Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিহাৰৰ বৈশালীত নাও দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ বৈশালীত নাও দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্ৰকাশ কৰে আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ লগতে কয় যে স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০ হাজাৰকৈ টকা দিয়া হ’ব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এটা এক্স পোষ্টত কয়;

‘বিহাৰৰ বৈশালীত নাও দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনা অত্যন্ত বেদনাদায়ক। এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো। মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰি আছে।

প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ নিকটাত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০ হাজাৰকৈ টকা দিয়া হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi’

 

*****

MJPS/SS/ST/HS