Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিভিন্ন ক্ষেত্ৰত এফডিআই নীতিৰ পৰ্যালোচনাৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত বিভিন্ন ক্ষেত্ৰত এফডিআই নীতিৰ পৰ্যালোচনাৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷

এফডিআই নীতি সংস্কাৰৰ প্ৰধান প্ৰভাৱ আৰু লাভালাভসমূহ

i. এফডিআই নীতি সলনিৰ ফলস্বৰপে ভাৰতক এফডিআইৰ অধিক আকৰ্ষণস্থলীত পৰিণত কৰাৰ লগতে বিনিয়োগ, সংস্থাপন আৰু বিকাশৰ লাভালাভ বৃদ্ধি কৰিব৷

ii. কয়লা খণ্ড, কয়লা বিক্ৰীৰ বাবে, সহযোগী উৎপাদন আন্তঃগাঁথনিকে ধৰি কয়লা খননৰ বাবে ১০০% এফডিআইৰ স্বয়ংক্ৰিয় ব্যৱস্থা, কাম-কাজে আন্তঃৰাষ্ট্ৰীয় কোম্পানীক প্ৰতিযোগিতামূলক কয়লা বজাৰত অংশগ্ৰহণৰ সক্ষম কৰি তুলিব৷

iii. তদুপৰি, চুক্তিৰ জৰিয়তে নিৰ্মাণখণ্ডইও মেক ইন ইণ্ডিয়াৰ উদ্দেশ্যলৈ সমানেই বৰঙণি যোগাব৷ এফডিআই বৰ্তমান স্বয়ংক্ৰিয় ব্যৱস্থাৰ চুক্তি প্ৰস্তুতকাৰী হোৱাৰ বাবে ই ভাৰতৰ নিৰ্মাণ খণ্ডত এক বৃহৎ উদ্গনি যোগাব৷

iv. কেন্দ্ৰীয় বাজেটত বিত্ত মন্ত্ৰীয়ে এফডিআিৰ বাবে একক ব্ৰেণ্ড খুচৰা বাণিজ্য(এছবিআৰটি)ৰ আঞ্চলিক উৎস আহৰণ সম্পৰ্কে ঘোষণা কৰিছিল৷ এই ব্যৱস্থাই এটা ভিত্তি বৰ্ষত সৰ্বাধিক ৰপ্তানিৰ ক্ষেত্ৰত এক বৃহৎ ভূমিকা পালন কৰাৰ উপৰি এছবিআৰটি সম্পত্তি আহৰণৰ কাম-কাজত ব্যাপক শিথিলতা আনিব৷ ইফালে, চলিত বজাৰ ব্যৱস্থাৰ লগত সংগতি ৰাখি ইটা আৰু মৰ্টাৰ ষ্টৰৰ অনলাইন বিক্ৰী মুকলি কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে৷ অনলাইন বিক্ৰী ব্যৱস্থাই লজিষ্টিক, ডিজিটেল লেনদেন, গ্ৰাহক সেৱা আৰু উৎপাদন দক্ষতা বৃদ্ধিত অৰিহণা যোগাব৷

v. দেশত বিনিয়োগ, উপাৰ্জন আৰু সংস্থাপন বৃদ্ধিত অৰিহণা যোগোৱাৰ লক্ষ্যৰে ব্যাপক হাৰত এফডিআই প্ৰবাহ অধিক হোৱাকৈ ব্যৱসায় সহজ কৰি তুলিবলৈ এফডিআই নীতি সংশোধনেৰে উদাৰ আৰু সৰলীকৰণ কৰা হৈছে৷

পটভূমিঃ

উল্লেখ্য যে চৰকাৰে স্বয়ংক্ৰিয় ব্যৱস্থাৰে প্ৰতিৰক্ষা, নিৰ্মাণ উন্নয়ন, বাণিজ্য, ঔষধ জাতীয় সামগ্ৰী, শক্তি বিনিময়, বীমা, পেন্সন, অন্যান্য বিত্তীয় সেৱা, সম্পদ পুনৰ নিৰ্মাণ কোম্পানী, সম্প্ৰচাৰ আৰু অসমাৰিক বিমান পৰিবহণ ইত্যাদি খণ্ডত ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগত অনুমোদন জনাইছে৷

বিগত কেইটামান বছৰত এফডিআই ব্যাপক হাৰত বৃদ্ধি পাইছে৷ ২০১৯-২০২০ বৰ্ষৰ বাজেটতো বিত্ত মন্ত্ৰীয়ে ভাৰতক এফডিআইৰ আকৰ্ষণস্থলী হিচাপে কেতবোৰ পদক্ষেপ ঘোষণা কৰিছে৷ ইয়াৰে ভিতৰত এফডিআই নীতিৰ সংশোধনো উল্লেখযোগ্য৷ সেই হিচাপে কয়লা খনন, চুক্তি প্ৰস্তুতকৰণ, একক ব্ৰেণ্ড খুচুৰা বাণিজ্য(এছবিআৰটি) আৰু ডিজিটেল মিডিয়াত এফডিআইৰ পৰিমাণ ৪৯-১০০% কৰা হৈছে৷

***

VRRK/PK/SH/DB