Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ৰামদাৰশ মিশ্ৰৰ বিয়োগত শোক প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত সাহিত্যিক তথা শিক্ষাবিদ ৰামদাৰশ মিশ্ৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

 

শ্ৰী মোদীয়ে কয় যে ৰামদাৰশ মিশ্ৰ জীৰ মৃত্যু হিন্দী আৰু ভোজপুৰী সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ জনপ্ৰিয় লেখাৰ বাবে তেওঁ  সদায় স্মৰণীয় হৈ থাকিব।

 

এক্সৰ  এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়

“প্ৰখ্যাত সাহিত্যিক তথা শিক্ষাবিদ ৰামদাৰশ মিশ্ৰৰ বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁৰ মৃত্যু হিন্দী আৰু ভোজপুৰী সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি।এই শোকৰ মুহূৰ্তত  তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা, ঔম শান্তি!”

***********

MJPS/ST/DM