Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিভিন্ন উৎসৱ উপলক্ষে সমগ্ৰ দেশৰ জনতাক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ জনতাক বিভিন্ন উৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷

‘‘অনৈক্যৰ মাজত ঐক্য উদযাপন, সমন্বয় আৰু ভ্ৰাতৃত্ববোধৰ উদযাপন!অনাগত দিনবোৰত ভাৰতৰ জনতা বিভিন্ন উৎসৱৰ উদযাপনৰ সৈতে ব্যস্ত হৈ পৰিব৷ এই উপলক্ষে সকলোলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছো৷ প্ৰত্যেকৰে জীৱনত যাতে সুখ আৰু সমৃদ্ধিৰ বন্যা বৈ যাওক তাৰেই কামনা কৰিছো৷’’

‘‘সকলোলৈ বৈশাখীৰ শুভেচ্ছা জ্ঞাপন কৰিলো৷ উৎসৱৰ এই মুহূৰ্তত সকলোৰে সুস্বাস্থ্য তথা উন্নতি কামনা কৰিলো৷ আমাৰ ৰাষ্ট্ৰক খাদ্যৰ যোগান ধৰা কঠোৰ পৰিশ্ৰমী কৃষকসকললৈ অভিবাদন জনাইছো৷’’

‘‘উড়িয়া সম্প্ৰদায়ক নতুন বৰ্ষৰ শুভেচ্ছা যাচিলো! এটা নতুন বছৰ আৰু নতুন প্ৰত্যাশা তথা নতুন আশা! এই মহা বিষুৱ সংক্ৰান্তিত আপোনালোকৰ মনৰ ইচ্ছা যাতে পূৰণ হয় তাৰেই কামনা কৰিলো৷ সকলোৰে কল্যাণ তথা সুখৰ বাবে মই প্ৰাৰ্থনা জনাইছো৷’’

‘‘মৰমৰ তামিল ভাইভনীসকল, অনাগত সুবৰ্ষৰ বাবে প্ৰাৰ্থনা জনাইছো৷ মোৰ ভাইভনীসকললৈ পুথণ্ডুৰ শুভেচ্ছা জনাইছো৷ অনাগত বৰ্ষত যাতে আপোনালোকৰ সপোন বাস্তৱায়িত হয়৷ সকলোৱে যাতে সুখ আৰু সুস্বাস্থ্যৰ অধিকাৰী হয়৷’’

প্ৰধানমন্ত্ৰীয়ে টুইটাৰত এইদৰে টুইট কৰে৷    

*****

AKT/VJ/MANN