Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ

বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ


সন্মানীয় প্ৰধানমন্ত্ৰী,

দুয়োখন দেশৰ প্ৰতিনিধিবৰ্গ,

সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ!

প্ৰধানমন্ত্ৰীগৰাকীক তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণত উষ্ম আদৰণি জনাই মই আনন্দিত হৈছো।

নিশ্চিতভাৱে এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ যদিও ভাৰতৰ সৈতে তেওঁৰ সম্পৰ্ক দীৰ্ঘদিনীয়া । তেওঁ বহু বছৰ ধৰি এণ্টৱাৰ্পৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে সদায় এণ্টৱাৰ্পৰ বৃহৎ ভাৰতীয় সম্প্ৰদায় তথা ভাৰত-বেলজিয়াম হীৰা ব্যৱসায়ক সমৰ্থন কৰি আহিছে।

বন্ধুসকল,

ভাৰত-বেলজিয়ামৰ সম্পৰ্ক ইতিহাসৰ গভীৰতাত শিপাই আছে। প্ৰথম বিশ্বযুদ্ধৰ সময়ত বেলজিয়ামত হাজাৰ ভাৰতীয় সৈনিকৰ সাহস আৰু ত্যাগ আমাৰ উমৈহতীয়া স্মৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ।

আজি, গণতান্ত্ৰিক মূল্যবোধ, বজাৰ অৰ্থনীতি আৰু জনসাধাৰণৰ মাজত গভীৰ সম্পৰ্কৰ জৰিয়তে আমি স্বাভাৱিকতে মিত্ৰ হৈ উঠিছো।

বন্ধুসকল,

দহ বছৰ পূৰ্বে, মই বেলজিয়াম ভ্ৰমণ কৰাৰ সুযোগ পাইছিলো। মই অতি আনন্দিত যে যোৱা দশকত আমাৰ মিত্ৰতাই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।

আজি, আমাৰ সহযোগিতাৰ পৰিসৰ পৰম্পৰাগত খণ্ডৰ বাহিৰেও প্ৰতিৰক্ষা আৰু পৰিষ্কাৰ শক্তিৰ দৰে কৌশলগত ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হৈছে। আমি জোৰাৱাৰ টেংকৰ দৰে উন্নত প্ৰতিৰক্ষা সঁজুলিৰ ওপৰত সমন্বয়ৰে কাম কৰি আছো। অন্ধ্ৰ প্ৰদেশৰ কাকিনাড়াত আমি বিশ্বৰ অন্যতম বৃহৎ সেউজ এমোনিয়া প্ৰকল্প বিকশিত কৰি আছো।

বন্ধুসকল,

আজি বিশ্বই এক বৃহৎ উত্থানৰ সময়ৰ মাজেৰে পাৰ হৈছে। বিশ্বৰ বহু ঠাইত সংঘাত অব্যাহত আছে। খাদ্য, ইন্ধন বা যোগান শৃংখলাই হওক প্ৰতিটো খণ্ডতে অনিশ্চয়তা বিৰাজ কৰিছে।

এই প্ৰত্যাহ্বানপূৰ্ণ পৰিৱেশত ভাৰতৰ অৰ্থনীতিয়ে নিজৰ গতি বজাই ৰাখিছে। আমি যোৱা ত্ৰৈমাসিকত ৭.৮ % বৃদ্ধিৰ অভিলেখ গঢ়িছো। আজি ভাৰতৰ বিকাশৰ কাহিনী বিশ্বৰ বাবে আত্মবিশ্বাস আৰু নতুন সুযোগৰ উৎস হৈ উঠিছে।

বন্ধুসকল,

এই বছৰৰ আৰম্ভণিতে আমি ঐতিহাসিক ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তি সম্পন্ন কৰিছো। বিশ্বৰ দুটা সৰ্ববৃহৎ গণতান্ত্ৰিক শক্তিৰ মাজত এই অভূতপূৰ্ব সহযোগিতাই বিশ্বৰ সুস্থিৰতা, উন্নয়ন আৰু অংশীদাৰী সমৃদ্ধিৰ ক্ষেত্ৰতো নতুন গতি প্ৰদান কৰিব।

ভাৰতৰ ধাৰাবাহিক অৰ্থনৈতিক প্ৰগতি আৰু এই চুক্তিয়ে আমাৰ অৰ্থনৈতিক সম্পৰ্কৰ বাবে নতুন পথ মুকলি কৰিছে। আজি, আমি এই সম্ভাৱনাবোৰক দৃঢ় ফলাফললৈ ৰূপান্তৰিত কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছো।

বন্ধুসকল,

বেলজিয়ামৰ কোম্পানীসমূহৰ বাবে আমি ভাৰতত এক বিনিয়োগ ফাষ্ট-ট্ৰেক ব্যৱস্থা স্থাপন কৰিছো। আমি ভাৰত-বেলজিয়াম ব্যৱসায়িক মঞ্চক এক নিয়মীয়া ব্যৱস্থা হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছো। আমি দুয়োখন দেশৰ বিত্তীয়, বিত্ত প্ৰযুক্তি আৰু নিয়ন্ত্ৰক প্ৰতিষ্ঠানসমূহৰ মাজত সমন্বয় শক্তিশালী কৰিম।

এই সকলোবোৰ পদক্ষেপৰ জৰিয়তে আমি অহা পাঁচ বছৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ আমাৰ লক্ষ্যত উপনীত হ’ম।

বন্ধুসকল,

প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা আমাৰ সম্পৰ্কৰ এক মূল স্তম্ভ। আজি আমি দুয়োখন দেশৰ মাজত সামৰিক বিনিময় আৰু প্ৰশিক্ষণ সহযোগিতা বৃদ্ধি কৰিবলৈ সন্মত হৈছো।

আমাৰ চৰকাৰ আৰু প্ৰতিৰক্ষা উদ্যোগসমূহৰ মাজত হোৱা চুক্তিসমূহে প্ৰতিৰক্ষাৰ সহ-বিকাশ আৰু সহ-উৎপাদনৰ বাবে নতুন সুযোগ মুকলি কৰিব। আমি অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আমাৰ সংস্থাসমূহৰ মাজত চোৰাংচোৱাৰ আদান-প্ৰদান আৰু সহযোগিতা অধিক শক্তিশালী কৰিম।

বন্ধুসকল,

এক পৰিষ্কাৰ শক্তিৰ ভৱিষ্যত আৰু নিৰ্ভৰযোগ্য যোগান শৃংখলা হৈছে আমাৰ অংশীদাৰী অগ্ৰাধিকাৰ। আজি স্বাক্ষৰিত নৱীকৰণযোগ্য শক্তি সম্পৰ্কীয় বুজাবুজি চুক্তিয়ে আমাৰ স্থায়ী সহযোগিতাৰ ক্ষেত্ৰত নতুন গতি প্ৰদান কৰিব। গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ক্ষেত্ৰত আমি প্ৰক্ৰিয়াকৰণ আৰু পুনৰ্ব্যৱহাৰৰ হকে সহযোগিতা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছো।

ছেমিকণ্ডাক্টৰ খণ্ডত বেলজিয়ামৰ দক্ষতা আৰু ভাৰতৰ পৰিসৰ পৰস্পৰৰ পৰিপূৰক। এই দিশত, আমি বেলজিয়ামৰ আই এম ই চি প্ৰতিষ্ঠানক ভাৰতৰ ছেমিকণ্ডাক্টৰ পৰিৱেশ তন্ত্ৰৰ সৈতে সংযোগ কৰিবলৈ সমন্বয়েৰে কাম কৰিম।

বন্ধুসকল,

জনসাধাৰণৰ মাজৰ সম্পৰ্ক আমাৰ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি। আজি, আমি আমাৰ ষ্টাৰ্ট-আপসমূহৰ মাজত সংযোগ শক্তিশালী কৰিবলৈ আৰু সামুদ্ৰিক খণ্ডত ক্ষমতা নিৰ্মাণ বৃদ্ধি কৰিবলৈ সন্মত হৈছো।

আমি বিশ্ববিদ্যালয় আৰু গৱেষণা সহযোগিতাও শক্তিশালী কৰিম। লগতে প্ৰতিভাৰ গতিশীলতাক সূচল কৰি তুলিবলৈ, আমি অতি সোনকালেই “প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তি” সম্পন্ন কৰিম।

বন্ধুসকল,

আজি আমি আঞ্চলিক আৰু আন্তৰ্জাতিক উন্নয়নৰ ওপৰতো বিশদ আলোচনা কৰিলো। ভাৰত আৰু বেলজিয়াম দুয়োদেশে আইনৰ শাসন, আলোচনা আৰু কূটনীতিৰ ওপৰত বিশ্বাস কৰে।

ইউক্ৰেইন হওক বা পশ্চিম এছিয়া, আমি সংঘাতৰ সোনকালে সমাপ্তি আৰু শান্তি পুনৰুদ্ধাৰৰ লক্ষ্যৰে কৰা সকলো প্ৰচেষ্টাক সমৰ্থন কৰো। লগতে সকলো ধৰণৰ সন্ত্ৰাসবাদ নিৰ্মূল কৰাটো আমাৰ উমৈহতীয়া সংকল্প।

সন্মানীয় মহাশয়,

যোৱা মাহত বেলজিয়াম আৰু নেদাৰলেণ্ডছে যুটীয়াভাৱে হকী বিশ্বকাপৰ আয়োজন কৰে। এই বিশাল বিশ্বকাপৰ সফল আয়োজনৰ বাবে মই আপোনালোকক অভিনন্দন জনাইছো। মই আমাৰ খেলুৱৈসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰদৰ্শনৰ বাবেও প্ৰশংসা কৰোঁ।

হীৰা দীৰ্ঘদিন ধৰি ভাৰত আৰু বেলজিয়ামৰ মাজত এক সংযোগ হিচাপে পৰিগণিত হৈ আহিছে। আজি আমি এই ঐতিহাসিক সম্পৰ্কক এক নতুন আৰু অধিক ব্যাপক সম্পৰ্কলৈ ৰূপান্তৰিত কৰিছো।

মই আত্মবিশ্বাসী যে আজিৰ আলোচনাই আমাৰ দ্বিপাক্ষিক সম্পৰ্কত এক নতুন অধ্যায়ৰ সূচনা চিহ্নিত কৰিছে। আকৌ এবাৰ, মই আপোনাক আৰু আপোনাৰ প্ৰতিনিধিবৰ্গক ভাৰতলৈ উষ্ম আদৰণি জনাইছো।

বহুত ধন্যবাদ।

স্পষ্টীকৰণঃ এয়া হৈছে প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ আনুমানিক অনুবাদ। মূল বিবৃতিটো হিন্দীত প্ৰদান কৰা হৈছিল।

 

****

MJPS/SS/PRK/DD