Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিজয় দিৱসত সাহসী সৈনিকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ


 বিজয় দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাহস আৰু ত্যাগেৰে  ১৯৭১ চনত ভাৰতৰ ঐতিহাসিক বিজয় সুনিশ্চিত কৰা সাহসী সৈনিকসকলক স্মৰণ কৰে । শ্ৰী মোদীয়ে কয় যে তেওঁলোকৰ অটল সংকল্প আৰু নিঃস্বাৰ্থ সেৱাই দেশক সুৰক্ষিত কৰাৰ লগতে  ভাৰতৰ ইতিহাসত এক গৌৰৱৰ মুহূৰ্ত সৃষ্টি কৰিছিল।

 বিজয় দিৱস তেওঁলোকৰ বীৰত্বৰ প্ৰতি অভিবাদন তথা তেওঁলোকৰ অতুলনীয় মনোভাৱৰ স্মাৰক হিচাপে পৰিগণিত হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সৈনিকসকলৰ বীৰত্বই ভাৰতীয়সকলৰ প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি আহিছে।

 প্ৰধানমন্ত্ৰীয়ে কয়;

 “বিজয় দিৱসত, আমি সাহস আৰু ত্যাগেৰে  ১৯৭১ চনত ভাৰতৰ ঐতিহাসিক বিজয় সুনিশ্চিত কৰা সাহসী সৈনিকসকলক স্মৰণ কৰোঁ । তেওঁলোকৰ অটল সংকল্প আৰু নিঃস্বাৰ্থ সেৱাই আমাৰ দেশক সুৰক্ষিত কৰাৰ লগতে আমাৰ ইতিহাসত এক গৌৰৱৰ মুহূৰ্তৰ সৃষ্টি কৰিছিল। এই দিনটো তেওঁলোকৰ বীৰত্বৰ প্ৰতি অভিবাদন আৰু তেওঁলোকৰ অতুলনীয় মনোভাৱৰ স্মাৰক হিচাপে পৰিগণিত হৈছে। তেওঁলোকৰ বীৰত্বই ভাৰতীয়সকলৰ প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি আহিছে। “

***

MJPS/ST/DD