পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে বেনামী সম্পত্তি লেনদেন প্ৰতিৰোধী আইন (পিবিপিটি),১৯৮৮ৰ অধীনত নিৰ্ণয় গ্ৰহণকাৰী প্ৰাধিকৰণ গঠন আৰু এপিলেট ন্যায়াধিকৰণ স্থাপনক স্বীকৃতি প্ৰদান কৰিছে৷
উল্লেখযোগ্য বৈশিষ্টঃ
১. পিবিপিটি আইনৰ অধীনত তিনিটা অতিৰিক্ত খণ্ডপীঠৰ সৈতে নিৰ্ণয় গ্ৰহণকাৰী প্ৰাধিকৰণ গঠন কৰা হ’ব আৰু এপিলেট ন্যায়াধিকৰণৰ স্থাপন কৰা হ’ব৷
২. নিৰ্ণয় গ্ৰহণকাৰী প্ৰাধিকৰণ, এই প্ৰাধিকৰণৰ খণ্ডপীঠ আৰু এপিলেট ন্যায়াধিকৰণত বিষয়া আৰু কৰ্মচাৰী নিযুক্তি দিয়া হ’ব৷ আয়কৰ বিভাগ/কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ড (চিবিডিটি)ৰ সম পৰ্যায়ৰ বৰ্তমান পদসমূহ ইয়ালৈ পৰিৱৰ্তিত কৰি এই কাম সম্পূৰ্ণ কৰা হ’ব৷
৩. নিৰ্ণয় গ্ৰহণকাৰী প্ৰাধিকৰণ আৰু এপিলেট ন্যায়াধিকৰণ দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ (এনচিটিডি)ত স্থাপিত হ’ব৷ নিৰ্ণয় গ্ৰহণকাৰী প্ৰাধিকৰণৰ খণ্ডপীঠ ক’লকাতা, মুম্বাই আৰু চেন্নাইত স্থাপিত হ’ব পাৰে৷ প্ৰস্তাৱিত নিৰ্ণয় গ্ৰহণকাৰী প্ৰাধিকৰণৰ অধ্যক্ষৰ সৈতে পৰামৰ্শ কৰাৰ পিছত এই সন্দৰ্ভত আৱশ্যকীয় অধিসূচনা জাৰী কৰা হ’ব৷
লাভঃ
উপযুক্ত অনুমোদন পোৱাৰ পিছত নিৰ্ণয় গ্ৰহণকাৰী প্ৰাধিকৰণক প্ৰদান কৰা কাৰ্যাৱলীসমূহৰ প্ৰণয়ন উন্নত ধৰণে সম্ভৱ হ’ব আৰু ইয়াৰ সৈতে নিৰ্ণয় গ্ৰহণকাৰী প্ৰাধিকৰণৰ আদেশৰ বিৰুদ্ধে এপিলেট ন্যায়াধিকৰণত জনোৱা আপীলৰো ত্বৰিৎ সমাপন সম্ভৱ হ’ব৷
নিৰ্ণয় গ্ৰহণকাৰী প্ৰাধিকৰণৰ গঠনৰ জৰিয়তে পিবিপিটি আইনৰ অধীনত প্ৰণয়ন কৰা প্ৰশাসনিক কাম–কাজৰ প্ৰথম পৰ্যায়ৰ সমীক্ষা কৰাত সহায় লাভ হ’ব৷ প্ৰস্তাৱিত এপিলেট ন্যায়াধিকৰণৰ স্থাপনৰ দ্বাৰা পিবিপিটি আইনৰ অধীনত নিৰ্ণয় গ্ৰহণকাৰী প্ৰাধিকৰণৰ দ্বাৰা প্ৰণয়ন কৰা আদেশৰ বিৰুদ্ধে আপীল কৰাৰ সমুচিত ব্যৱস্থা সম্ভৱ হ’ব৷
*************
NW/AKT/SH/MANN