পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত বিশেষ অর্থনৈতিক অঞ্চল আইন-২০০৫ৰ ২নং ধাৰাৰ ৫নং উপ-ধাৰাত বৰ্ণনা কৰা ‘ব্যক্তিবিশেষ’ৰ সংজ্ঞাত সংশোধন কৰাৰ বাবে এক অধ্যাদেশ জাৰি কৰিবলৈ অনুমোদন জনাইছে। এই সংশোধনৰ ফলত সেই আইন এটি সংস্থাক অন্তর্ভুক্ত কৰা হ’ব, যাৰ ফলত সেই সংস্থাটিয়ে বিশেষ অর্থনৈতিক অঞ্চলত ইউনিট স্থাপন কৰিব পাৰিব। তদুপৰি, আইনৰ সেই সংজ্ঞাত কেন্দ্রীয় চৰকাৰে এগৰাকী ব্যক্তি বিশেষৰ নামো অন্তর্ভুক্ত কৰিব পাৰিব আৰু প্রয়োজনৰ ভিত্তিত সেই ব্যক্তি বা ট্রাষ্টৰ নামত চৰকাৰে বিজ্ঞপ্তি জাৰি কৰিতে পাৰিব।
প্ৰভাৱঃ
বিশেষ অর্থনৈতিক অঞ্চল আইন, ২০০৫ৰ বর্তমান নিয়ম-নীতি অনুসৰি বিশেষ অৰ্থনৈতিক অঞ্চলসমূহত কোনো ট্রাষ্টৰ ইউনিট স্থাপনৰ অনুমতি নাছিল। সংশ্লিষ্ট আইনে এই সংশোধনৰ ফলত বহুতো ট্রাষ্টৰ ইউনিট স্থাপনৰ অনুমতি লাভ কৰিব। কেবিনেটৰ এই সিদ্ধান্তৰ ফলত বিশেষ অর্থনৈতিক অঞ্চলসমূহত বিনিয়োগ বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
*****
AKT/SH/DB