পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ চৰকাৰত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাই বিহাৰক সমৃদ্ধিৰ নতুন শিখৰলৈ লৈ যাব বুলি তেওঁ দৃঢ় বিশ্বাসী। লগতে এখন শক্তিশালী বিহাৰ আৰু এখন উন্নত ভাৰত গঢ়াৰ সংকল্প বাস্তৱায়িত কৰিবলৈ সকলোকে একেলগে কাম কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে পাটনা ভ্ৰমণৰ সময়ত বিহাৰবাসীৰ পৰা লাভ কৰা মৰম আৰু আশীৰ্বাদৰ বাবেও কৃতজ্ঞতা প্ৰকাশ কৰে।
তেওঁক দিয়া উষ্ম আদৰণিত আপ্লুত হোৱা বুলি উল্লেখ কৰি তেওঁ ৰাইজৰ সঁহাৰি আৰু উৎসাহৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে জনসাধাৰণৰ মাজত দেখা পোৱা অভূতপূৰ্ব উৎসাহে উন্নয়ন আৰু জনসেৱাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতি প্ৰবল জনসমৰ্থন প্ৰতিফলিত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত লিখিছে;
“বিহাৰৰ এন ডি এ চৰকাৰত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলো সহকৰ্মীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা! মোৰ বিশ্বাস যে ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতাই আমাৰ ৰাজ্যখনক সমৃদ্ধিৰ নতুন উচ্চতালৈ লৈ যাব। আহক, আমি সকলোৱে মিলি এখন শক্তিশালী বিহাৰ আৰু এখন বিকশিত ভাৰত গঢ়াৰ সংকল্প পূৰ্ণ কৰোঁ।”
“পাটনাত বিহাৰৰ মোৰ পৰিয়ালৰ সদস্যসকলৰ মৰম আৰু আশীৰ্বাদত মই আপ্লুত হৈছোঁ! এই আদৰণিৰ বাবে আপোনালোক সকলোকে গভীৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ অভূতপূৰ্ব উৎসাহে উন্নয়ন আৰু জনসেৱাৰ প্ৰতি থকা আমাৰ দায়বদ্ধতালৈ জনসাধাৰণৰ অভূতপূৰ্ব সমৰ্থন স্পষ্টভাৱে প্ৰমাণ কৰিছে।”
बिहार की एनडीए सरकार में मंत्री के रूप में शपथ लेने वाले सभी साथियों को हार्दिक बधाई एवं ढेरों शुभकामनाएं! मुझे पूर्ण विश्वास है कि राज्य के चौतरफा विकास के लिए आपकी प्रतिबद्धता हमारे इस प्रदेश को समृद्धि की नई ऊंचाइयों पर ले जाएगी। आइए, हम सब मिलकर एक सशक्त बिहार और विकसित भारत… pic.twitter.com/Hzytz8v0gW
— Narendra Modi (@narendramodi) May 7, 2026
***
MJPS/SS/ST/KD

पटना में बिहार के अपने परिवारजनों का स्नेह और आशीर्वाद पाकर अभिभूत हूं! इस स्वागत के लिए आप सभी का हृदय से आभार। आपके अभूतपूर्व उत्साह से साफ है कि विकास और जनसेवा के हमारे संकल्प को जनता-जनार्दन का भरपूर समर्थन मिल रहा है। pic.twitter.com/z209v7vws0
— Narendra Modi (@narendramodi) May 7, 2026