কৰি আহিছো৷
মই মনোজ সিনহা ডাঙৰীয়া আৰু তেওঁৰ বিভাগক অভিনন্দন জনাইছো৷ তেওঁ টেলিকম বিভাগত চৰকাৰী প্ৰক্ৰিয়াসমূহৰ সৈতে জড়িত এক বৃহৎ বিসংগতি আজি দূৰ কৰিছে৷
সমগ্ৰ জীৱনটো কাম কৰাৰ পিছত পেঞ্চনভোগীসকলে বিভাগে বিভাগে যি দৌৰিবলগীয়া হৈছিল, যি সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল সেই প্ৰক্ৰিয়াৰ সৰলীকৰণ কৰা হৈছে৷ ‘সম্পন্ন’ অৰ্থাৎ system for authority and management of pension যোজনা আজি মুকলি কৰা হৈছে৷
বন্ধুসকল, এতিয়া পেঞ্চনৰ স্বীকৃতিৰ পৰা আৰম্ভ কৰি সমাপনলৈ সকলো কাম বিভাগে কৰিব৷ ইয়াৰ দ্বাৰা চৰকাৰৰ প্ৰতি বছৰে কোটি টকাৰ সঞ্চয় হোৱাৰ লগতে পেঞ্চন ধাৰকসকলৰো সুবিধা হ’ব৷ ইয়াৰ দ্বাৰা প্ৰায় ১১ হাজাৰ কোটি টকাৰ পেঞ্চন সময়মতে জমা কৰাটো সম্ভৱ হৈ পৰিব৷ পেঞ্চন ধাৰকসকলে ঘৰত বহি বহিয়েই নিজৰ ম’বাইল ফোনৰ দ্বাৰা ইয়াক ট্ৰেক কৰিব পাৰিব৷ পূৰ্বতে পৃথক পৃথক এজেন্সীসকল জড়িত হোৱাৰ ফলত যি সমস্যাৰ সৃষ্টি হৈছিল, তাৰ পৰিমাণ কমি যাব৷ যদি কোনো অভিযোগ উত্থাপিত হয় তেতিয়া ইয়াৰ সমাধানত কম সময়ৰ প্ৰয়োজন হ’ব৷ ইয়াৰ দ্বাৰা দেশৰ ডাক-বিভাগৰ অসংখ্য প্ৰাক্তন কৰ্মচাৰী লাভান্বিত হ’ব৷
বাৰাণসী আৰু পূৰ্বাঞ্চলৰ বাবে দুগুণ অভিনন্দন কিয়নো control communication account অৰ্থাৎ চিচিএৰ উপ-কাৰ্যালয় এতিয়া বাৰাণসীত খোলা হৈছে৷ এতিয়া পেঞ্চনৰ সৈতে জড়িত তথ্য জমা কৰাত আৰু আনবোৰ অভিযোগ নিবাৰণ কৰাৰ বাবে বাৰে বাৰে লক্ষ্ণৌলৈ যোৱাৰ প্ৰয়োজন নহ’ব৷
বন্ধুসকল, পেঞ্চনভোগীসকলৰ বাবে টেলিকম বিভাগৰ যি যোজনা আজি আৰম্ভ হৈছে, এয়া চৰকাৰৰ নাগৰিককেন্দ্ৰিক সেৱা, ন্যূনতম চৰকাৰ, সৰ্বাধিক শাসনৰ এক প্ৰধান অংশ হিচাপে বিবেচিত হৈছে৷ অৰ্থাৎ চৰকাৰী প্ৰক্ৰিয়াসমূহ কিদৰে সৰল হওক, জনসাধাৰণে যাতে ইয়াৰ সুবিধা লাভ কৰিব পাৰে; তাৰবাবে চৰকাৰে নিৰন্তৰে প্ৰয়াস কৰি আছে৷
ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱনক সৰল কৰি তোলাৰ প্ৰয়াসৰ ই এটা অংশ৷ আজি জন্ম প্ৰমাণপত্ৰৰ পৰা আৰম্ভ কৰি জীৱন প্ৰমাণ পত্ৰলৈ চৰকাৰৰ শ শ সেৱাৰ গতি অতি ক্ষীপ্ৰতাৰে সম্প্ৰসাৰিত হ’ব ধৰিছে৷
ইপিএফ- ইয়াৰ অনলাইন স্থানান্তৰণ অথবা উলিওৱাৰ সুবিধা ইতিমধ্যেই প্ৰদান কৰা হৈছে৷ এতিয়া পেঞ্চনৰ দৰে সুবিধাসমূহৰো সৰলীকৰণ কৰা হৈছে৷
ঘৰে ঘৰে গৈ দিব্যাংগ, বৃদ্ধসকলক ডিজিটেল জীৱন প্ৰমাণপত্ৰ প্ৰদান কৰাৰ কাম চলিব ধৰিছে৷ জীৱন প্ৰমাণ পত্ৰ যোজনাৰ দ্বাৰা প্ৰায় আঢ়ৈ কোটি পেঞ্চনভোগী উপকৃত হৈছে৷
ভাতৃ আৰু ভগ্নীসকল, চৰকাৰে ইণ্ডিয়া পোষ্ট পে’মেণ্ট বেংকৰ জৰিয়তে গাঁৱে-গাঁৱে, ঘৰে-ঘৰে বেংকিং সেৱা প্ৰদানৰ দিশত অগ্ৰসৰ হৈছে৷ পিয়নে আপোনাৰ ঘৰ আৰু বেংকৰ লেনদেন সম্পন্ন কৰিব৷ এই ব্যৱস্থা সন্দৰ্ভত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু কাম চলিব ধৰিছে৷
এই পৰ্যন্ত দেশত প্ৰায় ২৫ হাজাৰ ডাকঘৰে এই সুবিধা আৰম্ভ কৰিছে৷ আনসমূহতো অতি শীঘ্ৰেই বেংকিং সেৱা আৰম্ভ কৰা হ’ব৷
বন্ধুসকল, বেংকিঙৰ পৰা আৰম্ভ কৰি ভূমিৰ সৈতে জড়িত তথ্যকে ধৰি নিজৰ ফচল, নিজৰ উৎপাদন অনলাইনৰ জৰিয়তে বিক্ৰী কৰাৰ অনেক সুবিধা আজি অনলাইনত উপলব্ধ৷ সমগ্ৰ দেশতে পৰিব্যাপ্ত তিনি লাখতকৈও অধিক সাধাৰণ সেৱা কেন্দ্ৰ নেটৱৰ্কৰ দ্বাৰা গাঁৱতো এই সুবিধা উপলব্ধ হৈছে৷ এই নেটৱৰ্কক বিগত চাৰে চাৰি বছৰত প্ৰস্তুত কৰা হৈছে৷
আপোনালোকেও বাতৰি কাকতত হয়তো পঢ়িছে যে বিগত দুই-আঢ়ৈ বছৰৰ পৰা ভাৰতত ইণ্টাৰনেটৰ সংযোগত ৬৫% পৰ্যন্ত বৃদ্ধি হৈছে আৰু আজি দেশত ৫০ কোটিতকৈও অধিক ইণ্টাৰনেট সংযোগে কাম কৰি আছে৷ চহৰততো ইয়াৰ সংখ্যা বৃদ্ধি হৈছেই লগতে গাঁৱতো ক্ষীপ্ৰ গতিত বৃদ্ধি হৈছে৷ দেশৰ প্ৰায় ডেৰ লাখ পঞ্চায়তক ব্ৰডবেণ্ডৰ সৈতে জড়িত কৰা হৈছে৷ উত্তৰ প্ৰদেশত ইয়াৰ সংখ্যা সৰ্বাধিক হৈছে, প্ৰায় ২৯ হাজাৰ গাঁৱত সংযোগ প্ৰদান কৰা হৈছে৷
অনাগত সময়ত যেতিয়া দেশৰ প্ৰতিতো কোণৰ ইণ্টাৰনেটৰ সুবিধা উপলব্ধ হ’ব তেতিয়া ডিজিটেল ইণ্ডিয়া, নতুন ভাৰতৰ নতুন শক্তিয়ে নিজৰ পৰিচয় সাব্যস্ত কৰিব৷
বন্ধুসকল, ডিজিটেল ইণ্ডিয়াৰ অভিযানৰ দ্বাৰা দেশৰ সাধাৰণ নাগৰিকসকলৰ সুবিধা বৃদ্ধি হোৱাৰ লগতে ভ্ৰষ্টাচাৰ কম কৰাৰ আৰু চৰকাৰী লেনদেনৰ দক্ষতা বৃদ্ধি কৰাৰ সাধন হিচাপেও বিবেচিত হৈছে৷ পূৰ্বতে চৰকাৰী বিভাগসমূহ ক্ৰয়ক লৈ বহুতো সন্দেহ আৰু অভিযোগ উত্থাপন হৈছিল৷ এতিয়া কেন্দ্ৰ চৰকাৰে নিজৰ বিভাগসমূহৰ বাবে ক্ৰয়ৰ এক নতুন ব্যৱস্থা প্ৰণয়ন কৰিছে৷ কেন্দ্ৰ চৰকাৰে গভৰ্ণমেণ্ট ই-মাৰ্কেট প্লেচ অৰ্থাৎ জেম নামৰ এটা প’ৰ্টেল মুকলি কৰিছে আৰু মই বিচাৰিম যে আপোনালোকে ইয়াৰ পৰা লাভ আদায় কৰক৷ উত্তৰ প্ৰদেশৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীয়েও ইয়াৰ পৰা প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰে৷
ইয়াৰ জৰিয়তে দেশৰ যিকোনো ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিজৰ উৎপাদিত সামগ্ৰী কেন্দ্ৰ চৰকাৰক, ৰাজ্য চৰকাৰক প্ৰত্যক্ষভাৱে বিক্ৰী কৰিব পাৰে৷ ইয়াৰ আটাইতকৈ ডাঙৰ লাভ সাধাৰণ গৃহিণীৰ পৰা আৰম্ভ কৰি এমএছএমইৰ সৈতে জড়িত উদ্যমীসকলেও লাভ কৰিছে৷
বন্ধুসকল, ক্ষুদ্ৰ, লঘূ, মজলীয়া উদ্যোগ অৰ্থাৎ এমএছএমইৰ বাবে ই অতিশয় সুন্দৰ প্লেটফ’ৰ্ম হিচাপে বিবেচিত হৈছে৷ অলপতে এমএছএমই খণ্ডৰ বাবে যি ১২টা দেৱালীৰ উপহাৰ ঘোষণা কৰা হৈছিল তাত জেমৰ এক বৃহৎ অৱদান আছে৷ বৃহৎ উদ্যমীসকলৰ ওচৰত যাতে ক্ষুদ্ৰ উদ্যমীসকলৰ টকা বন্ধ হৈ নাথাকে, কেশ্ব ফ্ল’ যাতে ব্যাহত নহয়, তাৰাবে কেন্দ্ৰ চৰকাৰৰ সকলো উদ্যোগক জেমৰ সৈতে জড়িত কৰোৱাটো অনিবাৰ্য কৰা হৈছে৷
কেৱল এয়াই নহয়, ডিজিটেল সেৱাৰ জৰিয়তে এমএছএমইয়ে যাতে ঋণ লোৱাত অসুবিধা নাপায় তাৰবাবে অনলাইন ঋণৰ ব্যৱস্থা কৰা হৈছে৷ আৰু আপোনালোকে জানি সুখী হ’ব যে আপোনালোকৰ মাজৰ বহুতেই ইয়াৰ লাভ উঠাইছে৷ কেৱল ৫৯ মিনিটত এক কোটি টকা পৰ্যন্ত ঋণ অনলাইন প’ৰ্টেলৰ জৰিয়তে অনুমোদন প্ৰদান কৰাৰ কাম সফলতাপূৰ্বক চলিব ধৰিছে৷ অন্যথা এক কোটি টকাৰ ঋণৰ বাবে জোতাৰ তলী সমান হৈ পৰিলহেঁতেন৷ আজি ৫৯ মিনিটতে এই কাম সম্পন্ন হৈছে৷
বন্ধুসকল, দেশত এমএছএমইক সৱলীকৰণ কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ৷ চৰকাৰৰ এয়াই প্ৰয়াস যে যিমানবোৰ এমএছএমই আছে, জিএছটিৰ সৈতে জড়িত হৈ আছে, তেওঁলোকে বেংকৰ পৰা ঋণ পাবলৈ যাতে কষ্ট কৰিবলগীয়া নহয়, তেওঁলোকে অনলাইনত চায়েই ইয়াৰ কাম আগবঢ়াব পাৰে৷ কেৱল জিএছটি আৰু নিজৰ ৰিটাৰ্ণ তথ্যৰ মাধ্যমৰ দ্বাৰা অথবা অনলাইন ৰেকৰ্ড প্ৰত্যক্ষ কৰাৰ পিছত বেংকে নিজেই ঋণৰ বাবে যোগাযোগ কৰিব৷
এই সকলোবোৰ প্ৰয়াসে দেশত ইজ অব্ ডুয়িং বিজনেছ সুনিশ্চিত কৰিছে, যাৰ দ্বাৰা ব্যৱসায়-বাণিজ্য সহজ হৈছে, তৰুণ প্ৰজন্মই নিয়োজনৰ সুবিধা লাভ কৰিছে৷
বন্ধুসকল, কাশী আৰু পূৰ্বাঞ্চল সহিতে সম্পূৰ্ণ পূব ভাৰতত আধুনিক সুবিধা আৰু উদ্যোগসমূহৰ বাবে উন্নত পৰিবেশ সৃষ্টি কৰাৰ কাম ব্যাপক পৰ্যায়ত চলিব ধৰিছে৷ প্ৰধানমন্ত্ৰী উৰ্জা গংগা যোজনাৰ অধীনত গেছ পাইপ লাইন বহুওৱা হৈছে৷ ইয়াৰ দ্বাৰা ঘৰসমূহৰ পাকঘৰৰ পৰা আৰম্ভ কৰি খাদ কাৰখানাৰ বাবে গেছ উপলব্ধ হোৱা আৰম্ভ হৈছে৷ বাৰাণসীতো এই কম খৰচী ৰন্ধন গেছ যোজনাৰ দ্বাৰা সহস্ৰাধিক ঘৰ উপকৃত হৈছে৷ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, পশ্চিম বংগ, জগদীশপুৰৰ পৰা হালদিয়ালৈ প্ৰায় ১৩ হাজাৰ কোটি টকাৰ ব্যয়েৰে পাইপ লাইন বহুওৱা হৈছে৷ ইয়াৰ প্ৰথম পৰ্যায়ৰ কাম অতি সোনকালেই সমাপ্ত হ’ব৷
মহিলাসকলে স্বচ্ছ আৰু কম খৰচী গেছ লাভ কৰিব৷ চিএনজিৰ দ্বাৰা বাহনসমূহ চলিলে প্ৰদূষণ কম হ’ব আৰু যুৱ প্ৰজন্মই উদ্যোগ সম্প্ৰসাৰণৰ দ্বাৰা নিয়োজনৰ নতুন সুবিধা লাভ কৰিব৷
বন্ধুসকল, ইয়ালৈ অহাৰ পূৰ্বে মই আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰলৈ গৈছিলো৷ এই কেন্দ্ৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা খেতিক লাভদায়ক কৰি তোলাৰ আমাৰ নীতিৰ পৰিণাম হিচাপে বিবেচিত হৈছে৷ ইয়াত ভাৰতৰ বাবে ধানৰ সৈতে জড়িত উত্তম প্ৰকাৰৰ বীজ আৰু আনবোৰ প্ৰক্ৰিয়াৰ গৱেষণা হোৱাৰ লগতে এছিয়া আৰু বিশ্বৰ অন্য দেশসমূহৰ বাবেও সমাধান কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব৷
বন্ধুসকল, কাশীৰ পৰিৱৰ্তন এতিয়া চকুত লগা হৈছে৷ দিব্য কাশীৰ স্বৰূপ এতিয়া আৰু ভব্য হ’বলৈ ধৰিছে৷ আজিও বাৰাণসীৰ বিকাশৰ সৈতে জড়িত অনেক যোজনাৰ আধাৰশিলা স্থাপন আৰু লোকাৰ্পণ কৰা হৈছে৷ ইয়াৰে অধিকাংশ প্ৰকল্প পথসমূহক ওখ কৰাৰ সৈতে জড়িত আৰু ইয়াৰ ঐতিহাসিক আস্থাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ স্থানসমূহৰ সৌন্দৰ্যবৰ্ধনৰ সৈতেও জড়িত৷
এই সকলোবোৰ কাৰ্যৰ দ্বাৰা কাশীৰ সৌন্দৰ্য দুগুণে বৃদ্ধি হ’ব৷ কাশীবাসীৰ, কাশীলৈ অহা-যোৱা কৰা লোকসকলৰ জীৱন সৰল হৈ উঠিব৷ এনেকুৱা বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে য’ত স্বাধীনতাৰ পূৰ্বেই অলপ-অচৰপকৈ কাম আৰম্ভ হৈছিল৷
ভাতৃ আৰু ভগ্নীসকল, চৰকাৰৰ এয়াই প্ৰয়াস যে কাশীৰ আত্মা ছিন্ন-ভিন্ন নকৰাকৈ আমাৰ এই চিৰ-পুৰাতন চহৰ নতুন কায়াৰে সৈতে যাতে বিশ্বৰ সন্মুখলৈ আহে৷ বাবা বিশ্বনাথৰ অসীম কৃপা আমাৰ সকলোকে ওপৰত আছে৷ আমাৰ এই কৰ্তব্য যে যি কাম মাতৃ অহল্যাবায়ে প্ৰায় দুশ বছৰ পূৰ্বে কৰিছিল তাক আগবঢ়োৱাৰ সৌভাগ্য আমি লাভ কৰিছো৷ এনেক দশকৰ উদাসীনতাৰ পিছত বাৰাণসীৰ ঘাট, ইয়াৰ মন্দিৰসমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ কামত আপোনালোকে যিদৰে সমৰ্থন আগবঢ়াইছে তাৰবাবে মই আপোনালোকক, কাশীবাসীক হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছো৷
ইয়াৰে সাংসদ হোৱাৰ পৰিপ্ৰেক্ষিতত কাশীবাসীৰ প্ৰতি মই কৃতজ্ঞ৷ বাবাৰ চিৰ পুৰাতন স্থানৰ দিব্যতাক ভব্যতাৰ সৈতে জড়িত কৰাও আমাৰ দায়িত্ব যাতে দেশ আৰু বিশ্বৰ পৰা অহা প্ৰতিজন ভক্তই বিনা সমস্যাই বাবা বিশ্বনাথ দৰবাৰত শিৰ দোৱাব পাৰে৷
এনেকুৱা এনেক সুবিধাৰ নিৰ্মাণ আমি সকলো কাশীবাসীয়ে একত্ৰিত হৈ কৰি আছো আৰু এই কামৰ গতি ক্ষীপ্ৰ কৰিব লাগিব৷
বন্ধুসকল, এই দৰে মা গংগাৰ পবিত্ৰতা আৰু অবিৰলতাৰ প্ৰতিও আমি দায়বদ্ধ৷ মই সুখী যে আমাৰ প্ৰয়াসসমূহৰ পৰিণাম লাহে লাহে দেখিবলৈ পোৱা গৈছে৷ আপোনালোক সকলোৱে মিডিয়াত দেখুওৱা সেই প্ৰতিবেদনসমূহ দেখিছে যে কিদৰে মাছ, ঘৰিয়ালসহিতে অনেক জীৱ-জন্তু মা গংগালৈ পুনৰ ঘূৰি আহিছে৷ অলপতে দেশৰ অনেক বৈজ্ঞানিকৰ এটা দলে গংগা জলৰ পৰীক্ষণৰ পিছত এটা প্ৰতিবেদন দাখিল কৰিছে৷ এই প্ৰতিবেদনত মা গংগাৰ প্ৰদূষণৰ স্তৰ হ্ৰাস হোৱাটো পৰিলক্ষিত হৈছে৷ নমামি গংগাৰ দৰে অভিযান যিদৰে আগবাঢ়িবলৈ ধৰিছে ঠিক সেইদৰে নিৰ্মল আৰু অবিৰল গংগাৰ লক্ষ্যও নিকটলৈ অহাটো পৰিলক্ষিত হৈছে৷ এই সকলোবোৰ আপোনালোক কাশীবাসী, গংগাৰ পাৰত বাস কৰা প্ৰতিজন ব্যক্তিৰ ইচ্ছাশক্তি আৰু সহযোগত সম্ভৱ হৈছে৷
বন্ধুসকল, যেতিয়া সমগ্ৰ পাৰদৰ্শিতাৰ সৈতে, প্ৰমাণীকৰণৰ সৈতে, জন-সহযোগিতাৰ সৈতে চৰকাৰে কাম কৰে তেতিয়া সাৰ্থক পৰিণাম অৱশ্যেই প্ৰাপ্ত হয়৷ অন্যথা আপোনালোক সাক্ষী আছে যে পূৰ্বতে গংগা একচন প্লেনৰ পৰা আৰম্ভ কৰি গংগা বেচিন অথৰিটীলৈ কিমানবোৰ যোজনা প্ৰস্তুত কৰা হৈছিল৷ মা গংগাৰ নামত হাজাৰ কোটি টকা বোৱাই দিয়া হৈছিল৷
মা গংগাৰ নিৰ্মলতাৰ বাবে ধনৰ শক্তিয়েই পৰ্যাপ্ত নহয়, চিন্তা-ধাৰাও স্বচ্ছ হ’ব লাগিব৷ স্বচ্ছ চিন্তা-ধাৰাৰে গংগাও পৰিষ্কাৰ হোৱাটো নিশ্চিত৷ আমি সম্পূৰ্ণ নৈতিকতাৰ সৈতে, সুস্থ চিন্তা-ধাৰাৰ সৈতে গংগাজীক স্বচ্ছ কৰি তোলাৰ অভিযানত জড়িত হৈছো৷
কাশীৰ ভাতৃ আৰু ভগ্নীসকল, প্ৰবাসী ভাৰতীয় দিৱসলৈ আৰু দুই-তিনি সপ্তাহহে বাকী আছে৷ মই নিজে সমগ্ৰ বিশ্বৰ প্ৰবাসী ভাৰতীয়সকলক কাশীলৈ অহাৰ আমন্ত্ৰণ জনাইছো৷ আপোনালোকৰ তৰফৰ পৰা ময়েই কৈছো৷ অনাগত দিনসমূহত আমি বিশ্বৰ সন্মুখত পুৰাতন কাশীৰ আধুনিক স্বৰূপ, বিশ্বৰ দৃষ্টি উজ্বলাই তোলা দৃশ্যৰাজি প্ৰস্তুত কৰাটো আমাৰ কাশীবাসীৰ দায়িত্ব৷ কাশীয়ে তেওঁলোকক প্ৰভাৱান্বিতও কৰক, কাশীয়ে তেওঁলোকক প্ৰেৰিতও কৰক; এই অৱকাশ কাশীয়ে হেৰুৱাব নালাগে৷
আমি নিশ্চিত ৰূপত এক ভব্য আৰু সফল আয়োজন কৰিম আৰু মই এক সাংসদৰ ৰূপত, আপোনালোকৰ প্ৰতিনিধিৰ ৰূপত বিশ্বৰ পৰা অহা অতিথিসকলৰ এনেদৰে সেৱা-সৎকাৰ কৰিব লাগিব যে বিশ্বত যাতে পুনৰবাৰ কাশীৰ নাম প্ৰতিধ্বনিত হয়৷
শেষত মই পুনৰবাৰ আপোনালোক সকলো শিল্পকাৰ বন্ধু, সকলো হিতাধিকাৰীলৈ অলেখ অভিনন্দন জনাইছো৷ দুদিন পিছত ২০১৮ বৰ্ষৰ সমাপ্ত হ’ব, ২০১৯ বৰ্ষ দুৱাৰদলিত উপস্থিত হৈছে৷ মই আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছো৷ কাশী আৰু ইউপিৰ সকলো ব্যক্তিলৈ মোৰ তৰফৰ পৰা মংগল কামনা থাকিল৷ বাবা বিশ্বনাথৰ আশীৰ্বাদ আমি সকলোৱে দেশৰ নৱ নিৰ্মাণৰ বাবে, কাশীৰ নৱ নিৰ্মাণৰ বাবে, উত্তৰ প্ৰদেশৰ নৱ নিৰ্মাণৰ বাবে দিন-ৰাতি এক কৰি, নিজৰ পৰিশ্ৰম কম নকৰি, এই আশাৰ সৈতে মই নিজৰ ভাষণ সামৰিছো৷
আপোনালোক সকলোলৈ অশেষ ধন্যবাদ৷
হৰ হৰ মহাদেৱ৷
ধন্যবাদ৷
***
अतुल तिवारी/शाहबाज हसीबी/निर्मल शर्मा/MANN
It is a matter of pride for Kashi that this great city is now home to the International Rice Research Institute South Asia Regional Centre. This Centre harnesses the power of technology and innovation for the benefit of our farmers.
— Narendra Modi (@narendramodi) December 29, 2018
Glimpses from the inauguration today. pic.twitter.com/7sSZTLrfSH
हर ज़िले में कुछ अलग है, जिसने यहां लोगों को रोज़गार से जोड़ा है।
— PMO India (@PMOIndia) December 29, 2018
इसको विस्तार देने के लिए एक जनपद, एक उत्पाद लाभकारी सिद्ध होने वाली है।
पूर्वांचल तो हस्तशिल्प का हब है।
कलाकारी चाहे कपड़े और कालीन में हो या फिर मिट्टी या धातू के बर्तनों में, कण-कण में कला बसी हुई है: PM
आज जन्म प्रमाण पत्र से लेकर जीवन प्रमाण पत्र तक सरकार की सैकड़ों सेवाओं का बड़ी तेज़ गति से विस्तार हो रहा है।
— PMO India (@PMOIndia) December 29, 2018
पेंशन जैसी व्यवस्थाओं को भी आसान किया जा रहा है।
घर पर जाकर ही दिव्यांगों, वृद्ध जनों को डिजिटल जीवन प्रमाण पत्र जारी करने का काम चल रहा है: PM
आपने अखबारों में पढ़ा होगा कि देश में 50 करोड़ से अधिक इंटरनेट कनेक्शन काम कर रहे हैं,
— PMO India (@PMOIndia) December 29, 2018
शहरों में तो ये बढ़ोतरी हुई ही है, गांवों में भी तेज़ी से इंटरनेट का दायरा बढ़ा है,
डिजिटल इंडिया से सुविधा तो बढ़ ही रही है, साथ ही ये भ्रष्टाचार को कम करने पारदर्शिता का साधन बन रहा है: PM
पूर्वी भारत में आधुनिक सुविधाएं के लिए बेहतर माहौल बनाने का काम चल रहा है
— PMO India (@PMOIndia) December 29, 2018
प्रधानमंत्री ऊर्जा गंगा योजना के तहत गैस पाइपलाइन बिछाई जा रही है
इससे घरों की रसोई से लेकर खाद कारखानों तक के लिए गैस मिलनी शुरु हो चुकी है। वाराणसी में रसोई गैस की योजना से हज़ारों घर जुड़ चुके हैं: PM
काशी में परिवर्तन अब दिखने लगा है, दिव्य काशी का स्वरूप अब और भव्य होता जा रहा है।
— PMO India (@PMOIndia) December 29, 2018
आज भी बनारस के विकास से जुड़ी अनेक परियोजनाओं का शिलान्यास और लोकार्पण किया गया है।
ये सारे कार्य काशी की सुंदरता को और निखारने वाले हैं: PM
गंगा की पवित्रता और अविरलता के प्रति हमारी प्रतिबद्धता है।
— PMO India (@PMOIndia) December 29, 2018
मुझे खुशी है कि हमारे प्रयासों के परिणाम भी दिखने लगे हैं।
आप सभी ने मीडिया में आई उन रिपोर्टों को देखा होगा कि कैसे मछलियां, मगरमच्छ समेत अनेक जीव-जंतु जीवनदायनी मां गंगा में फिर से लौटने लगे हैं: PM
हाल में देश के अनेक वैज्ञानिकों की टीम ने गंगाजल के परीक्षण के बाद एक रिपोर्ट भी दी है। इस रिपोर्ट के मुताबिक मां गंगा में प्रदूषण के स्तर में कमी आई है।
— PMO India (@PMOIndia) December 29, 2018
नमामि गंगे का अभियान जैसे-जैसे आगे बढ़ रहा है, वैसे-वैसे निर्मल और अविरल गंगा का लक्ष्य नज़दीक दिख रहा है: PM
जब पूरी पारदर्शिता के साथ, प्रमाणिकता के साथ, जनभागीदारी से सरकार काम करती है, तब सार्थक परिणाम मिलते हैं।
— PMO India (@PMOIndia) December 29, 2018
वरना आप तो साक्षी रहे हैं कि कभी गंगा एक्शन प्लान से लेकर गंगा बेसिन अथॉरिटी तक ना जाने कैसी-कैसी योजनाएं बनाई गईं।
मां गंगा के नाम पर हज़ारों करोड़ रुपए बहा दिए गए: PM
मां गंगा की निर्मलता के लिए धन की शक्ति ही काफी नहीं है, साफ नीयत भी चाहिए।
— PMO India (@PMOIndia) December 29, 2018
हम पूरी ईमानदारी के साथ, साफ नीयत के साथ गंगा जी को स्वच्छ करने के अभियान में जुटे हुए हैं: PM
काशी में होना ही अपने आप में विशेष अनुभूति देता है। यहां के लोगों से मिले प्यार से मैं अभिभूत हूं।
— Narendra Modi (@narendramodi) December 29, 2018
यहां विकास के कई कार्यों का लोकार्पण किया, जो काशी के लोगों के जीवन को और आसान बनाएगा। pic.twitter.com/ZzEpGT1gRG
‘One District, One Product’ is a commendable initiative of the Uttar Pradesh Government, which will safeguard the well-being of all those associated with MSMEs, especially weaving and handicrafts. pic.twitter.com/16mXZx2pkO
— Narendra Modi (@narendramodi) December 29, 2018
Our Digital India initiative has brought convenience in the lives of crores of Indians and has also helped eliminate corruption. pic.twitter.com/uzKY0ydzkC
— Narendra Modi (@narendramodi) December 29, 2018
बाबा विश्वनाथ की असीम कृपा हम सभी पर रही है।
— Narendra Modi (@narendramodi) December 29, 2018
हमारा प्रयास है कि काशी की आत्मा से छेड़छाड़ किए बिना, हमारा ये चिर-पुरातन शहर नई काया के साथ दुनिया के सामने आए। pic.twitter.com/Tl0ftiV8Np