Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিকশিত ভাৰত ২০৪৭ নিৰ্মাণত যুৱক-যুৱতীসকলৰ ভূমিকা সম্পৰ্কে প্ৰৱন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডৱিয়াৰ এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিছে।

প্ৰৱন্ধটোত আলোকপাত কৰা হৈছে যে বিগত ১২বছৰৰ ভাৰতৰ পৰিৱৰ্তনৰ কাহিনী হৈছে ইয়াৰ যুৱক-যুৱতীসকলৰো কাহিনী। ইয়াত উল্লেখ কৰা হৈছে যে এক দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত আৰু দক্ষতা, উদ্ভাৱন আৰু উদ্যমশীলতাৰ ক্ষেত্ৰত অভূতপূৰ্ব বিনিয়োগৰ সমৰ্থনেৰে তেওঁলোকৰ আশা-আকাংক্ষা পূৰণৰ বাবে আৰু ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাবলৈ ‘অমৃত প্ৰজন্ম’ৰ বাবে সুযোগ সৃষ্টি কৰা হৈছে। এই প্ৰৱন্ধটোত বিকশিত ভাৰত ২০৪৭ নিৰ্মাণত যুৱ ভাৰতৰ ভূমিকাৰ বিষয়ে অধিক বিশদভাৱে উল্লেখ কৰা হৈছে।

এক্স-ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পোষ্ট কৰিছে;

“যোৱা ১২বছৰৰ ভাৰতৰ পৰিৱৰ্তনৰ কাহিনী ইয়াৰ যুৱক-যুৱতীসকলৰো কাহিনী। আমাৰ দৃষ্টিভংগী, দক্ষতা, উদ্ভাৱন আৰু উদ্যমশীলতাৰ ক্ষেত্ৰত অভূতপূৰ্ব বিনিয়োগৰ দ্বাৰা পৰিচালিত হৈ আমি ‘অমৃত প্ৰজন্ম’ক তেওঁলোকৰ আকাংক্ষা উপলব্ধি কৰিবলৈ আৰু ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাবলৈ সুযোগ সৃষ্টি কৰিছো।

বিকশিত ভাৰত ২০৪৭ নিৰ্মাণত যুৱ ভাৰতৰ ভূমিকাৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @mansukhmandviya ৰ এক অন্তর্দৃষ্টিসম্পন্ন নিৱন্ধ!”

***

MJPS/SS/ST/HS