পি এম ইণ্ডিয়া
হৰ-হৰ, মহাদেৱ!
মই আৰম্ভ কৰো এতিয়া আপোনালোকৰ অনুমতি সাপেক্ষে, তেন্তে মই ক’বলৈ আৰম্ভ কৰো। হৰ-হৰ মহাদেৱ, বাবা বিশ্বনাথ, মাতা অন্নপূৰ্ণাৰ নগৰী কাশীৰ পূণ্য ভূমিৰ সকলো বন্ধু আৰু ভগ্নীসকলক প্ৰণাম। দীপাৱলি, দেৱ দীপাৱলি, অন্নকূট, ভইয়াদূজ, প্ৰকাশোৎসৱ আৰু অনাগত ডালা ছঠৰ আপোনালোক সকলোকে বহুত বহুত শুভকামনা। উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, ইউপিৰ শক্তিশালী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়া জী, ইউপি চৰকাৰৰ অন্য মন্ত্ৰীগণ, কেন্দ্ৰৰ মোৰ আৰু এজন লগৰীয়া মহেন্দ্ৰনাথ পাণ্ডে জী, ৰাজ্যৰ আৰু এজন মন্ত্ৰী অনিল ৰাজভৰ জী, নীলকন্ঠ তিৱাৰী জী, ৰৱিন্দ্ৰ জয়সৱাল জী, অন্য মন্ত্ৰীগণ, সংসদত মোৰ লগৰীয়া শ্ৰীমতী সীমা দ্বিৱেদী জী, বি পি সৰোজ জী, বাৰাণসীৰ মেয়ৰ শ্ৰীমতী মৃদুলা জয়সৱাল জী, অন্য জনপ্ৰতিনিধিগণ, টেকনলজিৰ মাধ্যমত দেশৰ কোণ কোণৰ পৰা সংযুক্ত হেল্থ প্ৰফেচনেলছ, জিলা হাস্পতাল, মেডিকেল সংস্থা আৰু ইয়াত উপস্থিত বেনাৰসৰ মোৰ ভাই আৰু ভনীসকল।
দেশে কৰোণা মহামাৰীৰে নিজৰ যুঁজত ১০০ কোটি ভেকচিন ড’জৰ ডাঙৰ স্তৰ সম্পূৰ্ণ কৰিলে। বাবা বিশ্বনাথৰ আশীৰ্বাদত, মা গংগাৰ অবিৰল প্ৰতাপেৰে, কাশীবাসীৰ অখণ্ড বিশ্বাসেৰে, সকলোকে ভেকচিন-মুক্ত ভেকচিনৰ অভিযান সফলতাৰে আগবাঢ়ি আছে। মই আপোনালোক সকলো স্বজনক আদৰেৰে বন্দন কৰিছো। আজিয়েই কিছু সময় পূৰ্বে এটা কাৰ্যক্ৰমত মোৰ উত্তৰ প্ৰদেশক ৯খন নতুন মেডিকেল কলেজ অৰ্পণ কৰাৰ সৌভাগ্য হৈছে। ইয়াৰ জৰিয়তে পূৰ্বাঞ্চল আৰু সমগ্ৰ ইউপিৰ কোটি কোটি দুখীয়া, দলিত-পিছপৰা-শোষিত-বঞ্চিতক এনেকুৱা সমাজৰ সকলো বঞ্চিতৰ বহুত লাভ হ’ব, অন্য চহৰৰ ডাঙৰ হাস্পতালৰ বাবে তেওঁলোকৰ যি দৌৰা-ঢাপৰা হৈছিল, সেয়া কম হ’ব।
বন্ধুসকল,
মানসত এটা প্ৰবাদ আছে-
মুক্তি জন্ম মহি জানি, জ্ঞান খানিঅঘ হানিকৰ।
জহঁ বস সম্ভু ভৱানি, সো কাসী সেইঅ কস ন।।
অৰ্থাৎ, কাশীত শিৱ আৰু শক্তিয়ে সাক্ষাৎ নিৱাস কৰে। জ্ঞানৰ ভাণ্ডাৰ কাশীয়ে তো কষ্ট আৰু ক্লেশ উভয়ৰে পৰা মুক্ত কৰে।
তেন্তে স্বাস্থ্যৰে জড়িত ইমান ডাঙৰ যোজনা, ৰোগ-কষ্টৰ পৰা মুক্তিৰ ইমান ডাঙৰ সংকল্প, ইয়াৰ আৰম্ভণিৰ বাবে কাশীতকৈ ভাল ঠাই কি হ’ব পাৰে? কাশীৰ মোৰ ভাই আৰু ভনীসকল, আজি এই মঞ্চত দুটা ডাঙৰ কাৰ্যক্ৰম হৈ আছে। এটা ভাৰত চৰকাৰৰ আৰু সমগ্ৰ ভাৰতৰ বাবে ৬৪ হাজাৰ কোটি টকাতকৈও অধিক ধনৰাশিৰ এই কাৰ্যক্ৰম আজি কাশীৰ পৱিত্ৰ মাটিৰ পৰা লঞ্চ হৈ আছে। আৰু আনটো কাশী আৰু পূৰ্বাঞ্চলৰ বিকাশৰ হাজাৰ হাজাৰ কোটিৰ কাৰ্যক্ৰমৰ লোকাৰ্পণ আৰু একপ্ৰকাৰে মই কওঁ যে প্ৰথমটো কাৰ্যক্ৰম আৰু ইয়াৰ কাৰ্যক্ৰম সকলো মিলাই মই কওঁ আজি প্ৰায় ৭৫ হাজাৰ কোটি টকাৰ কামৰ আজি ইয়াত নিৰ্ণয় বা লোকাৰ্পণ হৈ আছে। কাশীৰ পৰা আৰম্ভ হোৱা এই যোজনাত মহাদেৱৰ আশীৰ্বাদো আছে। আৰু য’ত মহাদেৱৰ আশীৰ্বাদ আছে, তাত তো কল্যাণেই কল্যাণ, সফলতাই সফলতা। আৰু যেতিয়া মহাদেৱৰ আশীৰ্বাদ থাকে তেতিয়া কষ্টৰ পৰা মুক্তিও স্বাভাৱিক।
বন্ধুসকল,
আজি ইউপিসহ সমগ্ৰ দেশৰ হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰক শক্তি দিবৰ বাবে, ভৱিষ্যতে মহামাৰীৰ পৰা ৰক্ষা পাবলৈ আমাৰ প্ৰস্তুতি উচ্চ স্তৰৰ হওক, গাঁও আৰু ব্লক স্তৰলৈকে আমাৰ হেল্থ ছিষ্টেমলৈ আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰতা আহক, ইয়াৰ বাবে আজি কাশীত মোৰ ৬৪ হাজাৰ কোটি টকাৰ আয়ুষ্মান ভাৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছন ৰাষ্ট্ৰক সমৰ্পিত কৰাৰ সৌভাগ্য হৈছে। আজি কাশীৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত প্ৰায় ৫ হাজাৰ কোটি টকাৰ প্ৰজেক্টৰো লোকাৰ্পণ এতিয়া কৰা হৈছে। ইয়াত পথৰ পৰা আৰম্ভ কৰি ঘাটৰ সৌন্দৰ্য, গংগা জী আৰু বৰুণাৰ পৰিষ্কাৰ কৰণ, দলং, পাৰ্কিং স্থল, বিএইচইউত অনেক সুবিধাৰে জড়িত অনেক প্ৰজেক্ট। উৎসৱৰ এই বতৰত জীৱনক সুগম, সুস্থ আৰু সমৃদ্ধ কৰি তুলিবলৈ কাশীত হৈ থকা এই বিকাশ পৰ্বই একপ্ৰকাৰ সমগ্ৰ দেশক নতুন বল, নতুন শক্তি, নতুন বিশ্বাস দিব। ইয়াৰ বাবে কাশীসহ আজি মই কাশীৰ ভূমিৰ পৰা ১৩০ কোটি দেশবাসীক হিন্দুস্তানৰ প্ৰতিটো প্ৰান্তক, হিন্দুস্তানৰ গাঁওসমূহক, হিন্দুস্তানৰ চহৰসমূহক সকলোকে বহুত বহুত অভিনন্দন!
ভাই আৰু ভনীসকল!
আমাৰ ইয়াত সকলো কামৰ মূল আধাৰ আৰোগ্য বুলি ভবা হয়। শৰীৰৰক সুস্থ ৰাখিবলৈ কৰা বিনিয়োগক সদায় উত্তম বিনিয়োগ বুলি ভবা হয়। কিন্তু স্বাধীনতাৰ পিছৰ দীঘলীয়া সময়ত আৰোগ্যৰ ওপৰত, স্বাস্থ্য সুবিধাৰ ওপৰত সিমান মনোযোগ দিয়া নহৈছিল যিমান দেশৰ প্ৰয়োজন আছিল। দেশত যাৰ দীৰ্ঘ সময় ধৰি চৰকাৰ আছিল, তেওঁলোকে দেশৰ হেল্থ কেয়াৰ ছিষ্টেমৰ সম্পূৰ্ণ বিকাশৰ সলনি তাক সুবিধাৰ পৰা বঞ্চিত ৰাখিলে। গাঁৱত হয় হাস্পতাল নাই, হাস্পতাল আছিল যদিও চিকিৎসা কৰোতা নাছিল। ব্লকৰ হাস্পতাললৈ গ’লেও টেষ্টৰ সুবিধা নাছিল, টেষ্ট হ’লেও ফলাফলক লৈ ভ্ৰান্তি আছিল, সঠিক হোৱাৰ ওপৰত আশংকা। জিলা হাস্পতাললৈ গ’লে গম পায় যে যি গম্ভীৰ ৰোগ ডিটেক্ট হয়, তাততো ছাৰ্জাৰী হ’ব। কিন্তু যি ছাৰ্জাৰী হ’ব লাগে, তাৰ সুবিধাই নাই, সেয়ে আকৌ ডাঙৰ হাস্পতাললৈ দৌৰ, ডাঙৰ হাস্পতালত বেছি ভীৰ, দীঘলীয়া অপেক্ষা। আমি সকলো সাক্ষী যে ৰোগী আৰু তেওঁৰ গোটেই পৰিয়ালে এনেকুৱা পৰিস্থিতিতে ওলমি থাকিবলগীয়া হৈছিল। জীৱন যুদ্ধতে পাৰ হৈছিল, ইয়াৰ জৰিয়তে গম্ভীৰ ৰোগ বেছি বেয়াৰ ফালে গৈছিল, ওপৰৰ পৰা দুখীয়াৰ ওপৰত যি অনাৱশ্যকীয় বোজা পৰিছিল, সেয়া তো আছিলেই।
বন্ধুসকল,
আমাৰ হেল্থ কেয়াৰ ছিষ্টেমত যি ডাঙৰ অভাৱ আছিল, সি দুখীয়া আৰু মিডল ক্লাছত চিকিৎসাক লৈ সদায় হৈ থকা চিন্তা সৃষ্টি কৰিছিল। আয়ুষ্মান ভাৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছন-দেশৰ হেল্থকেয়াৰ ছিষ্টেমৰ এই অভাৱকে দূৰ কৰাৰ এটা সমাধান। ভৱিষ্যতে যিকোনো মহামাৰীৰে মোকাবিলা কৰিবলৈ আমি সাজু থাকিম, সক্ষম হ’ম, ইয়াৰ বাবে নিজৰ হেল্থ ছিষ্টেমক আজি সাজু কৰা হৈছে। চেষ্টা এইটোও কৰা হৈছে যে ৰোগ সোনকালে চিনাক্ত হওক, পৰীক্ষাত পলম নহওক। লক্ষ্য এইটোৱেই যে অনাগত ৪-৫ বছৰত দেশৰ গাঁৱৰ পৰা আৰম্ভ কৰি ব্লক, জিলা, ৰিজনেল আৰু নেচনেল লেভেললৈকে ক্ৰিটিকেল হেল্থকেয়াৰ নেটৱৰ্কক শক্তিশালী কৰা হওক। বিশেষকৈ যিবিলাক ৰাজ্যত স্বাস্থ্য সুবিধাৰ অভাৱ, যি আমাৰ পাহাৰীয়া আৰু নৰ্থ-ইষ্টৰ ৰাজ্য আছে, সিবিলাকৰ ওপৰত আৰু বেছি ফ’কাছ কৰি থকা হৈছে। যেনেকৈ উত্তৰাখণ্ড আছে, হিমাচল আছে।
বন্ধুসকল,
দেশৰ হেল্থ ছেক্টৰৰ বেলেগ বেলেগ গেপছক এড্ৰেছ কৰিবলৈ আয়ুষ্মান ভাৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছনৰ তিনিটা ডাঙৰ পদক্ষেপ আছে। প্ৰথম, ডায়েগ্নষ্টিক আৰু ট্ৰিটমেণ্টৰ বাবে বিস্তৃত সুবিধাৱলীৰ নিৰ্মাণৰ সৈতে জড়িত। ইয়াৰ জৰিয়তে গাঁও আৰু চহৰত হেল্থ এণ্ড ৱেলনেছ ছেক্টৰ খুলি থকা হৈছে, য’ত ৰোগ আৰম্ভণিতে ডিটেক্ট কৰাৰ সুবিধা থাকিব। এই চেণ্টাৰবিলাকত ফ্ৰী মেডিকেল কনছালটেচন, ফ্ৰী টেষ্ট, ফ্ৰী ঔষধৰ দৰে সুবিধাৱলী পোৱা যাব। সময়মতে ৰোগৰ বিষয়ে জানিব পাৰিলে ৰোগ গম্ভীৰ হোৱাৰ আশংকা কম হ’ব। গম্ভীৰ ৰোগৰ স্থিতিত তাৰ চিকিৎসাৰ বাবে ৬০০তকৈও অধিক জিলাত, ক্ৰিটিকেল কেয়াৰৰ সৈতে জড়িত ৩৫ হাজাৰতকৈ অধিক নতুন বিছনা নিৰ্মাণ কৰা হ’ব। বাকী প্ৰায় দেৰশ জিলাত ৰেফাৰেলৰ সুবিধা দিয়া হ’ব। ৰাষ্ট্ৰীয় স্তৰত ইয়াৰ বাবে ট্ৰেইনিং আৰু কেপাচিটী বিল্ডিঙৰ বাবে ১২খন কেন্দ্ৰীয় হাস্পতালত জৰুৰী সুবিধাৱলী বিকশিত কৰাতো কাম হৈ আছে। এই যোজনাৰ জৰিয়তে ৰাজ্যসমূহতো ছাৰ্জাৰীৰ সৈতে জড়িত নেটৱৰ্ক শক্তিশালী কৰিবলৈ ২৪×৭ চলিবলগীয়া ১৫ ইমাৰ্জেঞ্চী অপাৰেচন চেণ্টাৰো নিৰ্মাণ কৰা হ’ব।
বন্ধুসকল,
যোজনাৰ দ্বিতীয় পদক্ষেপ, ৰোগৰ পৰীক্ষাৰ বাবে টেষ্টিং নেটৱৰ্কৰে জড়িত। এই মিছনৰ জৰিয়তে ৰোগৰ পৰীক্ষা, তাৰ চোৱাচিতা কেনেকৈ হ’ব, তাৰ বাবে জৰুৰী ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিকাশ কৰা হ’ব। দেশৰ ৭৩০খন জিলাত ইণ্টেগ্ৰেটেড পাব্লিক হেল্থ লেব আৰু দেশত চিহ্নিত চাৰেতিনি হাজাৰ ব্লকত, ব্লক পাব্লিক হেল্থ ইউনিট বনোৱা হ’ব। ৫টা ৰিজনেল নেচনেল চেণ্টাৰছ ফৰ ডিজিজ কণ্ট্ৰ’ল, ২০টা মেট্ৰোপলিটান ইউনিট আৰু ১৫টা বিএছএল লেবেও এই নেটৱৰ্কক আৰু শক্তিশালী কৰিব।
ভাই আৰু ভনীসকল,
এই মিছনৰ তৃতীয় পদক্ষেপ মহামাৰীৰে জড়িত ৰিছাৰ্চ সংস্থাৰ বিস্তাৰৰ, সিবিলাকক শক্তিশালী কৰি তোলাৰ। এই সময়ত দেশত ৮০টা ভাইৰেল ডায়েগ্নষ্টিক আৰু ৰিছাৰ্চ লেব আছে। এইবিলাকক আৰু ভাল কৰা হ’ব। মহামাৰীত বায়’ছেফ্টি লেভেল-৩ৰ লেব লাগে। এনেকুৱা ১৫টা লেবক অপাৰেচনেল কৰা হ’ব। ইয়াৰ উপৰিও দেশত ৪টা নতুন নেচনেল ইনষ্টিটিউট অফ ভাইৰলজী আৰু এটা নেচনেল ইনষ্টিটিউট ফৰ ৱান হেল্থো স্থাপন কৰা হৈছে। দক্ষিণ এছিয়াৰ বাবে ডব্লিউএইচঅ’ৰ ৰিজনেল ৰিছাৰ্চ প্লেটফৰ্মেও ৰিছাৰ্চৰ এই নেটৱৰ্কক শক্তিশালী কৰিব। অৰ্থাৎ আয়ুষ্মান ভাৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছনৰ মাধ্যমত দেশৰ বিভিন্ন প্ৰান্তত চিকিৎসাৰ পৰা আৰম্ভ কৰি ক্ৰিটিকেল ৰিছাৰ্চলৈকে এটা সম্পূৰ্ণ ইক’ছিষ্টেম বিকশিত কৰা হ’ব।
বন্ধুসকল,
এনেয়ে এই কাম কেইবাদশক পূৰ্বে হৈ যাব লাগিছিল। কিন্তু অৱস্থা কি তাৰ বৰ্ণনা কৰা মোৰ দৰকাৰ নাই। আমি যোৱা ৭ বছৰ ধৰি একেৰাহে সংস্কাৰ কৰি আছো কিন্তু এতিয়া এক বহুত ডাঙৰ স্কেলত, বহুত ডাঙৰ এগ্ৰেছিভ এপ্ৰ’চৰ সৈতে এই কাম কৰিব লাগিব। কিছুদিন আগতে আপোনালোকে হয়তো দেখিছে মই দিল্লীত সমগ্ৰ দেশৰ বাবে এক গতি শক্তি এক বহুত ডাঙৰ দেশব্যাপি ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত কাৰ্যক্ৰম লঞ্চ কৰিছিলো। আজি এয়া দ্বিতীয়টো, প্ৰায় ৬৪ হাজাৰ কোটি টকাৰ হেল্থক লৈয়েই, আৰোগ্যক লৈয়েই, ৰোগৰ বিৰুদ্ধে যুঁজিবৰ বাবে, দেশৰ প্ৰত্যেক নাগৰিকক সুস্থ ৰাখিবৰ বাবে ইমান ডাঙৰ এটা মিছন লৈ আজি কাশীৰ ভূমিৰ পৰা আমি দেশজুৰি ওলাই আছো।
বন্ধুসকল,
যেতিয়া এনেকুৱা হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ হয়, তেতিয়া ইয়াৰ ফলত হেল্থ ছাৰ্ভিচ তো ভাল হয়েই, ইয়াৰ জৰিয়তে ৰোজগাৰৰো এটা সম্পূৰ্ণ বাতাবৰণ বিকশিত হয়। ডাক্তৰ, পেৰামেডিকছ, লেব, ফাৰ্মাচী, চাফচিকুনতা, অফিচ, ট্ৰেভেল-ট্ৰেন্সপ’ৰ্ট, খোৱা-বোৱা, এনেকুৱা বহু ধৰণৰ ৰোজগাৰ এই যোজনাৰ জৰিয়তে হ’ব। আমি দেখিছো যে এখন ডাঙৰ হাস্পতাল হ’লে, তাৰ আশেপাশে এখন সম্পূৰ্ণ চহৰ বহি যায়। যি হাস্পতালৰ সৈতে জড়িত কামকাজৰ জীৱিকাৰ কেন্দ্ৰ হৈ পৰে। বহুত ডাঙৰ অৰ্থনৈতিক কামকাজৰ কেন্দ্ৰ হৈ পৰে। আৰু সেয়ে আয়ুষ্মান ভাৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছন, স্বাস্থ্যৰ লগতে অৰ্থনৈতিক আত্মনিৰ্ভৰতাৰো মাধ্যম। এয়া এক হলিষ্টিক হেল্থকেয়াৰৰ বাবে হৈ থকা প্ৰয়াসৰ এটা পদক্ষেপ। হলিষ্টিক হেল্থকেয়াৰ অৰ্থাৎ যি সকলোৰে বাবে সুলভ, যি সস্তা আৰু সকলোৰে উপলব্ধ, হলিষ্টিক হেল্থকেয়াৰ অৰ্থাৎ য’ত স্বাস্থ্যৰ লগতে ৱেলনেছৰ ওপৰতো ফ’কাছ হয়। স্বচ্ছ ভাৰত অভিযান, জল জীৱন মিছন, উজ্জ্বলা যোজনা, পোষণ অভিযান, মিছন ইন্দ্ৰধনুষ, এনেকুৱা অনেক অভিযানে দেশৰ কোটি কোটি দুখীয়াক ৰোগৰ পৰা বচাইছে, তেওঁলোকক ৰোগ হোৱাৰ পৰা বচাইছে। আয়ুষ্মান ভাৰত যোজনাই দুই কোটিৰো অধিক দুখীয়াৰ হাস্পতালত বিনামূলীয়া চিকিৎসাও কৰাইছে। চিকিৎসাৰ সৈতে জড়িত বহু বিপদ আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ জৰিয়তে সমাধান কৰা হৈছে।
ভাই আৰু ভনীসকল,
আমাৰ আগতে বছৰ বছৰ ধৰি যি চৰকাৰত আছিল, তেওঁলোকৰ বাবে স্বাস্থ্য সেৱা, পইচা উপাৰ্জন কৰা, দুৰ্নীতিৰ মাধ্যম আছিল। দুখীয়াৰ কষ্ট দেখিও তেওঁলোক তাৰ পৰা আঁতৰি গৈছিল। আজি কেন্দ্ৰ আৰু ৰাজ্যত যি চৰকাৰ আছে, যি দুখীয়া, দলিত, শোষিত-বঞ্চিত, পিছপৰা, মধ্যশ্ৰেণী সকলোৰে দুখ বুজে। দেশত স্বাস্থ্য সুবিধাৱলী ভাল কৰিবলৈ আমি দিন-ৰাতি এক কৰি আছো। আগতে জনসাধাৰণৰ পইচা দুৰ্নীতিত গৈছিল, এনেকুৱা মানুহৰ বাকচলৈ গৈছিল, আজি ডাঙৰ ডাঙৰ প্ৰজেক্টত পইচা লাগি আছে। সেয়ে আজি ইতিহাসৰ সবাতোকৈ ডাঙৰ মহামাৰীৰেও দেশে মোকাবিলা কৰি আছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে লাখ লাখ কোটি টকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰো বনাই আছে।
বন্ধুসকল,
মেডিকেল সুবিধাৱলী বঢ়াবলৈ বহুত আৱশ্যকীয় হয় যে, ডাক্তৰ আৰু পেৰামেডিকেল ষ্টাফৰ সংখ্যাও সিমানেই দ্ৰুতগতিত বাঢ়িব লাগে। ইউপিত যি দ্ৰুততাৰে নতুন মেডিকেল কলেজ খুলি থকা হৈছে, তাৰ বহুত ভাল প্ৰভাৱ মেডিকেলৰ ছিট আৰু ডাক্তৰৰ সংখ্যাৰ ওপৰত পৰিব। অধিক ছিট হোৱা বাবে এতিয়া দুখীয়া পিতৃ-মাতৃৰ সন্তানেও ডাক্তৰ হোৱাৰ সপোন দেখিব পাৰিব আৰু তাক সম্পূৰ্ণ কৰিব পাৰিব।
ভাই আৰু ভনীসকল,
স্বাধীনতাৰ পিছত ৭০ বছৰত দেশত যিমান ডাক্তৰ মেডিকেল কলেজৰ পৰা পঢ়ি ওলাইছে, তাতকৈ অধিক ডাক্তৰ অহা ১০-১২ বছৰত দেশে লাভ কৰিবলৈ গৈ আছে। অৰ্থাৎ নতুন ভাৰত আছে য’ত, অভাৱতকৈ আগবাঢ়ি গৈ প্ৰতিটো আকাংক্ষা পূৰণৰ বাবে দিনে-নিশাই কাম কৰি থকা হৈছে।
ভাই আৰু ভনীসকল,
অতীতত লাগে দেশতেই হওক বা উত্তৰ প্ৰদেশতেই হওক, যেনেদৰে কাম হৈছিল, যদি তেনেকৈয়ে কাম হ’লহেঁতেন তেন্তে কাশীৰ অৱস্থা কি হ’লহেঁতেন। যিমান কাম বাৰানসীত যোৱা ৭ বছৰত হৈছে, সিমান কাম যোৱা কেইবাদশকত হোৱা নাছিল।
ভাই আৰু ভনীসকল,
ৰিংৰোডৰ অভাৱত কাশীত জামৰ কি অৱস্থা হৈছিল, ইয়াক আপোনালোকে বছৰ বছৰ ধৰি অনুভৱ কৰিছিল। এতিয়া ৰিংৰোড হোৱাত প্ৰয়াগৰাজ, লক্ষ্ণৌ, চুলতানপুৰ, আজমগড়, গাজীপুৰ, গোৰখপুৰ, দিল্লী, কলকাতা, ক’ৰবালৈ অহাযোৱা কৰিবলগা হ’লে চহৰলৈ আহি চহৰীয়া লোকক অসুবিধা দিয়াৰ প্ৰয়োজন নহয়। ইয়াৰ ফলত যাত্ৰা তো সহজ হ’বই, বেপাৰ-বাণিজ্যই গতি লাভ কৰিব, ট্ৰেন্সপ’ৰ্টৰ মূল্য কম হ’ব।
ভাই আৰু ভনীসকল,
যেতিয়ালৈকে দেশত এটা ডেডিকেটেড ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণ নহয়, তেতিয়ালৈকে বিকাশৰ গতি আধৰুৱা হৈ থাকে। বৰুণা নদীৰ ওপৰত দুখন দলং হোৱাত কেইবাজনো গাঁৱৰ বাবে এতিয়া চহৰলৈ অহাযোৱাটো সহজ হৈছে। পথ, দলং, পাৰ্কিং স্থলৰ সৈতে জড়িত এনেকুৱা অনেক প্ৰজেক্ট আজি কাশীবাসীক সমৰ্পিত কৰা হৈছে, যাৰ ফলত চহৰ আৰু কাষৰীয়া জীৱন আৰু অধিক সুগম হ’ব। ৰে’লৱেই ষ্টেচনত হোৱা আধুনিক এগজিকিউটিভ লঞ্জৰ জৰিয়তে যাত্ৰীসকলৰ সুচলতা আৰু বাঢ়িব।
বন্ধুসকল,
গংগা জীৰ স্বচ্ছতা আৰু নিৰ্মলতাৰ বাবে যোৱা বছৰবিলাকত ব্যাপক কাম কৰা হৈছে, যাৰ পৰিণাম আজি আমি অনুভৱ কৰি আছো। এতিয়া ৰামনগৰত ৫টা নলেৰে প্ৰবাহিত ছিৱেজক ট্ৰিট কৰিবলৈ আধুনিক ট্ৰিটমেণ্ট প্লাণ্টে কাম কৰিবলৈ আৰম্ভ কৰিছে। গংগা জীয়েই নহয়, বৰং বৰুণাৰ স্বচ্ছতাক লৈও প্ৰাথমিকতাৰ আধাৰত কাম হৈ আছে। বৰুণাৰ দুয়োটা পাৰ পাথৱে, ৰেলিং, লাইটিং, পকা ঘাট, চিৰি, এনেকুৱা অনেক সুবিধাৰ নিৰ্মাণ সম্পূৰ্ণ হৈ আছে।
বন্ধুসকল,
কাশী আধ্যাত্মিকতাৰ লগতে গ্ৰামীণ অৰ্থনৈতিক ব্যৱস্থাৰো এক বিশেষ কেন্দ্ৰ। কাশীসহ সমগ্ৰ পূৰ্বাঞ্চলৰ কৃষকৰ শস্য দেশ-বিদেশৰ বজাৰ পোৱাবলৈ যোৱা বছৰবিলাকত অনেক সুবিধা বিকশিত হৈছে। শাহেনশাহপুৰত বায়’-চিএনজি প্লাণ্ট হ’লে বায়’ গেছো পাব আৰু হাজাৰ হাজাৰ মেট্ৰিক টন অৰ্গেনিক সাৰো কৃষকে লাভ কৰিব।
ভাই আৰু ভনীসকল,
যোৱা বছৰবিলাকৰ আৰু এটা ডাঙৰ অভিজ্ঞতা কাশীৰ হৈছে যে, সেয়া হৈছে বিএইচইউৰ আকৌ পৃথিৱীত শ্ৰেষ্ঠতাৰ দিশত অগ্ৰসৰ হোৱা। আজি টেকনলজিৰ পৰা হেল্থলৈকে, বিএইচইউত অভূতপূৰ্ব সুবিধাৱলী সৃষ্টি হৈ আছে। দেশজুৰি ইয়ালৈ যুৱক-যুৱতীয় বন্ধুসকল পঢ়িবলৈ আহি আছে। বিশেষকৈ বহুত ছাত্ৰীৰ বাবে যি হোষ্টেলৰ সুবিধা সৃষ্টি হৈছে, তাৰ জৰিয়তে মালব্য জীৰ ভিজনক সাকাৰ কৰাত অধিক শক্তি পোৱা যাব।
ভাই আৰু ভনীসকল,
বিকাশৰ এই সকলো প্ৰজেক্টে আত্মনিৰ্ভৰতাৰ আমাৰ সংকল্পক সিদ্ধ কৰিব। চৰকাৰৰ প্ৰয়াসত যোৱা ৫ বছৰত বাৰাণসীত খাদী আৰু অন্য কুটীৰ উদ্যোগৰ উৎপাদনত প্ৰায় ৬০% আৰু বিক্ৰীত প্ৰায় ৯০%ৰ বৃদ্ধি হৈছে। সেয়ে মই আকৌ এবাৰ ইয়াৰ পৰা সকলো দেশবাসীক আবেদন জনাম যে এই দীপাৱলিত আমি, আমাৰ এই বন্ধুসকলৰো মনত ৰাখিব লাগিব। নিজৰ ঘৰ সজোৱাৰ পৰা নিজৰ কাপোৰ আৰু দীপাৱলিৰ বন্তিলৈকে, লোকেলৰ বাবে আমি ভোকেল হ’ব লাগিব। আৰু যেতিয়া মই লোকেলৰ বাবে ভোকেলৰ কথা কওঁ, তেতিয়া মই দেখিছো যে আমাৰ টিভিৰ লোকসকলেও কেৱল মাটিৰ বন্তিহে দেখুৱায়। ভোকেল ফৰ লোকেল কেৱল বন্তিতে সীমাবদ্ধ নহয় ভাই, প্ৰতিটো বস্তুতে সেই সামগ্ৰী য’ত মোৰ দেশবাসীৰ ঘাম আছে, যি সামগ্ৰীত মোৰ দেশৰ মাটিৰ সুগন্ধ আছে, সেয়া মোৰ বাবে। আৰু এবাৰ যদি আমাৰ অভ্যাস হৈ যায় দেশৰ সামগ্ৰী ক্ৰয় কৰাৰ তেতিয়া উৎপাদনো বাঢ়িব, ৰোজগাৰো বাঢ়িব, দুখীয়াতকৈও দুখীয়াই কামো পাব আৰু এই কাম সকলোৱে লগ হৈ কৰিব পাৰে, সকলোৰে প্ৰয়াসত বহুত ডাঙৰ পৰিৱৰ্তন আমি আনিব পাৰো।
বন্ধুসকল,
এবাৰ আকৌ আয়ুষ্মান ভাৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছনৰ বাবে সমগ্ৰ দেশক আৰু বিকাশৰ অনেক প্ৰজেক্টৰ বাবে কাশীক বহুত বহুত অভিনন্দন। আপোনালোক সকলোকে অনাগত সকলো উৎসৱৰ বাবে আকৌ এবাৰ অনেক অনেক অগ্ৰিম শুভকামনা। বহুত বহুত ধন্যবাদ!
********
DS/SH
A landmark day for India’s healthcare sector. Watch from Kashi. https://t.co/FTZozoy34p
— Narendra Modi (@narendramodi) October 25, 2021
देश ने कोरोना महामारी से अपनी लड़ाई में 100 करोड़ वैक्सीन डोज के बड़े पड़ाव को पूरा किया है।
— PMO India (@PMOIndia) October 25, 2021
बाबा विश्वनाथ के आशीर्वाद से, मां गंगा के अविरल प्रताप से, काशीवासियों के अखंड विश्वास से, सबको वैक्सीन-मुफ्त वैक्सीन का अभियान सफलता से आगे बढ़ रहा है: PM @narendramodi
आज़ादी के बाद के लंबे कालखंड में आरोग्य पर, स्वास्थ्य सुविधाओं पर उतना ध्यान नहीं दिया गया, जितनी देश को जरूरत थी।
— PMO India (@PMOIndia) October 25, 2021
देश में जिनकी लंबे समय तक सरकारें रहीं, उन्होंने देश के हेल्थकेयर सिस्टम के संपूर्ण विकास के बजाय, उसे सुविधाओं से वंचित रखा: PM @narendramodi
देश के हेल्थ सेक्टर के अलग-अलग गैप्स को एड्रेस करने के लिए आयुष्मान भारत हेल्थ इंफ्रास्ट्रक्चर मिशन के 3 बड़े पहलू हैं।
— PMO India (@PMOIndia) October 25, 2021
पहला, डाइअग्नास्टिक और ट्रीटमेंट के लिए विस्तृत सुविधाओं के निर्माण से जुड़ा है: PM @narendramodi
इसके तहत गांवों और शहरों में हेल्थ एंड वेलनेस सेंटर खोले जा रहे हैं, जहां बीमारियों को शुरुआत में ही डिटेक्ट करने की सुविधा होगी।
— PMO India (@PMOIndia) October 25, 2021
इन सेंटरों में फ्री मेडिकल कंसलटेशन, फ्री टेस्ट, फ्री दवा जैसी सुविधाएं मिलेंगी: PM @narendramodi
योजना का दूसरा पहलू, रोगों की जांच के लिए टेस्टिंग नेटवर्क से जुड़ा है।
— PMO India (@PMOIndia) October 25, 2021
इस मिशन के तहत, बीमारियों की जांच, उनकी निगरानी कैसे हो, इसके लिए ज़रूरी इंफ्रास्ट्रक्चर का विकास किया जाएगा: PM @narendramodi
आज केंद्र और राज्य में वो सरकार है जो गरीब, दलित, शोषित-वंचित, पिछड़े, मध्यम वर्ग, सभी का दर्द समझती है।
— PMO India (@PMOIndia) October 25, 2021
देश में स्वास्थ्य सुविधाएं बेहतर करने के लिए हम दिन रात एक कर रहे हैं: PM @narendramodi
यूपी में जिस तेजी के साथ नए मेडिकल कॉलेज खोले जा रहे हैं, उसका बहुत अच्छा प्रभाव मेडिकल की सीटों और डॉक्टरों की संख्या पर पड़ेगा।
— PMO India (@PMOIndia) October 25, 2021
ज्यादा सीटें होने की वजह से अब गरीब माता-पिता का बच्चा भी डॉक्टर बनने का सपना देख सकेगा और उसे पूरा कर सकेगा: PM @narendramodi
आज काशी का हृदय वही है, मन वही है, लेकिन काया को सुधारने का ईमानदारी से प्रयास हो रहा है।
— PMO India (@PMOIndia) October 25, 2021
जितना काम वाराणसी में पिछले 7 साल में हुआ है, उतना पिछले कई दशकों में नहीं हुआ: PM @narendramodi
बीते सालों की एक और बड़ी उपलब्धि अगर काशी की रही है, तो वो है BHU का फिर से दुनिया में श्रेष्ठता की तरफ अग्रसर होना।
— PMO India (@PMOIndia) October 25, 2021
आज टेक्नॉलॉजी से लेकर हेल्थ तक, BHU में अभूतपूर्व सुविधाएं तैयार हो रही हैं।
देशभर से यहां युवा साथी पढ़ाई के लिए आ रहे हैं: PM @narendramodi
भारत ने आज अपनी स्वास्थ्य सेवाओं को आधुनिक बनाने के लिए एक और बड़ा कदम उठाया है। आज से आयुष्मान भारत हेल्थ इंफ्रास्ट्रक्चर मिशन की शुरुआत हुई है। इस मिशन के तहत 64 हज़ार करोड़ रुपए खर्च करके देश में हजारों नए बेड्स, सैकड़ों नई आधुनिक टेस्टिंग लैब्स और रीसर्च संस्थान बनाए जाएंगे। pic.twitter.com/niJFVRT2PC
— Narendra Modi (@narendramodi) October 25, 2021
The Ayushman Bharat Health Infrastructure Mission addresses one of the major shortcomings of our health sector- the inability to fully cater to rural areas and the poor as well as middle class. pic.twitter.com/szIuR2M8p9
— Narendra Modi (@narendramodi) October 25, 2021
आज देश में नए मेडिकल कॉलेज खोलने का जो अभियान चल रहा है, वो युवाओं के लिए नए अवसर भी बना रहा है। आजादी के बाद 70 साल में देश में जितने डॉक्टर, मेडिकल कॉलेजों से पढ़कर निकले हैं, उससे ज्यादा डॉक्टर अगले 10-12 वर्षों में देश को मिलने जा रहे हैं। pic.twitter.com/bNjyWjjRng
— Narendra Modi (@narendramodi) October 25, 2021
Three pillars of the Ayushman Bharat Health Infrastructure Mission… pic.twitter.com/yA27F7OtOQ
— Narendra Modi (@narendramodi) October 25, 2021