Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বাৰাণসীত প্ৰধানমন্ত্ৰী

বাৰাণসীত প্ৰধানমন্ত্ৰী

বাৰাণসীত প্ৰধানমন্ত্ৰী

বাৰাণসীত প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসী ভ্ৰমণ কৰে৷

তেওঁ বাৰাণসীৰ আন্তৰ্জাতিক চাউল গৱেষণা প্ৰতিষ্ঠান (আইআৰআৰআই)ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰে৷ তেওঁ প্ৰতিষ্ঠানটোৰ গৱেষণাগাৰো পৰিদৰ্শন কৰে৷

দীনদয়াল হস্তকলা সংকুলত প্ৰধানমন্ত্ৰীয়ে ‘‘এখন জিলা, এটা সামগ্ৰী’’ (অ’ডিঅ’পি) প্ৰদৰ্শনীও দৰ্শন কৰে৷
তেওঁ এক ব্যাপক পেন্সন ব্যৱস্থাপনা আঁচনি মুকলি কৰে৷ তেওঁ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে জনতালৈ সেইসমূহ উচৰ্গাও কৰে৷

আজি মুকলি কৰা বিভিন্ন প্ৰকল্প সন্দৰ্ভত মন্তব্য প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে ইজ অব্ লিভিং আৰু ইজ অব্ ডুয়িং বিজনেছ সম্পৰ্কে উল্লেখ কৰে৷ তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ ‘‘এখন জিলা, এটা সামগ্ৰী’’ আঁচনিক ‘‘মেক ইন ইণ্ডিয়া’’ৰ প্ৰসাৰণ বুলি অভিহিত কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ প্ৰদেশত লঘূ আৰু মজলীয়া খণ্ডৰ উদ্যোগসমূহ সংস্কৃতিৰ অংগ হৈ পৰিছে৷ এই সন্দৰ্ভত তেওঁ ভাদ’হিৰ কাৰ্পেট উদ্যোগ, মীৰাটৰ ক্ৰীড়া সামগ্ৰী উদ্যোগ আৰু বাৰাণসীৰ ছিল্ক উদ্যোগৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ বাৰাণসী আৰু পূৰ্বাঞ্চলক হস্তকলা আৰু কলাৰ কেন্দ্ৰ হিচাপে অভিহিত কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰাণসীৰ ১০ বিধ সামগ্ৰীয়ে ভৌগোলিক চিহ্ন হিচাপে সুখ্যাতি লাভ কৰিছে৷ তেওঁ কয় যে এখন জিলা, এটা সামগ্ৰী আঁচনিয়ে কলাক এক লাভদায়ী ব্যৱসায়লৈ পৰিণত কৰিব৷ তেওঁ কয় এই অনুষ্ঠানত ২০০০ কোটি টকাৰ ঋণ প্ৰদান কৰা হৈছে বুলি তেওঁক অৱগত কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ মানুহৰ জীৱন উন্নত তথা ইজ অব্ ডুয়িং বিজনেছৰ উত্তৰণ কৰাৰ দিশত অগ্ৰসৰ হৈছে৷

প্ৰধানমন্ত্ৰী আজি মুকলি হোৱা ‘সম্পন্ন’ (ছিষ্টেম ফৰ অথ’ৰিটী এণ্ড মেনেজমেণ্ট অব্ পেন্সন)আঁচনিৰ বিষয়ে উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে টেলিকম বিভাগৰ পেন্সনাৰসকলক যথেষ্ট উপকৃত কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ইজ অব্ লিভিং আৰু নাগৰিককেন্দ্ৰিক সুবিধাসমূহৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে৷ তেওঁ কয় যে ডাকঘৰসমূহৰ জৰিয়তে পোষ্ট পে’মেণ্টছ বেংকৰ সেৱা সম্প্ৰসাৰণ কৰা হৈছে৷ তেওঁ প্ৰায় ৩ লাখ সাধাৰণ সেৱা কেন্দ্ৰসমূহৰ জৰিয়তে গ্ৰামাঞ্চলত এই সেৱাসমূহৰ সম্প্ৰসাৰণ হোৱা বুলি মন্তব্য কৰে৷ তাৰোপৰি দেশত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হোৱা বুলিও তেওঁ উল্লেখ কৰে৷ তেওঁ কয় যে প্ৰায় ১ লাখ পঞ্চায়ত বৰ্তমানে ব্ৰডবেণ্ডৰ সৈতে সংযোজিত হৈছে৷ প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়াই জনতাক সেৱা প্ৰদান কৰাৰ উপৰিও চৰকাৰী কামসমূহলৈ স্বচ্ছতা আনিবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে৷ এই সন্দৰ্ভত তেওঁ জিইএমৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে এমএছএমইৰ বাবে জিইএম ব্যাপকভাৱে ব্যৱহৃত হ’ব৷

কেন্দ্ৰীয় চৰকাৰ এমএছএমই খণ্ডক উজ্জীৱিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ এমএছএমইয়ে সহজ ঋণ প্ৰদানৰ জৰিয়তে ইজ অব্ ডুয়িং বিজনেছো সুনিশ্চিত কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এলএনজিৰ জৰিয়তে পূব ভাৰতত আধুনিক সুবিধা প্ৰদান তথা উদ্যোগসমূহৰ উত্তৰণৰ দিশত কাম চলি আছে৷ ইয়াৰ জৰিয়তে বাৰাণসীৰ সহস্ৰাধিক ঘৰত ৰন্ধন গেছ সহজলভ্য হোৱা বুলি তেওঁ জানিবলৈ দিয়ে৷
বাৰাণসীৰ আন্তৰ্জাতিক চাউল গৱেষণা প্ৰতিষ্ঠানৰ কথা উল্লেখ কৰি তেওঁ কয় যে কেন্দ্ৰই প্ৰযুক্তি ব্যৱহাৰ কৰি কৃষি খণ্ডক অধিক লাভজনক কৰাৰ দিশত অগ্ৰসৰ হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কাশীৰ ৰূপান্তৰণ এতিয়া সকলোৰে চকুত পৰিছে৷ তেওঁ কয় যে আজি মুকলি হোৱা এই উন্নয়নমূলক প্ৰকল্পসমূহে ইয়াক অধিক লাভান্বিত কৰিব৷ গংগা নদীৰ পৰিষ্কাৰকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰধানমন্ত্ৰীয়ে দোহাৰে৷ তেওঁ কয় যে জনতাৰ সমৰ্থনে এই লক্ষ্য প্ৰাপ্তিত সহায় কৰিব৷

প্ৰধানমন্ত্ৰীয়ে বাৰণসীত অনুষ্ঠিত হ’বলগীয়া আগন্তুক প্ৰবাসী ভাৰতীয় দিৱসৰ সফলতা সন্দৰ্ভত তেওঁৰ আত্মবিশ্বাস প্ৰকাশ কৰে৷

*****

AKT/SH/MANN