পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে বেলজিয়ামৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী বাৰ্ট দে উইভাৰ ২ৰ পৰা ৪ ছেপ্টেম্বৰ, ২০২৬লৈ ভাৰত ভ্ৰমণলৈ আহিছে। বেলজিয়ামৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে বেলজিয়ামৰ প্ৰতিৰক্ষা আৰু বৈদেশিয় বাণিজ্য মন্ত্ৰী শ্ৰী থিঅ’ ফ্ৰাংকেন আৰু বিষয়া তথা ব্যৱসায়ী নেতাসকলৰ এক উচ্চস্তৰীয় প্ৰতিনিধি দল উপস্থিত আছে। ২০২৫ চনৰ ফেব্ৰুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী দে উইভাৰৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ।
প্ৰধানমন্ত্ৰী দে উইভাৰে ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ ভ্ৰমণ কাৰ্যসূচী আৰম্ভ কৰে। তাৰ পিছত প্ৰধানমন্ত্ৰী দে উইভাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে প্ৰথমে সীমিত আকাৰে আৰু পৰৱৰ্তী সময়ত নিজ নিজ প্ৰতিনিধি দলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। তেওঁলোকৰ আলোচনাত দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ সমগ্ৰ দিশ সামৰি লোৱা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী দে উইভাৰ আৰু ভ্ৰমণকাৰী প্ৰতিনিধি দলটোৰ বাবে এক মধ্যাহ্ন ভোজৰ আয়োজন কৰে।
দুয়োগৰাকী নেতাই প্ৰথম বিশ্বযুদ্ধৰ সময়ত ফ্লেণ্ডাৰ্ছ ফিল্ডছত ৯,০০০ তকৈও অধিক ভাৰতীয় জোৱানে দিয়া সৰ্বোচ্চ ত্যাগৰ কথা স্মৰণ কৰে। নেতাসকলে এই কথাও স্মৰণ কৰে যে ১৯৪৭ চনত ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰা প্ৰথমবোৰ ইউৰোপীয় দেশৰ ভিতৰত বেলজিয়াম অন্যতম আছিল। তেওঁলোকে উল্লেখ কৰে যে এই অংশীদাৰিত্ব উমৈহতীয়া গণতান্ত্ৰিক মূল্যবোধ, পৰস্পৰৰ বিশ্বাস, অৰ্থনৈতিক পৰিপূৰকতা আৰু দৃঢ় জনসাধাৰণৰ সম্পৰ্কৰ আধাৰত বিকশিত হৈ উঠিছে। নেতাসকলে এই বহুমুখী সম্পৰ্ক অধিক সম্প্ৰসাৰিত আৰু গভীৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰে। ২০২৭ চনত বেলজিয়াম-ভাৰত কূটনৈতিক সম্পৰ্কৰ ৮০তম বাৰ্ষিকীয়ে ভাৰত আৰু বেলজিয়ামক দ্বিপাক্ষিক সম্পৰ্কৰ সম্প্ৰসাৰণ আৰু গভীৰতা উদযাপন কৰাৰ আন এক ঐতিহাসিক সুযোগ প্ৰদান কৰিব।
দুয়োগৰাকী নেতাই ২০২৬ চনৰ ১৫ জুলাইত ব্ৰাছেলছত অনুষ্ঠিত ভাৰতৰ বৈদেশিয় পৰিক্ৰমা মন্ত্ৰী আৰু বেলজিয়ামৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ যৌথ পৌৰোহিত্যত উদ্বোধনী ‘ভাৰত-বেলজিয়াম কৌশলগত আলোচনা’ৰ শুভাৰম্ভণিক আদৰণি জনায়। ব্যাপক ভাৰত-ইউৰোপীয় ইউনিয়ন কৌশলগত অংশীদাৰিত্বৰ ওপৰত ভিত্তি কৰি গঠিত এই সংবাদে বাণিজ্য আৰু বিনিয়োগ, সেউজ পৰিৱৰ্তন, প্ৰযুক্তি, সংযোগ, প্ৰতিৰক্ষা, সুৰক্ষা আৰু জনসাধাৰণৰ সম্পৰ্কৰ অগ্ৰগতিৰ বাবে এক নিয়মীয়া আৰু সামগ্ৰিক ব্যৱস্থা গঢ়ি তুলিছে বুলি তেওঁলোকে উল্লেখ কৰে। এই প্ৰসংগত, তেওঁলোকে কৌশলগত সংবাদৰ অধীনত চিহ্নিত অগ্ৰাধিকাৰসমূহ আগবঢ়াই নিয়াৰ এক মুখ্য মঞ্চ হিচাপে হ’বলগীয়া ‘বৈদেশিক কাৰ্যালয় পৰামৰ্শৱলী’ক আদৰণি জনায়।
এক ন্যায়সংগত আৰু শান্তিপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা বজাই ৰাখিবলৈ, জৰুৰী গোলকীয় প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ আৰু প্ৰযুক্তিগত তথা অৰ্থনৈতিক ক্ষেত্ৰকে ধৰি নতুনকৈ উদয় হোৱা ঘটনাৱলীৰ বাবে বিশ্বক সাজু কৰিবলৈ দুয়োগৰাকী নেতাই ৰাষ্ট্ৰসংঘৰ চনদক কেন্দ্ৰ কৰি সংস্কাৰ সাধন কৰা আৰু ফলপ্ৰসূ বহুপাক্ষিকতাবাদৰ আহ্বান দোঁহাৰে। বিশেষকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক আজিৰ বিশ্বৰ অধিক প্ৰতিনিধিত্বমূলক কৰি তোলাৰ বাবে ইয়াৰ জৰুৰী সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত দুয়োগৰাকী নেতাই গুৰুত্ব আৰোপ কৰে। বেলজিয়ামে এক সংস্কাৰ সাধন কৰা আৰু সম্প্ৰসাৰিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্বৰ প্ৰতি নিজৰ সমৰ্থন পুনৰ প্ৰকাশ কৰে। দুয়োখন দেশে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যপদৰ বাবে ইজনে সিজনৰ প্ৰাৰ্থিত্ব সমৰ্থন কৰিবলৈ সন্মত হয়— ভাৰতে ২০২৮-২৯ কাৰ্যকালৰ বাবে আৰু বেলজিয়ামে ২০৩৭-৩৮ কাৰ্যকালৰ বাবে।
ভাৰত-ইউৰোপীয় ইউনিয়ন কৌশলগত অংশীদাৰিত্ব আৰু মুক্ত বাণিজ্য চুক্তি
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত-বেলজিয়াম সম্পৰ্কৰ ক্ষেত্ৰত ভাৰত-ইউৰোপীয় ইউনিয়ন কৌশলগত অংশীদাৰিত্বৰ কেন্দ্ৰীয় গুৰুত্ব পুনৰ নিশ্চিত কৰে। ২০২৬ চনৰ ২৭ জানুৱাৰীত অনুষ্ঠিত ভাৰত-ইউৰোপীয় ইউনিয়ন সন্মিলনৰ সময়ত ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তিৰ আলোচনা সফলভাৱে সামৰা কাৰ্যক তেওঁলোকে আদৰণি জনায়। ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ইউৰোপীয় ইউনিয়ন-ভাৰত বিনিয়োগ সুৰক্ষা চুক্তি আৰু ভৌগোলিক সংকেত সংক্ৰান্তীয় চুক্তিৰ আলোচনা যিমান পাৰি সোনকালে সমাপ্ত কৰিবলৈ তেওঁলোকে আহ্বান জনায়।
ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তিখনক কৌশলগত অংশীদাৰিত্বৰ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে অভিহিত কৰি নেতাসকলে গুৰুত্বপূৰ্ণ মূল্য শৃংখলাৰ বৈচিত্ৰ্য কৰণ আৰু নতুন বজাৰ মুকলি কৰাৰ জৰিয়তে বাণিজ্য আৰু বিনিয়োগ সহযোগিতাৰ প্ৰকৃত সম্ভাৱনা ৰূপায়ণ কৰিবলৈ ইয়াৰ সময়োপযোগী ৰূপায়ণৰ আহ্বান জনায়।
বাণিজ্য আৰু প্ৰযুক্তি ক্ৰমান্বয়ে ইটো সিটোৰ সৈতে জৰিত হৈ পৰাৰ সময়ত, অধিক সংহত, স্থিতিস্থাপক আৰু বহনক্ষম অৰ্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব গঢ়ি তোলাৰ দিশত ২০২৬ চনৰ জুলাই মাহত ব্ৰাছেলছত অনুষ্ঠিত মন্ত্ৰী পৰ্যায়ৰ বৈঠকসহ ভাৰত-ইউৰোপীয় ইউনিয়ন বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ অধীনত হোৱা উল্লেখযোগ্য অগ্ৰগতিক দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়। এই প্ৰসংগত, তেওঁলোকে বাণিজ্য, প্ৰযুক্তি, অৰ্থনৈতিক সুৰক্ষা আৰু সুৰক্ষিত যোগান শৃংখলাৰ ক্ষেত্ৰত ভাৰত, বেলজিয়াম আৰু ইউৰোপীয় ইউনিয়নৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ কৰে।
দুয়োপক্ষে ২০৩০ চনৰ বাবে যৌথ ভাৰত-ইউৰোপীয় ইউনিয়ন সামগ্ৰিক কৌশলগত কাৰ্যসূচীকো সমৰ্থন জনায়, যাৰ উদ্দেশ্য হৈছে ভাৰত-ইউৰোপীয় ইউনিয়ন সহযোগিতা সম্প্ৰসাৰিত আৰু গভীৰ কৰি দুয়োটা অংশীদাৰ আৰু সমগ্ৰ বিশ্বৰ বাবে পৰস্পৰ লাভজনক, প্ৰত্যক্ষ আৰু পৰিৱৰ্তনকাৰী ফলাফল প্ৰদান কৰা। তেওঁলোকে লগতে উল্লেখ কৰে যে ভাৰত-ইউৰোপীয় ইউনিয়ন নিৰাপত্তা আৰু প্ৰতিৰক্ষা অংশীদাৰিত্ব স্বাক্ষৰিত হ’লে সামুদ্ৰিক সুৰক্ষা, প্ৰতিৰক্ষা উদ্যোগ আৰু প্ৰযুক্তি, চাইবাৰ আৰু হাইব্ৰিড ভাবুকি, মহাকাশ আৰু সন্ত্ৰাসবাদ বিৰোধী যৌথ স্বাৰ্থজড়িত ক্ষেত্ৰসমূহত কৌশলগত সহযোগিতা গভীৰ হ’ব।
বাণিজ্য, অৰ্থনৈতিক সহযোগিতা আৰু বিনিয়োগ
বেলজিয়াম বিশ্বৰ ২৪নং বৃহত্তম অৰ্থনীতি হোৱা আৰু আগন্তুক বছৰবোৰত ভাৰতৰ ১০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি হোৱাৰ উচ্চাকাংক্ষাৰ পৰিপ্ৰেক্ষিতত দুয়োগৰাকী নেতাই পৰস্পৰ লাভজনক অংশীদাৰিত্বৰ প্ৰচুৰ সুযোগ থকা বুলি স্বীকাৰ কৰে। দুয়োখন দেশৰ অৰ্থনীতিৰ মাজত থকা শক্তিশালী পৰিপূৰকতা অনুধাৱন কৰি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বাণিজ্য, বিনিয়োগ আৰু অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে। এই প্ৰসংগত, তেওঁলোকে দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্কৰ ক্ৰমাগত সম্প্ৰসাৰণ আৰু দ্বিপাক্ষিক বাণিজ্যত খণ্ডসমূহৰ ক্ৰমবৰ্ধমান বৈচিত্ৰ্যক আদৰণি জানায়, আৰু পৰৱৰ্তী ৫ বছৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্যেৰে মূল খণ্ডসমূহত সহযোগিতা অধিক শক্তিশালী কৰাৰ সংকল্প প্ৰকাশ কৰে।
২০২৫ চনৰ মাৰ্চ মাহত ৰাজকুমাৰী এষ্ট্ৰিডৰ নেতৃত্বত ভাৰতলৈ অহা সফল বেলজিয়াম অৰ্থনৈতিক মিছনক দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টিৰে উল্লেখ কৰে। তেওঁলোকে এই মিছনক দ্বিপাক্ষিক অৰ্থনৈতিক জড়িতকৰণক আগবঢ়াই নিয়া, ব্যৱসায় আৰু প্ৰতিষ্ঠানসমূহৰ মাজত নতুন অংশীদাৰিত্ব গঢ়ি তোলা (নাৰীৰ অৰ্থনৈতিক সবলীকৰণৰ আদান-প্ৰদানসহ), আৰু জীৱ বিজ্ঞান, ফাৰ্মাচিউটিকেলছ আৰু স্বাস্থ্যসেৱা, শক্তি আৰু নৱীকৰণযোগ্য শক্তি, প্ৰতিৰক্ষা, বিমান আৰু মহাকাশ, লজিষ্টিকছ, পৰিবহণ আৰু বন্দৰ, ক্লিনটেক আৰু সেউজ ইঞ্জিনিয়াৰিং, ৰাসায়নিক উদ্যোগ, উন্নত সামগ্ৰী আৰু নিৰ্মাণ, ডিজিটেল প্ৰযুক্তি আৰু উদ্ভাৱনৰ দৰে অগ্ৰাধিকাৰপ্ৰাপ্ত খণ্ডসমূহত সহযোগিতা সম্প্ৰসাৰণৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে স্বীকাৰ কৰে। এই ক্ষেত্ৰত, তেওঁলোকে ফাৰ্মাচিউটিকেলছ, বায়’টেকন’লজী, ক্লিনিকেল গৱেষণা, উদ্ভাৱন আৰু উন্নত স্বাস্থ্যসেৱাৰ সমাধানত দুয়োখন দেশৰ পৰিপূৰক শক্তিৰ ওপৰত ভিত্তি কৰি জীৱ বিজ্ঞান খণ্ডত ভাৰত-বেলজিয়াম অংশীদাৰিত্বৰ প্ৰচুৰ সম্ভাৱনা মন কৰে, আৰু উদ্যোগ, শৈক্ষিক জগত আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত ঘনিষ্ঠ সহযোগিতাক উৎসাহিত কৰে। বেলজিয়ামৰ আঞ্চলিক বাণিজ্য আৰু বিনিয়োগ সংস্থাসমূহৰ সৈতে নিয়মিত উচ্চস্তৰীয় আদান-প্ৰদানৰ জৰিয়তে এই গতিশীলতা জীয়াই ৰাখিবলৈ দুয়োগৰাকী নেতা সন্মত হয়।
দুয়োগৰাকী নেতাই দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্কৰ বৃদ্ধি আৰু বৈচিত্ৰ্যক লৈ সন্তোষ প্ৰকাশ কৰে আৰু ছেমিকণ্ডাক্টৰ, ৰাসায়নিক দ্ৰব্য, ফাৰ্মাচিউটিকেলছ, প্ৰতিৰক্ষা উদ্যোগিক সহযোগিতা, গুৰুত্বপূৰ্ণ খনিজ শোধন আৰু ৰিচাইক্লিং, বহনক্ষম উদ্যোগ, আৰু পাৰমাণৱিক শক্তিৰ দৰে ক্ষেত্ৰসমূহত সম্প্ৰসাৰিত সহযোগিতাক আদৰণি জনায় (বেচৰকাৰী খণ্ডৰ অংশীদাৰসকলক সামৰি সহযোগিতাসমূহৰ উদীয়মান সুযোগসমূহ অন্বেষণ কৰি)। দুয়োগৰাকী নেতাই এণ্টৱাৰ্পক (Antwerp) মুম্বাই আৰু চুৰাটৰ সৈতে সংযোগ কৰা হীৰা বাণিজ্যৰ স্থায়ী গুৰুত্বক স্বীকাৰ কৰে আৰু অৰ্থনৈতিক জড়িততা আৰু উমৈহতীয়া বিকাশৰ নতুন পথ অনুসন্ধান কৰাৰ লগতে এই ঐতিহাসিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰিবলৈ সন্মত হয়।
তেওঁলোকে দুয়োখন দেশৰ মাজত সামুদ্ৰিক আৰু বন্দৰ সহযোগিতাৰ কৌশলগত গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু বন্দৰ উন্নয়ন, লজিষ্টিকছ, সংযোগ, ড্ৰেজিং আৰু অফশ্ব’ৰ উইণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰত সহযোগিতা গভীৰ কৰাৰ সুযোগক আদৰণি জনায়। এই প্ৰসংগত, তেওঁলোকে ২০২৬ চনৰ অক্টোবৰ মাহত নতুন দিল্লীত হ’বলগীয়া “সাগৰমন্থন: দ্য গ্ৰেট অ’শ্বেনছ ডায়লগ”ত ফ্লেমিছ গতিশীলতা আৰু বন্দৰ মন্ত্ৰী এনিক দে ৰিডাৰৰ পৰিকল্পিত অংশগ্ৰহণক আদৰণি জানায়। তেওঁলোকে APEC (এণ্টৱাৰ্প/ফ্লেণ্ডাৰ্ছ প’ৰ্ট ট্ৰেনিং চেণ্টাৰ) আৰু ভাৰতৰ জৱাহৰলাল নেহৰু প’ৰ্ট কৰ্তৃপক্ষৰ (JNPA) মাজত, বিশেষকৈ প্ৰশিক্ষণৰ প্ৰয়োজন চিনাক্তকৰণ আৰু সামগ্ৰিকভাৱে সামুদ্ৰিক খণ্ড আৰু বিশেষকৈ ভাৰতীয় বন্দৰ খণ্ডৰ মেনেজমেন্টৰ সকলো পৰ্যায়ৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত বৰ্ধিত সহযোগিতাক আদৰণি জনায়। তেওঁলোকে ভাৰতৰ বন্দৰ ভৱন নিৰ্মাণত বেলজিয়ামৰ ড্ৰেজিং দক্ষতাৰ নিৰন্তৰ অৱদান আৰু অফশ্ব’ৰ নৱীকৰণযোগ্য শক্তি প্ৰকল্পসমূহত ইয়াৰ সম্ভাৱ্য ভূমিকা স্বীকাৰ কৰে।
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে মহাকাশ জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ বেলগো-ইণ্ডিয়ান নেটৱৰ্কৰ (BINA) জৰিয়তে জ্যোতিৰ্বিজ্ঞান, জ্যোতিৰ্পদাৰ্থ বিজ্ঞান আৰু মহাকাশ প্ৰযুক্তিসহ গৱেষণা আৰু উচ্চশিক্ষাত ভাৰত আৰু বেলজিয়ামৰ মাজত গভীৰ হৈ অহা সহযোগিতাক আদৰণি জানায়। তেওঁলোকে ভাৰতৰ কেইবাখনো উল্লেখনীয় জ্যোতিৰ্বিজ্ঞান সুবিধাত বেলজিয়ামৰ অৱদানৰ কথা মন কৰে, যিবোৰৰ ভিতৰত দেৱস্থল অপটিকেল টেলিস্কোপ, দেৱস্থল ইণ্টাৰনেচনেল লিকুইড মিৰৰ টেলিস্কোপ, মাউণ্ট আবু টেলিস্কোপ আৰু উদয়পুৰৰ মাল্টি-এপ্লিকেচন ছ’লাৰ টেলিস্কোপ অন্তৰ্ভুক্ত, যিয়ে দ্বিপাক্ষিক বৈজ্ঞানিক সহযোগিতাৰ শক্তি প্ৰতিফলিত কৰে।
দুয়োগৰাকী নেতাই ‘ভাৰত-বেলজিয়াম বিনিয়োগ দ্ৰুত প্ৰক্ৰিয়া’ মুকলি কৰাক আদৰণি জনায় আৰু ইয়াক দ্বিপাক্ষিক বিনিয়োগ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে স্বীকাৰ কৰে। তেওঁলোকে উল্লেখ কৰে যে এই ব্যৱস্থাই ভাৰতত বেলজিয়ামৰ বিনিয়োগ আৰু বেলজিয়ামত ভাৰতীয় বিনিয়োগ সুগম আৰু সম্প্ৰসাৰণ কৰা, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক সহায় কৰা, বিনিয়োগৰ প্ৰতিবন্ধকতা দূৰ কৰা আৰু দুয়োখন দেশৰ মাজত দীৰ্ঘমেয়াৰী অৰ্থনৈতিক সহযোগিতাৰ বাবে অধিক অনুকুল পৰিৱেশ গঢ়ি তোলাৰ বাবে এক বিশেষ মঞ্চ হিচাপে কাম কৰিব।
বেলজিয়ামৰ ছভাৰেইন ৱেল্থ ফাণ্ড ‘ফেডাৰেল হ’ল্ডিং এণ্ড ইভেষ্টমেণ্ট কোম্পানী’ (SFPIM) আৰু ভাৰতৰ ‘নেচনেল ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড’ৰ (NIIF) মাজত চলি থকা আলোচনাকো দুয়োগৰাকী নেতাই আদৰণি জনায়। তেওঁলোকে ইণ্ডো-বেলজিয়ান অৰ্থনৈতিক আৰু বিনিয়োগ কৰিডৰ স্থাপনত সহায় কৰিবলৈ SFPIM-NIIFৰ মাজত সহযোগিতাক প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ আশা প্ৰকাশ কৰে। তেওঁলোকে ‘বেলজিয়ান ইনভেষ্টমেণ্ট কোম্পানী ফৰ ডেভেলপমিং কান্ট্ৰিজ’ৰ (BIO Invest) অৱদানক আদৰণি জানায় আৰু যৌথ স্বাৰ্থজড়িত ক্ষেত্ৰসমূহত BIO Invest আৰু NIIFৰ মাজত সম্ভাৱ্য সহযোগিতা অন্বেষণ কৰিবলৈ সন্মত হয়।
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতা আগবঢ়াই নিয়াৰ এক মুখ্য ব্যৱস্থা হিচাপে ‘ভাৰত-বেলজিয়াম-লাক্সেমবাৰ্গ অৰ্থনৈতিক ইউনিয়ন’ যৌথ অৰ্থনৈতিক আয়োগৰ গুৰুত্ব পুনৰ নিশ্চিত কৰে আৰু চলিত বছৰৰ শেষৰ ফালে ইয়াৰ ১৯সংখ্যক অধিৱেশনৰ বাবে আগ্ৰহেৰে বাট চাই ৰৈছে।
প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা
প্ৰধানমন্ত্ৰী বাৰ্ট দে উইভাৰে সীমান্তপাৰৰ সন্ত্ৰাসবাদসহ উগ্ৰবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সৈতে বেলজিয়ামৰ একাত্মতা প্ৰকাশ কৰে। ২০২৫ চনৰ এপ্ৰিল মাহত ভাৰতৰ জম্মু-কাশ্মীৰৰ পেহেলগামত নিৰাপৰাধী নাগৰিকৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তেওঁ পুনৰবাৰ গৰিহণা দিয়ে। দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদ বিৰোধী সামগ্ৰিক/গোলকীয় দৃষ্টিভংগীৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি দোঁহাৰি কয় যে যিকোনো ৰূপত আৰু যিকোনো ঠাইতে হোৱা সন্ত্ৰাসবাদক কেতিয়াও যুক্তিযুক্ত কৰিব নোৱাৰি আৰু আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ইয়াৰ অপৰাধীক জবাবদিহী কৰাৰ আহ্বান জনায়। তেওঁলোকে সন্মত হয় যে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ পঞ্জীয়নভুক্ত সন্ত্ৰাসবাদী ব্যক্তি, সন্ত্ৰাসবাদী নেটৱৰ্ক, তেওঁলোকৰ সুৰক্ষিত আশ্ৰয়স্থল আৰু আৰ্থিক সাহায্যৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘ আৰু FATFৰ জৰিয়তে একেলগে কাম কৰিব লাগিব। নেতাসকলে ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিবন্ধকতা ব্যৱস্থাৰ জৰিয়তে সন্ত্ৰাসবাদ প্ৰতিৰোধ আৰু প্ৰতিহত কৰাত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ আহ্বান জনায়। এই প্ৰসংগত, উদীয়মান সন্ত্ৰাসবাদী ভাবুকি মোকাবিলা কৰাত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বাবে সন্ত্ৰাসবাদ বিৰোধী ‘ভাৰত-বেলজিয়াম যৌথ কাৰ্যকৰী গোট’ গঠনৰ সম্ভাৱনা পৰীক্ষা কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত, দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দুয়োটা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত ‘ইচ্ছা পত্ৰ’ স্বাক্ষৰ কৰাক আদৰণি জনায়, যিয়ে নিয়মিত আদান-প্ৰদান, কৰ্মচাৰীৰ আলোচনা, শিক্ষা আৰু প্ৰশিক্ষণ, গৱেষণা সহযোগিতা, আৰু প্ৰতিৰক্ষা-উদ্যোগিক অংশীদাৰিত্বৰ বাবে এক গাঁথনি স্থাপন কৰিব। তেওঁলোকে উল্লেখ কৰে যে এই চুক্তিয়ে ২০২৫ চনৰ মাৰ্চ মাহত ভাৰত আৰু বেলজিয়ামৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাক প্ৰতিষ্ঠানিক ৰূপ দিয়া আৰু অধিক শক্তিশালী কৰাৰ বাবে হোৱা বুজাবুজিক আগবঢ়াই নিব। দুয়োগৰাকী নেতাই সামুদ্ৰিক সুৰক্ষা, উদীয়মান প্ৰযুক্তি, শিক্ষা আৰু সামৰিক আদান-প্ৰদান আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সহযোগিতাৰ ক্ষেত্ৰত দুয়োটা প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ মাজত ক্ৰমান্বয়ে গভীৰ হৈ অহা সম্পৰ্কক আদৰণি জনায়। এই প্ৰসংগত, তেওঁলোকে ২০২৬ চনৰ ৫ৰ পৰা ৮ নৱেম্বৰলৈ বেলজিয়ামৰ ফ্ৰিগেট LEOPOLD Iৰ ভাৰত ভ্ৰমণৰ পৰিকল্পনা, বেলজিয়ান ডিফেন্স কলেজৰ ২০২৭ চনৰ বিশ্ব অধ্যয়ন যাত্ৰা ভাৰতত আয়োজন কৰাৰ ইচ্ছা আৰু ২০২৬ চনৰ অক্টোবৰ মাহত ছেকেণ্ডৰাবাদৰ কলেজ অৱ ডিফেন্স মেনেজমেন্টৰ বেলজিয়াম অধ্যয়ন ভ্ৰমণক দুয়োটা প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ মাজত আদান-প্ৰদান আৰু সহযোগিতা অধিক শক্তিশালী কৰাৰ প্ৰত্যক্ষ সুযোগ হিচাপে আদৰণি জানায়।
তেওঁলোকে নতুন দিল্লীত বেলজিয়ামে এজন ‘প্ৰতিৰক্ষা প্ৰতিনিধি’ নিযুক্তি দিয়া কাৰ্যক আদৰণি জনায় আৰু ভাৰতেও অতি সোনকালে ব্ৰাছেলছস্থিত ভাৰতীয় দূতাবাসত এজন আৱাসিক প্ৰতিৰক্ষা প্ৰতিনিধি নিযুক্তি দিয়াৰ সিদ্ধান্তক আদৰণি জনায়। দুয়োগৰাকী নেতাই সামুদ্ৰিক সুৰক্ষা, উদীয়মান প্ৰযুক্তি আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সহযোগিতাৰ ক্ষেত্ৰত দুয়োটা প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ মাজত ক্ৰমান্বয়ে গভীৰ হৈ অহা সম্পৰ্কক আদৰণি জনায়।
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু বেলজিয়ামৰ মাজত বৃদ্ধি পোৱা প্ৰতিৰক্ষা-ঔদ্যোগিক সহযোগিতাক আদৰণি জনোৱা লগতে উল্লেখ কৰে যে ২০২৫ চনৰ মাৰ্চ মাহত বেলজিয়ামৰ অৰ্থনৈতিক মিছনৰ সময়ত এনে অংশীদাৰিত্ব অধিক শক্তিশালী হৈছিল। প্ৰতিৰক্ষা নিৰ্মাণ, প্ৰযুক্তি, উদ্ভাৱন, সহ-উন্নয়ন আৰু সহ-উৎপাদনত অধিক সহযোগিতাৰ সম্ভাৱনা স্বীকাৰ কৰি দুয়োগৰাকী নেতাই বেলজিয়াম আৰু ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগসমূহৰ মাজত একাধিক চুক্তি আৰু অংশীদাৰিত্ব স্বাক্ষৰিত হোৱাক আদৰণি জনায় আৰু দুয়োপক্ষৰ উদ্যোগসমূহক জৰিত হৈ থাকিবলৈ উৎসাহিত কৰে।
দুয়োগৰাকী নেতাই ইপ্ৰেছৰ (Ypres) ফ্লেণ্ডাৰ্ছ ফিল্ডছ মিউজিয়াম আৰু নতুন দিল্লীৰ চেণ্টাৰ ফৰ আৰ্মড ফৰ্চেছ হিষ্ট’ৰিকেল ৰিচাৰ্চৰ (CAFHR) মাজত চলি থকা সহযোগিতাও উনুকিয়ায়, যিয়ে ভাৰত আৰু বেলজিয়ামৰ উমৈহতীয়া ঐতিহাসিক উত্তৰাধিকাৰ সংৰক্ষণ আৰু প্ৰচাৰত অৱদান আগবঢ়াইছে।
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ চিবিআই আৰু বেলজিয়ামৰ ফেডাৰেল আৰক্ষীৰ মাজত আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ, চাইবাৰ অপৰাধ আৰু সম্পৰ্কীয় বিষয়সমূহ প্ৰতিহত কৰাত সহযোগিতাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনায়। তেওঁলোকে উল্লেখ কৰে যে এই চুক্তিয়ে প্ৰতিষ্ঠানিক সম্পৰ্ক শক্তিশালী কৰিব, তথ্য আদান-প্ৰদান সুগম কৰিব, ক্ষমতা বৃদ্ধি আৰু উত্তম অনুশীলনৰ আদান-প্ৰদান প্ৰচাৰ কৰিব, পলাতক অপৰাধীৰ সন্ধান উলিওৱাত সহযোগিতা বৃদ্ধি কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ, চাইবাৰ অপৰাধ আৰু সম্পৰ্কীয় বিষয়সমূহ মোকাবিলা কৰাত দ্বিপাক্ষিক আইন প্ৰয়োগকাৰী সহযোগিতা গভীৰ কৰিব।
সেউজ পৰিৱৰ্তন, উদীয়মান প্ৰযুক্তি, স্বাস্থ্যসেৱা সহযোগিতা আৰু ষ্টাৰ্টআপ
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু বেলজিয়ামৰ মাজত নৱীকৰণযোগ্য শক্তি সহযোগিতাৰ নবীকৃত বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনায়। তেওঁলোকে উল্লেখ কৰে যে এই নবীকৃত চুক্তিয়ে ২০১৫ চনৰ গাঁথনিৰ অধীনত স্থাপিত সহযোগিতা আৰু নৱীকৰণযোগ্য শক্তিৰ যৌথ কাৰ্যকৰী গোটৰ কামৰ ওপৰত আধাৰিত হৈ সেউজ হাইড্ৰ’জেন, সৌৰ শক্তি, শক্তি সংৰক্ষণ, অফশ্ব’ৰ বায়ু শক্তি, বায়’-শক্তি, ক্ষুদ্ৰ জলবিদ্যুৎ আৰু পাম্প কৰা সংৰক্ষণ প্ৰকল্পসহ মুখ্য ক্ষেত্ৰসমূহত সহযোগিতা সম্প্ৰসাৰণ কৰে।
দুয়োখন দেশে সেউজ হাইড্ৰ’জেনৰ ক্ষেত্ৰত ভাৰত আৰু বেলজিয়ামৰ মাজত বৃদ্ধি পোৱা সহযোগিতাক আদৰণি জানায়, যাৰ পৰিসৰত উদ্যোগিক অংশীদাৰিত্ব আৰু জ্ঞানৰ আদান-প্ৰদান অন্তৰ্ভুক্ত। তেওঁলোকে GH2 India, বেলজিয়াম হাইড্ৰ’জেন কাউন্সিল আৰু ফ্লেণ্ডাৰ্ছ ইনভেষ্টমেণ্ট এণ্ড ট্ৰেডৰ মাজৰ বুজাবুজি চুক্তিৰ অধীনত সহযোগিতাক স্বীকাৰ কৰে, লগতে ব্ৰাছেলছৰ এগমণ্ট ইনষ্টিটিউটৰ সেউজ হাইড্ৰ’জেন আদান-প্ৰদান কাৰ্যসূচীত ভাৰতীয় বিষয়াসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু দুয়োখন দেশৰ চৰকাৰ, উদ্যোগ আৰু গৱেষণা প্ৰতিনিধিসকলৰ পাৰস্পৰিক ভ্ৰমণক স্বীকাৰ কৰে। নেতাসকলে ডিকাৰ্বনাইজেচন বৃদ্ধি, উদ্ভাৱনক প্ৰভাৱিত কৰা, শক্তি সুৰক্ষা বৃদ্ধি আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ প্ৰচাৰ কৰাৰ লক্ষ্যেৰে উৎপাদন, পৰিবহণ, সংৰক্ষণ আৰু শেষ-ব্যৱহাৰ প্ৰয়োগসহ সেউজ হাইড্ৰ’জেন মূল্য শৃংখলা শক্তিশালী কৰাত ভাৰত আৰু বেলজিয়ামৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
বেলজিয়াম আৰু ভাৰতে পেৰিছ চুক্তি আৰু ইয়াৰ উত্তাপৰ লক্ষ্যসহ দীৰ্ঘম্যাদী লক্ষ্যসমূহ আৰু বেলেগ বেলেগ ৰাষ্ট্ৰীয় পৰিস্থিতিৰ পোহৰত সমতা আৰু উমৈহতীয়া কিন্তু পৃথক দায়বদ্ধতা আৰু নিজ নিজ ক্ষমতা ধৰি ইয়াৰ নীতিসমূহৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। তেওঁলোকে এক সফল COP31ক সমৰ্থন কৰে যিয়ে ৰূপায়ণক আগবঢ়াই নিয়ে আৰু ক্ষেত্ৰভিত্তিক কাৰ্যসূচী বৃদ্ধি কৰে। তেওঁলোকে স্বীকাৰ কৰে যে বৰ্ধিত জলবায়ু কাৰ্যসূচী, বিশেষকৈ উন্নয়নশীল দেশসমূহত, সকলো উৎসৰ পৰা পৰ্যাপ্ত, পূৰ্বানুমানযোগ্য আৰু সুলভ জলবায়ু বিত্ত সংগ্ৰহ, জলবায়ু প্ৰযুক্তিৰ বিকাশ আৰু প্ৰচাৰ আৰু ক্ষমতা বৃদ্ধিৰ জৰিয়তে সম্ভৱ হয় আৰু এই ক্ষেত্ৰসমূহত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষে জলবায়ু অভিযোজন, স্থিতিস্থাপকতা আৰু দুৰ্যোগ প্ৰস্তুতি শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁলোকে জলবায়ু স্থিতিস্থাপকতা, বহনক্ষম উন্নয়ন আৰু উপকূলীয় সম্প্ৰদায়ৰ কল্যাণ সমৰ্থন কৰাত মহাসাগৰ আৰু উপকূলীয় পৰিস্থিতিতন্ত্ৰৰ জৰুৰী ভূমিকা স্বীকাৰ কৰে। বহনক্ষম উন্নয়ন আৰু জলবায়ু স্থিতিস্থাপকতাৰ এক উপাদান হিচাপে শক্তিশালী মহাসাগৰ শাসনৰ গুৰুত্ব স্বীকাৰ কৰি তেওঁলোকে ‘ৰাষ্ট্ৰীয় অধিকাৰক্ষেত্ৰৰ বাহিৰৰ জৈৱ বৈচিত্ৰ্য’ চুক্তি আৰু সামুদ্ৰিক পৰিক্ৰমাত ব্যাপক আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।
দুয়োগৰাকী নেতাই ভাৰতীয় মাইক্ৰ’-ইলেক্ট্ৰনিকছ পৰিস্থতিতন্ত্ৰৰ মাজত আদান-প্ৰদানক উৎসাহিত কৰে, যিবোৰৰ ভিতৰত ছেমিকণ্ডাক্টৰ কোম্পানীসমূহ, ChipIn Centre, C-DAC, বিশ্ববিদ্যালয়সমূহ, আৰু বেলজিয়ামৰ আইমেক অন্তৰ্ভুক্ত। তেওঁলোকে ছেমিকণ্ডাক্টৰ প্ৰযুক্তিত গভীৰ অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে এই আদান-প্ৰদানসমূহৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে, যাৰ জৰিয়তে দুয়োখন দেশতে স্থিতিস্থাপক আৰু উন্নত প্ৰযুক্তি পৰিস্থিতিতন্ত্ৰ সৃষ্টিত অৱদান আগবঢ়াব পৰা যায়।
দুয়োগৰাকী নেতাই ভাৰতে আয়োজন কৰা ‘এআই ইম্পেক্ট ছামিট’ ত ফ্লেণ্ডাৰ্ছ চৰকাৰৰ মন্ত্ৰী-সভাপতিৰ অংশগ্ৰহণক আদৰণি জনায় আৰু উল্লেখ কৰে যে এই ভ্ৰমণে কৃত্রিম বুদ্ধিমত্তা, উদীয়মান প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাৰ ক্ৰমবৰ্ধমান গুৰুত্বক প্ৰতিফলিত কৰিছে।
দুয়োপক্ষে ষ্টাৰ্টআপ ইনকিউবেচনৰ ক্ষেত্ৰত সহযোগিতাক আদৰণি জনায়। এই সংক্ৰান্তত, তেওঁলোকে মেইটি ষ্টাৰ্ট আপ হাব আৰু হাব ব্ৰাছেলছৰ মাজত, লগতে অন্যান্য ষ্টাৰ্টআপ হাব আৰু দক্ষতা কেন্দ্ৰসমূহৰ মাজত সহযোগিতা অব্যাহত ৰাখিবলৈ সন্মত হয়, যাৰ জৰিয়তে উদ্ভাৱন-চালিত উদ্যোগশীলতাক সমৰ্থন কৰি আৰু ডিজিটেল দক্ষতা বিকাশ বৃদ্ধি কৰি ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰক উৎসাহিত কৰিব পৰা যায়।
সংযোগ, গতিশীলতা, শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ সম্পৰ্ক
দুয়োগৰাকী নেতাই দক্ষ ভিছা সেৱাৰ জৰিয়তে জনসাধাৰণৰ সম্পৰ্ক আৰু সংযোগ মজবুত কৰাৰ গুৰুত্ব স্বীকাৰ কৰে। এই প্ৰসংগত, তেওঁলোকে মসৃণ আৰু দ্ৰুত প্ৰক্ৰিয়াকৰণৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰে। যিহেতু ভাৰত আৰু বেলজিয়ামৰ মাজত আদান-প্ৰদান তীব্ৰতৰ হৈছে, বেলজিয়াম আৰু ভাৰতস্থিত কূটনৈতিক মিছনসমূহৰ ভিছা প্ৰক্ৰিয়াকৰণ ক্ষমতা উল্লেখনীয়ভাৱে বৃদ্ধি পাব। বিশেষ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োগৰাকী নেতাই ভাৰতত বেলজিয়ামৰ ভিছা প্ৰদান সেৱাৰ চলি থকা শক্তিশালীকৰণক আদৰণি জনায়।
গতিশীলতাৰ ওপৰত সামগ্ৰিক সহযোগিতা গাঁথনিসংক্ৰান্তীয় ইউৰোপীয় ইউনিয়নৰ বুজাবুজি চুক্তি স্বাক্ষৰ আৰু ভাৰতত এক পাইলট ইউৰোপীয় ইউনিয়ন লিগেল গেটৱে’ কাৰ্যালয় মুকলি কৰাক আদৰণি জনাই নেতাসকলে পেছাদাৰী, দক্ষ কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ অহা-যোৱাৰ আইনী পথ প্ৰচাৰত আৰু ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত জনসাধাৰণৰ সম্পৰ্ক শক্তিশালী কৰাত ইয়াৰ ভূমিকাক কথা উনুকিয়ায়। তেওঁলোকে বাণিজ্য, বিনিয়োগ আৰু জনসাধাৰণৰ সম্পৰ্ক বৃদ্ধি পোৱাৰ লগে লগে দক্ষ পেছাদাৰী, শিক্ষাৰ্থী, গৱেষক আৰু ব্যৱসায়িক ভ্ৰমণকাৰীসকলৰ বৰ্ধিত গতিশীলতা অপৰিহাৰ্য হ’ব বুলি সন্মত হয়। দুয়োগৰাকী নেতাই সংযোগ শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বিমান সংস্থাসমূহক বেলজিয়াম আৰু ভাৰতৰ মাজত পোনপটীয়া বিমান সংযোগ স্থাপনৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ উৎসাহিত কৰে। তেওঁলোকে বেলজিয়ামৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহ আৰু ভাৰতৰ মাজত স্বাস্থ্যসেৱা খণ্ডত চলি থকা সহযোগিতাক আদৰণি জনায়, যাৰ ভিতৰত ভাৰতৰ পৰা বেলজিয়ামলৈ অৰ্হতাসম্পন্ন নাৰ্ছসকলৰ গতিশীলতা সুগম কৰাৰ উদ্যোগ অন্তৰ্ভুক্ত, লগতে স্বাস্থ্যসেৱা আৰু শিক্ষাৰ ক্ষেত্ৰত বেলজিয়াম আৰু ভাৰতৰ মাজত বিস্তৃত আৰু প্ৰাণৱন্ত অসামৰিক সমাজ সহযোগিতা অন্তৰ্ভুক্ত। তেওঁলোকে ‘গতিশীলতা আৰু প্ৰব্ৰজন’ৰ ওপৰত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ দিশত নিৰন্তৰ আলোচনা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰে।
বেলজিয়ামৰ অৰ্থনৈতিক মিছনৰ সময়ত গঢ়ি উঠা অসংখ্য শৈক্ষিক অংশীদাৰিত্বৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত ভাৰতত কেম্পাছ মুকলি কৰিবলৈ বেলজিয়ামৰ শীৰ্ষ বিশ্ববিদ্যালয় আৰু প্ৰধান শৈক্ষিক প্ৰতিষ্ঠানসমূহক আমন্ত্ৰণ জনায়। দুয়োগৰাকী নেতাই দুয়োখন দেশৰ প্ৰাসংগিক কৰ্তৃপক্ষ, প্ৰতিষ্ঠান আৰু উদ্যোগিক অংশীদাৰসকলক ভাৰত আৰু বেলজিয়ামৰ দক্ষতা বিকাশ আৰু কাৰিকৰী আৰু বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণ পৰিস্থিতিতন্ত্ৰৰ মাজত সহযোগিতাৰ পথ অন্বেষণ কৰিবলৈ উৎসাহিত কৰে, যাৰ ভিতৰত উত্তম অনুশীলনৰ আদান-প্ৰদান, উদ্যোগ-উপযোগী প্ৰশিক্ষণ, প্ৰশিক্ষক আৰু মূল্যায়নকাৰীসকলৰ ক্ষমতা বৃদ্ধি, শিক্ষানবিচ আৰু কৰ্মভিত্তিক শিক্ষা, উদীয়মান আৰু ভৱিষ্যতৰ দক্ষতাত সহযোগিতা আৰু অৰ্হতাৰ সমতুল্যতা আৰু স্বীকৃতিৰ ওপৰত আলোচনা অন্তৰ্ভুক্ত, যাৰ উদ্দেশ্য নিয়োজিতকৰণ ক্ষমতা বৃদ্ধি কৰা আৰু দক্ষ পেছাদাৰীসকলৰ পৰস্পৰ লাভজনক গতিশীলতাক সমৰ্থন কৰা। নেতাসকলে ভাৰতীয় অংশীদাৰসকলৰ সৈতে গৱেষণা সহযোগিতা, উদ্ভাৱন আৰু জ্ঞানৰ আদান-প্ৰদান প্ৰচাৰত ‘ফ্লেমিছ ইনষ্টিটিউট ফৰ টেকন’লজিকেল ৰিচাৰ্চ’ৰ অৱদানো স্বীকাৰ কৰে। তেওঁলোকে সুষমা স্বৰাজ ইনষ্টিটিউট অৱ ফৰেন ছাৰ্ভিচ আৰু বেলজিয়ামৰ ফেডাৰেল পাব্লিক চাৰ্ভিচ ফৰেন এফেয়াৰ্ছৰ মাজত কূটনৈতিক প্ৰশিক্ষণৰ সহযোগিতাক আদৰণি জানায়।
আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতি আৰু পশ্চিম এছিয়াকে ধৰি প্ৰধান আন্তঃৰাষ্ট্ৰীয় ঘটনাসমূহৰ ওপৰতো মতামত আদান-প্ৰদান কৰে। ইউক্ৰেইন যুদ্ধৰ সন্দৰ্ভত, দুয়োপক্ষে ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতি অনুসৰি সংবাদ আৰু কূটনীতিৰ জৰিয়তে এক সামগ্ৰিক, ন্যায়সংগত আৰু স্থায়ী শান্তি প্ৰাপ্তিৰ প্ৰচেষ্টাৰ প্ৰতি নিজৰ সমৰ্থন পুনৰ প্ৰকাশ কৰে। পশ্চিম এছিয়াৰ সন্দৰ্ভত, তেওঁলোকে অঞ্চলটোৰ শেহতীয়া উদ্বেগজনক ঘটনাসমূহৰ বিষয়ে আলোচনা কৰে আৰু শান্তিপূৰ্ণভাৱে প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ সংবাদ আৰু কূটনৈতিক জড়িতকৰণৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁলোকে সামুদ্ৰিক পথৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰা আৰু সুৰক্ষিত তথা বাধাহীন সামুদ্ৰিক জাহাজ চলাচলা বজাই ৰখাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে পৰস্পৰৰ বিশ্বাস আৰু শান্তি, সমৃদ্ধি আৰু বিকাশৰ বাবে এক উমৈহতীয়া দৃষ্টিভংগীৰে পৰিচালিত হৈ ভাৰত-বেলজিয়াম অংশীদাৰিত্ব অধিক গভীৰ আৰু বৈচিত্ৰময় কৰাৰ যৌথ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে। তেওঁলোকে সহমত প্ৰকাশ কৰে যে সম্প্ৰসাৰিত দ্বিপাক্ষিক অংশীদাৰিত্ব গণতন্ত্ৰ, আইনৰ শাসন, মানৱ অধিকাৰৰ প্ৰতি শ্ৰদ্ধা, লিংগ সমতা আৰু নিয়ম-ভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰতি উমৈহতীয়া প্ৰতিশ্ৰুতিৰে পৰিচালিত হৈ থাকিব। এই ভেটিসমূহৰ ওপৰত ভিত্তি কৰি, তেওঁলোকে বিশ্বাস প্ৰকাশ কৰে যে ভাৰত-বেলজিয়াম অংশীদাৰিত্বই দুয়োখন দেশৰ ৰাইজৰ বাবে আৰু বিশ্বৰ বাবে প্ৰত্যক্ষ ফল প্ৰদান কৰি থাকিব আৰু উমৈহতীয়া গোলকীয় প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত ভাৰত আৰু ইউৰোপৰ মাজত সহযোগিতা শক্তিশালী কৰাত অৱদান আগবঢ়াব।
ভাৰত-বেলজিয়াম অংশীদাৰিত্বৰ গভীৰতা আৰু বৈচিত্ৰ্যকৰণ আৰু বৃদ্ধি পোৱা ভাৰত-ইউৰোপ জড়িততা তথা ভাৰত-ইউৰোপীয় ইউনিয়ন সম্পৰ্কৰ প্ৰসংগত, প্ৰধানমন্ত্ৰী বাৰ্ট দে উইভাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাৰস্পৰিক সুবিধাজনক সময়ত বেলজিয়ামলৈ এক দ্বিপাক্ষিক ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনায়।
***
MJPS/SS/PRK/DB